RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491251

মৌদ্ৰিক নীতি সমিটিৰ বৈঠক ৬-৭ ডিচেম্বৰ, ২০১৬ৰ কাৰ্যবিৱৰণী (ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫জেদ এলৰ অধীনত)

২১ ডিচেম্বৰ, ২০১৬

মৌদ্ৰিক নীতি সমিটিৰ বৈঠক ৬-৭ ডিচেম্বৰ, ২০১৬ৰ কাৰ্যবিৱৰণী
(ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫জেদ এলৰ অধীনত)

ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫জেদ বিৰ অধীনত গঠিত মৌদ্ৰিক নীতি কমিটী (এম পি চি)ৰ দ্বিতীয়খন বৈঠক, ভাৰতীয় ৰিজাৰ্ভ বেংক মুম্বাইত ৬ আৰু ৭ ডিচেম্বৰ, ২০১৬ত অনুষ্ঠিত হয়।

২. বৈঠকত সকলোকেইগৰাকী সদস্য ড০ চেতন ঘাটে, অধ্যাপক, ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান, ড০ পমি ডুৱা, সঞ্চালক, দিল্লী অৰ্থনীতি বিদ্যালয় আৰু ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, অধ্যাপক, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ, ড০ মাইকেল দেবব্ৰত পাত্ৰ, কাৰ্যবাহী সঞ্চালক (ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫জেদ বি (২)(গ)ৰ অধীনত কেন্দ্ৰীয় বোৰ্ডৰ দ্বাৰা মনোনীত বেংকৰ বিষয়া), ড০ আৰ গান্ধী, মৌদ্ৰিক নীতিৰ প্ৰভাৰী ডেপুটী গৱৰ্ণৰ উপস্থিত থাকে আৰু ড০ উৰজিত পেটেল, গৱৰ্ণৰে অধ্যক্ষতা কৰে।

৩. ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ জেদ এল মতে ৰিজাৰ্ভ বেংকে মৌদ্ৰিক নীতি কমিটীৰ প্ৰতিখন বৈঠকৰ চতুৰ্দশ দিনা বৈঠকখনকৰ কাৰ্যবিৱৰণী প্ৰকাশ কৰিব যত নিম্নোক্তখিনি অন্তৰ্ভুক্ত হব, যথা –

(ক) মৌদ্ৰিক নীতি কমিটীৰ বৈঠকত গৃহীত প্ৰস্তাৱ।

(খ) উক্ত বৈঠকত গৃহীত প্ৰস্তাৱ এনে সদস্যৰ নামত, মৌদ্ৰিক নীতি কমিটীৰ প্ৰতিগৰাকী সদস্যৰ মত উল্লেখ থাকিব, আৰু

(গ) ধাৰা ৪৫ জেদ আইৰ উপধাৰা ১১ৰ অন্তৰ্গত মৌদ্ৰিক নীতি কমিটীৰ প্ৰতিগৰাকী সদস্যৰ বক্তব্য উক্ত বৈঠকৰ প্ৰস্তাৱত গৃহীত প্ৰস্তাৱত সন্নিৱিষ্ট হব।

৪. এম পি চিয়ে, গ্ৰাহক আস্থা, গৃহস্থালীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা, কোম্পানী খণ্ডৰ কাম-কাজ, ঋণ পৰিস্থিতি, ঔদ্যোগিক, সেৱা তথা আন্তঃগাঁথনি খণ্ডৰ দৃষ্টিকোণ আৰু বৃত্তিধাৰী পূৰ্বাভাসকসকলৰ প্ৰাককলনবোৰ পৰিমাপ কৰিবলৈ চলোৱা ৰিজাৰ্ভ বেংকৰ জৰীপবোৰ পুনৰীক্ষণ কৰে। কমিটীয়ে কৰ্মচাৰীৰ স্থূল অৰ্থনৈতিক পূৰ্বানুমানবোৰ আৰু ভৱিষ্যত সম্ভাৱনাৰ বিপদশংকাবোৰৰ চৌপাশে থকা বিকল্প দৃশ্যপটৰ পুংখানুপুংখ পৰ্যালোচোনা কৰে, ওপৰোক্ত পৰিপ্ৰেক্ষা আৰু বিস্তাৰিত আলোচনাৰ অন্তত এম পি চিয়ে তলৰ প্ৰস্তাৱটো গ্ৰহণ কৰে।

প্ৰস্তাৱ

৫. প্ৰচলিত আৰু উদীয়মান স্থূল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত আজিৰ বৈঠকত মৌদ্ৰিক নীতি কমিটীয়ে এই মৰ্মে কৰিবলৈ সিদ্ধান্ত লয়-

নগদী সমিলমিল সুবিধাৰ (এল এফৰ) অন্তৰ্গত নীতিগত ৰেপ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰাখিবলৈ।

৬. গতিকে ৰিজাৰ্ভ ৰেপ হাৰ এল এফৰ অধীনত ৫.৭৫ শতাংশত অপৰিৱৰ্তিত থাকিব আৰু উপান্ত স্থায়ী সুবিধা (এম এছ এফ) হাৰ তথা বেংক হাৰ ৬.৭৫ শতাংশত থাকিব।

৭. এম পি চিৰ সিদ্ধান্ত গ্ৰাহক মূল্য সূচাংক স্ফীতি (চি পি আই) ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকলৈ ৫ শতাংশত ৰখাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আৰু বিকাশ সমৰ্থক ২ শতাংশ কম-বেছিৰে ইয়াক ৪ শতাংশৰ মধ্যম্যাদী লক্ষ্যৰ বাবে গ্ৰহণ কৰা মৌদ্ৰিক নীতি কৌশলৰ সৈতে সামঞ্জস্যপূৰ্ণ। এই সিদ্ধান্তৰ অন্তৰ্নিহিত প্ৰধান বিবেচনাসমূহ তলৰ প্ৰবিৱৰণত উপস্থাপন কৰা হল-

মূল্যায়ন

৮. গোলকীয় বিকাশ প্ৰথমাৰ্দ্ধত সীমিত হোৱাৰ পাছত দ্বিতীয়াৰ্ধত সংযতভাৱে উৰ্দ্ধগামী হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত উৰ্দ্ধমুখী প্ৰৱণতাৰে, উন্নত অৰ্থব্যৱস্থাবোৰত (এইবোৰত) ইতস্থতাৰে উন্নত হবলৈ লয়। বজাৰ অৰ্থনীতিসমূহত (ই এম ই) বিকাশ মজললীয়া হয় যদিও চীনৰ নীতিগত উত্তেজক আৰু বৃহত্ সামগ্ৰী ৰপ্তানিকাৰকৰ চাপ হ্ৰাস পোৱাত গতি ক্ষীপ্ৰ হয়। বিশ্ব বাণিজ্য জুলাই-আগষ্টত নিম্নগামী হোৱাৰ পৰা উথ্বিত হৈ সুস্থিৰতাৰ প্ৰৱণতা লয়। কেতবোৰ এ-ইত মুদ্ৰাস্ফীতি লক্ষ্যত বহুত তলত থাকে আৰু ই-এম-ইবোৰত সহজ হবলৈ লয়। ইউৰো অঞ্চল যুক্তৰাজ্যৰ অদ্যাপি অব্যাহত ৰাজনৈতিক বিপদশংকা, উথ্বিত ভূ-ৰাজনৈতিক বিপদশংকা আৰু বিত্তীয় বজাৰৰ অস্থিৰতাই মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান আৰু চীনৰ বিত্তীয় নীতিৰ আৰু ই এম ইৰ নিম্নমুখী চাপ লাঘৱ প্ৰক্ৰিয়া প্ৰভাৱিত কৰিছে।

৯. মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলে আন্তৰ্জাতিক বিত্তীয় বজাৰ প্ৰভাৱতি কৰিছে আৰু প্ৰাপ্ত তথ্যই ফেডাৰেল ৰিজাৰ্ভৰ দ্বাৰা মৌদ্ৰিক নীতি কঠোৰ হোৱাৰ আভাস দিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইকুইটিত বিপদশংকাৰ কাৰকতাই ই এম ইবিলাকৰ পৰা মূলধনৰ বৰ্হিগমন ঘটাই সিবিলাকৰ মুদ্ৰা তথা ইকুইটি বজাৰলৈ সংকট চপায়। নিৰ্বাচনী ফলাফলৰ পাছত মাৰ্কিন ডলাৰৰ উৰ্দ্ধগতিয়ে বিশ্বজুৰি মুদ্ৰামূল্য অৱনমিত কৰিছে। মাৰ্কিন নিৰ্বাচনী ফলাফলৰ পাছত ডলাৰৰ ওচৰত সোণে সেও মনাত সোণৰ বাদে সামগ্ৰী বজাৰত চাহিদা বৃদ্ধি পাবলৈ লয়। উত্পাদন কৰ্তন কৰিবলৈ অপেকে লোৱা সিদ্ধান্তৰ বাবে খাৰুৱা তেলৰ মূল্য দৃঢ়মুখী হৈছে।

১০. ঘৰুৱা দিশৰ ঔদ্যোগিক কাৰ্যকলাপ আশা সবাতোকৈ অধিক মন্থৰ হোৱাত ২০১৬-১৭ৰ দ্বিতীয় ত্ৰিমাসিকৰ প্ৰকৃত মুঠ মুল্য সংযোজনৰ বিকাশ লক্ষ্যতকৈ তলত ৰয়। দুৰ্বল চাহিদা অৱস্থা আৰু উত্পাদন ব্যয় বৃদ্ধিয়ে কোম্পানী খণ্ডক নিৰূত্সাহিত কৰাত প্ৰস্তুতকাৰক কাৰ্যকলাপ মন্থৰ হৈ আহে। মুঠ মূলধনী গঠন তৃতীয় দ্বিমাসিক সংকুচিত হয়। চৰকাৰী অন্তিম ভোগ ব্যয় হ্ৰাস পালেও ই বেচৰকাৰী অন্তিম ভোগ ব্যয় পুষ্ট কৰে। ৰপ্তানি সৰ্বকলাপ ধনাত্মক হয় যদিও তুলনামূলকভাৱে আমদানি সংকুচিত হয়।

১১. তৃতীয় ত্ৰিমাসিক ক্ষেত্ৰত নিৰ্দিষ্ট বেংকনোট (এছ বি এন) প্ৰত্যাহাৰান্তিক পৰিস্থিতিয়ে মূল্যায়ন ধূসৰ কৰিছে বুলি কমিটীয়ে অনুভৱ কৰে। এবছৰ আগৰ তুলনাত প্ৰধান ৰবি শস্যসমূহৰ উত্পাদন দ্বিতীয় ত্ৰিমাসিকৰ উন্নত কৃষি অৱস্থামুখী হবগৈ লাগে। ইয়াৰ বিপৰীতে ঔদ্যোগিক কাৰ্যকলাপ দুৰ্বল হয়। ঔদ্যোগিক উত্পাদন সূচাংকত মুখ্য উদ্যোগসমূহৰ ভিতৰত কয়লাৰ উত্পাদন চাহিদা হ্ৰাস পোৱা হেতুকে অক্টোবৰত সংকুচিত হয় আৰু গাঁথনিগত আহুকালৰ বাবে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উত্পাদন হ্ৰাস পায়। চিমেণ্ট, সাৰ আৰু বিদ্যুতৰ নিম্নগামী উত্পাদনে অন্তৰ্নিহিত অৰ্থনৈতিক কাৰ্যকালপক প্ৰতিফলিত কৰে। তীখাৰ উত্পাদন ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হয় আৰু শোধনাগাৰৰ উত্পাদনো দ্ৰুতগামী হৈ থাকে। এছ বি এন প্ৰত্যাহাৰে মমজুৰি প্ৰদান আৰু কেঁচা মাল ক্ৰয় বিঘ্নিত কৰাত নৱেম্বৰ-ডিচেম্বৰত ঔদ্যোগিক কাৰ্যকলাপৰ কোনো কোনো অংশক সাময়িকভাৱে প্ৰভাৱিত কৰিব পাৰে যদিও বা বিস্তৃত মূল্যায়ন সম্পূৰ্ণ হোৱা নাই। সেৱা খণ্ডত নিৰ্মাণ, কাৰবাৰ, পৰিবহন, হোটেল আৰু যোগাযোগ, উদ্যোগ এছ-বি-এনে সাময়িকবাৱে বিঘ্নিত কৰে যদিও সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ, এক ৰেংক এক পেন্সন (অ আৰ অ পি) ব্যৱস্থা পৰিৱৰ্তনে প্ৰতিৰক্ষা, ৰাজহুৱা প্ৰশাসন আৰু অন্যান্য সেৱাসমূহ স্বচ্ছল কৰি ৰাখিব। নিম্নব্যয়ী জমালৈ বৃহত্ পৰিমাণৰ অন্তঃশ্ৰোতে বিত্তীয় সেৱাসমূহক হ্ৰস্বকালীন উত্সাহ দিয়াৰ সম্ভাৱনা আছে।

১২. শীৰ্ষ গ্ৰাহক মূল্য সূচাংকৰে পৰিমাপিত খুকুচা স্ফীতি একেৰাহে তৃ-তীয় মাহলৈ অক্টোবৰত শাক-পাচলিৰ মূল্য ডাটাই সহজ কৰি ৰাখে। অৱশ্যে মাহে মাহে সামগ্ৰিকভাৱে মূল্য পৰিস্থিতি গতিশীল হৈ আছে। দানাদাৰ শস্য, মাহজাতীয় শস্য, সংসাধিত খাদ্যৰ লগতে চেনীৰ বৰ্দ্ধিত মূল্যই খাদ্যমূল্য গতিশীল কৰাত খাদ্য মুদ্ৰাস্ফীতি আংশিকভাৱে শিথিল কৰে। ইন্ধন শ্ৰেণীত, বাৰ্ষিক ভিত্তিত এল-পি-জিৰ মূল্য হ্ৰাস আৰু এমাহ আগৰ পৰা বিদ্যুত্ মূল্যৰ অৱনতিয়ে স্ফীতি সহজ কৰি তোলে। স্বাস্থ্য, শিক্ষা, চিকিত্সাৰ লগতে পৰিবহন আৰু যোগাযোগ সেৱাৰ বৃদ্ধিয়ে এই শ্ৰেণীটোৰ স্ফীতি আঠালেটীয়া কৰে।

১৩. নগদী অৱস্থা তৃতীয় ত্ৰিমাসিক অদ্যপৰিমিত বৃহত্ পৰিৱৰ্তনমুখী হৈ আছে। অক্টোবৰ আৰু প্ৰাৰম্ভিক নৱেম্বৰত ৰাহি অৱস্থাক ৯ নৱেম্বৰৰ পৰা এছ-বি-এন প্ৰত্যাহাৰে সম্প্ৰসাৰিত কৰে। প্ৰচলনৰত মুদ্ৰা ২ ডিচেম্বৰলৈ ৭.৪ ত্ৰিলিয়ন টকা হ্ৰাস পোৱাত বেংকিং প্ৰণালীলৈ শুদ্ধ বদলি, জমাৰ বৃহত্ বৃদ্ধিয়ে অতিৰিক্ত আৰক্ষ চমকপ্ৰদভাৱে বৃদ্ধি কৰে। ৰিজাৰ্ভ বেংকে ইয়াৰ নগদী পৰিচালনা ত্বৰান্বিত কৰি ৫.২ ত্ৰিলিয়ন টকাৰ নগদী পোষণ কৰে। ৰিজাৰ্ভ বেংকে এল-এ-এফৰ অধীনত চৰকাৰে জাৰি কৰা অইল বণ্ডকযোগে প্ৰতিভূতি হবলৈ দিয়ে। প্ৰণালীৰ পৰা অতিৰিক্ত নগদী স্থিতি নিষ্কাশিত কৰাৰ সাময়িক ব্যৱস্থা হিচাপে ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা পষেকটোৰ পৰা ১৬ ছেপ্টেম্বৰ,২০১৬ৰ পৰা ১১ নৱেম্বৰ,২০১৬ৰ মাহৰ শুদ্ধ চাহিদা আৰু কালীন দায়বদ্ধতা (এন-ডি-টি-এল)ত ক্ৰমবৰ্দ্ধমান ১০০ শতাংশ চি-আৰ-আৰ প্ৰয়োগ কৰে। নগদী পোষণৰ বাবে গৃহীত ব্যৱস্থাৰ পৰিণাম স্বৰূপে অৰ্থবহাৰ পৰিস্থিতি আটিল হৈ পৰে। ৬ ডিচেম্বৰ,২০১৬লৈ এম -এছ-এছৰ অধীনত নগদ ব্যৱস্থাপনা বিলৰ ১.৪ ত্ৰিলিয়ন টকা তিনিবাৰ জাৰি কৰা হয়।

১৪. পৰৰাষ্ট্ৰ খণ্ডত, ভাৰতৰ পণ্য ৰপ্তানি ছেপ্টেম্বৰ-অক্টোবৰত পুনৰ উত্সাহিত হয়। ২২ মাহজোৰা অৱনতিৰ পাছত সোণ আমদানিৰ আকাৰ বৃদ্ধিৰে অক্টোবৰত আমদানি উৰ্ধমুখী হয়। ৭ মাহৰ পাছত অনা-তৈল আৰু অনা-স্বৰ্ণ আমদানি বৃদ্ধি ধনাত্মক হয়। এবছৰ আগৰ তুলনাত এপ্ৰিল-অক্টোবৰ সময়ছোৱাত পণ্য বাণিজ্য ঘাটি ২৫ বিলিয়ন মাৰ্কিন ডলাৰ কম হয়। কাৰেণ্ট একাউণ্ট ঘাটিও মুক হৈ থকাৰ আশা আছে। শুদ্ধ বিদেশী প্ৰত্যক্ষ বিনিয়োগ যথেষ্ট বৃদ্ধি পোৱাত ইয়াৰ অৰ্ধাংশৰ অধিক ৰাশিয়ে প্ৰস্তুতকৰণ, যোগাযোগ আৰু বিত্তীয় সেৱা পুষ্ট কৰে। অক্টোবৰ-নৱেম্বৰত ৭.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰ্টফলীয় বিনিয়োগ বহিৰ্গমন ঘটে আৰু আমেৰিকাৰ নিৰ্বাচনী ফলাফলে দেশখন মৌদ্ৰিক নীতিৰ সম্ভাৰ ৰূক্ষতাই ঘৰুৱা স্থিতি শক্তিশালী হোৱাৰ আভাস দিয়ে। ২ ডিচেম্বৰ,২০১৬ত বিদেশী বিনিময় আৰক্ষণৰ পৰ্যায় আছিল ৩৬৪ বিলিয়ন মাৰ্কিন ডলাৰ।

ভৱিষ্যত সম্ভাৱনা

১৫. কমিটীয়ে অক্টোবৰত সামগ্ৰিক স্ফীতি অনুকূল থকা সত্বেও কেইবাবিধো দ্ৰৱ্যৰ মূল্য উৰ্দ্ধমুখী হোৱাৰ বিষয়টো বিবেচনা কৰে। কিছু যোগানবিহীন সত্বেও এছ বি এন প্ৰত্যাহাৰ হেতুকে নৱেম্বৰৰ আকস্মিক চাহিদা সংকোচনে পচনশীল সামগ্ৰীৰ মূল্য নিম্নগামী কৰিব পাৰে। আনহাতে ঘেঁহু, বুট আৰু চেনীৰ মূল্য দৃঢ়িভূত হৈছে। খাদ্য আৰু ইন্ধন বাদে সামগ্ৰী আৰু সেৱাত ঐচ্ছিক ব্যয় নগদ নাটনিৰ বাবে ক্ষতিগ্ৰস্ত হোৱাত এিবোৰ পণ্যৰ মূল্যই সাময়িক প্ৰভাৱবোৰ লাঘৱ কৰিব পাৰে। এইবিলাকে চি পি আইৰ ১৬ শতাংশ দখল কৰে। চি পি আইৰ ৩৮ শতাংশ অধিকাৰ কৰা আৱাস, ইন্ধন আৰু পোহৰ, স্বাস্থ্য, পৰিবহন আৰু যোগাযোগ, পান, ধঁপাত আৰু নিচাপ্ৰদায়ক দ্ৰৱ্য আৰু শিক্ষাৰ মূল্য বেছি ক্ষতিগ্ৰস্ত নোহোৱাকৈ থাকিব পাৰে। খাদ্যমূল্যৰ শীতকালীন স্বাভাৱিক শিথিলতা বিঘিনী হেতুকে নাহিলে খাদ্যমূল্য চাপ পুনৰ উঙ্গিত হবগৈ পাৰে। উত্পাদন গঠন কৰিবলৈ অনেকে লোৱা ঐক্যমতে সমাগত মাহবোৰত খাৰুৱা তেলৰ মূল্য দৃঢ় কৰিবগৈ পাৰে। আমেৰিকাৰ সম্ভাৱ্য কঠোৰ মৌদ্ৰিক তথা বিত্তীয় নীতিকে ধৰি গোলকীয় ঘটনা প্ৰবাহে বিনিময় হ্ৰাস অস্থিৰ কৰি মুদ্ৰাস্ফীতিত অৰিহণা যোগাব পাৰে। এছ বি এন প্ৰত্যাহাৰে তৃতীয় ত্ৰিমাসিকত ১০-১৫ বেছিছ পইণ্ট পৰ্যাপ্ত স্ফীতি হ্ৰাস কৰিব পাৰে। এইবিলাক কৰিবলৈ চাই চতুৰ্থ ত্ৰিমাসিকত শীৰ্ষ স্ফীতি ৫ শতাংশত থাকিব বুলি অনুধাৱন কৰা হৈছে। অৱশ্যে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগোৰ অধীনত ঘৰভাৰা, বাচন বৃদ্ধিৰ প্ৰভাৱ নিৰূপণ কৰিবলৈ বাকী আছে আৰু বেছলাইন স্ফীতি পাঠত (সংচিত্ৰ-১)ত সন্নিৱিষ্ট হোৱা নাই।

১৬. ২০১৬-১৭ৰ জি ডি এ বিকাশৰ ভৱিষ্যত সম্ভাৱনা দ্বিতীয় ত্ৰিমাসিকত অভাৱনীয়ভাৱে ৫০ বেছিছ পইণ্ট হানি আৰু বৰ্তমানেও বাহাল থকা এছ বি এন প্ৰত্যাহাৰ প্ৰভাৱ হেতু অনিশ্চিত হৈ আছে। নিস্কট ম্যাদী নিম্নমুখী বিপদশংকাই (ক) খুচুৰা বেপাৰ, হোটেল তথা ৰেঁষ্টোৰা আৰু পৰিবহনৰ দৰে নগদবহুল খণ্ডবোৰৰ অৰ্থনৈতিক কাৰ্যকলাপ ক্ষণিক বিঘিনী ঘটাব পাৰে, (খ) চাহিদা সংকোচনৰ লগতে বিৰূপ সম্পদ প্ৰভাৱ সংঘটিত কৰিব পাৰে। তৃতীয় ত্ৰিমাসিকত সম্ভাৱ্য বিশাল গতিৰ মন্থৰতা আৰু বৰ্দ্ধিত সৃষ্টি উত্পাদনেৰে তথা সপ্তম দৰমহা আয়োগৰ ৰূপায়ণে পুনৰ স্বচ্ছলমুখী কৰাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৬-১৭ৰ জি ডি এ বিকাশ ৭.৬ শতাংশৰ পৰা ৭.১ শতাংশত স্থিৰ কৰা হৈছে (সংচিত্ৰ-২)।

১৭. নগদী ব্যৱস্থাপনা সংৰচনা এপ্ৰিলত শোধন কৰি নিয়মীয়া সুবিধাসমূহেৰে হ্ৰস্বম্যাদী নগদী চাহিদা পূৰণৰ যোগেদি বিকাশমুখী কৰা হয়। ৰিজাৰ্ভ বেংকে চলোৱা এনে ব্যৱস্থাপৱাৰে তৃতীয় ত্ৰিমাসিক নৱেম্বৰৰ আগভাগলৈ নগদী অৱস্থা সামান্য ৰাহি হৈ থাকে। চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে অ-এম-অ ক্ৰয়যোগে ৰিজাৰ্ভ বেংকে ১.১ ত্ৰিলিয়ন টকাৰ অন্তঃস্ৰোত ঘটায়। এছ বি এন বদলিৰ ফলত হোৱা বৃহত্ নগদী ৰাহি চম্ভালিবলৈ ব্যতিক্ৰমী অভিযান চলোৱা হয় যদিও ইয়াক ক্ষমস্থায়ী হিচাপে গণ্য কৰিব লগা হয়। ৰাহি নগদী চাপ লাঘৱ হোৱাৰ লগে লগে চিষ্টেম পৰ্যায়ৰ নগদীক বিমুক্ত স্থিতিলৈ অনাৰ কাৰণে ৰিজাৰ্ভ বেংকে নগদী অভিযান অব্যাহত ৰাখিব।

১৮. কমিটীৰ মতে বৰ্দ্ধিত অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত দ্বিমাসিক পৰ্যালোচনা হৈছে। গোলকীয়ভাৱে আমেৰিকাৰ আসন্ন ৰূঢ় মৌদ্ৰিক নীতিয়ে বিত্তীয় বজাৰবোৰ অস্থিৰ কৰি ৰাখিছে যাৰ প্ৰতিক্ৰিয়াই ই-এম-ই বিলাকৰ স্থূল অৰ্থনৈতিক স্থিতি সলনি কৰিবগৈ পাৰে। ভাৰতত মুদ্ৰা বদলিয়ে যোগান বিঘ্নিত কৰি এই বছৰ বিকাশ মন্থৰ কৰিব পাৰে যদিও তাৰ সম্পূৰ্ণ পৰিণাম বিচাৰৰ পূৰ্বে অধিকতৰ বিশ্লেষণ আৰু অভিজ্ঞতা ভিত্তিক অনুধাৱনৰ প্ৰয়োজন। হ্ৰস্বম্যাদী ঘটনাপ্ৰবাহে দৃষ্টিকোণ প্ৰভাৱিত কৰাটো স্বাভাৱিক যেতিয়া মৌদ্ৰিক নীতি কৌশল অৱলম্বনৰ বেলিকাও সতৰ্কতাৰ আৱশ্যক হয়। এই বিৰূপ প্ৰভাৱ স্থিতি সাময়িক বুলি অনেকে আশা কৰা মতে হয়, বিকাশ পুনৰ উত্সাহজনক স্থিতিলৈ পুনৰাগমন হবগৈ লাগে। মুদ্ৰাস্ফীতিৰ প্ৰসঙ্গত, শাক-পাচলিৰ বাবে খাদ্যমূল্য দৃঢ়ীভূত হৈ অহাৰ প্ৰৱণতা পৰিলক্ষিত হৈছে। খাদ্য আৰু ইন্ধন বাদে স্ফীতিও নিম্নমুখী অস্থিতিস্থাপকতা আন এক অস্বস্তিকৰ প্ৰৱণতা হিচাপে দেখা গৈছে। তদুপৰি খাৰুৱা তেলৰ অস্থিৰতা আৰু বিত্তীয় বজাৰসমূহৰ উত্তাল অৱস্থাই ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকৰ মুদ্ৰাস্ফীতি লক্ষ্যলৈ কিছু বিপদ চপাবগৈ পাৰে। সমগদ্ৰ পৰিস্থিতিৰ আধাৰত এছ বি এন প্ৰত্যাহাৰৰ ক্ষণস্থায়ী অথচ অস্পষ্ট প্ৰভাৱবোৰক সমুচিত বিবেচনাৰে মোদ্ৰিক নীতি দৃষ্টিকোণ লবলগীয়া হয়। তৰ্জুও সেয়ে এই কাৰণবিলাকে কেনেকৈ ক্ৰিয়া কৰে আৰু দৃষ্টিকোণ প্ৰভাৱিত কৰে তাৰ বাবে অপেক্ষা কৰা দৃষ্টিপাত কৰাটো সমীচিন হব। সেই অনুসাৰে এই পৰ্যালোচনাত সংগত নীতি কৌশল ৰাখি নীতিগত ৰেপ হাৰ অপৰিৱৰ্তিত ৰখা হল।

১৯. মৌদ্ৰিক নীতি সিদ্ধান্তৰ সপক্ষে ছগৰাকী সদস্যই মত দিয়ে। এম পি চি বৈঠকৰ কাৰ্য বিৱৰণী ২১ ডিচেম্বৰ,২০১৬ত প্ৰকাশ কৰা হব। এম পি চিৰ পৰৱৰ্ত্তী বৈঠক ৭ আৰু ৮ ফেব্ৰুৱাৰী,২০১৭ত অনুষ্ঠিত হব আৰু ইয়াৰ প্ৰস্তাৱ ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত ৮ ফেব্ৰুৱাৰী,২০১৭ত স্থাপন কৰা হব।

ৰেপ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰাখিবলৈ লোৱা প্ৰস্তাৱত ভোটদান

সদস্য ভোট
ড০ চেতন ঘাটে হয়
ড০ পমি ডুৱা হয়
ড০ ৰবীন্দ্ৰ এছ ধোলাকিয়া হয়
ড০ মাইকেল দেবব্ৰত পাট্ৰ হয়
শ্ৰী আৰ গান্ধী হয়
ড০ উৰজিত পেটেল হয়

ড০ চেতন ঘাটেৰ মন্তব্য

২০. এছ বি এন প্ৰত্যাহাৰ হেতুকে বৰ্ধিত অস্থিৰতা আৰু কাৰ্যতঃ নৱেম্বৰৰ বাবে কোনো সুস্থিৰ তথ্য নাই যেতিয়া অপেক্ষা আৰু লক্ষ্য কৰাই সমীচিন হব।

২১. এছ বি এন প্ৰত্যাহাৰ হেতুকে ঋণাত্মক চাহিদাৰ বিষয়টোৱে ব্যয় চাহিদাৰ অৱনতি ঘটাব পাৰে যদিও ইয়াৰ ফলত বিনিয়োগ মনোভাৱ আৰু বিনিয়োগ কাৰ্যকলাপ লাঘৱ হোৱাৰ বিপদশংকা কম। বৰ্তমানৰ ধৰণৰ ক্ৰেডিট চাইকল উক্ত বিপদশংকাই বিঘ্নিত কৰাত বেংকৰ লাভ হ্ৰাস, ব্যয়ভুক্তিৰ সীমাবদ্ধতাৰ প্ৰকৃত অৰ্থনীতিৰ ওপৰত প্ৰভাৱো কম। এছ বি এন প্ৰত্যাহাৰৰ বিৰূপ পৰিণাম প্ৰতিৰোধক হিচাপে আক্ৰমণাত্মক ডিজিটাইজেশ্যন আৰু পুনঃদাখিল প্ৰক্ৰিয়াৰ পৰা টকাৰ লেনদেন চাহিদাৰ প্ৰত্যাগমন ঘটিছে। সেয়ে মই ভাবো যে এছ বি এন প্ৰত্যাহাৰৰ পৰা চাহিদা-যোগান প্ৰভাৱ সাময়িক আৰু পৰিণামস্বৰূপক উত্পন্নি অন্তৰাল বৃদ্ধিও ক্ষণস্থায়ী হোৱাৰ সম্ভাৱনা আছে। এই পৰিস্থিতিয়ে হাৰ কৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটো অনুপযুক্ত কৰিছে।

২২. এই সন্ধিক্ষণত মোৰ প্ৰধান চিন্তা হৈছে খাদ্য আৰু ইন্ধন বাদে মুদ্ৰাস্ফীতিৰ জটিলতাৰ বিষয়টো। মুদ্ৰাস্ফীতিৰ প্ৰত্যাশাবোৰ যথেষ্ট পৰিমাণে কম হোৱাৰ পাছতহে মূলত হ্ৰাসেৰে হব পাৰেয যোৱাবাৰৰ পৰ্যালোচনাৰ পাছত অনাখাদ্য সামগ্ৰী মচক্ৰত (উদাহৰণ হিচাপে ধাতু আৰু তেল) বিপৰীতমুখী প্ৰৱণতা আহিছে। মাহজাতীয় খাদ্যৰ স্ফীতিয়ে ঘাইকৈ খাদ্যস্ফীতি ঘটাই থকা পৰিলক্ষিত হৈছে। অৱশ্যে মাহজাতীয় খাদ্যৰ বাফাৰ মজুতে ইয়াৰ স্ফীতি নিয়ন্ত্ৰণমুখী কৰিছে যদিও ই ক্ষণস্থায়ী হোৱাত প্ৰৱণতা বিপৰীতমুখী হবলৈ পাৰে। স্ফীতি এতিয়া সামগ্ৰিক হৈ থকা নাই যেতিয়া কিছু সকাহৰ পৰিস্থিতি আহিছে। এছ বি এন প্ৰত্যাহাৰৰ ফলত কিছু বিস্ফীতিও ঘটিব পাৰে।

২৩. জানুৱাৰী ২০১৫ আৰু নৱেম্বৰ,২০১৬ৰ মাজত নীতিগত হাৰ ১৭৫ বেছিছ পইণ্ট কৰ্তন কৰা সত্বেও ৱেইটেড এভাৰেজ লেণ্ডিং হাৰ (ডব্লিউ এ এল আৰ) ছেপ্টেম্বৰ,২০১৬ পৰ্যন্ত বকেয়া টকা ধাৰ কেৱল ৭১ পইণ্টহে আছিল। বৰ্তমানলৈকে কৰা অসংগত সুত হাৰৰ পৰিপ্ৰেক্ষিতত হাৰ কৰ্তন যুক্তযুক্ত নহব।

২৪. ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট ঘোষণা হলে অধিক ডাটা পইণ্ট প্ৰাপ্ত হব।

২৫. এই সমূহ বিবেচনাৰে আজিৰ বৈঠকত মই নীতিগত ৰেপ হাৰ ৬.২৫ শতাংশত ৰখাৰ সপক্ষে মতদান কৰো। কমিটীয়ে এতিয়া মধ্যম্যাদী স্ফীতিৰ লক্ষ্য ৪+-২ শতাংশৰ মধ্যবিন্দুত মনোনিবেশ কৰাটো সমীচিন হব।

ড০ পমি ডুৱাৰ বক্তব্য

২৬. অৰ্থনৈতিক চক্ৰ গৱেষণা প্ৰতিষ্ঠান (ই চি আৰ আই)য়ে দিয়া মুখ্য প্ৰৱণতাৰ পৰা ভাৰতীয় অৰ্থনীতি এছ বি এন প্ৰত্যাহাৰ ঘষণাৰ পূৰ্বে স্থিতিস্থাপক আছিল বুলি বুজিব পাৰি। সম্ভাৱ্য প্ৰতিকূলতা সত্বেও অৰ্থনৈতিক বিকাশ সম্ভাৱনা ক্ৰমাত্ আশাব্যঞ্জক হৈ আহিছে। ব্যৱসায় চক্ৰ সম্ভাৱনাৰ দৃষ্টিকোণৰ পৰাও ভাৰতীয় অৰ্থনীতি থুনুকা হোনা নুসূচায়। অৰ্থনৈতিক কাৰ্যকলাপত অতিৰিক্ত সমৰ্থন যোগোৱাত উন্নত ৰপ্তানি বিকাশ, বিশেষকৈ উজ্বলতৰ গোলকীয় পৰিস্থিতিত সম্ভাৱনা দেখা গৈছে। এই পটভূমিত এচ বি এন প্ৰত্যাহাৰে অৰ্থনৈতিক কাৰ্যকলাপত পেলোৱা প্ৰভাৱ সাময়িক বুলি প্ৰতীয়মান কৰিছে।

২৭. তাৰোপৰি, জানুৱাৰী ২০১৫ৰ পৰা নীতিগত হাৰ ১৭৫ বেছিছ পইণ্ট হ্ৰাস কৰি অনাত বেংকবিলাকে ঋণৰ হাৰ অধিক সকাহজনক কৰাৰ পৰিস্থিতি আহিছে। ইতিমধ্যে উৰ্দ্ধতৰ আন্তৰ্জাতিক বণ্ড ফলদায়কতাৰ লগতে ই চি আৰ আইৰ মাৰ্কিন ভৱিষ্যত মুদ্ৰাস্ফীতি পৰিমাপকত উত্থানৰ প্ৰৱণতাই মাৰ্কিন ফেডাৰেল ৰিজাৰ্ভৰ দ্বাৰা এই মাহত নীতিগত হাৰ বৃদ্ধিৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে।

২৮. এই পটভূমিত নীতিগত ৰেপ হাৰ ৬.২৫ত অপৰিৱৰ্তিত ৰখাৰ সপক্ষে অনা প্ৰস্তাৱত মই সম্পূৰ্ণ সমৰ্থন জনাইছো।

ড০ ৰবীন্দ্ৰ এছ ধোৱাকিয়া

২৯. ডিচেম্বৰ পৰ্যালোচনাত নীতিগত হাৰ সুস্থিৰতাৰ সপক্ষে আৰু বিপক্ষে অহা সকলো যুক্তি সন্তৰ্পণে বিচাৰ কৰি মোৰ ভোটদান সাব্যস্ত কৰিব পৰা নিম্নোক্ত যুক্তিবোৰ মই পাইছো-

৩০. মাৰ্চ, ২০১৭ৰ শেহৰ বাবে চি পি আইত সামগ্ৰী গোটৰ নিৰূপণেৰে চি পি আই শীৰ্ষ স্ফীতি প্ৰায় ৫ শতাংশ হব বুলি ৰিজাৰ্ভ বেংকে পূৰ্বাভাস দিছে। অধিক আক্ৰমণাত্মক অৰ্থনৈতিক মডেলৰ ভিত্তিত মোৰ নিজা পইণ্ট পূৰ্বানুমান কম যদিও মুদ্ৰাস্ফীতিৰ হাৰ মাৰ্চ ২০১৭ আৰু জুন ২০১৭ত এই সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা অধিক।

৩১. বিগত মাহকেইটাত (খাদ্য আৰু ইন্ধন বাদে) মূল স্ফীতি ৫ শতাংশত পৰিলক্ষিত হয়। ৰিজাৰ্ভ প্ৰকাশ কৰা জৰীপত অতি উচ্চ স্ফীতি প্ৰত্যাশাৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলগীয়া।

৩২. এছ বি এন সম্পৰ্কীয় সাম্প্ৰতিক ঘটনা প্ৰবাহ আৰু সংশ্লিষ্ট নীতিয়ে সমাগত কিছু সময়ৰ বাবে লিকুইডটি ওপচাই পেলাব পাৰে আৰু পৰিণামস্বৰূপে ৰেপ হাৰৰ বিপৰীতে ঋণৰ হাৰত অধিক চাপ পৰিব পাৰে।

৩৩. জানুৱাৰী ২০১৫ৰ পৰা ৰেপ হাৰ ১৭৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছে যদিও বকেয়া টকা হাৰৰ বাবে ৱেইটেড এভাৰেজ লেণ্ডিং হাৰত ৫০ পইণ্টৰ বিপৰীতে কম আৰু নতুন টকা ধাৰৰ বাবদ ম৬০ পইণ্টৰ বিপৰীতে জমা হাৰ ইয়াৰ প্ৰয়োগ ৭০ পইণ্টতকৈও অধিক হয়। সেয়ে বেংকবিলাকে ঋণ হাৰত সংবাহক অধিক কৰাৰ যথেষ্ট থল আছে।

৩৪. কমিটীৰ প্ৰস্তাৱত উল্লেখ কৰা মতে বহিঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা অৰ্থনৈতিক পৰিবেশ ভালেমান অনিশ্চিয়তাই প্ৰভাৱিত কৰিছে। এনে পৰিস্থিতিৰ ৰেপ হাৰত হস্তক্ষেপ কৰাটোৱে অনিশ্চয়তা বঢ়াব আৰু অৰ্থনীতিৰ বাবে হিতজনক হব।

৩৫. এছ বি এন সম্পৰ্কীয় সাম্প্ৰতিক ঘটনা প্ৰৱাহক বহিৰ্জাত অৰ্থনৈতিক বিমৰ্ষতা বুলি গণ্য কৰিব পাৰি, যিয়ে জি-ডি-পি লক্ষ্য নিম্নমুখী কৰিব পৰাৰ আশংকা খণ্ডন কৰে আৰু সেয়ে ইয়াক ক্ষণস্থায়ী প্ৰভাৱ হিচাপে লব পৰা যায়। সেয়ে হলে ৰেপ হাৰত হস্তক্ষেপ কৰিলে প্ৰণালীটো অস্থিৰ হব পাৰে বা পৰিহাৰযোগ্য অনিশ্চয়তা আনিব পাৰে।

ড০ মাইকেল দেবব্ৰত পাট্ৰৰ বক্তব্য

৩৮. মৌদ্ৰিক নীতি কমিটীৰ প্ৰস্তাৱত বৰ্ণোৱা মতে ব্যতিক্ৰমী কাৰকতাই ভৱিষ্যত সম্ভাৱনাৰ নিৰূপণ ধূসৰ কৰি ৰাখিছে। ঘৰুৱা যোগান বিঘিনী আৰু চাহিদা সংকোচন ক্ষণস্থায়ী যেন লগা অৱস্থাত ৰাজনৈতিক পৰিবৰ্তনকে ধৰি গোলকীয় ঘটনাপ্ৰবাহ অধিক প্ৰত্যাহ্বানজনক হৈ পৰিছে। এই কাৰকবোৰে কেনেকৈ মধ্যম্যাদী অৱস্থাত ক্ৰিয়া কৰে তাৰ সতৰ্ক নিৰীক্ষণৰ আৱশ্যকতা আনিছে। শাক-পাচলি বাদে খাদ্যসামগ্ৰীৰ মূল্য, খাৰুৱা তেলকে ধৰি আন্তৰ্জাতিক সামগ্ৰীৰ মূল্য আৰু খাদ্য তথা ইন্ধন বাদে মুদ্ৰাস্ফীতিৰ নিম্নগামিতা বিমুখী প্ৰৱণতাই ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকত ৫ শতাংশ মুদ্ৰাস্ফীতিৰ লক্ষ্যত দৃঢ় হৈ থকাটো কষ্টকৰ কৰিছে। সকলো দিশ বিবেচনা কৰি মই নীতিগত হাৰ অপৰিৱৰ্তিত ৰখাৰ সপক্ষে মত দিছো।

শ্ৰী আৰ গান্ধীৰ বক্তব্য

৩৭. এম পি চিৰ মৌদ্ৰিক নীতিৰ প্ৰস্তাৱত বৰ্ণোৱা মূল্যায়নত মই পূৰ্ণ সহমত দিছো আৰু নিম্নোক্ত কাৰণত ৰেপ হাৰ অপৰিৱৰ্তিত ৰখাৰ সপক্ষে মতদান কৰিছো।

৩৮. এছ বি এন প্ৰত্যাহাৰ এক ক্ষণস্থায়ী প্ৰভাৱ যদিও স্থুল অৰ্থনীতিক এই সিদ্ধান্তই অনিশ্চয়তালৈ নিছে বিশেষকৈ হ্ৰস্বম্যাদী লক্ষ্যত। অৰ্থনীতিৰ মধ্যম্যাদী বিকাশলৈ বিশেষ বিপদশংকাৰ প্ৰশ্ন মই সন্দেহ নকৰো। অৱশ্যে তেলৰ মূল্য পৰিস্থিতি আৰু ভূ-ৰাজনৈতিক পৰিস্থিতিৰ লেখীয়া কেতবোৰ অন্য অনিশ্চয়তা আছে। এই অৱস্থাত নীতিগত হাৰ সলনি কৰিলে মধ্যম্যাদী সম্ভাৱনা বিঘ্নিত হব পাৰে আৰু সেয়ে পৰিহাৰযোগ্য।

৩৯. এনে এক অনিশ্চয়তা ভৰা পৰিবেশত মৌদ্ৰিক নীতি কাৰ্যকলাপক অধিক ফলপ্ৰসূভাৱে ক্ৰিয়া কৰিবলৈ সুবিধা বঢ়াব লাগে। গতিকে, নীতিগত হাৰ বৰ্তমানৰ পৰ্যায়তে ৰখাৰ সপক্ষে মই মতদান কৰিছো।

ড০ উৰজিত পেটেলৰ বক্তব্য

৪০. খাদ্য আৰু ইন্ধন বাদে মুদ্ৰাস্ফীতি জঠৰ হৈ আছে। গোলকীয় বিত্তীয় অৱস্থাই স্থুল অৰ্থনৈতিক আৰু বিত্তীয় সুস্থিৰতালৈ ভাবুকি চপাইছে, মূলধনী স্ৰোত আৰু সম্পদ মূল্যৰ উত্থান-পতনে বঢ়োৱা অস্থিৰতাৰ প্ৰভাৱ মুদ্ৰাস্ফীতিলৈ গৈছে। মাৰ্কিন স্থুল অৰ্থনৈতিক আৰু বাণিজ্য নীতিৰ সম্ভাৱ্য পৰিৱৰ্তনৰ ফলত এই অনিশ্চয়তা উপশমৰ আভাস দিয়া নাই। ভাৰতত বিস্ফীতি প্ৰক্ৰিয়াই ডিচেম্বৰ ২০১৫লৈ থকা দ্বিসাংখ্যিক গৃহস্থালী স্ফীতি ক্ৰমনমিত কৰিছে সেৱা অঙ্গ তদনুৰূপ হোৱাগৈ নাই। অতি সম্প্ৰতি, খাদ্য স্ফীতিৰ ক্ৰমাগত সকাহে শেহতীয়া লানি জৰীপত মুদ্ৰা স্ফীতি প্ৰত্যাশা অৱনমিত কৰিছে।

৪১. এছ বি এন প্ৰত্যাহাৰৰ প্ৰবাৱ বিকাশ আৰু মুদ্ৰাস্ফীতিত অনিশ্চিতিজনক হৈও ক্ষণস্থায়ী। এই প্ৰেক্ষাপটত মৌদ্ৰিক নীতিয়ে মধ্যম্যাদী লক্ষ্যত মনোনিবেশ কৰি স্থায়ীভাৱে ৪ শতাংশৰ লক্ষ্যত উপনীত হোৱাৰ পদক্ষেপ লোৱাটো বিজ্ঞোচিত হব। এই লক্ষ্যত অৱশ্যে অন্যান্য বিপদশংকাও আছে, সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণে মুদ্ৰাস্ফীতি সংঘটনৰ লগতে ২০১৭-১৯ত স্ফীতি প্ৰত্যাশা প্ৰভাৱিত কৰিব। লগতে সামগ্ৰী তথা সেৱা কৰৰ ৰূপায়ণে মুদ্ৰাস্ফীতি মাৰ্জিত ৰখাৰ আশা কৰিব পাৰি। আনহাতে, পেট্ৰলিয়াম ৰপ্তানিকাৰী দেশ সংস্থা (অপেক)য়ে উত্পাদন কৰ্তন কৰিবলৈ লোৱা সিদ্ধান্তই খাৰুৱা তেলৰ মূল্য অধিক দৃঢ় কৰি তুলিব। অন্য সামগ্ৰীৰ সাম্প্ৰতিক গতিবিধিৰ পৰা গোলকীয় সামগ্ৰীৰ মূল্য চক্ৰ ঘূৰাৰো সম্ভাৱনা দেখা গৈছে। ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকৰ বাবে ৫ শতাংশৰ মুদ্ৰাস্ফীতি লক্ষ্যত উপনীত হোৱা আৰু অধিসূচিত লক্ষ্যলানিৰ কেন্দ্ৰবিন্দু ৪ শতাংশ আহৰণ কৰাটো প্ৰাথমিক উদ্দেশ্য হৈ থাকে।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৬০৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?