RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136326220

বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংক নোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ

আৰবিআই/২০১৬-১৭/১২৩
ডি চি এম (পিএলজি) নং ১২৫১/১০.২৭.০০/২০১৬-১৭

১০ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়/মহাশয়া

বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংক নোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ

অনুগ্ৰহ কৰি আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলজি) নং ১২২৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ ২০১৬ উনুকিয়াই লওক।

২. উক্ত চাৰ্কুলাৰৰ দফা ৩ গ(৪) অনুযায়ী অধিসূচনা তাৰিখৰ পৰা ২৪ নৱেম্বৰ ২০১৬ পৰ্যন্ত এটা সপ্তাহত সামগ্ৰিকভাৱে ২০,০০০ টকাৰ সীমাৰ ভিতৰত থাকি কাউণ্টাৰযোগে প্ৰতিদিনত উলিয়াব পৰা ৰাশিৰ সীমা ১০,০০০ টকাত সীমিত কৰা হৈছে; পাছত এই সীমা ব্যৱস্থাৰ পৰ্যালোচনা হব। স্পষ্ট কৰি দিয়া হয় যে এই সীমা ব্যৱস্থা তলৰখিনিৰে নগদ উলিওৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহব-

(১) এটা বেংকৰ পৰা আন এটা বেংকলৈ

(২) ডাকঘৰ

(৩) আন্তৰ্জাতিক বিমান বন্দৰত কাৰ্যপৰিচালনা কৰা মানি চেঞ্জাৰ্ছ, আৰু

(৪) হোৱাইট লেবেল এটিএমৰ অপাৰেটৰ।

৩. কাৰেন্সি চেষ্ট ৰখা শাখাবোৰক নগদ যোগানৰ বাবে পাৰ্শ্বৱৰ্ত্তী লিংক থকা বা নথকা অন্য শাখাই জনোৱা অনুৰোধ স্বীকাৰ কৰিবলৈ কোৱা হল।

৪. নিৰ্দিষ্ট বেংকনোটৰ জমা, চিটিআৰ/এছটিআৰ ৰিপৰ্টিং সাপেক্ষে সকলো জমা/ঋণ একাউণ্টত অনুমোদন হব।

আপোনাৰ বিশ্বাসী

পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?