মহাত্মা গান্ধী নতুন শৃংখলাত আন্তঃসংস্থাপিত আখৰ ‘L’ থকা ৫০০ টকীয়া বেংক নোট জাৰি
১৩ নৱেম্বৰ, ২০১৬ মহাত্মা গান্ধী নতুন শৃংখলাত আন্তঃসংস্থাপিত আখৰ ‘L’ থকা ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে উভয় সংখ্যা সূচীত আন্তঃস্থাপিত আখৰ ‘L’ থকা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ পেটেলৰ স্বাক্ষৰ সম্বলিত বেংকনোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষ থকা আৰু স্বচ্ছ ভাৰতৰ প্ৰতীক ছপা কৰা মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ টকীয়া বেংকনোট জাৰি কৰিব। নতুন ৫০০ টকীয়া নোটবোৰ, ৰং, আকাৰ, মূলভাৱ, সুৰক্ষা বৈশিষ্ট্যবোৰৰ অৱস্থান আৰু আৰ্হিৰ দিশৰ পৰা আগৰ নিৰ্দিষ্ট বেংকনোটবোৰৰ পৰা বিলগ হব। মুখ্য বৈশিষ্ট্যবোৰ এনে ধৰণৰ-
এই বেংকনোটবোৰত অন্য কিছুমান বৈশিষ্ট্যও আছে (মহাত্মা গান্ধীৰ প্ৰতিকৃতিৰ, অশোক স্তম্ভ, সোঁফালে ৫০০ টকা সমন্বিতে বিৰিং ৰেখা আৰু চিনাক্তকৰণ চিহ্ন) যাৰ সহায়ত দৃষ্টিশক্তিহীন ব্যক্তিয়ে নোটবোৰ চিনাক্তকৰণ কৰিব পাৰিব। আগৰ প্ৰেছ বিজ্ঞপ্তি নং ২০১৬-১৭/১১৪৬ দিনাংক ৮ নৱেম্বৰযোগে জাৰি কৰা বেংক নোটবোৰ বৈধ মুদ্ৰা হৈ থাকিব। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৯৬ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: