সংখ্যা সূচীত তাৰকা চিহ্ন থকা আন্তঃসংস্থাপিত - আৰবিআই - Reserve Bank of India
সংখ্যা সূচীত তাৰকা চিহ্ন থকা আন্তঃসংস্থাপিত আখৰ “E” সম্বলিত মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ টকীয়া বেংক নোট জাৰি
১৬ ডিচেম্বৰ, ২০১৬ সংখ্যা সূচীত তাৰকা চিহ্ন থকা আন্তঃসংস্থাপিত আখৰ “E” সম্বলিত মহাত্মা গান্ধী (নতুন) ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব যিবোৰৰ উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত আখৰ ‘E’ থাকিব আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত নোটবোৰৰ ওলোটা পিঠিত ছপাবৰ্ষ ২০১৬ৰ লগতে স্বচ্ছ ভাৰত প্ৰতীক চিহ্ন ছপা থাকিব। শিৰোনাম বেংকনোটৰ কিছুমানত সংখ্যাসূচীৰ উপসৰ্গ আৰু সংখ্যাটোৰ মাজৰ খালী অংশত ‘*’ (তাৰকা)ৰ অতিৰিক্ত বৈশিষ্ট্য থাকিব। এই নোটৰ পেকেটত সচৰাচৰ থকাৰ দৰে ১০০ খিলা থাকিব যদিও ক্ৰমিক ধাৰাত নাথাকে। তাৰকা নোট থকা পেকেটবোৰ চিনাক্তকৰণৰ সুবিধাৰ্থে পেকেটৰ বেণ্ডবোৰত এনে নোট থকাৰ স্পষ্ট আভাস থাকিব। ৫০০ টকীয়া তাৰকা বেংকনোট এয়ে প্ৰথমবাৰ জাৰি কৰা হব। ১০, ২০, ৫০ আৰু ১০০ মুদ্ৰাবৰ্গৰ তাৰকা বেংকনোট ইতিমধ্যে প্ৰচলনত আছে। তাৰকা বেংকনোট প্ৰৱৰ্তনৰ যুক্তিযুক্ততা আৰু আঁচনি Press Release No.2005-2006/1337 dated April 19, 2016 ত বিস্তাৰিতভাৱে দিয়া আছে। ৮ নৱেম্বৰ ২০১৬ৰ পৰা ধৰি জাৰি কৰা মহাত্মা গান্ধী (নতুন) শৃংখলাৰ সকলো ৫০০ টকীয়া বেংক নোট বৈধ মুদ্ৰা হৈয়ে থাকিব। (অজিত প্ৰসাদ) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৪৯ |