RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78498868

মৌদ্ৰিক নীতি সমিতি বৈঠক ডিচেম্বৰ ৫-৬, ২০১৭ৰ স্মাৰকলিপি
(ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ ধাৰা ৪৫ZLৰ অন্তৰ্গত)

২০ ডিচেম্বৰ,২০১৭

মৌদ্ৰিক নীতি সমিতি বৈঠক ডিচেম্বৰ ৫-৬, ২০১৭ৰ স্মাৰকলিপি
(ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ ধাৰা ৪৫ZLৰ অন্তৰ্গত)

সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZLৰ অন্তৰ্গত গঠিত, মৌদ্ৰিক নীতি সমিতিৰ অষ্টমখন বৈঠক ৫ আৰু ৬ ডিচেম্বৰ,২০১৭ তাৰিখে, ভাৰতীয় ৰিজাৰ্ভ বেংক, মুম্বাইত অনুষ্ঠিত হয়।

২. বৈঠকত আটইকেইগৰাকী সদস্য উপস্থিত থাকে – ড০ চেতন ঘাটে, প্ৰফেচাৰ, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, ড০ পমী ডুৱা, সঞ্চালক, দেলহি স্কুল অব ইকনমিক্স, ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, প্ৰফেচাৰ, ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, আহমেদাবাদ, ড০ মাইকেল দেৱব্ৰত পাট্ৰ, কাৰ্যবাহী সঞ্চালক (ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZL(২)(c)ৰ অন্তৰ্গত কেন্দ্ৰীয় বোৰ্ডৰ দ্বাৰা মনোনীত ৰিজাৰ্ভ বেংকৰ বিষয়া), ড০ বিৰাল ভি. আচাৰ্য, মৌদ্ৰিক নীতিৰ প্ৰভাৰী ডেপুটী গৱৰ্ণৰ আৰু অধ্যক্ষতা কৰে ড০ উৰজিত পেটেল, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে।

৩. সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZL অনুযায়ী মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিখন বৈঠকৰ পাছৰ চতুৰ্দশ দিনা ৰিজাৰ্ভ বেংকে বৈঠকৰ কাৰ্যবিৱৰণী প্ৰকাশ কৰিব যত নিম্নোল্লেখিতখিনিও অন্তৰ্ভুক্ত হব-

  1. মৌদ্ৰিক নীতি সমিতিৰ বৈঠকত গৃহীত প্ৰস্তাৱটো,

  2. উক্ত বৈঠকত গৃহীত প্ৰস্তাৱটোত সদস্যসকলৰ নামত মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ মত, আৰু

  3. উক্ত বৈঠকত গৃহীত প্ৰস্তাৱটোত ধাৰা ৪৫ZLৰ উপধাৰা (১১)ৰ অন্তৰ্গত মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ বক্তব্য।

৪. এম পি চিয়ে, গ্ৰাহক আস্থা, গৃহস্থালিৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা, কোম্পানী খণ্ডৰ পাৰদৰ্শিতা, ঋণ স্থিতি, ঔদ্যোগিক সেৱা আৰু আন্তঃগাঁঠনি খণ্ডৰ সম্ভাৱনা পৰিমাপিত কৰিবলৈ ৰিজাৰ্ভ বেংকে চলোৱা জৰীপবোৰ আৰু বৃত্তিয়াল পূৰ্বাভাসকাৰীৰ পূৰ্বানুমানবোৰ পুনৰীক্ষণ কৰে। কৰ্মচাৰীৰ স্থল অৰ্থনৈতিক পূৰ্বানুমানবোৰ আৰু দৃশ্যপটলৈ চপোৱা বিভিন্ন বিপদশংকাৰ চৌপাশৰ বিকল্প দৃশ্যপটৰো এম পি চিয়ে বিতং খতিয়ান লয়। ওপৰোক্তবোৰ গমি পিতি চাই আৰু মৌদ্ৰিক নীতিৰ স্থিতিৰ ওপৰত বিতং আলোচনাৰ অন্তত এম পি চিয়ে তলত বৰ্ণোৱা প্ৰস্তাৱটো গ্ৰহণ কৰে।

প্ৰস্তাৱ

৫. আজিৰ বৈঠকত চলিত আৰু উদীয়মান স্থূল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত, মৌদ্ৰিক নীতি সমিতিয়ে এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰে-

  • চলনিধি সমযোজন সুবিধা (LAF)ৰ অধীনত নীতিগত ৰেপো হাৰ ৬.০ শতাংশতে অপৰিৱৰ্ত্তিত ৰখা হওক।

পৰিণামস্বৰূপে, LAF অন্তৰ্গত ৰিভাৰ্ছ ৰেপো হাৰ ৫.৭৫ শতাংশতে থাকে আৰু উপান্ত স্থায়ী সুবিধা সুবিধা (MSF) হাৰ তথা বেংক হাৰ ৬.২৫ শতাংশতে থাকে।

MPCৰ সিদ্ধান্তটো বিকাশ সমৰ্থন পুষ্টিৰে +/-২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশ গ্ৰাহক মূল্য় স্ফীতিৰ মধ্যম্যাদী লক্ষ্য আহৰণৰ উদ্দেশ্যে লোৱা মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ সৈতে সংগতিপূৰ্ণ। এই সিদ্ধান্তৰ অন্তৰ্নিহিত মূল বিবেচনাসমূহ নিম্নোল্লেখিত বিবৃতিত বৰ্ণোৱা হৈছে।

মূল্যায়ন

৬. অক্টোবৰ,২০১৭ত এমপিচিৰ যোৱাখন বৈঠকৰ পাছত গোলকীয় অৰ্থনৈতিক কাৰ্যকলাপে, ঘাইকৈ উন্নত অৰ্থব্যৱস্থাবোৰৰ দ্বাৰা বলপ্ৰাপ্ত হৈ বছৰটোৰ অন্তিম ত্ৰিমাসিকৰ পৰা গতি কৰি আছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিকাশ প্ৰভূতভাৱে হাৰিকেনৰ স্থিতিস্থাপক হৈ থাকে আৰু বেচৰকাৰী উপভোগ, বিনিয়োগ কাৰ্য়কলাপ আৰু ৰপ্তানিৰ দ্বাৰা অনুকূল অৰিহণাৰে ২০১৭ৰ তৃতীয় ত্ৰিমাসিকত বিগত তিনি বছৰৰ ভিতৰতে সৰ্বাধিক গতিৰে বিকশিত হৈ উঠে। নিবনুৱাৰ হাৰ অক্টোবৰত ৪.১ শতাংশলৈ অৱনমিত হয়, যোৱা ১৭ বছৰৰ নিম্নতম পৰ্যায়। ইউৰো অঞ্চলত সুবিধাপ্ৰদ মৌদ্ৰিক নীতি আৰু শক্তিশালী চাকৰি লাভৰ পৰিবেশেৰে অৰ্থনৈতিক কাৰ্যকলাপ সম্প্ৰসাৰিত হয়। জাপানী অৰ্থব্যৱস্থাও তৃতীয় ত্ৰিমাসিকত বৃদ্ধি পাই থাকে, ঘাইকৈ বহিঃৰাষ্ট্ৰীয় চাহিদাৰ সমৰ্থনেৰে যিটোৱে নেকি মন্থৰ ঘৰুৱা উপভোগৰ সমপূৰ্তি কৰে।

৭. উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰৰ ভিতৰত তৃতীয় ত্ৰিমাসিকত চীনত সেৱা খণ্ডটো প্ৰধান চালক হৈ থাকে। অৱশ্যে ৰিয়েল ইষ্টেট আৰু নিৰ্মাণ কাৰ্যকলাপৰ দুৰ্বলতাই বৃদ্ধিত হাতোৰা লগায়. ব্ৰাজিলত অন্তৰ্গামী তথ্যবোৰে দিয়া আভাস মতে চেপ্তেম্বৰত কৰ্মসংস্থানহীনতাই বছৰটোৰ নিম্ন অৱস্থা পোৱাত অধিকতৰ গতিবেগেৰে সকাহ লাভ কৰে। অক্টোবৰত ব্যৱসায় আৰু গ্ৰাহক আস্থা বৃদ্ধি পায়। ৰাছিয়াত তৃতীয় ত্ৰিমাসিকত ঔদ্যোগিক উত্পাদনত দুৰ্বলতা হেতু অৰ্থনৈতিক কাৰ্যকলাপ সংযত হয়। দক্ষিণ আফ্ৰিকীয় অৰ্থনীতিয়ে দুৰ্বল প্ৰস্তুতকাৰী কাৰ্যকলাপ, নিবনুৱা অৱস্থাৰ উচ্চতৰ পৰ্যায় আৰু ৰাজনৈতিক অস্থিৰতা হেতু বিপৰীত বায়ুৰ সন্মুখীন হয়।

৮. বিশ্ব বাণিজ্য সংস্থাই চতুৰ্থ ত্ৰিমাসিকৰ বাবে কৰা শেহতীয়া সমীক্ষাৰ ৰপ্তানি ফৰমাছ হ্ৰাস হেতু বিশ্ব বাণিজ্যৰ সংবেদকোব লাঘৱ হোৱা সূচাইছে। পেট্ৰলিয়াম ৰপ্তানিকাৰী দেশসমূহে (অপেকে), বজাৰ পুনৰসুষম কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ কাৰণে খাৰুৱা তেলৰ মূল্য নৱেম্বৰত বিগত আঢ়ৈ বছৰ শীৰ্ষলৈ উঠে। ক্ৰমবৰ্দ্ধমান ডলাৰ মূল্যৰ কাৰণে বুলিয়ন মূল্য অলপ বিক্ৰী চাপত পৰে। দুৰ্বল অনা-তৈল পণ্যৰ মূল্য আৰু মন্থৰ দৰমহা আপেক্ষিক তীব্ৰতাই ভালেমান উদীয়মান অৰ্থব্যৱস্থাত মুদ্ৰাস্ফীতি ৰুদ্ধ কৰে যদিও ঘাই ঘাই ইএমইবোৰত স্ফীতি পৰিস্থিতিৰ উন্নতি পৰিলক্ষিত হয়।

৯. গোলকীয় বিত্তীয় বজাৰসমূহ প্ৰাণচঞ্চল হৈ থকাই উন্নতিমুখী অৰ্থনৈতিক দৃশ্যপট আৰু মাৰ্কিন ফেডাৰেশ্যনৰ দ্বাৰা মৌদ্ৰিক নীতিৰ ক্ৰমাগত স্বাভাৱিকৰণ সূচাইছে। ইএচত উন্নত কৰ্পোৰেট আয় আৰু বুজন কৰ-কৰ্তনৰ আশাৰে ইকুইটী বজাৰবোৰ লাভান্বিত হয়। ই এম ইবোৰত সাধাৰণতে ইকুইটী বজাৰে লাভ কৰিলেও কেতবোৰ অৰ্থব্যৱস্থাত বিপদশংকা বিৰাগৰ সন্মুখীন হয়। সৰহভাগ এ ইত বণ্ড প্ৰতিফল স্ফীতিৰ চাপৰ অভাৱত পাৰ্শ্বগামী হয় যদিও দেশ-বৈশেষিক কাৰকতাৰ বাবে সৰহভাগ ই এম ইও উৰ্দ্ধমুখী হয়। কাৰেন্সি বজাৰত মাৰ্কিন ডলাৰ লাভান্বিত হয়, যোগাত্মক অৰ্থনৈতিক ডেটাত ৰাজনৈতিক অস্থিৰতাৰ কাৰণে নৱেম্বৰত ইউৰোৰ অগ্ৰগতি কিছু বিয়োগৰ সন্মুখীন হয়। ভালেসংখ্যক উদীয়মান বজাৰ কাৰেন্সি, ঘৰুৱা কাৰকবোৰ হেতু দুৰ্বল হৈ পৰে। ই এম ইবোৰলৈ মূলধনী অন্তঃস্ৰোত, ৰিস্ক-ৰিটাৰ্ণ ট্ৰেড-অফৰ বিনিয়োগকাৰী ধাৰণাত ভিত্তি কৰি দেশবোৰৰ মাজত ভিন্নমুখী হৈ পৰে।

১০. ঘৰুৱা খণ্ডত, পাঁচটাকৈ ধাৰাবাহিক প্ৰতিবেগী ত্ৰিমাসিকৰ পাছত ২০১৭-১৮ৰ দ্বিতীয় ত্ৰিমাসিকত প্ৰকৃত মুঠ মূল্য সংযোজিত (জিভিএ)ৰ বৃদ্ধি দ্ৰুতগামী হয়। ঔদ্যোগিক কাৰ্যকলাপৰ তীব্ৰ দ্ৰুতিয়ে ইয়াত শক্তি সঞ্চাৰ কৰে। উদ্যোগৰ তিনিওটা উপখণ্ডই উচ্চতৰ বৃদ্ধি আহৰণ কৰে। উদ্যোগৰ মুখ্য অংগ - প্ৰস্তুতকাৰী খণ্ডত জি ভি এ বৃদ্ধি – উন্নত চাহিদা আৰু পণ্য তথা সেৱাকৰ (জিএছটি) পৰৱৰ্ত্তী ৰি-ষ্টকিঙত যথেষ্ট দ্ৰুতগামী হয়। উচ্চতৰ কয়লা আৰু প্ৰাকৃতিক গেছ উত্পাদন হেতু দ্বিতীয় ত্ৰিমাসিকত খনি খণ্ড সম্প্ৰসাৰিত হয়। বিদ্যুত গেছ, পানী যোগান আৰু অন্যান্য জনসেৱা খণ্ডত জি ভি এৰ বৃদ্ধি শক্তিশালী হয়। বিপৰীতে, কৃষি আৰু আনুসংগিক খণ্ডৰ বিকাশ শিথিল হোৱাটোৱে খাৰিফ ফচল আশা কৰাতকৈ কম হোৱা সূচাইছে। সেৱা খণ্ডত কাৰ্যকলাপ মন্থৰ হয়, ঘাইকৈ প্ৰথম ত্ৰিমাসিকত চৰকাৰী ব্যয় বুজনভাৱে সমুখভাৰী হৈ উঠাৰ ফলত বিত্তীয়, বীমা, ৰিয়েল ইষ্টেট তথা বৃত্তিমুখী সেৱা আৰু লগতে ৰাজহুৱা প্ৰশাসন, প্ৰতিৰক্ষা আৰু অন্যান্য সেৱা (পি এ ডি অ)বোৰ লেহেমীয়া হোৱা বাবে। সামান্য উন্নতি সত্ত্বেও, নিৰ্মাণ খণ্ডৰ বিকাশ আৰ ই আৰ এ আৰু জি এছ টি ৰূপায়ণৰ অস্থায়ী পৰিণাম হেতু কুহুমীয়া হৈ থাকে। বেহাবেপাৰ, হোটেল, পৰিবহন আৰু যোগাযোগ উপগোটৰ বিকাশ, দ্বিতীয় ত্ৰিমাসিকৰ অলপ বিকাশ মন্থৰতা সত্ত্বেও আগৰটো ত্ৰিমাসিকৰ তুলনাত স্থিতিস্থাপক হৈ থাকে। ব্যয় দিশটোত, একেৰাহে দ্বিতীয়টো ত্ৰিমাসিকৰ বাবে মুঠ নিৰূপিত মূলধন গঠনত বৃদ্ধি উন্নত হয়। অৱশ্যে, বেচৰকাৰী চূড়ান্ত উপভোগ ব্যয় –একত্ৰিত চাহিদাৰ প্ৰধান অৱলম্বনত বৃদ্ধি দ্বিতীয় ত্ৰিমাসিকত অষ্টম ত্ৰিমাসিকৰ তললৈ নামে।

১১. দ্বিতীয় ত্ৰিমাসিকৰ আগলৈ চালে, তৃতীয় ত্ৰিমাসিকত ৰবি শষ্য ৰোপন আগৰটো বছৰৰ একে সময়ছোৱাৰ তুলনাত হেক্টৰ হিচাপত সামান্য পাছ পৰি থাকে। অক্টোবৰৰ পৰা বৃষ্টিপাত দীৰ্ঘ অবধি গড় (এল পি এ)তকৈ প্ৰায় ১৩ শতাংস তলত আছে। ৰবি ঋতুত জলসিঞ্চনৰ মূল উত্স –প্ৰধান জলাধাৰবোৰ আগৰ বছৰটোৰ ৬৭ শতাংশৰ বিপৰীতে পূৰ্ণ জলাধাৰ পৰ্যায়ৰ ৬৪ শতাংশত থাকে। যোগাত্মক দিশত দাইলজাতীয় শষ্যৰ ৰোপন এবছৰ আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাই সকলো দাইলৰ ৰপ্তানি-নিষেধ প্ৰত্যাহাৰৰ প্ৰভাৱ প্ৰতিফলিত কৰিছে।

১২. প্ৰাপ্ত হাই-ফ্ৰিকুৱেন্সি সূচকবোৰে তৃতীয় ত্ৰিমাসিকত ঔদ্যোগিক কাৰ্যকলাপৰ মিশ্ৰিত ছবি সূচাইছে। মূল উদ্যোগসমূহৰ বিকাশ, তীখা আৰু সাৰ বাদে সকলো উপাদানত মন্থৰতা হেতু গতিৰুদ্ধ হৈ থাকে। দ্বিতীয় ত্ৰিমাসিকত বলেৰে উত্থান ঘটা কয়লা খনন মন্থৰ হৈ পৰে, চিমেণ্ট উত্পাদনো সংকুচিত হয়। বিপৰীতে, অক্টোবৰত পৰি যোৱা প্ৰস্তুতকাৰী খণ্ডৰ পাৰ্চেজিং মেনেজাৰ্ছ সূচকাংক (পি এম আই) নৱেম্বৰত প্ৰতিক্ষিপ্ত হয় আউটপুট আৰু নতুন ফৰমাছৰ দ্বাৰা চালিত হৈ। লগতে ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক দৃশ্যপট জৰীপ (আই অ এছ) মতে ফৰমাছ বহীবোৰ বাঢ়িবলৈ লোৱাত তৃতীয় ত্ৰিমাসিকত উত্পাদন বৃদ্ধিৰ আশা কৰা হৈছে।

১৩. সেৱা খণ্ডৰ কাৰ্যকলাপ অক্টোবৰত মিশ্ৰিত হৈ থাকে। পৰিবহন খণ্ডত বাণিজ্যিক বাহনৰ বিক্ৰী মন্থৰ হয়, যাত্ৰীবাহী আৰু দুচকীয়া বাহনৰ বিক্ৰী সংকুচিত হয়। ইয়াৰ বিপৰীতে, ঘৰুৱা আৰু আন্তৰ্জাতিক বিমান যাত্ৰী আৰু মাল পৰিবহন আৰু ৰেলৱে মাল পৰিবহনৰ বিৰাট সম্প্ৰসাৰণ হয়। ৰিজাৰ্ভ বেংকৰ জৰীপে তৃতীয় ত্ৰিমাসিকত সেৱা খণ্ড কাৰ্যকলাপত প্ৰৱণতা বৃদ্ধি সূচাইছে আৰু নৱেম্বৰত মটৰগাড়ীৰ বিক্ৰীও প্ৰতিক্ষিপ্ত হয়। আনহাতে, সেৱা খণ্ডৰ পি এম আই নৱেম্বৰত সংকোচন মণ্ডললৈ গতি কৰে।

১৪. উপভোক্তা মূল্য সূচকাংকত (চি পি আই) বৰ্ষোপৰি বৰ্ষ পৰিৱৰ্তনেৰে পৰিমাপিত খুচুৰা মুদ্ৰাস্ফীতি, কিছু অনুগ্ৰহমূলক আধাৰ পৰিনামৰ আংশিক প্ৰভাৱেৰে উৰ্ধগতি প্ৰৱণতাৰে চালিত হৈ অক্টোবৰত সাত মহীয়া উচ্চতালৈ উঠি যায়। খাদ্য মুদ্ৰাস্ফীতি বিগত দুটা মাহত উদ্বায়ী হৈ থাকে –ছেপ্তেম্বৰত হুৰহুৰাই নামি আৰু অক্টোবৰত প্ৰতিক্ষিপ্ত হৈ, প্ৰধানতঃ শাক-পাচলি আৰু ফল-মূলৰ বাবে গাখীৰ আৰু কণী স্ফিতি ওপৰমুৱা হোৱাৰ বিপৰীতে দাইলৰ স্ফীতি অক্টোবৰত একেৰাহে এঘাৰ মাহৰ বাবে ঋণাত্মক হৈ থাকে। দানাদাৰ শষ্যৰ স্ফীতি সুস্থিৰ হৈ থাকে। জুলাইৰ পৰা উৰ্ধমুখী অৱস্থাত থকা ইন্ধন গোট স্ফীতি, তৰলীকৃত পেট্ৰলিয়াম গেচ (এলপিজি) কেৰাচিন, কক কয়লা আৰু বিদ্যুতৰ ক্ষীপ্ৰতাৰে উৰ্ধমুখী স্ফীতি হেতু অধিকতৰ বেগেৰে বৃদ্ধি পায়।

১৫. জুলাইৰ পৰা ছেপ্তেম্বৰলৈ বৃদ্ধি পোৱা চি পি আই স্ফীতি খাদ্য আৰু ইন্ধনবাদে অক্টোবৰত ধীৰ হৈ থাকে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে পেট্ৰলিয়াম সামগ্ৰীৰ কৰ কমোৱা বাবে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য কোমল হোৱাটো প্ৰতিফলিত কৰিছে। অৱশ্যে, সপ্তম দৰমহা আয়োগৰ পৰামৰ্স অনুযায়ী কেন্দ্ৰীয় কৰ্মচাৰীৰ ঘৰভাড়া বানচ বৃদ্ধি কৰাৰ পাছত গৃহনিৰ্মাণ স্ফীতি কঠোৰ হৈ উঠে।

১৬. ৰিজাৰ্ভ বেংকৰ গৃহস্থালী জৰীপে তিনিমহীয়া আৰু এবছৰীয়া পূৰ্ব উভয় মণ্ডলৰ বাবে শেহতীয়া লানিত স্ফীতি প্ৰত্যাশা দৃঢ় হোৱা দেখুৱাইছে। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক দৃশ্যপট জৰীপৰ প্ৰতি সঁহাৰি জনোৱা প্ৰতিষ্ঠানবোৰে ইনপুট মূল্যৰ বৃদ্ধিখিনি তেওঁলোকৰ আউটপুট শূণ্যলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে। অন্যান্য বেচলৈ ঘূৰিলে, সংগঠিত খণ্ডত দৰমহা বিকাশ চোকা হৈ উঠাৰ বিপৰীতে গ্ৰামীণ দৰমহা বিকাশ –বিশেষকৈ কৃষি খণ্ডত দুৰ্বল হয়।

১৭. অক্টোবৰ আৰু নৱেম্বৰত প্ৰণালীটোত উদ্বৃত্ত চলনিধি নিম্নগামী হৈ থাকে। উত্সবিক চাহিদা হেতু শেহ চেপ্তেম্বৰৰ পৰাই তৃতীয়টো ত্ৰিমাসিকত (১ ডিচেম্বৰ,২০১৭লৈকে) প্ৰচলনৰত মুদ্ৰা ৭৩৬ বিলিয়ন টকা বৃদ্ধি পায়। ৰিজাৰ্ভ বেংকে এনিশীয়াৰ পৰা ২৮ দিনীয়া পৰ্যন্ত বিভিন্ন অবধিৰ নিয়মীয়া ভেৰিয়েবল ৰেট ৰিভাৰ্ছ ৰেপৰ নিলাম পৰিচালনাৰে উদ্বৃত্ত চলনিধি ব্যৱস্থাপিত কৰে। এলএএফ অন্তৰ্গত চলনিধিৰ শুদ্ধ গড় দৈনিক অৱশোষণ ছেপ্তেম্বৰত ২২২৯ বিলিয়ন টকাৰ পৰা অক্টোবৰত ১৪০০ বিলিয়ন টকালৈ আৰু নৱেম্বৰত ৭১৮ বিলিয়ন টকালৈ অধিক হ্ৰাস পায়. ৰিজাৰ্ভ বেংকে অক্টোবৰ-নৱেম্বৰত ৩০০ বিলিয়ন টকাৰ মুকলি বজাৰ বিক্ৰী কৰাত বিত্তীয় বছৰটোৰ অদ্যপৰিমিত সময়ছোৱাত দীৰ্ঘস্থায়ী চলনিধি অৱশোষণ ১.৯ ত্ৰিলিয়ন টকালৈ আনে, যাৰ ৯০০ বিলিয়ন টকা মুকলি বজাৰ বিক্ৰীৰ পৰা আৰু ১ ত্ৰিলিয়ন টকা বজাৰ সুস্থিৰকৰণ আঁচনিৰ অন্তৰ্গত দীৰ্ঘম্যাদী ৰাজকোষীয় মূল্যপত্ৰৰ পৰা। ৱেইট এভাৰেজ কল ৰেট (ডব্লিউ এ চি আৰ), চেপ্তেম্বৰত ১৩ বিপিএছৰ বিপৰীতে অক্টোবৰ-নৱেম্বৰত ৰেপ হাৰৰ তলত যথাক্ৰমে ১২ বিপিএছ আৰু ১৫ বিপিএচত লেন-দেন হয়।

১৮. সদাগৰী ৰপ্তানি ১৪ মহীয়া ধাৰাবাহিক বৃদ্ধি প্ৰদৰ্শনৰ পাছত অক্টোবৰ ২০১৭ত ১.১ শতাংশ হ্ৰাস পায়. মাহটোত অভিযান্ত্ৰিক সামগ্ৰী, পেট্ৰলিয়াম সামগ্ৰী আৰু ৰাসায়নিক পণ্যৰ ক্ৰমাগত ৰপ্তানি বৃদ্ধিক, ৰত্ন-গহণাগাঠৰি, প্ৰস্তুত সাজ-পোচাক আৰু ঔষধ পণ্যৰ জাহাজ বোজাইৰ বুজন চ্যুতিয়ে ভাৰী কৰি তোলে। আমদানি সম্প্ৰসাৰিত হৈ থাকে, সংযত গতিত হলেও। অক্টোবৰত সোণৰ আমদানি অক্টোবৰত চাহিদাবশতঃ বৃদ্ধি পালেও এবছৰ পূৰ্ব অৱস্থাৰ পৰা মৃদু হৈ উঠে। চেপ্তেম্বৰত সংযম সত্ত্বেও ২০১৭-১৮ৰ এইছ১ত শুদ্ধ বিদেশী প্ৰত্যক্ষ বিনিয়োগ এবছৰ পূৰ্ব পৰ্যায়তে থাকে। ৰাজহুৱা খণ্ডৰ বেংকৰ বাবে পুনৰ মূলধনীকৰণৰ ঘোষণাত ইকুইটীলৈ বিদেশী পৰ্টফলিঅ অন্তঃস্ৰোত আগৰ মাহটোত বহিঃগমন দেখুওৱাৰ পাছত অক্টোবৰত চকুত লগাকৈ পুনৰাম্ভ হয়। ভাৰতৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত ৩০ নৱেম্বৰ,২০১৭ত ৪০১.৯৪ মাৰ্কিন ডলাৰ মজুত আছিল।

দৃশ্যপট

১৯. অক্টোবৰ দ্বিমাসিক প্ৰবিৱৰণে এই বছৰৰ দ্বিতীয়াৰ্ধত ৪.২-৪.৬ মাত্ৰাত থাকি মুদ্ৰাস্ফীতি বৃদ্ধিৰ পূৰ্বাভাস দিছিল, যত কেন্দ্ৰৰ দ্বাৰা ঘৰ ভাড়া বানচত বৃদ্ধিৰ প্ৰভাৱক ধৰা হৈছিল। হেডলাইন ইনফ্লেশ্যন ফলশ্ৰুতিয়ে পূৰ্বানুমানৰ সংগতি দেখুৱাইছে। আগলৈ গৈ বিভিন্ন কাৰকে স্ফীতি পথ প্ৰভাৱিত কৰিব। প্ৰথমতে ২০১৭-১৮ৰ প্ৰথম ত্ৰিমাসিকত পৰিলক্ষিত খাদ্য আৰু ইন্ধন বাদে স্ফীতিৰ পৰিমিততা মোটামুটিভাৱে প্ৰতিগামী হৈছে। নিকটম্যাদত এই উৰ্দ্ধমুখী পৰিক্ৰমা অব্যাহত থকাৰ বিপদশংকা আছে। দ্বিতীয়তে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এইছআৰএ বৃদ্ধিৰ প্ৰভাৱ ডিচেম্বৰত তুংগী হোৱাৰ আশা আছে। বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা এইছআৰএ বৃদ্ধিৰ অস্থিৰপ্ৰদ প্ৰভাৱবোৰে ২০১৮ত গৃহনিৰ্মাণ স্ফীতি অধিক বঢ়াব পাৰে, সমগামী দ্বিতীয় শৃংখলা পৰিণাম সহকাৰে। তৃতীয়তে খাৰুৱা তেলৰ সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় মূল্যবৃদ্ধি অটুট থাকিব পাৰে বিশেষকৈ পৰৱৰ্ত্তী বছৰটোত উত্পাদন কৰ্তন অব্যাহত ৰাখিবলৈ অপেকে লোৱা সিদ্ধান্ত লোৱা বাবে। এনে এক দৃশ্যপটত ভৌগোলিক ৰাজনৈতিক পৰিঘটনা উদ্ভূত যিকোনো প্ৰতিকূল যোগান আঘাটে অধিক মূল্যবৃদ্ধি ঘটাব পাৰে। শাক-পাচলিৰ মূল্য সম্প্ৰতি বৃদ্ধি পোৱা সত্ত্বেও শীতকালীন যোগান আৰম্ভ হবলৈ লোৱাত সমাগত মাহকেইটাত কেতবোৰ বতৰীয়া পণ্য় সংযত হোৱাৰ আশা আছে। দাইলৰ মূল্যত নিম্নগামী ধাৰা অব্যাহত আছে। জিএচটি পৰিষদে ইয়াৰ শেহতীয়া বৈঠকত কেবাপদো খুচুৰা সামগ্ৰী আৰু সেৱাক নিম্নতৰ কৰ-বন্ধনীলৈ আনিছে। যিটোৱে নিম্নতৰ খুচুৰা মূল্যলৈ ৰূপান্তৰণক আগুৱাই নিব লাগে। মুঠতে চলিত বছৰৰ তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত স্ফীতি ৪.৩-৪.৭ৰ মাত্ৰাত থকাৰ পূৰ্বানুমান কৰা হৈছে, একেআগী সুষম বিপদশংকাৰে ৩৫ বেছিচ পইণ্ট পৰ্যন্তৰ এইছআৰএ পৰিণামকে ধৰি (চাৰ্ট-১)।

২০. জিভিএ পূৰ্বানুমানলৈ ঘূৰি দ্বিতীয় ত্ৰিমাসিক বিকাশ অক্টোবৰ প্ৰস্তাৱত উল্লেখিতকৈ কম আছিল। তেলৰ মূল্যত সাম্প্ৰতিক বৃদ্ধিয়ে প্ৰতিষ্ঠানবোৰৰ উপান্ত আৰু জিভিএ বিকাশত প্ৰতিকূল প্ৰভাৱ পেলাব পাৰে। খাৰিফ শষ্যৰ উত্পাদন হ্ৰাস আৰু ৰবি বপনৰ অবনতিয়ে কৃষিৰ বাবে দৃশ্যপটলৈ নিম্নগামী বিপদশংকা চপাইছে। যোগাত্মক দিশত, সাম্প্ৰতিক মাহকেইটাত – আকলন বৃদ্ধিত কিছু বেগ আহিছে. ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ পুনৰ বিত্ত যোগানে আকলন স্ৰোত অধিক খৰ কৰিব পাৰে। ৰিয়েল ইষ্টেটৰ লেখিয়া সেৱা খণ্ডৰ কেতবোৰ উপাদানত দুৰ্বলতা আছে যদিও ৰিজাৰ্ভ বেংকৰ জৰীপে আভাস দিছে যে সেৱা আৰু আন্ত-গাঁঠনি খণ্ডই চতুৰ্থ ত্ৰিমাসিকত চাহিদা, বিত্তীয় অৱস্থা আৰু সামগ্ৰিক ব্যৱসায় পৰিস্থিতিত উন্নতি আশা কৰিছে। উপৰিউক্ত কাৰকসমূহ বিবেচনা কৰিলে, ২০১৭-১৮ৰ বাবে জিভিএ বিকাশ ৬.৭ শতাংশত থাকিব বোলা অক্টোবৰ প্ৰস্তাৱৰ পূৰ্বানুমান ৰক্ষা হৈছে। একেআগীকৈ সুষম বিপদশংকাৰে (চাৰ্ট-২)।


২১. এমপিচিয়ে অনুধাৱন কৰিছে যে উদীয়মান প্ৰক্ষেপ পথটো সাৱধানতাৰে নিৰীক্ষণ কৰা আৱশ্যক। প্ৰথমতে, জীৱন নিৰ্বাহ অৱস্থাৰ মূল্য আৰু মুদ্ৰাস্ফীতি প্ৰত্যাশা নিৰ্ণয়কাৰী কাৰকবোৰৰ দুটা অৰ্থাত্ খাদ্য আৰু ইন্ধন স্ফীতি নৱেম্বৰত তীক্ষ্ণ হৈ উঠে। ৰিজাৰ্ভ বেংকৰ দ্বাৰা জৰীপিত গৃহস্থালি স্ফীতি প্ৰত্যাশাবোৰ ইতিমধ্যে গজগজীয়া হৈ উঠিছে আৰু খাদ্য তথা ইন্ধন মূল্যত যিকোনো বৃদ্ধিয়ে এই প্ৰত্যাশাবোৰ কঠোৰতৰ কৰিব পাৰে. দ্বিতীয়তে, বিভিন্ন জৰীপত প্ৰতিফলিত মতে ক্ৰমবৰ্দ্ধমান ইনপুট উত্পাদনী মূল্য অৱস্থাবোৰে নিকটম্যাদত খুচুৰা মূল্যলৈ ঠেলি দিয়াৰ অধিক বিপদশংকাৰ ইংগিত দিছে। তৃতীয়তে, ৰাজ্যবিশেষৰ দ্বাৰা কৃষি ঋণ মুকুব ৰূপায়ণ, পেট্ৰলিয়াম সামগ্ৰীৰ ক্ষেত্ৰত আংশিকভাৱে আবকাৰী কৰ আৰু ভেট প্ৰত্যাহাৰ আৰু বিভিন্ন পণ্য তথা সেৱাৰ বাবে জিএছটিত কৰ্তন হেতু ৰাজহ হ্ৰাসে মুদ্ৰাস্ফীতিৰ অনুৱৰ্ত্তী পৰিণাম সহকাৰে ৰাজস্ব অপগমন ঘটাবগৈ পাৰে। চতুৰ্থতে, এইবোৰত মৌদ্ৰিক নীতিক লৈ দেখা দিয়া বুলন/অনিশ্চয়তা হেতু গোলকীয় বিত্তীয় অস্থিৰতা আৰু আমেৰিকাত মৌদ্ৰিক সম্প্ৰসাৰণে মুদ্ৰাস্ফীতিৰ বিপদশংকা কঢ়িয়াইছে। শাক-পাচলি আৰু ফল-মূলৰ মূল্যত প্ৰত্যাশিত ঋতুগত পৰিমিততা আৰু জিএছটি পৰিষদৰ দ্বাৰা সম্প্ৰতি কৰ নমোৱাটোৱে উৰ্ধমুখী চাপ লাঘৱ কৰিব পাৰে। তদনুযায়ী, এমপিচিয়ে নীতিগত ৰেপৰেট অপৰিৱৰ্ত্তিত ৰাখিবলৈ সিদ্ধান্ত ললে। অৱশ্যে আউটপুট ব্যৱধান চালনশক্তিৰ কথা মনত ৰাখি এমপিচিয়ে নিৰপেক্ষ স্থিতি অব্যাহত ৰাখিবলৈ আৰু অন্তৰ্গামী ডেটাবোৰ সযতনে লক্ষ্য কৰিবলৈ সিদ্ধান্ত ললে। হেডলাইন স্ফীতি স্থায়ীভিত্তিত ৪ শতাংশৰ আশে-পাশে ৰাখিবলৈ এমপিচি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকে।

২২. এমপিচিৰ মূল্যায়নত সাম্প্ৰতিক অবধিটোত কেইবাটাও তাত্পৰ্যপূৰ্ণ পৰিৱৰ্ধন বিৰাজমান যিবিলাক বিকাশ সম্ভাৱনা আগুৱাই যোৱাত শুভ ফলপ্ৰদ। প্ৰথমে, প্ৰাথমিক মূলধনী বজাৰৰ পৰা সংগৃহীত মূলধন, কেইবাবছৰজোৰা মন্থৰ সক্ৰিয়তাৰ পাছত যথেষ্ট বৃদ্ধি পাইছে। সংগৃহীত মূলধন যিহেতু নতুন প্ৰকল্প ৰূপায়ণত নিয়োজিত হয়, ই হ্ৰস্ব অনুক্ৰমত চাহিদাৰ বৃদ্ধিত সহায় কৰিব আৰু মধ্যম্যাদত অৰ্থব্যৱস্থাৰ বিকল্প সম্ভাৱনা টনকীয়াল কৰিবগৈ। দ্বিতীয়তে ব্যৱসায় সূচলতাৰ ৰেংকিঙত উৰ্ধগমনে অৰ্থনীতিত নিৰবচ্ছিন্ন প্ৰত্যক্ষ বিদেশী বিনিয়োগত সহায় কৰিব লাগে। তৃতীয়তে, বৃহত্ কোৰোকী ধৰুৱাসকলক দেউলীয়া আৰু সম্পূৰ্ণ নিঃস্বতা বিধি (আইবিচি)লৈ প্ৰেৰণ কৰিবলৈ লোৱাত আৰু ৰাজহুৱা খণ্ডৰ বেংকবোৰত পুনৰবিত্তযোগান ধৰিবলৈ লোৱাত আবণ্টনমূলক দক্ষতা বৃদ্ধি পাব লাগে. অৱশ্যে, এমপিচিয়ে অনুধাৱন কৰে যে শোধ নকৰা ঋণত আগৰ মৌদ্ৰিক নীতি সাল-সলনিবোৰৰ বেংকবোৰৰ দ্বাৰা উন্নত সংবাহনৰ জৰিয়তে ঘৰুৱা ধাৰৰ ব্যয় হ্ৰাসেৰে এই কাৰকবোৰৰ প্ৰভাৱখিনি লাঘৱ কৰিব পৰা যাব।

২৩. ড০ চেতন ঘাটে, ড০ পমী ডুৱা, ড০ মাইকেল দেৱব্ৰত পাত্ৰ, ড০ বিৰাল ভি. আচাৰ্য আৰু ড০ উৰজিত আৰ পেটেল মৌদ্ৰিক নীতি সিদ্ধান্তৰ সমৰ্থন কৰাৰ বিপৰীতে ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়াই ২৫ বেছিচ পইণ্টেৰে নীতি হাৰ হ্ৰাসকৰণৰ বাবে মত দান কৰে।

২৪. এমপিচিৰ পৰৱৰ্ত্তী বৈঠকখন ৬ আৰু ৭ ফেব্ৰুৱাৰী,২০১৮ত সময় তালিকাভুক্ত কৰা হয়।

নীতিগত ৰেপ হাৰ ৬.০ শতাংশ অপৰিৱৰ্তিত ৰাখিবলৈ লোৱা প্ৰস্তাৱত মতদান

সদস্য মত
ড০ চেতন ঘাটে সপক্ষে
ড০ পমী ডুৱা সপক্ষে
ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া বিপক্ষে
ড০ মাইকেল দেৱব্ৰত পাত্ৰ সপক্ষে
ড০ বিৰাল ভি আচাৰ্য সপক্ষে
ড০ উৰজিত্ আৰ পেটেল সপক্ষে

ড০ চেতন ঘাটেৰ বক্তব্য

২৫. যোৱাবাৰৰ পুনৰীক্ষণৰ পাছত হেডলাইন স্ফীতি ৩.৬ শতাংশলৈ বাঢ়িছে। আৰবিআইৰ চিপিআই স্ফীতিৰ (এইছআৰএকে ধৰি) ত্ৰৈমাসিক পূৰ্বানুমানবোৰ খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৬০ ডলাৰ ভিত্তিক। ভূ-ৰাজনৈতিক ঘটনাপ্ৰসূত অনিশ্চয়তাই খাৰুৱা তেলৰ মূল্য আৰু বঢ়াবগৈ পাৰে. খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ কাৰণে অৰ্থনীতিৰ ফিলিপছ কাৰ্ভ উৰ্ধমুখী হয় বাবে, ই ৪ শতাংশৰ মধ্যম্যাদী স্ফীতিলৈ উৰ্ধমুখী বিপদশংকা চপাব পাৰে।

২৬. অক্টোবৰত চৰকাৰৰ দ্বাৰা ঘেঁহুৰ এমএছপি বৃদ্ধিটো আছিল যোৱা পাঁচ বছৰৰ ভিতৰতে সৰ্ববৃহত্ (পৰম তথা শতাংশ উভয় দিশত)। (সহ গৱেষকৰ সৈতে) মই চলোৱা গৱেষণাত, এনেবোৰ সংগ্ৰহ আঘাটে মজুৰি-মূল্য বৃদ্ধিৰে কেনেকৈ সামগ্ৰিক স্ফীতি ঘটায় দেখুৱাইছে। সুকীয়াকৈ, KLEMS ডেটাবেছ ব্যৱহাৰ কৰি পাইছো যে ১৯৮০-২০১১ সময়ছোৱাত ভাৰতৰ কৃষিত গড় বাৰ্ষিক টোটেল ফেক্টৰ প্ৰডাক্টিভিটী (TFP) বৃদ্ধি আছিল ১ শতাংশৰ ওচৰা-ওচৰি, গোটেই সময়ছোৱাত নামমাত্ৰ উৰ্ধমুখী প্ৰৱণতাৰে। স্থবিৰ কৃষি উত্পাদনশীলতাৰ লগতে বিগত বছৰটোৰ দৰে অতিবৃষ্টি-অনাবৃষ্টিয়ে কৃষি খণ্ডক মূল্য চাপৰ প্ৰতি স্পৰ্শকাতৰ কৰি ৰাখিছে, যাৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব। কব লাগিব, দানাদাৰ শষ্যৰ স্ফীতি অনকূল আধাৰ পৰিণামেৰে অব্যাহত থকাৰ পূৰ্ণ সম্ভাৱনা আছে। শালিধানৰ উত্পাদন বিগত পাঁচ বছৰৰ উত্পাদনৰ সৈতে সংগতিপূৰ্ণ। মাহজাতীয় শষ্যৰ অপস্ফীতি চাপ আছে যদিওবা আধাৰ পৰিণামবোৰ সমাগত মাহকেইটাত প্ৰতিকূল হৈ উঠিবগৈ. ৩ মহীয়া আৰু ১ বছৰীয়া পূৰ্বস্ফীতি প্ৰত্যাশাবোৰ সুস্থিৰ হৈ থকা দেখা পাইছো উৰ্ধমুখী প্ৰৱণতাৰে। সমাগত শীতকালত পাচলিয়ে স্বাভাৱিক ঋতুগত সকাহ দিয়াৰ সম্ভাৱনা। খাদ্য-ইন্ধন আৰু আবাসন বাদে অদ্যপৰিমিত মুদ্ৰাস্ফীতি ৪.১ শতাংশৰ আশে-পাশে থাকি যোৱাটো সন্তোষজনক।

২৭. যোৱাটো পুনৰীক্ষণৰ তুলনাত, মুদ্ৰাস্ফীতিৰ চৌপাশে বিভিন্ন বিপদশংকাবোৰে মোটামুটিভাৱে আত্মপ্ৰকাশ কৰিছে আৰু সাৱধানে লক্ষ্য ৰখাটো আৱশ্যক হৈছে। আউটপুট ব্যৱধান আৰু খাদ্য তথা ইন্ধন বাদে ২০১০-১১ৰ পৰা স্ফীতিৰ মাজৰ অনুকূল সহ-গতিয়ে সূচাইছে যে সামৰণি উত্পাদন ব্যৱধানে বিকাশত উত্থান ঘটোৱাৰ লগতে স্ফীতিত চাহিদা-ভিত্তিক চাপ আনিব। ভাৰতীয় মুদ্ৰাস্ফীতি জয়ক অন্তিম বুলিব নোৱাৰি।

২৮. যোৱাবাৰৰ পৰ্যালোচনাত মই কোৱাৰ দৰে, বিকাশ চালকবোৰৰ দুৰ্বলতাই মোক চিন্তিত কৰি ৰাখিছে। বিগত পাঁচটা ত্ৰিমাসিকত ক্ৰমাগত অৱনতিৰ অন্তত GVA আৰু GDP বিকাশ দুয়োটাই প্ৰতিক্ষিপ্ত হৈছে, বিকাশ পুনৰগঠনত অৱশ্যে জান্তৱ স্পৃহা নাই। ভাৰতীয অৰ্থনীতিৰ প্ৰধান স্থল – উপভোগ ৫৪ শতাংশই জিডিপিৰ অৱনমিত অংস প্ৰদৰ্শন কৰিছে। উপভোক্তাৰ আস্থা চেপ্তেম্বৰ ২০১৩ৰ পৰা নিম্নতম হৈ আছে। পণ্য মূল্য চক্ৰৰ পুনৰাগমন ঘটিছে। ২০১৭-১৮ৰ দ্বিতীয় ত্ৰিমাসিকত সাম্প্ৰতিক উৰ্ধমুখীতা সত্বেও বিনিয়োগ চাহিদা মূক হৈ আছে। জিএছটি ব্যাঘাট জয় পৰাত সদাগৰী বাণিজ্য ক্ৰমাগত সকাহ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে যদিও, হ্ৰস্বম্যাদত মূল চাহিদাৰ নিৰ্ভৰযোগ্য সমল হব পৰাকৈ ৰপ্তানি এতিয়াও অতি উদ্বায়ী হোৱাহৈ নাই। সেৱাবোৰত নৱেম্বৰ,২০১৭ পিএমআইও সংকোচন অৱস্থালৈ আহে। বিভিন্ন কাৰকবোৰে অৱশ্যে বিকাশ প্ৰক্ৰিয়াৰ বাবে শুভ লক্ষণ সূচাইছে (জিএছটি, গোলকীয় বিকাশৰ অনুকূল প্ৰভাৱ, ঋণ বৃদ্ধিত চালুকীয়া পৰিৱৰ্তন, দৰমহা আয়োগ আৰু বেংকত পুনৰ মূলধন সঞ্চলন আদি কাৰক)। অগ্ৰিম জিডিপি আকলন মুকলি আৰু কেন্দ্ৰীয় বাজেটৰ পাছত সমাগত মাহকেইটাত বিকাশ প্ৰৱণতাৰ অধিক নিশ্চয়তা প্ৰাপ্ত হবগৈ লাগে, তাকে লক্ষ্য কৰিব লাগিব।

২৯. এই গোটেইখিনি বিবেচনা কৰি, আজিৰ মৌদ্ৰিক নীতি সমিতিৰ বৈঠকত মই নীতিগত ৰেপ হাৰ অপৰিৱৰ্ত্তিত ৰখাৰ হকে মতদান কৰিলো।

ড০ পমী ডুৱাৰ বক্তব্য

৩০. ২০১৭ৰ আগ-অক্টোবৰত অনুষ্ঠিত এমপিচিৰ আগৰখন বৈঠকৰ পাছৰে পৰা চিপিআইৰে পৰিমাপিত মুদ্ৰাস্ফীতিয়ে উৰ্ধমুখী প্ৰৱণতা সূচাইছে। বৰ্ধিত খাদ্য স্ফীতি (ঘাইকৈ পাচলি আৰু ফলমূল) আৰু ইন্ধন মূল্যই এইটো ঘটাইছে। ঘৰ ভাড়া বানচ বৃদ্ধি আৰু পণ্য তথা সেৱা কৰ (জিএছটি)ৰ দীৰ্ঘমুখী প্ৰভাৱেও মুদ্ৰাস্ফীতিজনক চাপ সৃষ্টিত সহায় কৰিছে। খাদ্য আৰু ইন্ধন বাদে চিপিআই স্ফীতি ৪.৬ শতাংশতে ধীৰ হৈ থাকে।

৩১. আগলৈ চালে, উৰ্ধমুখী বিপদশংকাত, ডিচেম্বৰ ২০১৮ পৰ্যন্ত উত্পাদন কৰ্তন অব্যাহত ৰাখিবলৈ অপিইচিয়ে লোৱা সিদ্ধান্ত হেতু খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰ ভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱ আৰু সম্ভাৱ্য ৰাজস্ব অপসৰণেও মুদ্ৰাস্ফীতি বঢ়োৱাৰ সম্ভাৱনা আছে। পাচলিৰ মূল্য (ঘাইকৈ পিঁয়াজ আৰু বিলাহীৰ) যোগান বিচ্যুতি কাৰণে ঋতুগত হ্ৰাস পোৱা যেন লগা নাই। উন্নত অৰ্থব্যৱস্থাবোৰত মৌদ্ৰিক নীতি স্বাভাৱিকৰণ হেতু গোলকীয় বিত্তীয় অস্থিৰতাবোৰেও স্ফীতি বিপদশংকা সূচাইছে। অধিকন্তু, আৰবিআইৰ শেহতীয়ালানি গৃহস্থালি মুদ্ৰাস্ফীতি প্ৰত্যাশা জৰীপ, তিনিমহীয়া আৰু এবছৰপূৰ্ব মণ্ডলত স্ফীতি প্ৰত্যাশা দৃঢ় হোৱাটো দেখুৱাইছে। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপে দেখুৱাইছে যে লাগত মূল্যৰ বৃদ্ধিখিনি নিৰ্গম মূল্যলৈ প্ৰসাৰিত হব। ভালেকেইবিধ পণ্য আৰু সেৱাৰ জিএছটি হাৰ কৰ্তনকে ধৰি লাঘৱকাৰী কাৰকবোৰে গ্ৰাহকৰ বাব খুচুৰা মূল্য হ্ৰাস কৰাবগৈ পাৰে, চৰকাৰৰ দ্বাৰা অধিকতৰ সক্ৰিয়াত্মক যোগান ব্যৱস্থাপনা, আৰু মাহজাতীয় শষ্যৰ মূল্য হ্ৰাসৰ প্ৰৱণতা আহিব লাগে।

৩২. একেৰাহে পাঁচটা ত্ৰিমাসিকত মন্থৰ হৈ থকাৰ পাছত ২০১৭-১৮ৰ দ্বিতীয় ত্ৰিমাসিকত ভাৰতৰ জিভিয়ে বিকাশ ক্ষিপ্ৰতৰ হয়। যদিওবা কৃষি আৰু সেৱাই গতি হেৰুৱাইছে, ঔদ্যোগিক কাৰ্যকলাপলৈ পুনৰ গতি আহিছে, আংশিকভাৱে জিএছটি ৰূপায়ণৰ পাছত পুনৰ সম্ভাৰকৰণ হেতু।

৩৩. আগলৈ চালে, ৰিজাৰ্ভ বেংকৰ জৰীপবোৰে সূচাইছে যে চাহিদাত বৃদ্ধি, বিত্তীয় অৱস্থাবোৰ আৰু সামগ্ৰিক ব্যৱসায় পৰিস্থিতিৰ বাবে চতুৰ্থ ত্ৰিমাসিকত সেৱা আৰু আন্তঃগাঁঠনি খণ্ডবোৰত কাৰ্যকুশলতা উন্নত হোৱাৰ সম্ভাৱনা। অধিকন্তু, ৰাজহুৱা খণ্ডৰ বেংকবোৰত পুনৰ মূলধন সঞ্চাৰে ঋণ স্ৰোত খৰতকীয়া কৰাত সহায় কৰিব। জিএছটি হাৰত সাম্প্ৰতিক কৰ্তনেও অৰ্থনীতিক গতিশীল কৰিব। ব্যৱসায় সূচলতা সম্পৰ্কীয় বিশ্ব তালিকাত ভাৰতৰ উৰ্ধগমনেও বিকাশত সমৰ্থন যোগাব পাৰে। সমাগত মাহকেইটাত পূৰ্বানুমানতকৈ তলৰ মাত্ৰাত ৰবি শষ্যৰ খেতিয়ে বিকাশলৈ বিপদশংকা চপাব পাৰে। তেলৰ সাম্প্ৰতিক মূল্যবৃদ্ধিও কৃষিকৰ্মত লাভ কমোৱাৰ অন্যতম কাৰণ হব পাৰে। আৰবিআয়ে চলোৱা গ্ৰাহক আস্থা জৰীপে সাধাৰণ অৰ্থনৈতিক পৰিস্থিতি আৰু নিয়োগ ক্ষেত্ৰৰ বাবে সম্ভাৱনাৰ অৱনতি দেখুৱাইছে।

৩৪. সৰ্বোপৰি ভৱিষ্যত অৰ্থনৈতিক কাৰ্যকলাপৰ অন্যতম পূৰ্বাভাসকাৰী হিচাপে ইকনমিক চাইকল ৰিচাৰ্ছ ইনষ্টিটিউটৰ ইণ্ডিয়ান লীডিং ইণ্ডেক্সত বিগত মাহবোৰত বিকাশ মন্থৰ থকা দেখুৱাইছে।

৩৫. এইদৰে, বৰ্তমানৰ পৰিপ্ৰেক্ষিতত ডেটাবোৰৰ অবিৰত নিৰীক্ষণ সহকাৰে অপেক্ষা আৰু পৰ্যবেক্ষণ কৌশলৰ পৰামৰ্শ দিওঁ। গতিকে অপেক্ষা আৰু পৰ্যবেক্ষণ কৌশলৰ পৰামৰ্শ আৰু নিৰপেক্ষ স্থিতি অৱলম্বনৰ হকে মই মতদান কৰিলো।

ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়াৰ বক্তব্য

৩৬. চিপিআই স্ফীতি আৰু নিকট ম্যাদত অৰ্থনৈতিক বিকাশ সম্ভাৱনা এই দুয়োটাৰ বাবে আৰবিআয়ে কৰা মূল্যায়নত মই একমত নহয়। মুদ্ৰাস্ফীতিত উৰ্ধমুখী বিপদশংকাত ইয়াৰ অতি-উদ্বেগ আৰু অৰ্থনৈতিক বিকাশ দিশত অত্যধিক আশাও মই গ্ৰহণ নকৰো। মোৰ মতে, স্ফীতিজনক পৰিস্থিতি যথোচিত নিয়ন্ত্ৰণাধীণতে আছে আৰু অদূৰ ভৱিষ্যতত গ্ৰহণযোগ্য পৰিসীমাতে থকাৰ সম্ভাৱনা আছে কিয়নো কেবামাহৰ পাছতো অনুকূল আধাৰ পৰিণামবোৰ সুস্থিৰ হবলৈ লৈছে। সদ্যহতে উদ্বেগৰ আচল কাৰণটো হৈছে অৰ্থনৈতিক পুনৰুত্থান আৰু ইয়াৰ মন্থৰ গতি। ৰাজস্ব অৱকাশ মোটামুটি ক্ষয়প্ৰাপ্ত হৈছে কিন্তু মৌদ্ৰিক উত্থান এতিয়া সৌভাগ্যবশতঃ এক দীঘলীয়া অবধিৰ বাবে প্ৰাপ্ত হৈছে। মই তেতিয়া কোৱাৰ দৰে নীতি হাৰ জুন,২০১৭ত ৫.৭৫ শতাংশলৈ কৰ্তন কৰা হলে, অৰ্থনৈতিক পুনৰুত্থান বহু বেছি ক্ষিপ্ৰ হৈ উঠিলেহেঁতেন আৰু আমি আজি অধিক উত্তম স্থানত থাকিলেহেঁতেন। আমি সুযোগটো হেৰুৱালো যদিও নোহোৱাতকৈ পলমকৈ হোৱাই সমীচিন। মোৰ মতে, আমি সংৰক্ষণশীল পক্ষত থাকিবলৈ হলে প্ৰাৰম্ভতে নীতি হাৰ কমেও ২৫ বেছিচ পইণ্ট কৰ্তন কৰিবই লাগিব, কিয়নো পূৰা মাত্ৰাই যথেষ্ট অৱকাশ বৰ্তি আছে। মোৰ পৰামৰ্শাৱলীৰ নিৰ্দিষ্ট কাৰণবোৰ এনে ধৰণৰ-

১। আৰবিআইৰ সাম্প্ৰতিক সৰহভাগ গৃহস্থালী স্ফীতিজনক প্ৰত্যাশা জৰীপে এবছৰ-পূৰ্ব স্ফীতিৰ বাবে প্ৰায় ৬০ বেছিচ পইণ্ট (bps) বৃদ্ধি দেখুৱাইছে যদিও, বিগত এবছৰমানত প্ৰায় ২৮০ bpsৰ সমান অৱনমন সামগ্ৰিকভাৱে দেখুৱাইছে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদৰ শেহতীয়া ব্যৱসায় প্ৰত্যাশা জৰীপৰ পৰা অধিকতৰ সংগতিপূৰ্ণ আৰু নিৰ্ভৰযোগ্য পৰিণাম লাভ কৰা হৈছে যত ২১০০ৰো অধিক সঁহাৰিয়ে দেখুৱাইছে যে এবছৰ আগতীয়া শিৰোনাম চিপিআই স্ফীতি প্ৰত্যাশা হৈছে ৩.৭১ শতাংশ – আৰবিআইৰ লক্ষ্য ৪.০ শতাংশৰ যথেষ্ট তলত। এই আকলনৰ মানবিশিষ্ট বিচ্যুতিও তুলনামূলকভাৱে কম। এইদৰে মুদ্ৰাস্ফীতিজনক প্ৰত্যাশাই যথেষ্ট ভালকৈ খোপনি লৈ আছে আৰু অদূৰ ভৱিষ্যতত তদৰ্থে অহা ৬ মাহৰ পৰা ১২ মাহত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ প্ৰধান বিষয় হৈ থাকিব নালাগে।

২. অন্যহাতে, আৰবিআই জৰীপবোৰত দেখুৱাইছে যে উপাৰ্জন, কৰ্মসংস্থান আৰু সামগ্ৰিক অৰ্থনৈতিক পৰিবেশত গ্ৰাহক আস্থা অতি কম হৈ আছে আৰু বিগত সময়ছোৱাত অৱনতিহে হৈছে। কোম্পানীবোৰৰ মূল্যৰোপন ক্ষমতাৰ এতিয়াও অভাৱ আছে আৰু তেওঁলোকৰ লাভৰ অংশটোত চেপা অনুভৱ কৰি আছে।

৩. ভাল কাৰ্যসাধক আৰু বিত্তীয়ভাৱে সুস্থ কোম্পানীবোৰে আৰবিআই জৰীপত দেখুওৱা মতে আৱয়বিক সম্পত্তিতকৈ বিত্তীয় সম্পদতহে বেছিকৈ বিনিয়োগ কৰিছে। তেওঁলোকে বিনিয়োগকাৰীৰ পৰিৱৰ্তে সঞ্চয়কাৰীৰ দৰে আচৰণ কৰিছে কিয়নো দীৰ্ঘম্যাদী বিনিয়োগত উত্সাহী কৰিবলৈ প্ৰকৃত সুত অতি বেছি। আনকি উপভোক্তাসকলেও দীৰ্ঘস্থায়ী পণ্য উপভোগ কৰিবলৈ সংকোচ কৰিব। মন কৰিবলগীয়া কথা যে প্ৰকৃত সুত হাৰটো হল- জ্ঞাপিত সুত হাৰ আৰু মুদ্ৰাস্ফীতিৰ প্ৰত্যাশিত হাৰৰ পাৰ্থক্যখিনিহে (বিগত সময়ছোৱাত পৰিলক্ষিত স্ফীতি হাৰটো নহয়)।

৪. সামান্য অৰ্থনৈতিক সকাহ সত্ত্বেও ভাৰতীয় উদ্যোগত সামৰ্থ্য প্ৰয়োগৰ মাত্ৰা আৰবিআই জৰীপবোৰৰ মতে ৭২ শতাংশৰ কম পৰ্যায়তে আছে, যিনেকি নিৰ্গম ব্যৱধান উপৰ্যুপৰি বৰ্তি থকা দৰ্শাইছে। সেৱা খণ্ড পি.এম.আই.ও নিম্নগামী হৈ নিৰাশাজনক পৰিমণ্ডলতে আছে।

৫. ২০১৭ৰ জুন-ছেপ্তেম্বৰ ত্ৰিমাসিকত আৰবিআইৰ বিকাশ পুনৰপ্ৰাপ্তিৰ প্ৰত্যাশা বুজন অত্যুক্তি বুলি পৰিগণিত হৈছে। আৰবিআইৰ প্ৰত্যাশা ৬.৪ শতাংশৰ বিপৰীতে ত্ৰিমাসিকটোত প্ৰকৃত জি.ভি.এ. আছিল মাত্ৰ ৬.১ শতাংশ। তত্সত্ত্বেও আৰবিআয়ে ২০১৭-১৮ বৰ্ষৰ বাবে দেখুওৱা পূৰ্বৰ ৬.৭ শতাংশৰ বিকাশ পূৰ্বানুমান সংশোধিত কৰা নাই। ইয়াৰ পৰা বুজা যায় যে ২০১৭-১৮ বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত আৰবিআয়ে এতিয়া ৭.০ আৰু ৭.৮ শতাংশৰ বৰ্ধিত বিকাশ আশা কৰিছে। নীতি হাৰত কৰ্তন অবিহনে এইটো অসম্ভৱ কিয়নো ৰাজস্ব অৱকাশ কবলৈ গলে নায়েই আৰু ওপৰৰ ২) আৰু ৪) বিন্দুত বৰ্ণোৱা অৱস্থাবোৰে বৃহত্ প্ৰত্যাহ্বান আনিছে। তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত অবাস্তৱ ধৰণৰ উচ্চতৰ বিকাশ হাৰ আশা কৰাটোৱে নীতি নিষ্ক্ৰীয়তা বৰ্তাই ৰাখিব পৰাকৈ অদূৰ ভৱিষ্যতত উত্পাদন ব্যৱধানৰ আপোনা-আপুনি অৱসান ঘটিব বুলি মিছা আশা কৰাহে হব।

৬. ইয়াৰ বিপৰীতে, যিহেতু পুনৰুদ্ধাৰ মন্থৰ আৰু আশা কম হৈ আছে, মই আশা কৰিছো ২০১৭-১৮ বৰ্ষত বিকাশ অধিক তলত ৬.৪ শতাংশহে হব, যিটোৱে তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত বিকাশ হাৰ যথাক্ৰমে ৬.৭ আৰু ৭.২ শতাংশ হোৱা সূচাইছে। ইয়াৰ উপৰিও, এমপিচিত মোৰ সতীৰ্থসকলৰ অমিলেৰে, মই দৃঢ়তাৰে বিশ্বাস কৰো যে চলিত বিকাশ হাৰে ৮-৮.৫ শতাংশ অতিক্ৰম নকৰা পৰ্যন্ত নিৰ্গম ব্যৱধান সংকুচিত নহব। ইয়াৰ অৰ্থ হল, মোৰ মতেৰে, অহা বছৰ মাজভাগলৈকে নিৰ্গম ব্যৱধান সম্প্ৰসাৰিতহে হব। সিয়ে গৈ মূল্যৰ ওপৰত নিম্নমুখী চাপ সৃষ্টি কৰিব আৰু মুদ্ৰাস্ফীতিৰ প্ৰতি কেইবাটাও বিপদশংকা নিৰসন কৰিব। তেলৰ মূল্য মোৰ মতেৰে বৰ্তমানৰ পৰ্যায়তকৈ যথেষ্ট ওপৰত দীঘলীয়া সময়ৰ বাবে নাথাকিব। সেইদৰে, শতাংশৰ পৰা জিডিপিলৈ ৰাজস্ব অপসৰণ হোৱাৰ সম্ভাৱনা আছে যদিও সাৰ্বভৌম চৰ্তত ই বুজন হৈ নাথাকিব। জিডিপিৰ শতাংশ হিচাপে ৰাজস্ব ঘাটিয়ে লক্ষ্যক অতিক্ৰম কৰিবলৈ পাৰে, কিয়নো নিম্নতৰ মুদ্ৰাস্ফীতি আৰু প্ৰকৃত বিকাশত বুজন মন্থৰতা হেতুকে যোৱা বাজেটত ধৰি লোৱা সংখ্যা (১১.৭৫ শতাংশ)ৰ যথেষ্ট ধীৰেৰেহে জ্ঞাপিত জিডিপি বৃদ্ধি হব। অৱশ্যে, প্ৰতিফল হাৰ আৰু মূল্যত উৰ্ধমুখী চাপ সৃষ্টি কৰা গুণীতকবোৰ সাৰ্বভৌম চৰ্তত যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই আৰু গতিকে মুদ্ৰা স্ফীতিজনক প্ৰভাৱ সীমিত হৈ থাকিব।

৭. ২০১৭-১৮ৰ বাকী দুটা ত্ৰিমাসিকত শিৰোনাম স্ফীতি ৪.৩ৰ পৰা ৪.৭ শতাংশৰ ভিতৰত থাকিব বুলি আৰবিআইৰ প্ৰত্যাশা গুৰুত্ব সহকাৰে লব লাগিব। সপ্তম দৰমহা আয়োগৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীৰ বাবে দিয়া সংশোধিত ঘৰভাড়া বানচৰ পৰিসংখ্যা সৰ্বস্ব পৰিণামবোৰ বাদ দিলে, শিৰোণাম আৰু খাদ্য তথা ইন্ধন বাদে চিপিআই সফীতিৰ হাৰ ক্ষেত্ৰ বিষয়ক আৰবিআইৰ পূৰ্বানুমানে সংশ্লিষ্ট স্ফীতি হাৰ বছৰটোৰ বাকী সময়ছোৱাত ৩.৯ৰ পৰা ৪.৩ শতাংশৰ ভিতৰত থকা দেখুৱাইছে। এনেকৈয়ে, উত্পাদন ব্যৱধানখিনি হিচাপলৈ ননাকৈও কমেও ২৫ bps হাৰ কৰ্তনৰ স্থল স্পষ্ট দেখা গৈছে।

৮. দেশত সৰহভাগ অন্যান্য দেশতকৈ যথেষ্ট উচ্চতৰ হাৰত প্ৰকৃত নীতি হাৰ ৰাখিবলৈ গলে বিষম পৰিণাম ভূগিব লগা হব। বৰ্তমানে, বিশ্বৰ ১১খন দেশৰহে ধনাত্মক প্ৰকৃত নীতি হাৰ আছে আৰু ইয়াৰে কেবাখনো দেশে কিবা নহয় কিবা সংকটত পৰিছে নাইবা সংকটমুক্ত হব পাৰিছে। বাকীবোৰ দেশৰ ভিতৰত ভাৰততে উচ্চতম প্ৰকৃত হাৰ আছে। সোনকালে পৰিস্থিতি শুধৰাই নললে, ঘৰুৱা বিনিয়োগ নিৰুত্সাহিত কৰি আৰু ঋণ বজাৰত বিদেশী বিনিয়োগক উত্সাহিত কৰি স্বগৃহৰ বিত্তীয় বজাৰবোৰ অস্থিৰ কৰি পেলোৱাৰ বাবে ইয়াৰ সম্ভাৱনীয়তা আছে। ইয়াত ভৱিষ্যতৰ কাৰণে প্ৰচুৰ বিপদশংকা থাকিব পাৰে. অন্যহাতেদি নীতিগত হাৰ কৰ্তনৰ দ্বাৰা ঘৰুৱা কৰ্পোৰেট বণ্ড বজাৰ, ষ্টক বজাৰ আৰু পৰিণামস্বৰূপে বিনিয়োগ চাহিদাক উত্সাহিত কৰিব পাৰি আৰু উত্পাদন ব্যৱধানখিনিৰ জোৰা মৰাৰ বাবে বিকাশ ক্ষিপ্ৰতৰ কৰিব পৰা যায়।

৩৭. এই গোটেইবোৰ দিশৰ প্ৰতি ধ্যান ৰাখি, ডিচেম্বৰ,২০১৭ত নীতিগত হাৰ ২৫ বেছিচ পইণ্ট কৰ্তনৰ সপক্ষে মই মতদান কৰিলো।

ড০ মাইকেল দেবব্ৰত পাত্ৰৰ বক্তব্য

৩৮. মই স্থিতাৱস্থাৰ সপক্ষে মতদান কৰিলো।

৩৯. পূৰ্বৰ প্ৰস্তাৱবোৰত উল্লেখিত মুদ্ৰাস্ফীতিৰ প্ৰতি সকলো উৰ্ধমুখী বিপদশংকাই বাস্তৱ ৰূপ ধাৰণ কৰিছে। অদ্যোপৰি, পূৰ্বৰ পঠনবোৰত দিয়া মতে, মূল্য চাপ কেৱল পাচলিত আৱদ্ধ হৈ থকা নাই, পেট্ৰলিয়াম সামগ্ৰী, সেৱাসমূহ (আবাসন বাদে, যিটো নেকি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে ঘৰভাড়া বানচৰ পৰিসাংখ্যিক পৰিণামবোৰৰ দ্বাৰা স্বতন্ত্ৰভাৱে গতিৰুদ্ধ হৈছে) আৰু অন্তৰ্নিহিত স্ফীতিলৈ পৰ্যবসিত হৈছে। মুদ্ৰাস্ফীতি সৰ্বব্যাপ্ত হোৱাৰ বিপদশংকা এনে এক পৰ্যায়লৈ বৃদ্ধি পোৱা যেন হৈছে যত নেকি শীতকালীন ফল-মূল আৰু পাচলিৰ আগমণৰ হেতু মৃদুভৱনৰ পৰিণামখিনি গিলি পেলোৱাৰ সম্ভাৱনা আছে।

৪০. গৃহস্থালীৰ স্ফীতি প্ৰত্যাশাবোৰ ঘনীভূত হৈছে আৰু গ্ৰাহক আস্থা উপেক্ষা কৰিবলৈ লৈছে। লাগত ব্যয়ৰ ওপৰত পৰা চাপে অচিৰে কোম্পানীবোৰক সেইখিনি বিক্ৰীমূল্যলৈ ঠেলিবলৈ বাধ্য কৰিব যিহেতু এই ব্যয়খিনি শোষণ কৰিব পৰাকৈ তেওঁলোকৰ পাৰ্শ্বৰাশি পৰ্যাপ্ত নহয়। বিত্তীয় বজাৰবোৰে, বিশেষকৈ বণ্ড বজাৰ অংশটোৱে বৰ্ধিত স্ফীতিৰ গোন্ধ পাইছে। বছৰটোত অদ্যপৰিমিত বজাৰবোৰ বন্দী কৰি ৰখা চলনিধিৰ ঘাটিখিনিক চলনিধি সঞ্চলনৰ দ্বাৰা ক্ৰমান্বয়ে পৰিপূৰিত কৰা হৈছে আৰু বজাৰ সুস্থিৰকৰণ আঁচনি তথা বিদেশী মুদ্ৰা সঞ্চলনৰ অধীনত পৰিপক্ক হব ধৰা প্ৰত্যাভূতিবোৰ অৱধাৰণ কৰি, বিত্তীয় বছৰটো শেষ হোৱাৰ আগতে নিষ্ক্ৰীয়াত্মক স্থিতি এটা ওলাবলৈ পাৰে।

৪১. মৌদ্ৰিক নীতি স্থিতিত এৰাধৰাৰ বৰ্তমান পৰ্যায়টো- ২০০ বেছিচ পইণ্টেৰে নীতিগত হাৰ কৰ্তন কৰাটো হৈছে, গোলকীয় বিত্তীয় সংকট মোচনৰ ক্ষেত্ৰত গভীৰতম অন্তৰায়। লগতে, ই অতি সম্পূৰ্ণকৈ সংবাহিত হৈছে। মোৰ মতে, এই পৰ্বটো পুৰঠ হৈছে, এতিয়া সময় হৈছে ইয়াৰ অৱসান সংকেত দিয়াৰ আৰু চলনিধি ব্যৱস্থাপনাৰ উত্থানমুখী স্থিতিৰ সংগতিৰে, এৰাধৰাখিনিৰ প্ৰত্যাহাৰ আৰম্ভ কৰাৰ।

৪২. এইটো নহয় যে মই বিকাশৰ বিষয়ে আত্মপ্ৰত্যয়শীল, বৰঞ্চ বহু নিলগতহে। মোৰ মনে ধৰিছে যে দ্বিতীয় ত্ৰিমাসিকত শুভলক্ষণখিনি লাগতদ্ৰব্যৰ সম্পূৰ্তিৰ বোকোচাতহে হৈছিল, আৰু এইটো স্থায়ী-ভিত্তিক হয় নে নহয় কবলৈ আমাক অধিকতৰ অন্তঃগামী ডেটাৰ প্ৰয়োজন হব। বিনিয়োগ মনোভাৱ সুপ্ত হৈয়ে আছে, মূলধন গঠনৰ হাৰত উপৰ্যুপৰি মন্থৰতালৈ চাই কব পাৰি। সামগ্ৰী আৰু ফেক্টৰ বজাৰবোৰক উন্মোচিত কৰা, প্ৰৱেশ আৰু প্ৰস্থানৰ প্ৰতিবন্ধকতাবোৰ আঁতৰোৱা, আৰু সৰ্বত্ৰে উত্পাদনশীলতা তথা প্ৰতিযোগিতা উন্মুখিতা সঞ্চাৰ কৰিব পৰাকৈ বলিষ্ঠ সংস্কাৰৰ প্ৰয়োজন। বিকাশে কঠিন ভূমি পাই গলে ই নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত মুদ্ৰাস্ফীতি বৰ্তাই ৰাখিবগৈ পাৰে।

৪৩. মৌদ্ৰিক নীতিৰ বাবে সষ্টম হোৱাৰ আৰু আগত গৈ ভৰি থবলৈ সাজু হোৱাৰ সময় আহিল।

ড০ বিৰাল ভি. আচাৰ্য্যৰ বক্তব্য

৪৪. গোলকীয় সামগ্ৰী চক্ৰটোৱে এতিয়া তেলৰ মূল্য সম্প্ৰতি প্ৰতিক্ষিপ্ত হোৱাৰ পাক সলোৱা যেন লাগিছে। ই অৰ্থনীতিত পৰ্যাপ্ত লাগত ব্যয় চাপ সৃষ্টি কৰিছে, যিটো কোনোবা পৰ্যায়ত গৈ খুচুৰা মূল্যত পৰিব পাৰে। পাচলিৰ মূল্যও গজগজীয়া হৈ উঠিছে, শীতকালীন মূল্য শিথিলকৰণ কিমান হবগৈ অনিশ্চিত কৰি। এই কাৰকবোৰে শিৰোনাম স্ফীতিক এনে এক ক্ষেপন পথলৈ নিব যিটোৱে এমপিচিৰ ৪ শতাংশৰ লক্ষ্য বেছি সোনকালেই অতিক্ৰম কৰাৰ সম্ভাৱনা আছে আৰু মধ্যম্যাদত লক্ষ্যৰ ওপৰতে সম্ভাৱনা আছে (ঘৰভাড়া বানচৰ প্ৰভাৱটো বাদ দিলেও)।

৪৫. তেলৰ মূল্য বিৱৰ্তন এক বিশেষ উদ্বেগৰ কাৰণ। শ্বেল গেছৰ সঁহাৰি যিয়ে নহওক, উন্নত গোলকীয় চাহিদাই অপেকৰ উত্পাদন কৰ্তনৰ ব্যাপ্তিৰ লগত সংগতি ৰাখি তৈল মূল্য গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যেন লাগিছে। এই ঘটনাক্ৰমে জটিল ঘৰুৱা নীতি প্ৰত্যাহ্বান চপাইছে – উপকৰত প্ৰতিচক্ৰীয় সমাযোজনৰ বাবে অন্য ঠাইত ৰাজস্ব সুষমীকৰণৰ আৱশ্যক হব, যিহেতু এনে সমাযোজনৰ অভাৱে ঘৰুৱা স্ফীতিত চাপ সূচাব (অস্থায়ীভাৱে সুপ্ত, যিহেতু পাম্পবোৰলৈ মূল্য ঠেলাটো তাত্ক্ষণিক হোৱা নাই)।

৪৬. সামগ্ৰী চক্ৰ ওপৰমুৱা হোৱাত বাণিজ্যৰ সামগ্ৰিক ম্যাদবোৰত বিৰুপ পৰিৱৰ্তনে বিকাশৰ চালকবোৰক দুৰ্বল কৰাৰ সম্ভাৱনা আছে। তত্সত্ত্বেও যোৱা ত্ৰিমাসিকত বিকাশ চাপৰ লগতে বিগত মাহকেইটাত প্ৰকৃত অৰ্থনৈতিক কাৰ্যকলাপৰ কেতবোৰ হাই-ফ্ৰিকুৱেন্সি সূচকতো কিছু সকাহ পৰিলক্ষিত হৈছে। আমাৰ গৱেষক দলৰ নিৰ্গম ব্যৱধান প্ৰাককলনত কিছু সামৰণি দেখুৱাইছে, উন্নত ঋণ বৃদ্ধি আৰু বাণিজ্যিক খণ্ডটোলৈ বিত্তীয় সম্পদৰ সামগ্ৰিক স্ৰোতক আংশিকভাৱে প্ৰতিফলিত কৰি।

৪৭. বৰ্তমানৰ নিম্ন সামৰ্থ্য প্ৰয়োগ আৰু উচ্চ লাগতকৈ চাই নিৰ্গম ব্যৱধান কিছু ঋণাত্মক হৈ আছে. অৱশ্যে কেইবাটাও পীড়িত খণ্ডলৈ ঋণ প্ৰবাহ উন্নত হৈ আহিছে যিটোৱে পৰৱৰ্ত্তী বৰ্ষটোত উন্নত বিনিয়োগৰ পথ প্ৰশস্ত কৰিব। দেউলিয়াপন আৰু নিঃস্বতা বিধি (IBC) লৈ প্ৰেৰণ কৰা গোচৰবোৰৰ মীমাংসা হবলৈ ললে সুংবদ্ধকৰণ সূচল হব আৰু মূল্যৰোপন ক্ষমতাও পুনৰপ্ৰাপ্ত হৈ এই প্ৰক্ৰিয়াটোক অধিক সমৰ্থনপুষ্ট কৰিব। ৰাজহুৱা খণ্ড বেংকবোৰে মূলধন সংগ্ৰহ কৰিবলৈ ললে চৰকাৰৰ পৰা পুনৰ মূলধনী-সঞ্চাৰ লাভ কৰিব আৰু সংস্কাৰ সাধন কৰিব আৰু তেতিয়া অৰ্থব্যৱস্থাৰ উত্পাদনশীল খণ্ডবোৰলৈ ঋণ স্ৰোত বৃদ্ধি পাব।

৪৮. বৰ্তমান সন্ধিক্ষণত এৰাধৰাৰ বাবে নাইবা কৌশলগত স্থিতিৰ কোনো পৰিৱৰ্তনৰ বাবে সামান্য অৱকাশহে আছে। গতিকে, মই নিৰপেক্ষ স্থিতি সহকাৰে ৰেপ হাৰ ৬.০ শতাংশতে ৰখাৰ হকে মতদান কৰিলো। অন্তৰ্গামী উপাত্তবোৰে নীতিটো আগবঢ়াই নিয়াত মুখ্য ভূমিকা লৈ যাব। মই (১) পণ্য আৰু সেৱা কৰ ৰূপায়ণ প্ৰক্ৰিয়া সুস্থিৰ হোৱালৈকে মূল্য পৰ্যায়বোৰত জিএছটিৰ প্ৰভাৱ বুজিবলৈ, (২) জিভিএ প্ৰস্তুতকৰণত বিকাশ পুনৰুত্থানৰ পৰিপক্কতা সমাগত মাহকেইটাত নিৰূপণ কৰিবলৈ, আৰু (৩) ভাৰতীয় অৰ্থনীতি আৰু বজাৰবোৰত সামগ্ৰী মূল্যৰ প্ৰভাৱবোৰ নিৰীক্ষণ কৰিবলৈ আগ্ৰহী হৈ আছো। সমান্তৰালভাৱে ৰিজাৰ্ভ বেংকে ইয়াৰ নীতি হাৰ কাৰ্যব্যৱস্থাবোৰ বেংকৰ পৰা ঋণীলৈ সংবাহন উন্নত কৰিবৰ কাৰণে বিকল্পবোৰ অধ্যয়ন কৰি আছে।

ড০ উৰজিত্ আৰ. পেটেলৰ বক্তব্য

৪৯. অক্টোবৰত খাদ্য মূল্যৰ অপ্ৰত্যাশিত দৃঢ়ীভৱন সত্ত্বেও মুদ্ৰাস্ফীতি দৃশ্যপট মোটামুটি প্ৰত্যাশিত দিশতে উদ্ভাসিত হৈছে। (গোটেই বছৰটোতে চাপবোৰ উদ্বায়ী হৈ থকা কাৰণে মই মোটামুটি বুলি কৈছো)। মুদ্ৰাস্ফীতি এতিয়া সামান্য ওপৰত আগবাঢ়ি থাকিব বুলি পূৰ্বানুমান কৰা হৈছে কিয়নো সম্প্ৰতি তৈল মূল্য বৃদ্ধি অপৰিৱৰ্ত্তিত থকাৰ সম্ভাৱনা আছে। খাদ্য মূল্য স্ফীতি, পাচলিৰ নেতৃত্বত, অতি বিষম হৈ আছে, পিছে দাইলত বিস্ফীতি অটুট আছে। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ ঘৰ ভাড়া বানচ বৃদ্ধিৰ আবাসন স্ফীতিত পৰা প্ৰভাৱখিনি ডিচেম্বৰত তুংগত উঠিব।

৫০. পূৰ্বানুমিত স্ফীতি প্ৰক্ষেপপথলৈ কেইবাটাও বিপদশংকা আহিছে। প্ৰথমে ৰিজাৰ্ভ বেংকৰ শেহতীয়া লানি জৰীপত তিনিমাহ-পূৰ্ব আৰু এবছৰ-পূৰ্ব উভয় অবধিৰ বাবে গৃহস্থালি স্ফীতি প্ৰত্যাশাবোৰ বাঢ়ি গৈছে। বৰ্তমানৰ পৰ্যায়তকৈ দ্ৰুততৰ হাৰেৰে মুদ্ৰাস্ফীতি আশা কৰা গৃহস্থালিৰ শতকৰা অংশটো শেহ-২০১৩ৰ পাছতে সৰ্বোচ্চ আছিল। দ্বিতীয়তে, প্ৰস্তুতকাৰী আৰু সেৱা উভয় খণ্ডৰ সৰ্বত্ৰে লাগত ব্যয় চাপে উত্পাদন মূল্যলৈ ঠেলা মৰাৰ বিপদশংকা বঢ়াইছে, বিশেষতঃ বছৰটোৰ দ্বিতীয়াৰ্ধত বিকাশ সংবেদবোৰ শক্তিমন্ত হোৱাৰ সম্ভাৱনা হেতুকে। তৃতীয়তে ৰাজস্ব অপগমন উদ্বেগ দীৰ্ঘসূত্ৰী হৈছে। এই বিপদশংকাবোৰ বাস্তৱত আহিবলৈ ললে, স্ফীতি সম্ভাৱনাক প্ৰভাৱিত কৰিব। স্ফীতি প্ৰক্ষেপপথলৈ আহিব পৰা এই বিপদশংকাবোৰ অৱশ্যে কিছু পৰিমাণে মোচন কৰিব পৰা যাব, যদিহে পাচলিৰ মূল্যত ঋতুগত সংযততা আহে আৰু কেইবিধমান পণ্য তথা সেৱাত জিএছটি হ্ৰাসৰ সুফলখিনি খুচুৰা মূল্যলৈ প্ৰক্ষেপিত হয়, আশা কৰা ধৰণে।

৫১. ২০১৭-১৮ৰ দ্বিতীয় ত্ৰিমাসিকত (অক্টোবৰৰ পূৰ্বানুমান মতে) মুঠ মূল্য সংযোজন বিকাশত গতিবৃদ্ধিয়ে সন্তোষ আনিছে, বিশেষকৈ প্ৰস্তুতকাৰী খণ্ডত চকুতলগা বৃদ্ধিৰ দ্বাৰা ই পৰিচালিত হোৱা কাৰণে। মুঠ মূলধন গঠনত বৃদ্ধিয়ে সকাহ অব্যাহত ৰাখিছে। আগবাঢ়ি যাওতে, নিম্ন ৰবিখেতি আৰু জলাধাৰৰ নিম্নস্তৰে কৃষি কাৰ্যকলাপলৈ নিম্নমুখী বিপদশংকা চপাইছে। অৱশ্যে ঔদ্যোগিক দিশত, ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপে তৃতীয় ত্ৰিমাসিকত প্ৰস্তুতকাৰী খণ্ড ব্যৱসায় প্ৰত্যাশাত উন্নতি ঘটাৰ আভাস দিছে। সেৱা খণ্ড কাৰ্যকলাপৰ বিভিন্ন সূচকবোৰে অৱশ্যে এখন মিশ্ৰিত ছবি দাঙি ধৰিছে। প্ৰাথমিক মূলধনী বজাৰৰ পৰা বৃহত্ মূলধন সংগ্ৰহ আৰু বেংক ঋণ বিকাশত গতিবৃদ্ধিয়ে প্ৰতিপলিত কৰা মতে, বিগত সময়ছোৱাত বিত্তীয় স্থিতিবোৰৰ চমকপ্ৰদ উন্নতি ঘটিছে. এইবিলাকে হয়তো বিনিয়োগ চক্ৰ এটাত বহু-প্ৰতিক্ষিত (মাৰ্জিত) শুভ লক্ষণ সূচাইছে।

৫২, স্থূল অৰ্থনৈতিক পৰিস্থিতি অক্টোবৰ,২০১৭ত অনুষ্ঠিত এমপিচিৰ যোৱাখন বৈঠকৰ পাছত সামগ্ৰিকভাৱে অপৰিৱৰ্ত্তিত আছে। অৱশ্যে খাৰুৱা তেল মূল্যত সাম্প্ৰতিক বৃদ্ধি চিন্তাৰ বিষয় হৈ পৰিছে। একাধিক অনিশ্চয়তা, বিশেষকৈ ৰাজস্ব আৰু পৰৰাষ্ট্ৰীয় খণ্ডত এতিয়াও আছে। সেয়ে, অত্যন্ত সতৰ্কতাৰ বিশেষ প্ৰয়োজন। এতেকে নিৰপেক্ষ স্থিতি অব্যাহত ৰাখি, নীতি হাৰত পূৰ্বাৱস্থা বাহাল ৰখাৰ সপক্ষে মই মতদান কৰিলো, অন্তৰ্গামী উপাত্তবোৰলৈ সমূচিত সঁহাৰি দিবলৈ ই আমাক স্থিতিস্থাপকতা প্ৰদান কৰিব।

জোছ জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/১৬৯১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?