২০০০ টকীয়া বেংকনোটৰ নিৰ্গমন
৮ নৱেম্বৰ, ২০১৬ ২০০০ টকীয়া বেংকনোটৰ নিৰ্গমন ৰিজাৰ্ভ বেংকে শীঘ্ৰে আন্তঃসংস্থাপন আখৰ অবিহনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলেৰ স্বাক্ষৰ সম্বলিত আৰু বেংক নোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষৰ ছাপ থকা মহাত্মা গান্ধী (নতুন) শৃংখলাত ২০০০ টকা মুদ্ৰাবৰ্গৰ এলানি নতুন বেংকনোট জাৰি কৰিব। নতুন মুদ্ৰাবৰ্গৰ এই নোটৰ পিছফালে আন্তঃগ্ৰহীয় মহাকাশত দেশৰ প্ৰথম পৰিক্ৰমাক প্ৰতিফলিত কৰি মংগলযানৰ প্ৰতিকৃতি থাকিব। নোটবোৰ মেজেণ্টাৰঙী হব। সমুখ আৰু পিঠি উভয় ফালে সামগ্ৰিক ৰং বিন্যাসৰ সৈতে ৰজিতা খুৱাই নোটবোৰ অন্যান্য চানেকী, জ্যামিতিয় আৰ্হি ৰখা হৈছে। ![]() ![]() ভাৰতীয় ৰিজাৰ্ভ বেংকে মহাত্মা গান্ধী (নতুন) চিৰিজৰ অংশ হিচাপে নতুন নক্সাত ২০০০ টকাৰ নোটৰ শুভাৰম্ভ কৰিছে। দেশৰ প্ৰথম আন্ত: গ্ৰহীয় অভিযানক অংকণ কৰি ২০০০ টকীয়া নোটৰ আনটো পিঠিত মংগলায়ণৰ প্ৰতীকচিহ্ন সন্নিবিষ্ট থাকিব। বেংক নোটৰ মূল ৰং মেজেন্টা হব।নোটৰ অন্য ডিজাইন অজস্ৰ ৰংৰ সৈতে জ্যামিতিক সজ্জা আৰু বেংক নোটৰ অগ্ৰ ভাগ আৰু পৃষ্ঠ ভাগত । নতুন নোটৰ আকৃতি ৬৬ এম এম X ১৬৬ এম এম | নতুন ২০০০ টকাৰ বিশেষত্ব সমূহ সন্মুখ ভাগ (১) পোহৰৰ বিপৰীতে চালে নোটত ২০০০ অংকৰ আৰ- পাৰ মুদ্ৰণ দেখা যাব। (২) চকুৰ সমান পৰ্যায়ত ৰাখি ৪৫ ডিগ্ৰী কৌণিক কৈ বেংক নোটখন চালে ২০০০ সংখ্যাৰ লেটেন্ট ইমেজ দেখা যাব। (৩) দেৱনাগৰী লিপিত ২০০০ মূল্য বৰ্গৰ অংক । (৪) মাজ ভাগত মহাত্মা গান্ধীৰ চিত্ৰ। (৫) RBI আৰু 2000 অতি সুক্ষ্ম আখৰত । (৬) বন্ধনযুক্ত সুৰক্ষা সুতাত য’ত ৰং পৰিবৰ্ত্তক চিযাঁহীৰে भारत, RBI আৰু 2000 লিখা থাকিব । (৭) বাওঁফালে গেৰান্টীবন্ড,গবৰ্ণৰৰ হস্তাক্ষৰসহ প্ৰতিগ্যা আৰু ৰিজাৰ্ভ বেংকৰ চিহ্ন। (৮) মহাত্মা গান্ধীৰ চিত্ৰ আৰু ইলেক্ট্ৰনিক ২০০০ ৱাটাৰ মাৰ্ক। (৯) ওপৰৰ বাওঁফালৰ পৰা তলৰ সোঁ দিশলৈ নম্বৰ চেনেলৰ সংখ্যা সৰুৰ পৰা ডাঙৰ হৈ যোৱা দেখা যাব। (১০) টকাৰ চিহ্ন ২০০০ অংকটো ৰং পৰিবৰ্ত্তক সেউজীয়াৰ পৰা নীলা তলৰ সোঁ দিশত দেখা যাব (১১) সোঁদিশে অশোক স্তম্ভ। দৃষ্টিশক্তিহীনৰ বাবে মহাত্মা গান্ধীৰ চিত্ৰ, অশোক স্তম্ভৰ চিন, ব্লীড লাইন আৰু পৰিচয় চিহ্ন কিছু ওখকৈ ছপা বা ইন্টাগ্লিও (১২) সোঁদিশে ২০০০ টকা সংখ্যাটো উঠাকৈ ছপা (১৩) (উঠাকৈ সোঁ আৰু বাওঁ দিশে ৭টা ব্লীড লাইন পৃষ্ঠভাগ (১৪) মুদ্ৰণ বৰ্ষ (১৫) স্লোগানৰ সৈতে স্বচ্ছ ভাৰত চিন্হ (১৬) কেন্দ্ৰভাগৰ ফালে ভাষা পেনেল (১৭) ভাৰতৰ প্ৰথম আন্ত:গ্ৰহীয় অভিযান প্ৰতিফলিত কৰি মংগলায়নৰ চিত্ৰ এই বেংক নোটৰ পৰিসীমা ৬৬ এম এম X ১৬৬ এম এম আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৪৪ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: