RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78497276

মৌদ্ৰিক নীতি কমিটী বৈঠক ৪-৫, এপ্ৰিল,২০১৮
(ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZLৰ অন্তৰ্গত)

১৯ এপ্ৰিল,২০১৮

মৌদ্ৰিক নীতি কমিটী বৈঠক ৪-৫, এপ্ৰিল,২০১৮
(ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZLৰ অন্তৰ্গত)

সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZLৰ অন্তৰ্গত গঠিত, মৌদ্ৰিক নীতি সমিতিৰ অষ্টমখন বৈঠক ৫ আৰু ৬ ডিচেম্বৰ,২০১৭ তাৰিখে, ভাৰতীয় ৰিজাৰ্ভ বেংক, মুম্বাইত অনুষ্ঠিত হয়।

২. বৈঠকত আটইকেইগৰাকী সদস্য উপস্থিত থাকে – ড০ চেতন ঘাটে, প্ৰফেচাৰ, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, ড০ পমী ডুৱা, সঞ্চালক, দেলহি স্কুল অব ইকনমিক্স, ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, প্ৰফেচাৰ, ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, আহমেদাবাদ, ড০ মাইকেল দেৱব্ৰত পাট্ৰ, কাৰ্যবাহী সঞ্চালক (ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZL(২)(c)ৰ অন্তৰ্গত কেন্দ্ৰীয় বোৰ্ডৰ দ্বাৰা মনোনীত ৰিজাৰ্ভ বেংকৰ বিষয়া), ড০ বিৰাল ভি. আচাৰ্য, মৌদ্ৰিক নীতিৰ প্ৰভাৰী ডেপুটী গৱৰ্ণৰ আৰু অধ্যক্ষতা কৰে ড০ উৰজিত পেটেল, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে।

৩. সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZL অনুযায়ী মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিখন বৈঠকৰ পাছৰ চতুৰ্দশ দিনা ৰিজাৰ্ভ বেংকে বৈঠকৰ কাৰ্যবিৱৰণী প্ৰকাশ কৰিব যত নিম্নোল্লেখিতখিনিও অন্তৰ্ভুক্ত হব-

  1. মৌদ্ৰিক নীতি সমিতিৰ বৈঠকত গৃহীত প্ৰস্তাৱটো,

  2. উক্ত বৈঠকত গৃহীত প্ৰস্তাৱটোত, মৌদ্ৰিক নীতি কমিটীৰ সদস্যসকলৰ মতখিনি স্ব-স্ব নামত লিখিত হব,

  3. উক্ত বৈঠকত গৃহীত প্ৰস্তাৱটোত ধাৰা ৪৫ZLৰ উপধাৰা (১১)ৰ অন্তৰ্গত মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ বক্তব্য।

৪. গ্ৰাহক আস্থা, গৃহস্থালিৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা, কোম্পানী খণ্ডৰ পাৰদৰ্শিতা, ঋণ স্থিতি, ঔদ্যোগিক সেৱা আৰু আন্তঃগাঁঠনি খণ্ডৰ সম্ভাৱনা পৰিমাপিত কৰিবলৈ ৰিজাৰ্ভ বেংকে চলোৱা জৰীপবোৰ আৰু বৃত্তিয়াল পূৰ্বাভাসকাৰীৰ পূৰ্বানুমানবোৰ এম পি চিয়ে পুনৰীক্ষণ কৰে। কৰ্মচাৰীৰ স্থল অৰ্থনৈতিক পূৰ্বানুমানবোৰ আৰু দৃশ্যপটলৈ চপোৱা বিভিন্ন বিপদশংকাৰ চৌপাশৰ বিকল্প দৃশ্যপটৰো এম পি চিয়ে মৌদ্ৰিক নীতিৰ স্থিতিৰ ওপৰত বিতং আলোচনাৰ অন্তত এম পি চিয়ে তলত বৰ্ণোৱা প্ৰস্তাৱটো গ্ৰহণ কৰে।

প্ৰস্তাৱ

৫. বিত্তীয় বজাৰবোৰ ফেব্ৰুৱাৰী-মাৰ্চত উদ্বায়ী হৈ পৰে, মাৰ্কিন মৌদ্ৰিক নীতিৰ স্বাভাৱিকৰণ গতি আৰু গোলকীয় বাণিজ্য কেন্দ্ৰিক আশংকাৰ হেতুকে। ইকুইটী বজাৰবোৰে গোলকীয়ভাৱে আশাবাদী মাৰ্কিন চাকৰি সৃষ্টি আৰু চীনা সামগ্ৰীত আমেৰিকাৰ নতুন মাচুল প্ৰয়োগলৈ চাই ফেব্ৰুৱাৰী-মাৰ্চত উধাই-মুধাই বিক্ৰীৰ দ্বাৰা আগৰ ত্ৰিমাসিকত লাভখিনি হেৰুৱাব লগা হয়। আমেৰিকাত স্ফীতি চাপৰ আশংকা আৰু সম্ভাৱ্য ফেড হাৰ বৃদ্ধিয়ে প্ৰতিপালনবোৰ বিক্ৰী কৰায়। অন্যান্য প্ৰধান ইএমইবোৰতো প্ৰতিফল হ্ৰাস পাইছে। কাৰেন্সি বজাৰবোৰত অৰ্থনীতিৰ উজ্বল সম্ভাৱনালৈ চাই আগ-মাৰ্চত সামান্য উন্নত হোৱা মাৰ্কিন ডলাৰে মাহটোৰ পাছৰ ভাগত পূৰ্বৰ বৃদ্ধিখিনি হেৰুৱায় যত নেকি ফেডহাৰ আৰু সম্ভাৱ্য বাণিজ্যিক যুদ্ধই ক্ৰিয়া কৰে। অন্যান্য প্ৰধান কাৰেন্সিৰ ভিতৰত ইউৰোৱে অঞ্চলটোৰ উন্নত বিকাশ সম্ভাৱনাৰ কাৰণে বৃদ্ধি আহৰণ কৰি থাকে। সৰহভাগ ইএমই কাৰেন্সিয়ে বজাৰ উদ্বায়ীতা আৰু মাৰ্কিন অৰ্থনৈতিক সম্ভাৱনা হেতু পশ্চাত্গামী হয়, অৱশ্যে বিনিয়োগকাৰীসকলে দেশ-বৈশেষিক কাৰকবোৰো চায়।

৬. ঘৰুৱা অৰ্থনীতিলৈ আহিলে, কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে যোৱা ৫ জানুৱাৰীত প্ৰকাশ কৰা প্ৰথমটো অগ্ৰিম প্ৰাককলনত ভাৰতৰ প্ৰকৃত মুঠ ঘৰুৱা উত্পাদন ৬.৫ শতাংশৰ পৰা ৬.৬ শতাংশলৈ সামান্য সংসোধিত কৰি ২৮ ফেব্ৰুৱাৰীত দ্বিতীয়টো অগ্ৰিম প্ৰাককলন (২০১৭-১৮ৰ বাবে) প্ৰকাশ কৰিছে। ২০১৭-১৮ৰ জিডিপি বিকাশ (৬.৬ শতাংশ) ২০১৬-১৭ৰ ৭.১ শতাংশতকৈ কম। বেচৰকাৰী উপভোগ বিকাশ ২০১৭-১৮ত জিডিপি বিকাশলৈ যি ৬৮ শতাংশ বৰঙণি যোগাইছিল, দ্বিতীয়াৰ্ধত মৃদু হয়। পণ্য তথা সেৱা কৰৰ ক্ষণস্থায়ী যদিও বিৰূপ প্ৰভাৱে শ্ৰম বহুল অসংগঠিত খণ্ডত নিৰ্গম আৰু নিয়োগ ক্ষতিৰে চহৰীয়া উপভোগ বিঘ্নিত কৰিছিল। চৰকাৰী ব্যয়ে সামগ্ৰিক চাহিদাক সমৰ্থিত কৰি, দ্বিতীয়াৰ্ধত গতি সঞ্চাৰ কৰে। মুঠ স্থাবৰ মূলধন গঠনে Q2ত মোৰ সলাই Q3ত দৃঢ় হৈ দ্বিতীয়াৰ্ধত দ্ৰুত হয়, যিটোৱে মূলধনী সামগ্ৰী উত্পাদনত ক্ৰমাগত বৃদ্ধি আৰু নিৰ্মাণ কাৰ্যকলাপ মাৰ্জিত হোৱাটো দেখুৱাইছে। ২০১৭-১৮ত আমদানি বৃদ্ধি আৰু ৰপ্তানি হ্ৰাস হেতু শুদ্ধ ৰপ্তানিয়ে সামগ্ৰিক চাহিদা নমাই আনে, জিএছটি সম্পৰ্কিত মূলধনী ব্যাঘাতৰ বাবে ৰপ্তানি ক্ষতিগ্ৰস্ত হৈছিল।

৭. Q4ৰ বাবে, ফ্ৰিকুৱেন্সি ইণ্ডিকেটৰবোৰে চাহিদা স্থিতিবোৰৰ অধিক শক্তি হোৱা সূচাইছে। ঘৰুৱা বিমান যাত্ৰীৰ আহ-যাহ আৰু বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি, যাত্ৰীবাহী বাহনৰ বিক্ৰী বৃদ্ধি আৰু উপভোক্তা সামগ্ৰী উত্পাদনত যথেষ্ট বৃদ্ধিৰে বেচৰকাৰী উপভোগ বঢ়া যেন লাগিছে। দুচকীয়া বাহন আৰু ট্ৰেক্টৰৰ বিক্ৰী বিকাশে গ্ৰামীণ উপভোগ প্ৰাণৱন্ত হোৱা দেখুৱায়। জানুৱাৰী,২০১৮ত মূলধনী সামগ্ৰী উত্পাদনে ১৯মহীয়া উচ্চতা স্পৰ্শ কৰে, বিনিয়োগ চাহিদা লক্ষণ। বেংকৰ গৃহ নিৰ্মাণ ঋণ বৃ্দ্ধি আৱাসিক বিনিয়োগত শুভলক্ষণ। সোণৰ আমদানিৰ কাৰণে সদাগৰী আমদানি বিকাশ হ্ৰাস পায়, ৰপ্তানি বিকাশো দুৰ্বল হৈছে।

৮. ফেব্ৰুৱাৰী,২০১৮ত প্ৰকাশিত দ্বিতীয় অগ্ৰিম প্ৰাককলনত ২০১৭-১৮ বৰ্ষৰ বাবে খাৰিফ শষ্যৰ উত্পাদন ২.৮ শতাংশ ওপৰত সংশোধিত কৰা হৈছে। ২০১৭-১৮ৰ বাবে প্ৰাককলন কৰা মুঠ খাদ্যশষ্য উত্পাদন ২৭৭.৫ নিযুত টন, ২০১৬-১৭ৰ পৰ্যায়তকৈ ০.৯ শতাংশ বেছি, চাউল, দাইল আৰু মোটা দানাদাৰ শষ্যৰ অভিলেখ উত্পাদন হেতু। ঘেঁহুৰ উত্পাদন যোৱা বছৰতকৈ কম হয়, কিন্তু ১.৬ নিযুত টন আমদানি আৰু বাফাৰ মজুতে প্ৰতিকূল পৰিস্থিতি চম্ভালিব। ২০১৭-১৮ বৰ্ষত উদ্যানশষ্যৰ উত্পাদন ৩০৫.৪ নিযুত টনৰ অভিলেখ উচ্চতালৈ উঠে, যোৱা বছৰতকৈ ১.৬ শতাংশ অধিক।

৯. সামগ্ৰিকভাৱে ২০১৭-১৮ বৰ্ষটোৰ বাবে, চিএছঅৰ প্ৰাককলনত উদ্যোগত মূল্য সংযোজন আগৰ বছৰতকৈ কম হয়, ত্ৰিমাসিক হিচাপত অৱশ্যে Q2ত আৰম্ভণিতে Q3 আৰু Q4ত সম্প্ৰসাৰণ হয়। প্ৰস্তুতকৰণ প্ৰতিক্ষিপ্ত হোৱা বাবে এইটো হৈছে। প্ৰস্তুতকৰণ পিএমআই মাৰ্চত একেৰাহে অষ্টম মাহলৈ থাকে, অৱশ্যে Q4ত শাম কাটে। আৰবিআইৰ ঔদ্যোগিক সম্ভাৱনা জৰীপ মতে প্ৰস্তুতকৰণ খণ্ডৰ সামগ্ৰিক ব্যৱসায় মনোভাৱৰ মূল্যায়ন Q4ত উন্নত হয়, বৰ্ধিত উত্পাদন আৰু ফৰমাচ হেতু। সেৱা খণ্ডত মূল্য সংযোজিত বিকাশ গোটেই বছৰটোতে ত্বৰান্বিত হয়, হোটেল-পৰিবহন-বাণিজ্য-যোগাযোগো বৃদ্ধি আৰু নিৰ্মাণকাৰ্যত চমকপ্ৰদ সম্প্ৰসাৰণ হেতু। নৌ পৰিবহন বৃদ্ধিৰ লগতে বাণিজ্যিক বাহন বিক্ৰীও যথেষ্ট বাঢ়ে। নতুন ব্যৱসায় আৰু প্ৰত্যাশাৰে সেৱা খণ্ডৰ পিএমআই সংকোচনৰ পৰা ওলাই মাৰ্চত সুস্থিৰ হৈ পৰে।

১০. খুচুৰা স্ফীতি, চিপিআইত বৰ্ষ-পৰ-বৰ্ষ পৰিৱৰ্তনেৰে পৰিমাপিত মতে, জানুৱাৰীৰ ৫.১ শতাংশৰ পৰা ফেব্ৰুৱাৰীত ৪.৪ শতাংশলৈ নামে, খাদ্য় আৰু ইন্ধন স্ফীতি হ্ৰাস হেতু। ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱে বাদে ফেব্ৰুৱাৰীত শিৰোনাম স্ফীতি আছিল ৪.১ শতাংশ। ফেব্ৰুৱাৰীত খাদ্যস্ফীতি ১২০ বিপিএছ হ্ৰাস পায়, পিঁয়াজ আৰু বিলাহীকে ধৰি পাচলিৰ ঋতুগত হ্ৰাসমূল্য আৰু দাইলৰ ধাৰাবাহিক হ্ৰাস হেতু। কণী, চেনী, মাছ-মাংস, তেল, মছলা, দানাদাৰ আৰু গাখীৰতো মূল্য হ্ৰাস পায়।

১১. ইন্ধন আৰু আলোক গোটত, আন্তৰ্জাতিক মূল্য উঠা-নমাৰ সংগতি ৰাখি ৰন্ধন গেছৰ স্ফীতি কমে। বিশেষকৈ খড়ি আৰু গোবৰ পিঠাৰ মূল্যতো বৃদ্ধি হাৰ কমে।

১২. খাদ্য আৰু ইন্ধন বাদে চিপিআই স্ফীতি জুন,২০১৭ত বাঢ়ি যোৱাৰ পাছত একেৰাহে তৃতীয় মাহলৈ ফেব্ৰুৱাৰীত ৫.২ শতাংশত অপৰিৱৰ্ত্তিত থাকে। ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱ দেখুৱাই আবাসন গোট স্ফীতি যথেষ্ট কমত, ৪.৪ শতাংশত প্ৰাককলন হয়। পেট্ৰলিয়াম সামগ্ৰী মূল্য আৰু পৰিবহন ভাড়া বৃদ্ধিৰ বাবে পৰিবহন আৰু যোগাযোগ গোটৰ স্ফীতি ফেব্ৰুৱাৰীত বাঢ়ি যায়। গৃহস্থালি সামগ্ৰী তথা সেৱা, বিনোদন-প্ৰণোদন, শিক্ষা আৰু ব্যক্তিগত যতন আৰু সাধনবোৰৰ স্ফীতি সংযত থাকে।

১৩. ৰিজাৰ্ভ বেংকৰ ২০১৮ মাৰ্চলানি গৃহস্থালি প্ৰত্যাশাৰে পৰিমাপিত মতে, গৃহস্থালিৰ স্ফীতি প্ৰত্যাশাবোৰ তিনি মাহপূৰ্ব আৰু এবছৰপূৰ্ব উভয় দিগন্ততে বাঢ়ে। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপত উত্তৰ দিয়া প্ৰতিষ্ঠানবোৰে জনোৱা মতে লাগত মূল্য চাপ আৰু বিক্ৰী মূল্য বৃদ্ধি ২০১৭-১৮ৰ Q4ত হৈছিল, যিটো ২০১৮-১৯ৰ Q1লৈ থকাৰ সম্ভাৱনা। প্ৰস্তুতকাৰী আৰু সেৱা প্ৰতিষ্ঠানবোৰেও পিএমআইত, Q4ত লাগত আৰু নিৰ্গম মূল্য বৃদ্ধি দেখুৱাইছে।

১৪. প্ৰণালীটোত চলনিধি, ফেব্ৰুৱাৰী-মাৰ্চ ২০১৮ত ৰাহি-ঘাটিৰ মাজত উঠা-নমা কৰি থাকে। ১-১১ ফেব্ৰুৱাৰী,২০১৮ত দৈনিক গড়ে ২৭২ বিলিয়ন টকা ৰাহিৰ পৰা ফেব্ৰুৱাৰী ১২-১ মাৰ্চত চলনিধি ঘাটিলৈ আহে, চৰকাৰী ব্যয়ত মন্থৰতা আৰু বুজন কৰ সংগ্ৰহ দৰ্শায়। মাৰ্চ,২-১৫ত ৰাহি হোৱাৰ পাছত প্ৰণালীটো মাৰ্চ ১৬-২২ত জুনৰ ঘাটিলৈ আহে, ত্ৰিমাসিক অগ্ৰিম কৰ প্ৰবাহৰ কাৰণে। মাৰ্চৰ শেহলৈ চলনিধিৰ ঋতুগত নাটনিৰ অনুমান কৰি ৰিজাৰ্ভ বেংকে মুঠ ১ ত্ৰিলিয়ন টকাৰ চাৰিটা অতিৰিক্ত ভেৰিয়েবল ৰেট ৰেপো অভিযান চলায়। মাজ-মাৰ্চত বজাৰ সুস্থিৰকৰণ আঁচনিৰ অধীনত এপ্ৰিল-মে,২০১৭ত জাৰি কৰা ট্ৰেজাৰী বিলবোৰ বিমোচন কৰি অতিৰিক্ত ১ ত্ৰিলিয়ন টকা প্ৰণালীটোত সুমুওৱা হয়। ৰিজাৰ্ভ বেংকে ফেব্ৰুৱাৰী আৰু মাৰ্চত শুদ্ধ দৈনিক গড় হিচাপত যথাক্ৰমে ৬০ বিলিয়ন আৰু ২১৩ বিলিয়ন টকা সঞ্চাৰ কৰে। WACR নীতি ৰেপো হাৰৰ ওচৰলৈ আহে, জানুৱাৰীত নীতি ৰেপো হাৰৰ ১২ বেছিচ কমৰ পৰা ফেব্ৰুৱাৰীত ৭ বিপিএছলৈ আৰু মাৰ্চত ৫ বিপিএছলৈ।

১৫. সদাগৰী ৰপ্তানি বিকাশ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত ধীৰ হয়, মণি-মুকুতা-গহণা গাঠৰিৰ প্ৰস্তুত সাজ-পোছাক আৰু ইঞ্জিনীয়াৰিং সামগ্ৰীৰ ৰপ্তানি হ্ৰাস হেতু। ফেব্ৰুৱাৰীত আমদানি বিকাশো মৃদু হয়, সোণৰ আমদানি হ্ৰাস, অনাতৈল-অনাস্বৰ্ণ আমদানি হ্ৰাস, পৰিবহন সামগ্ৰী তথা পাচলি-দাইলৰ আমদানি সংকোচন হেতু। জানুৱাৰী-ফেব্ৰুৱাৰী ৰপ্তানিতকৈ আমদানি বেছি হোৱাত বাণিজ্যিক ঘাটিৰ প্ৰসাৰ ঘটে। বণিজ্যিক ঘাটিৰ কাৰণে ২০১৭-১৮ৰ তৃতীয় ত্ৰিমাসিকত কাৰেণ্ট একাউণ্ট ঘাটি বৃদ্ধি পায়। এপ্ৰিল-জানুৱাৰী ২০১৭-১৮ত শুদ্ধ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আগৰ বছৰতকৈ মৃদু হয়। ৩০ মাৰ্চ,২০১৮ত ভাৰতৰ বিদেশী বিনিময় মুদ্ৰাৰ ভাণ্ডাৰ আছিল ৪২৪.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ।

সম্ভাৱনা

১৬. ২০১৭-১৮ৰ ষষ্ঠ দ্বিমাসিকত মৌদ্ৰিক নীতি প্ৰস্তাৱত চিপিআই স্ফীতি, চতুৰ্থ ত্ৰিমাসিকত ৫.১ শতাংশ দেখুৱাইছিল, ২০১৮-১৯ৰ প্ৰথমাৰ্ধত ৫.১-৫.৬ শতাংশ ৰেঞ্জত আৰু দ্বিতীয়াৰ্ধত ৪.৫-৪.৬ শতাংশৰ ভিতৰত ঘৰভাড়া বানচ প্ৰভাৱকে ধৰি। জানুৱাৰী-ফেব্ৰুৱাৰীত প্ৰকৃত স্ফীতি পৰিণাম গড়ে ৪.৮ শতাংশ হয়গৈ পাচলিৰ মূল্য হ্ৰাস আৰু ইন্ধন গোটৰ স্ফীতি সংযত হোৱা হেতুকে। পাচলি মাৰ্চলৈকে সহজ হৈ থাকে। তদনুযায়ী, ২০১৭-১৮ চতুৰ্থ ত্ৰিমাসিকত স্ফীতি এতিয়া ৪.৫ শতাংশত ধৰা হৈছে।

১৭. একাধিক কাৰণে স্ফীতি সম্ভাৱনাক প্ৰভাৱিত কৰিব পাৰে। ফেব্ৰুৱাৰী-মাৰ্চত খাদ্যমূল্য যথেষ্ট সংযত হৈ, ফেব্ৰুৱাৰী বিবৃতিত অনুমান কৰাতকৈ তলতহে ২০১৮-১৯ প্ৰথমাৰ্ধৰ স্ফীতি প্ৰক্ষেপ পথ থকাৰ সম্ভাৱনা আছে। স্বাভাৱিক বৰষুণ আৰু চৰকাৰী যোগান ব্যৱস্থাৰ আশাৰে সামগ্ৰিক খাদ্য স্ফীতি প্ৰতিৰুধ্য হৈ থাকিব লাগে। দ্বিতীয় বিগত সময়ছোৱাত উত্পাদন বৃদ্ধি পোৱা সত্ত্বেও খাৰুৱা তেলৰ মূল্য জঠৰ হয়। ফলত খাৰুৱা তেল মূল্যত বিৰূপ প্ৰভাৱ পৰিছে। তৃতীয়, বৰ্তমানৰ মূল্যায়নত বছৰটোৰ বাকী সময়ছোৱাত ভাৰতীয় ঘৰুৱা চাহিদা শক্তিশালী হোৱাৰ আশা আছে। চতুৰ্থ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ঘৰভাড়া বানচ বৃদ্ধিৰ পৰিসাংখ্যিক প্ৰভাৱ ২০১৮ৰ মাজভাগলৈকে থাকি তাৰ পাছত ক্ৰমান্বয়ে নোহোৱা হবগৈ।

১৮. এই কাৰকবোৰ চালিজাৰি চাই, ২০১৮-১৯ৰ সম্ভাৱ্য চিপিআই স্ফীতি সংসোধিত কৰি বছৰটোৰ প্ৰথমাৰ্দ্ধত ৪.৭-৫.১ শতাংশৰ ভিতৰত আৰু দ্বিতীয়াৰ্ধত ৪.৪ শতাংশত ধৰা হৈছে যত ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱো ধৰা আছে। (CHART-1). Excluding the impact of HRA revisions, CPI inflation is projected at 4.4-4.7 percent in H1:2018-19 and 4.4 percent in H2.


১৯. বিকাশ সম্ভাৱনাৰ দিশত, বিভিন্ন কাৰকে ২০১৮-১৯ত অৰ্থনৈতিক কাৰ্যকলাপৰ গতি বৃদ্ধি কৰিবলৈ লাগে। প্ৰথম, মূলধনী সামগ্ৰীৰ উত্পাদনত নিৰন্তৰ বৃদ্ধি আৰু জানুৱাৰীৰ সংকোচন বাদে এতিয়াও বাঢ়নমুখী হৈ থকালৈ চাই, বিনিয়োগ কাৰ্যকলাপ পুনৰ বৃদ্ধিৰ স্পষ্ট লক্ষণবোৰ আহিছে। দ্বিতীয়, গোলকীয় চাহিদা উন্নত হৈছে। ই ৰপ্তানিক উত্সাহিত আৰু নতুন বিনিয়োগ টনকীয়াল কৰিবগৈ লাগে। মুঠতে, জিডিপি বিকাশ ২০১৭-১৮ৰ ৬.৬ শতাংশৰ পৰা ২০১৮-১৯ত ৭.৪ শতাংশত হোৱাৰ আশা আছে –প্ৰথমাৰ্ধত ৭.৩-৭.৪ শতাংশ আৰু দ্বিতীয়াৰ্ধত ৭.৩-৭.৬ শতাংশৰ পৰিসৰত, যত বিপদশংকাবোৰ সুষম কৰি লোৱা হৈছে।

২০. এমপিচিয়ে অনুধাৱন কৰিছে যে আধাৰৰেখা স্ফীতি মাৰ্গৰ চৌপাশে ভালেমান অনিশ্চয়তা আছে। প্ৰথমে, ২০১৮-১৯ কেন্দ্ৰীয় বাজেটত খাৰিফ শষ্যৰ এমএচপিৰ সংশোধিত সূত্ৰৰ ঘোষণাই মুদ্ৰাস্ফীতিক প্ৰভাৱিত কৰিব পাৰে, যদিওবা সঠিক পৰিণামখিনি অহা মাহকেইটাতহে ওলাব। দ্বিতীয়তে বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা ঘৰভাড়া বানচ বৃদ্ধিৰ বিলম্বিত প্ৰভাৱবোৰে শিৰোনাম স্ফীতিক ঠেলা দিব পাৰে। ঘৰভাড়া বানচ বৃদ্ধিৰ পৰিসাংখ্যিক প্ৰভাৱবোৰ মোকাবিলা কৰিব পৰা হব যদিও তাত দ্বিতীয়লানি প্ৰভাৱ কিছুমানো লক্ষ্য কৰিব লাগিব। তৃতীয়তে ২০১৮-১৯ৰ কেন্দ্ৰীয় বাজেটৰ প্ৰাককলনৰ পৰা অধিক মৌদ্ৰিক অপসৰণ অধিক বৃদ্ধি হলে বা মধ্যম পৰ্যায়ত হলেও ই মুদ্ৰাস্ফীতিৰ সম্ভাৱনাত প্ৰভাৱিত কৰিব পাৰে। বৰ্ধিত প্ৰতিশ্ৰুত ৰাজহ ব্যয়ৰ ফলত ৰাজ্যসমূহৰ মৌদ্ৰিক অপসৰণেও মুদ্ৰাস্ফীতিলৈ বিপদশংকা আনিছে। চতুৰ্থতে বৰষুণ সাময়িকভাৱে কম আৰু/অথবা চেগাচেৰেকা হলেও খাদ্যস্ফীতিত বিৰূপ প্ৰভাৱ পৰিব পাৰে। পঞ্চমতে, ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপত উত্তৰ দিয়া প্ৰতিষ্ঠানবোৰে লাগত আৰু নিৰ্গম মূল্যবৃদ্ধিৰ আশা কৰিছে। ষষ্ঠ, খাৰুৱা মূল্যত শেহতীয়া উদ্বায়ীতাই মধ্যম্যাদী সম্ভাৱনাত যথেষ্ট অনিশ্চয়তা আনিছে।

২১. ওপৰোক্ত প্ৰেক্ষাপটত, এমপিচিয়ে নীতি ৰেপো হাৰ অপৰিৱৰ্ত্তিত ৰাখিবলৈ আৰু নিৰপেক্ষ স্থিতিৰে আগবাঢ়িবলৈ সিদ্ধান্ত ললে। ৪ শতাংশৰ শিৰোনাম স্ফীতি দীৰ্ঘস্থায়ী ভিত্তিত আহৰণৰ প্ৰতিশ্ৰুতিবদ্ধতা এমপিচিয়ে দৃঢ়তাৰে দোহাৰিছে।

২২. এমপিচিয়ে অনুধাৱন কৰিছে যে বিকাশ পুনৰাই হবলৈ লৈছে আৰু নিৰ্গম ব্যৱধান শেষ হবলৈ লৈছে। প্ৰাথমিক মূলধন বজাৰৰ বৃহত্ সম্পদ সঞ্চালনে বিনিয়োগ কাৰ্যকলাপত অধিক সমৰ্থন যোগাবলৈ লাগে। শংকাৰ ক্ষেত্ৰত ৰাজহুৱা বিত্ত যোগান বিপদশংকাত অৱনতিয়ে বেচৰকাৰী বিত্ত যোগান আৰু বিনিয়োগ বিস্তাৰ কৰিছে। অধিকন্তু, গোলকীয় বিকাশ আৰু বিনিয়োগ মজবুত হোৱা সত্ত্বেও, ক্ৰমবৰ্দ্ধমান বাণিজ্যিক সংৰক্ষণবাদ আৰু বিত্তীয় বজাৰ অস্থিৰতাই চলিত গোলকীয় প্ৰকৃতিস্থভৱন বিঘ্নিত কৰিব পাৰে। এনে এক অস্থিৰপ্ৰদ গোলকীয় পৰিবেশত ঘৰুৱা স্থূল অৰ্থনৈতিক মূলাধাৰবোৰ শক্তিশালী হোৱাটো অতি গুৰুত্বপূৰ্ণ। লগতে চাপপ্ৰাপ্ত কৰ্পোৰেটক নাকি লগাই বেংক উদ্ধৃত্তপত্ৰ উন্নত কৰি যোৱাৰ সমানে বিপদশংকাগ্ৰাহী বজাৰবোৰ দৃঢ় কৰি যাব লাগিব।

২৩. ড০ চেতন ঘাটে, ড০ পমী ডুৱা, ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, ড০ বিৰাল ভি. আচাৰ্য আৰু ড০ উৰজিত আৰ. পেটেলে মৌদ্ৰিক নীতি সিদ্ধান্তৰ সপক্ষে মত দিয়ে। ড০ মাইকেল দেৱব্ৰত পাত্ৰই নীতিগত ৰেপো হাৰ ২৫ বেছিচ পইণ্ট বৃদ্ধিৰ হকে মতদান কৰে। এমপিচিৰ এই বৈঠকৰ কাৰ্যবিৱৰণী ১৯ এপ্ৰিল,২০১৮ৰ ভিতৰত প্ৰকাশ কৰা হব।

২৪. এমপিচিৰ পৰৱৰ্ত্তী বৈঠকৰ তাৰিখ ৫ আৰু ৬ জুন,২০১৮ত নিৰ্ধাৰণ কৰা হয়।

নীতিগত ৰেপ হাৰ ৬.০ শতাংশ অপৰিৱৰ্তিত ৰাখিবলৈ লোৱা প্ৰস্তাৱত মতদান

সদস্য মত
ড০ চেতন ঘাটে সপক্ষে
ড০ পমী ডুৱা সপক্ষে
ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া সপক্ষে
ড০ মাইকেল দেৱব্ৰত পাত্ৰ বিপক্ষে
ড০ বিৰাল ভি আচাৰ্য সপক্ষে
ড০ উৰজিত্ আৰ পেটেল সপক্ষে

ড০ চেতন ঘাটেৰ বক্তব্য

২৮. বিগত পৰ্যালোচনাকেইটাত মোৰ প্ৰধান চিন্তাটো আছিল চলি থকা চক্ৰবত্ উত্থানখিনি বৰ্তি থাকিবনে নাই, মধ্যমাদত ৪ শতাংশ স্ফীতি লক্ষ্যলৈ অহা ওপৰমুৱা বিপদশংকা কেন্দ্ৰিক ক্ৰমবৰ্দ্ধমান বিতুষ্টি সত্ত্বেও।

৩০. বিকাশত বহলভিত্তিক উন্নতি শক্তিপ্ৰাপ্ত হৈ আছে, যদিওবা অনুকূল আধাৰৰ বাবেহে হৈছে। তৃতীয় ত্ৰিমাসিকত (২০১৭-১৮) চাহিদা স্থিতি উন্নত হয়। সামৰ্থ্য প্ৰয়োগ, বিনিয়োগ প্ৰৱণতাৰে উন্নত হৈ ২০১৪-১৫ৰ পাছত সৰ্বোচ্চ পৰ্যায়লৈ (৭৪.৩ শতাংশ) উঠিছে। অনুক্ৰমিক বৃদ্ধিৰে আইআইপি বিকাশ (নৱেম্বৰ ২০১৭-জানুৱাৰী ২০১৮)ত ৭.৮ শতাংশলৈ বৃদ্ধিয়ে সন্তোষ আনিছে। অনা-আইটি সেৱাবোৰত লাভ উভতি আহিছে। যোৱা ৮ মাহ ধৰি প্ৰস্তুতকাৰী খণ্ড মজবুত হৈ আছে। যোৱা দুবছৰত জিডিপি বিকাশতকৈ পাছত থকা ঋণ বিকাশ আগবাঢ়ি গৈছে। ৰাজহুৱা খণ্ড বেংক এটাত সাম্প্ৰতিক প্ৰবঞ্চনাই বেংকবোৰক বিপদশংকা বিমুখী কৰি ঋণদান মন্থৰ কৰাৰ শংকা আছে।

৩১. সামগ্ৰিকভাৱে, বিকাশ সংকটবোৰ টনকীয়াল। নিৰ্গম ব্যৱধানৰ সৰহভাগ সূচকে দেখুওৱা মতে ইয়াৰ সমাপ্তি সন্নিকত। উপভোগ ব্যাপক হৈ বিনিয়োগ ত্বৰান্বিত হৈছে।

৩২. খাদ্যস্ফীতিয়ে শিৰোনাম স্ফীতিক উদ্বায়ী কৰি বঢ়াই নিছে। জানুৱাৰীৰ ৪.৬ শতাংশৰ তুলনাত ফেব্ৰুৱাৰীৰ ৩.৪ শতাংশ খাদ্যস্ফীতিয়ে শিৰোনাম স্ফীতিক ৪.৪ শতাংশলৈ অৱনমিত কৰে। ২০১৬-১৭ত প্ৰতিকূল আধাৰ হেতু পাচলিৰ স্ফীতি ওপৰত থাকে। অন্য অঙ্গধামুহতকৈ ইন্ধন স্ফীতি (৬.৮ শতাংশ) ওপৰত থাকে। এবছৰ-পূৰ্ব স্ফীতি প্ৰত্যাশাত সামান্য বৃদ্ধি হৈছে। খাদ্য-ইন্ধন ঘৰভাড়া বানচ বাদে উত্থিত স্ফীতি চিন্তাজনক। অৱশ্যে দানাদাৰ স্ফীতি অস্বাভাৱিকভাৱে সংযত হৈছে। চাহিদাতকৈ বেছি দাইল আছে।

৩৩. স্ফীতিৰ প্ৰতি ওপৰমুৱা মাহৰচনিক বিপদশংকাবোৰেহে ৪ শতাংশ স্ফীতি লক্ষ্যলৈ প্ৰশ্ন আনিছে। আগৰ পৰ্যালোচনাবোৰত মই চাৰিটা বিপদশংকা কথা কৈছিলো- (১) ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি, (২) ৰাজ্যবোৰৰ দ্বাৰা বিলম্বিত দৰমহা আয়োগৰ পৰামৰ্শাৱলী ৰূপায়ণ, (৩) নিৰ্বাচনী বছৰটোত ৰাজস্ব ঘাটিৰ অপসৰণ আৰু (৪) উচ্চ পৰ্যায়ত থকা তেলৰ মূল্য।

৩৪. এইবিলাকৰ ভিতৰত মোৰ প্ৰধান চিন্তা হৈছে প্ৰতিকূল twin terms of trade shock; আভ্যন্তৰীণ (নিম্নতম সমৰ্থন মূল্য বেছিকৈ বঢ়োৱা কাৰণে অন্যান্য কৃষিজাত সামগ্ৰীৰ মূল্যবৃদ্ধি) আৰু বহিঃখণ্ডীয় (তেলৰ মূল্য উচ্চ পৰ্যায়ত থাকি যোৱাটো)।

৩৫. নিম্নতম সমৰ্থন মূল্যৰ প্ৰকাৰ এতিয়াও বাকী আছে যদিও সংগ্ৰহ মূল্যৰ সালসলনিয়ে সকলো খণ্ডতে স্ফীতি বঢ়াব, অৱশ্যে দুটামান ত্ৰিমাসিক বৃ্দ্ধি হৈ থকাৰ পাছত পৰৱৰ্ত্তী ৬-৭ ত্ৰিমাসিকৰ বাবে অনুকূল হৈ থাকিব। ৪ শতাংশ মধ্যম্যাদী স্ফীতি লক্ষ্যক স্থায়ী কৰাৰ কাৰণে, প্ৰণালীবদ্ধভাৱে এমএছপিৰ সালসলনিক চম্ভালিব লাগিব।

৩৬. এই সন্ধিক্ষণত, সমাগত উপাত্তবোৰ সযতনে অধ্যয়ন সহকাৰে অপেক্ষা কৰাটো .বিচাৰো।

৩৭. মৌদ্ৰিক নীতি কমিটীৰ আজিৰ বৈঠকত নীতিগত ৰেপো হাৰ অপৰিৱৰ্ত্তিত ৰখাৰ হকে মতদান কৰিলো।

ড০ পমী ডুৱাৰ বক্তব্য

৩৮. ডিচেম্বৰ,২০১৭ত ১৭ মহীয়া উচ্চতালৈ উঠাৰ পাছত শিৰোনাম স্ফীতি ৫.২ শতাংশৰ পৰা ফেব্ৰুৱাৰীত ৪.৪ শতাংশলৈ নামিছে। পাচলিৰ লগতে অন্যান্য খাদ্যৰ অংগত ঋতুগত মূল্য হ্ৰাস হেতু এইটো হৈছে। খাদ্য আৰু ইন্ধন বাদে চিপিআই স্ফীতি অপৰিৱৰ্ত্তিত হৈ ডিচেম্বৰৰ পৰা ৫.২ শতাংশত থাকে, সপ্তম দৰমহা আয়োগৰ আন্তৰ্গত ঘৰভাড়া বানচ বৃদ্ধিৰ বাবে আবাসন স্ফীতি হেতু বুলিব পাৰি।

৩৯. শিৰোনাম স্ফীতিত সাম্প্ৰতিক পতন সত্বেও কেইবাটাও ওপৰমুৱা বিপদশংকা আছে। উত্পাদন মূল্যৰ ডেৰ গুণৰ সৈতে নিম্নতম সমৰ্থন মূল্য সংযোজিত কৰাটোৱে স্ফীতি বঢ়াব। ৰাজস্ব ঘাটি অপসৰণ আৰু আশা কৰাতকৈ কম ৰাজস্ব একত্ৰিকৰণৰ লগতে ৰাজ্য চৰকাৰবোৰ বিলম্বিত ঘৰভাড়া বানচ বৃদ্ধি মুদ্ৰাস্ফীতিত চাপ পেলাব। খাৰুৱা তেল মূল্যৰ সাম্প্ৰতিক উদ্বায়ীতাইও স্ফীতি দৃশ্যপটত অনিশ্চয়তা আনিছে। অধিকন্তু, সীমাশুল্ক বৃদ্ধিয়েও স্ফীতি বঢ়োৱাৰ সম্ভাৱনা আছে। গৃহস্থালিৰ স্ফীতি প্ৰত্যাশাৰ ক্ষেত্ৰত আৰবিআইৰ জৰীপেও (মাৰ্চ,২০১৮) তিনিমাহ পূৰ্বে আৰু এবছৰ-পূৰ্ব উভয় মণ্ডলত স্ফীতি প্ৰত্যাশা বঢ়াৰ আভাস দিছে। আৰবিআইৰ ঔদ্যোগিক সম্ভাৱনা জৰীপে লাগত মূল্য কঠোৰ হোৱাৰ ইংগিত দিছে, যিয়ে গ্ৰাহকক ক্ষতিগ্ৰস্ত কৰি চিপিআই স্ফীতি বঢ়োৱাৰ সম্ভাৱনা আছে।

৪০. নিগ্ৰম দিশত, প্ৰাককলালত জিডিপি বিকাশ, ২০১৭-১৮ত ৬.৬ শতাংস হৈছে, ২০১৬-১৭ৰ ৭.১ শতাংশতকৈ তলত। জিএছটিৰ ৰূপায়ণ সুস্থিৰ হোৱাত আৰু ৰাজহুৱা খণ্ড বেংকৰ পুনৰ মূলধনীকৰণৰ লগতে দৈউলীয়াপন আৰু নিঃস্বতা বিধিৰ অন্তৰ্গত অনুত্পাদনশীল সম্পদ নিষ্পত্তিৰ ব্যৱস্থাই অৰ্থনৈতিক বিকাশ বঢ়াব। অৱশ্যে বেংকিং খণ্ডৰ বিপদশংকাই নিৰন্তৰ বিকাশ বিঘ্নিত কৰিব পাৰে। ইফালে, বাণিজ্যিক যুদ্ধ প্ৰসাৰে অধিক বিপদশংকা আনিব।

৪১. তদুপৰি, আৰবিআয়ে মাৰ্চ,২০১৮ত চলোৱা গ্ৰাহক আস্থা জৰীপে সামগ্ৰিক অৰ্থনৈতিক পৰিস্থিতি আৰু নিয়োগৰ ক্ষেত্ৰত নিৰাশা আনিছে। ECRI Indian Leading indexয়ে মন্থৰ বিকাশেৰে অৰ্থনৈতিক বিকাশ প্ৰতিৰোধী হোৱাকৈ দেখুৱাইছে। অৱশ্যে গোলকীয় বিকাশৰ সম্ভাৱ্য সন্দাই ভাৰতীয় ৰপ্তানি বিকাশ সম্ভাৱনা সংযত হোৱা সূচাইছে। ইউৰো অঞ্চল, যুক্তৰাজ্য, চীন আৰু জাপানত শেহ ২০১৭ৰ পৰা আৰু আমেৰিকাত সম্প্ৰতি সেৱা তথা প্ৰস্তুতকৰণ খণ্ডত অৱনতিৰে বিকাশ লেহেমীয়া হৈছে।

৪২. এতেকে, মুদ্ৰাস্ফীতিৰ প্ৰতি ওপৰমুৱা বিপদশংকা আৰু নিৰুত্তাপ বিকাশ সম্ভাৱনালৈ চাই উদীয়মান বিপদশংকা চাই অপেক্ষা আৰু সতৰ্কদৃষ্টি ৰক্ষাৰ কৌশলৰ লগতে সুত হাৰত স্থিতাৱস্থা ৰক্ষাৰ পৰামৰ্শ দিলো।

ড০ ৰবীন্দ্ৰ এইছ. ধোলাকিয়াৰ বক্তব্য

৪৩. এমপিচিয়ে যোৱাখন বৈঠকত কৰাতকৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী,২০১৮ত শিৰোনাম স্থিতিৰ লক্ষ্যণীয় অৱনতি দেখা গৈছে। মাৰ্চ মাহতো কমত থকাৰ সম্ভাৱনা। প্ৰতিকূল আধাৰ পৰিণামৰ বাবে এপ্ৰিল,২০১৮ত বৃদ্ধিৰে ৩-৪ মাহ থাকি পুনৰ মাৰ্চ,২০১৯ত ৪ শতাংশৰ ওচৰলৈ অৱনমিত হব। এই পূৰ্বানুমানত অৱশ্যে কেইবাটাও অনিশ্চয়তা আছে।

১. অৰ্থনৈতিক বিকাশত পুনৰুত্থান হৈছে, পিছে আৰবিআয়ে আশা কৰা পৰ্যায়ত হোৱা নাই। সামৰ্থ্য প্ৰয়োগ ৭৪ শতাংশ হৈছে যদিও নতুন বিনিয়োগ অনাৰ জোখাৰে নহয়, নিয়োগ বিকাশ এনে পৰ্যায়লৈ বঢ়া নাই যে বেতন বৃদ্ধিত চাপ পেলাব। নঞাৰ্থক নিৰ্গম ব্যৱধান থকাটোও চাব লাগিব।

২. ঘাই ঘাই গোলকীয় ক্ৰিয়াকাৰীবোৰৰ মাজত বাণিজ্যিক যুদ্ধৰ আশংকা বৃদ্ধিয়ে আমাৰ ৰপ্তানি আৰু উত্পাদন ব্যয়ত বিৰূপ প্ৰভাৱ পেলাব। ফলত সমাগত বছৰটোত আমাৰ অৰ্থনৈতিক পুনৰপ্ৰাপ্তি ব্যাহত হব।

৩. তৈল মূল্যৰ অনিশ্চিত গতিবিধিয়ে সমাগত বছৰটোত শিৰোনাম স্ফীতিত প্ৰভাৱ মূল্যায়ন জটিল কৰিছে।

৪. পৰ্যাপ্ত বৰষুণৰ চিন্তা আৰু নিম্নতম সমৰ্থন মূল্য ৰূপায়ণে সফীতি অনিশ্চয়তালৈ নতুন দিশ আনিছে।

৫. ৰাজ্যসমূহৰ লগতে বিশ্ববিদ্যালয়, পৌৰ নিকায় আদিয়ে সপ্তম দৰমহা আয়োগৰ আধাৰত ঘৰভাড়া বানচ বৃদ্ধি কৰিলে শিৰোনাম স্ফীতি যথেষ্ট বাঢ়ি যাব। ৰাজ্যবোৰৰ ৰূপায়ণ বিলম্বিত হলে দ্বিতীয়লানি প্ৰভাৱ চিন্তনীয় হব। মোৰ গৱেষণাত পাইছো, চলিত দশকটোত মুদ্ৰাস্ফীতি গতিবিদ্যা সলনি হোৱাত দ্বিতীয়লানি প্ৰভাৱ স্তিমিত হবগৈ।

৬. ৰাজস্ব একত্ৰীকৰণৰ ধাৰাৰ পৰা কেন্দ্ৰৰ দ্বাৰা অপসৰণ আৰু শিৰোনাম স্ফীতিত ইয়াৰ প্ৰবাৱ আৰু খৰচী ঋণৰ বিষয়কেইটা চিন্তনীয়। মোৰ বিবেচনাৰে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সন্মিলিত ৰাজস্ব ঘাটিহে শিৰোনাম স্ফীতিত বিবেচ্য। ২৬খন ৰাজ্যৰ সন্মিলিত আয়-ব্যয়ক ৰাজস্ব ঘাটি জিডিপিৰ ২.৬ শতাংশ। এিদৰে ৰাজ্যসমূহৰ ৰাজস্ব অনুশাসনে কেন্দ্ৰৰ ৰাজস্ব অপসৰণখিনি সম্পূৰ্ণ কৰিবগৈ. ইপিনে, ২০১৭-১৮ৰ সংশোধিত প্ৰাককলনত কৰ ৰাজহ বৃদ্ধি পাইছে আৰু কেন্দ্ৰৰ ৰাজস্ব অপসৰণ অধিক সম্পূৰ্ণ কৰিব। অৱশ্যে সমাগত নিৰ্বাচনে ৰাজস্ব অপসৰণ ঘটোৱা অসম্ভৱ নহয়।

৭. আইআইএম আহমেদাবাদে ফেব্ৰুৱাৰী,২০১৮ত চলোৱা ব্যৱসায় স্ফীতি প্ৰত্যক্ষ জৰীপত প্ৰত্যাশিত শিৰোনাম স্ফীতি ৪.১ শতাংশ যদিও বৰ্তমান বাঢ়িবলৈ লৈছে। সেইদৰে গৃহস্থালিৰ স্ফীতি প্ৰত্যাশা জৰীপেও বৃদ্ধি দেখুৱাইছে।

৪৪. উভয় দিশত শিৰোনাম প্ৰত্যাশাত প্ৰভাৱৰ এনেবোৰ অনিশ্চয়তা হেতুকে নীতিগত স্থিতি বা হাৰত কোনো সালসলনি ঘটোৱাৰ আগতে অপেক্ষা আৰু অনুধাৱন বিজ্ঞোচিত হব। মই সেয়ে, নীতি হাৰ আৰু নিৰপেক্ষ স্থিতি অপৰিৱৰ্ত্তিত ৰখাৰ সপক্ষে ভোটদান কৰিলো।

ড০ মাইকেল দেৱব্ৰত পাত্ৰৰ বক্তব্য

৪৫. নীতি হাৰত ২৫ বেছি পইণ্ট বৃদ্ধিৰ হকে মতত মই অটল আছো। অন্তৰ্নিহিত থূল অৰ্থনৈতিক উন্মোনবোৰে এৰা-ধৰা প্ৰত্যাহাৰ কৰাটো জৰুৰী কৰি তুলিছে।

৪৬. জানুৱাৰী-ফেব্ৰুৱাৰীত দেখা স্ফীতি উপশম, পাচলিৰ মূল্য হ্ৰাসৰ কাৰণে মাৰ্চলৈকে থকাৰ সম্ভাৱনা আছে। ই বাৰু সহজ/ নিৰপেক্ষ মৌদ্ৰিক নীতি স্থিতিৰ বাবে লাগি থকাটো দেখুৱাই মোৰ বিবেচনাৰে এনে কৰাটো সময় অসংগত হব আৰু নীতি কাৰ্যব্যৱস্থাৰ অভাৱত, ২০১৮-১৯ৰ গোটেই সময়খিনিত স্ফীতি লক্ষ্যত উপনীত হোৱাটো দুৰূঢ় হৈ পৰিব।

৪৭. পাচলিৰ মূল্যত উদ্বায়ীতাই অন্তঃস্থিত স্ফীতি চাপৰ মূল্যায়ন অস্পষ্ট কৰাটো চাবলগীয়া। নৱেম্বৰ অঋতুগত বৃদ্ধি ফেব্ৰুৱাৰী-মাৰ্চত নামি যায় যিটো এপ্ৰিল-মেত আকৌ বাঢ়িবগৈ লাগে। তদনুযায়ী মৌদ্ৰিক নীতি নিৰ্ধাৰণ কৰোতে এই ক্ষণস্থায়ী যোগান আঘাটো চাব লাগিব যাতে (ক) নিম্নতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱ আৰু (খ) ঘেঁহুৰ কম উত্পাদন আৰু দানাদাৰ পৰা অহা খাদ্য়স্ফীতিৰ বিপদ শংকাত মনোনিবেশ কৰিব পৰা যায়।

৪৮। বিগত তিনি মাহত ৫ শতাংশৰ ওপৰলৈ উঠা স্ফীতিয়ে খাদ্য আৰু ইন্ধন বাদে চিপিআই লক্ষ্যত উপনীত হোৱাত বিপদশংকা আনিছে। ২০১৮-১৯ৰ জুনত এইটো অংশ ৬ শতাংশৰ ওপৰলৈ উঠি বাকীখিনি সময়ত ৫ শতাংশৰ সামান্য ওপৰত থাকিব। ইপিনে, খাৰুৱা তেলৰ মূল্য ক্ৰমবৰ্দ্ধমান কেঁচামাল আৰু অন্যান্য লাগত সামগ্ৰী, কৰ্পোৰেটলৈ মূল্যায়ন ক্ষমতাৰ ধীৰ আগমন, বাণিজ্যিক যুদ্ধৰ দৃশ্যপচট আৰু অনুৱৰ্ত্তী শুল্ক বৃদ্ধিৰ আকাৰত অহা বিপদশংকাই মুদ্ৰাস্ফীতি বৃদ্ধি আৰু বিকাশ বাধাগ্ৰস্ত কৰিব আৰু প্ৰণালীয় কেন্দ্ৰীয় বেংকবোৰে মৌদ্ৰিক নীতি স্বাভাৱিককৰণৰ গোলকীয় প্ৰভাৱ বিপদশংকা অধিক বঢ়াইছে। খাদ্যস্ফীতি ৰোধ কৰিবলৈ উপযুক্ত খাদ্য ব্যৱস্থাপনা কৌশল লাগিব। গৃহস্থালি প্ৰত্যাশা বাঢ়ি গৈছে আৰু বণ্ড তথা ঋণ বজাৰৰ হাৰো জঠৰ হৈ পৰিছে।

৪৯. বিকাশ প্ৰণোদনবোৰ মজবুত হৈছে। আগৰ বছৰটোত উপভোগ ভিত্তিক বিকাশৰ তুলনাত ২০১৭-১৮ত বিনিয়োগৰ মাত্ৰা বাঢ়িছে। খাদ্যশস্য আৰু উদ্যানশস্য উত্পাদন অভিলেখলৈ উঠিছে। প্ৰস্তুতকৰণত ক্ষিপ্ৰতা আহি বিভিন্ন উদ্যোগলৈ প্ৰসাৰিত হৈছে। ক্ৰমবৰ্দ্ধমান বিক্ৰী বিকাশ, ঋতুভিত্তিক সামৰ্থ্য প্ৰয়োগ, মূল্যাৰ্পন ক্ষমতা পুনৰপ্ৰাপ্তিয়ে লাভৰ অংশ বঢ়াইছে। কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত ৰাজস্ব অপসৰণেৰে স্ফীতিক নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ নিদি বিকাশৰ এই চালকবোৰক পুষ্টি সাধন কৰিব লাগিব। বৰ্তমান সংযত কিন্তু ওপৰমুৱা কাৰেণ্ট একাউণ্ট ঘাটিৰ লগতে বেংক আৰু কোম্পানীবোৰৰ উদ্বৃত্ত পত্ৰবোৰো থুনুকা হৈ আছে।

ড০ বিৰাল ভি. আচাৰ্যৰ বক্তব্য

৫০. ফোব্ৰুৱাৰী,২০১৮ মৌদ্ৰিক নীতি কমিটীৰ বৈঠকত, এৰাধৰাৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মতদান কৰিবলৈ মোক দুটা কথাই স্তব্ধ কৰিছিল – প্ৰথমটো আমেৰিকাৰ শ্বেলগেছ সঁহাৰিয়ে তৈল মূল্য দৃশ্যপট কোমল কৰি আনিছে, আৰু দ্বিতীয়টো অৰ্থব্যৱস্থাত বিকাশ পুনৰপ্ৰাপ্তি চালুকীয়া হৈ আছে। দুয়োটা দিশত অনিশ্চয়তা এতিয়া আঁতৰিবলৈ লৈছে।

৫১. ক্ৰমবৰ্দ্ধমান তৈলমূল্যৰ প্ৰতি মাৰ্কিন শ্বেলগেছ সঁহাৰি বেছ ফলদায়ক হোৱা সত্বেও লাগত চাহিদা অধোমুখী হৈ আছে। অপেক যোগান কৰ্তন আৰু আন্তৰ্জাতিক চাহিদা বৃদ্ধিয়ে ইয়াৰ মূল্য আন্তৰ্জাতিকভাৱে উৰ্দ্ধ পৰ্যায়ত ৰাখিছে আৰু বিগত ৩-৬ মাহত ইয়াৰ উদ্বায়িতা কম হৈ আছে। লাগত সামগ্ৰীৰ মজুত হ্ৰাসে কোনো এক ক্ৰিয়াশীল সূত্ৰলৈ যোগান বাধাগ্ৰস্ততা সূচাইছে, সম্ভৱতঃ ভূ-ৰাজনৈতিক বিপদশংকাই মূল্যমানত ওপৰমুৱা প্ৰভাৱ আনিছে। ঘৰুৱা দিশত ইন্ধন উপ-কৰত ৰাজস্ব অৱকাশৰ অভাৱে সূচাইছে যে পাম্পত মূল্যই আন্তৰ্জাতিক মূল্যৰ অনুৱৰ্ত্তী হৈছে। গোট হিচাপে গোলকীয় সামগ্ৰী মূল্য আকোৰগোজ হৈ উঠাটো ঘৰুৱা স্ফীতিৰ দিশৰ পৰা সামগ্ৰিক দৃশ্যপট সন্তোষজনক নহয়।

৫২. বিকাশৰ দিশত, যোৱাটো নীতিৰ পাছত চিএছঅৰ পৰা নতুন তথ্য নোপোৱাত, সদ্যহতে প্ৰকাশিত পিএমআই উপাত্তকে ধৰি সৰহভাগ প্ৰকৃত অৰ্থনৈতিক কাৰ্যকলাপ সূচকে বিকাশ অন্তঃস্থিত চালকবোৰত বৰ্ধিত সংকৰ্ষণ দেখুৱাইছে। আৰবিআই প্ৰাককলনে নিৰ্গম ব্যৱধান শেষ অহা দেখুৱাইছে ঠিকেই, পুঁজি সমাযোজিত জোখে দেখুৱাইছে যে বিগত ত্ৰিমাসিক দুটাত স্থিতিস্থাপক ঋণ বৃদ্ধিৰ বাবেহে নিৰ্গম ব্যৱধান প্ৰায় শেষ হৈছে। গ্ৰামীণ তথা চহৰীয়া উপভোগ বৃদ্ধি, বিনিয়োগ ক্ৰিয়াকলাপ বৃদ্ধি আৰু সামৰ্থ্য প্ৰয়োগ উন্নতিয়ে ইয়াক প্ৰতিফলিত কৰিছে। মোৰ মতেৰে, আমাৰ বেংক আৰু কৰ্পোৰেটবোৰক ক্ষতিগ্ৰস্ত কৰা দ্বৈত-উদ্ধৃত্ত পত্ৰৰ সময় নিৰ্ধাৰিত নিষ্পত্তিৰ দিশত হোৱা অগ্ৰগতি হেতু আমাৰ অৰ্থনৈতিক ক্ৰিয়াকলাপবোৰ স্থায়ী ভিত্তি থাকিব।

৫৩. যোৱাখন এমপিচি বৈঠকৰ পাছত এইবোৰ উন্মোচনৰ পৰিপ্ৰেক্ষিতত, নিৰপেক্ষ স্থিতিৰ ঠাইত এৰাধৰা প্ৰত্যাহাৰ প্ৰক্ৰিয়া আৰম্ভণিৰ ওচৰ চাপিছো। বিগত লেখবোৰত স্ফীতি মৃদু হোৱা সত্ত্বেও। এই বিষয়ে বহলাই কব খুজিছো।

৫৪. স্ফীতি লক্ষ্যাভিমুখী কেন্দ্ৰীয় বেংক এটাই ডেটাবোৰত থকা কোলাহলৰ পৰা সংকেটক সুকীয়াকৈ চাব লাগিব-

• প্ৰধানতঃ পাচলিৰ মূল্যত সকাহে (ফেব্ৰুৱাৰীত খাদ্যস্ফীতিৰ ৯০ৰো অধিক সকাহ দি) ঘাইকৈ সাম্প্ৰতিক লেখাবোৰ মৃদু কৰিছে। ফঁহিয়াই চালে পাচলিত দীৰ্ঘস্থায়ী যোগান ব্যৱস্থাপনাৰ বাবে যেন নালাগে। বৰঞ্চ, বিগত বছৰকেইটাত ঋতু অনুযায়ীহে বঢ়া-টুটা হৈ আছে। এই কোলাহল, এই উদ্বায়ীতাত মৌদ্ৰিক নীতি ব্যৱস্থাই কৰিব প্ৰতিগামীহে হোৱাৰ সম্ভাৱনা।

• মোৰ চিন্তাটো হৈছে শিৰোনাম স্ফীতিৰ অধিক লেঠাৰি নিছিগা অংগটোক লৈহে, খাদ্য আৰু ইন্ধন বাদে এই অংশটো যোৱা জুনত ৩.৮ শতাংশৰ পৰা ফেব্ৰুৱাৰীত ৪.৪ শতাংশলৈ বাঢ়ি একে ধৰণে বৰ্তি থকাৰ সংকেট দিছে (ঘৰভাড়া বানচ বৃদ্ধি বাদে)। এই বাঢ়ন বহলভিত্তিক, অবধিটোত বিকাশ বৃদ্ধিৰ স্থায়ীত্বৰ লগত সংগতি ৰাখিছে আৰু জৰীপত দেখা লাগত মূল্য চাপ আৰু বিক্ৰী মূল্য বৃদ্ধিয়েও সাব্যস্ত কৰিছে।

• সমগ্ৰ বাৰমহীয়া অবধিত স্ফীতি প্ৰক্ষেপপথ উন্মোচিত হৈছে ত্ৰিমাসিক ভিত্তিত ৪ শতাংশৰ এমপিচি লক্ষ্যৰ ওপৰত থাকি। ঘৰভাড়া বানচ বৃদ্ধি সত্ত্বেও এনে হোৱাটো লক্ষ্য কৰিবলগীয়া।

• ৰিজাৰ্ভ বেংকৰ জৰীপভুক্ত বৃত্তিধাৰী পূৰ্বাভাসকাৰীয়েও ২০১৮-১৯ৰ সৰহভাগ সময়তে ৪ শতাংশৰ ওপৰত থকাৰ আশা কৰিছে।

• খাদ্য আৰু ইন্ধন বহিঃভূত স্ফীতিত বৃদ্ধিক মই বিপদশংকা হিচাপে দেখা পাইছো। তেলৰ মূল্যৰ উপৰিও মোৰ আন এটা শংকা হৈছে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ ৰাজস্ব অপসৰণৰ বিপদশংকা যিটো নিম্নোক্ত ধৰণে আহিব পাৰে-

  • কৃষি ঋণ মুকুব কৰিবৰ কাৰণে সদায় দেখি অহাৰ দৰে মূলধনী ব্যয়ৰ পৰা ৰাজস্ব ব্যয়লৈ স্থিতি সলনি, আৰু

  • খাদ্য মূল্য সমৰ্থন ব্যৱস্থাবোৰ এতিয়াও স্পষ্ট হোৱাটো যদিও ই স্বভাৱসিদ্ধভাৱে স্ফীতি বিপদশংকা বঢ়াই আনে। (বাস্তৱত গৃহীত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ই ১০ বিপিএছৰ পৰা ১০০ বিপিএছত থাকিব পাৰে।)

• অৱশেষত, ভাৰতীয় অৰ্থনীতি অৰ্থনৈতিক তথা বিত্তীয়ভাৱে গোলকীয় অৰ্থনীতিত সংবদ্ধ হৈ থকাত, প্ৰণালীয় কেন্দ্ৰীয় বেংকবোৰে সুত হাৰ দ্ৰুতগতিৰে স্বাভাৱিককৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকবোৰে সুত হাৰ দ্ৰুতগতিৰে স্বাভাৱিকৰণ কৰিবলৈ ললেও বহিঃখণ্ডৰ বাবে গুৰু প্ৰত্যাহ্বান আহিব।

৫৫. মোৰ মতে বিশেষকৈ বিকাশ সম্পৰ্কীয় অধিক সঠিক ডেটা অহালৈ অপেক্ষা কৰা আৰু গোলকীয় বাণিজ্যিক অৰিয়াঅৰিৰ পৰিণাম চোৱাটো যুগুত হব। জুনৰ পৰৱৰ্ত্তী এমপিচি বৈঠকত এৰাধৰা প্ৰত্যাহাৰৰ সপক্ষে মই মতদান কৰাৰ সম্ভাৱনা অধিক। এনে স্থিতি পৰিৱৰ্তনে সংকেট দিব পৰা স্ফীতি লক্ষ্যাধিকমুখী বিশ্বাসযোগ্যতাৰ অধিকতৰ দৃঢ়তাক, বহিঃ আৰু ঘৰুৱা উভয় খণ্ড দিশত বিজ্ঞোচিত স্থূল অৰ্থনৈতিক ব্যৱস্থাপনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ মই অনুভৱ কৰো।

ড০ উৰজিত্ আৰ পেটেলৰ বক্তব্য

৫৬. পাচলি মূল্যৰ যথেষ্ট অৱনতি আৰু দাইলৰ ক্ৰমাগত অপস্ফীতিয়ে আগভাগ লৈ জানুৱাৰী-ফেব্ৰুৱাৰীত চিপিআই স্ফীতি সংযত হয়। তৰল পেট্ৰলিয়াম গেছ স্ফীতিত অৱনতি হেতু ইন্ধন গোটৰ স্ফীতিও সংযত হোৱাটোৱে আন্তৰ্জাতিক মূল্যত মৃদুভৱন প্ৰতিফলিত কৰিছে। এইবোৰৰ লগতে মাৰ্চত পাচলিৰ অৱনমিত মূল্যই Q4:২০১৭-১৮ত শিৰোনাম চিপিআই স্ফীতিক, ফেব্ৰুৱাৰীৰ পূৰ্বানুমানতকৈ তললৈ নমাব। অৱশ্যে বিগত তিনি মাহত (ডিচেম্বৰ-ফেব্ৰুৱাৰী) ঘৰভাড়া বানচ বৃদ্ধিৰ বাবে সমাযোজিত মাহিলী চিপিআই স্ফীতি (বৰ্ষ-পৰ-বৰ্ষ) গড়ে ৪.৬ শতাংশত থকাটো লক্ষ্য কৰিবলগীয়া।

৫৭. আগলৈ চাই, জানুৱাৰী-ফেব্ৰুৱাৰীত খাদ্যস্ফীতিৰ সংযমন আৰু মাৰ্চত অধিক সকাহে ২০১৮-১৯ৰ প্ৰথমাৰ্দ্ধত শিৰোনাম চিপিআই স্ফীতি নমোৱাৰ সম্ভাৱনা আছে। প্ৰথমাৰ্দ্ধত খাদ্যস্ফীতিত ঋতুগত অৱনতি সত্ত্বেও এইটো হব। তিনিমাহ আৰু এবছৰপূৰ্ব স্ফীতি প্ৰত্যাশা দৃঢ়তৰ হৈছে। লাগত মূল্য চাপবোৰ বাঢ়ি আহিছে আৰু কৰ্পোৰেটবোৰেও মূল্যাৰোপন ক্ষমতা ঘূৰাই পাইছে। স্ফীতি দৃশ্যপটে কেইবাটাও দিশৰ পৰা অনিশ্চয়তাৰ সন্মুখীন হৈছে – (১) খাৰিফ শষ্যৰ নিম্নতম সমৰ্থন মূল্য বৃদ্ধি, (২) ভূ-ৰাজনৈতিক কাৰক হেতু উথ্বিত আৰু উদ্বায়ী খাৰুৱা তেল মূল্য, (৩) বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা ঘৰভাড়া বানচ বৃদ্ধিৰ বিলম্বিত প্ৰভাৱ –যাৰ স্ফীতিত পৰা প্ৰত্যক্ষ প্ৰভাৱবোৰ পৰিসাংখ্যিক হোৱাই চম্ভালিব পৰা ধৰণৰ, (৪) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰ ৰাজস্ব অপসৰণ, আৰু (৫) বাৰিষাৰ মাত্ৰা তথা গতি প্ৰকৃতি।

৫৮. অৰ্থনৈতিক ক্ৰিয়াকলাপ স্বাভাৱিক হৈ আহিছে, জিডিপি বিকাশ আগৰ বছৰটোৰ ৬.৬ শতাংশৰ তুলনাত ২০১৮-১৯ বৰ্ষত ৭.৪ শতাংশলৈ বৃদ্ধি পাব লাগে। বিনিয়োগ কাৰ্যকলাপতো পুনৰুত্থানৰ স্পষ্ট সংকেট পোৱা হৈছে। প্ৰস্তুতকৰণ খণ্ডটোও শক্তিশালী হৈছে, যিটো বৰ্ধিত সামৰ্থ্য প্ৰয়োগত প্ৰতিপলিত হৈছে। উন্নতিমুখী গোলকীয় চাহিদা আৰু বাণিজ্যই প্ৰস্তুতকৰণ তথা বিনিয়োগ কাৰ্যকলাপ মজবুত কৰি আগবঢ়াই নিবগৈ। অগ্ৰণী সূচকবোৰে সেৱা খণ্ডৰ শক্তিশালী অৱস্থাৰ আভাস দিছে, ক্ৰয়কাৰী ব্যৱস্থাপকৰ সূচ্যাংক (পিএমআই) সেৱা খণ্ডত সম্প্ৰসাৰণ মণ্ডললৈ আহিছে মাৰ্চত। বেংকিং খণ্ডৰ পৰা ঋণ উঠোৱাৰ মাত্ৰা ক্ৰমাগত উন্নতিৰে বহল-ভিত্তিক হৈ পৰিছে। অনা-বেংক সূত্ৰবোৰৰ পৰা কৰ্পোৰেট খণ্ডলৈ পুঁজিৰ স্ৰোতও বাঢ়ি আছে।

৫৯. বিগত মাহকেইটাত মুদ্ৰাস্ফীতি সংযত হৈ আছে যদিও মুদ্ৰাস্ফীতিৰ প্ৰতি কেইবাটাও ওপৰমুৱা বিপদশংকা বৰ্তি আছে। গতিকে অধিকতৰ ডেটা অহালৈ অপেক্ষা কৰিবলৈ আৰু মুদ্ৰাস্ফীতিৰ প্ৰতি বিপদশংকাবোৰ কেনেকৈ প্ৰকট হৈ উঠে লক্ষ্য কৰিবলৈ মই বিচাৰো। মই সেইবাবে, নীতিগত ৰেপো হাৰ বৰ্তমান পৰ্যায়তে ৰখাৰ আৰু নিৰপেক্ষ স্থিতি অটুট ৰখাৰ সপক্ষে মতদান কৰিলো।

জোছ জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/২৭৮৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?