RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78498027

“এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ১৫০ তম বাৰ্ষিকী” উপলক্ষে ৫ টকীয়া স্মাৰক সিকা জাৰি

২৬ এপ্ৰিল,২০১৭

“এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ১৫০ তম বাৰ্ষিকী” উপলক্ষে ৫ টকীয়া স্মাৰক সিকা জাৰি

ভাৰত চৰকাৰে ওপৰল্লেখিত সিকাবোৰ প্ৰস্তুত কৰিছে যিবিলাক ভাৰতীয় ৰিজাৰ্ভ বেংকে অচিৰে প্ৰচলন কৰিব।

ভাৰতৰ ৰাজপত্ৰ – অসাধাৰণ অংশ - দ্বিতীয় শাখা ৩ – উপশাখা(১) –জি.এছ.আৰ.১৯১(ঙ) দিনাংক ২৩ ফেব্ৰুৱাৰী,২০১৬ অধিসূচীত মতে, বিত্ত মন্ত্ৰণালয়, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, নতুন দিল্লীয়ে জাৰি কৰা এই সিকাবোৰৰ আৰ্হি তলত দিয়া হ’ল-

সন্মুখ ফাল

সিকাৰ সন্মুখভাগৰ কেন্দ্ৰত অশোক স্তম্ভৰ সিংহ শীৰ্ষ থাকিব যাৰ ফলত “सत्य़मेव जयते” মুদ্ৰা লেখ উত্কীৰ্ণিত হ’ব। ইয়াৰ বাঁও পৰিধিত দেৱনাগৰী লিপিত “भारत” শব্দ আৰু সোঁ পৰিধিত ইংৰাজীত “INDIA” শব্দ থাকিব। সিংহ শীৰ্ষৰ তলত টকাৰ প্ৰতীক “” আৰু আন্তঃৰাষ্ট্ৰীয় অংকিত মূল্য “5”ও থাকিব।

পিঠি ফাল

সিকাৰ এইটো ফালত “পুস্তকৰ পৰা উদ্ভাসিত হোৱা এলাহবাদ উচ্চ ন্যায়ালয়ৰ মধ্য মুখা” দৰ্শোৱা প্ৰতিৰূপ থাকিব। ওপৰৰ পৰিধিত দেৱনাগৰী লিপিত “এলাহাবাদ উচ্চ ন্যালায়ৰ ১৫০তম বাৰ্ষিকোত্সৱ” খোদাই আৰু তলৰ পৰিধিত ইংৰাজীত “150th Anniversary of Allahabad High Court” থাকিব আৰু আকৃতিৰ তলত আন্তঃৰাষ্ট্ৰীয় সংখ্যাত বৰ্ষ ‘1866-2016’ উত্কীৰ্ণ কৰা হ’ব।

এই সিকা, সিকা নিৰ্মাণ আইন,২০১১ৰ দিহা মতে বৈধ মুদ্ৰা হ’ব। এই মুদ্ৰাবৰ্গৰ বৰ্তমানৰ সিকাবোৰো বৈধ মুদ্ৰা হৈ থাকিব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৯০৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?