RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78504583

মৌদ্ৰিক নীতি কমিটী বৈঠক ৬-৭
ফেব্ৰুৱাৰী,২০১৮ৰ কাৰ্যবিৱৰণী লেখ
(ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZLৰ অন্তৰ্গত)

২১ ফেব্ৰুৱাৰী,২০১৮

মৌদ্ৰিক নীতি কমিটী বৈঠক ৬-৭
ফেব্ৰুৱাৰী,২০১৮ৰ কাৰ্যবিৱৰণী লেখ
(ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZLৰ অন্তৰ্গত)

সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZLৰ অন্তৰ্গত গঠিত, মৌদ্ৰিক নীতি সমিতিৰ অষ্টমখন বৈঠক ৫ আৰু ৬ ডিচেম্বৰ,২০১৭ তাৰিখে, ভাৰতীয় ৰিজাৰ্ব বেংক, মুম্বাইত অনুষ্ঠিত হয়।

২. বৈঠকত আটইকেইগৰাকী সদস্য উপস্থিত থাকে – ড০ চেতন ঘাটে, প্ৰফেচাৰ, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, ড০ পমী ডুৱা, সঞ্চালক, দেলহি স্কুল অব ইকনমিক্স, ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, প্ৰফেচাৰ, ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, আহমেদাবাদ, ড০ মাইকেল দেৱব্ৰত পাট্ৰ, কাৰ্যবাহী সঞ্চালক (ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZL(২)(c)ৰ অন্তৰ্গত কেন্দ্ৰীয় বোৰ্ডৰ দ্বাৰা মনোনীত ৰিজাৰ্ভ বেংকৰ বিষয়া), ড০ বিৰাল ভি. আচাৰ্য, মৌদ্ৰিক নীতিৰ প্ৰভাৰী ডেপুটী গৱৰ্ণৰ আৰু অধ্যক্ষতা কৰে ড০ উৰজিত পেটেল, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে।

৩. সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫ZL অনুযায়ী মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিখন বৈঠকৰ পাছৰ চতুৰ্দশ দিনা ৰিজাৰ্ভ বেংকে বৈঠকৰ কাৰ্যবিৱৰণী প্ৰকাশ কৰিব যত নিম্নোল্লেখিতখিনিও অন্তৰ্ভুক্ত হব-

  1. মৌদ্ৰিক নীতি সমিতিৰ বৈঠকত গৃহীত প্ৰস্তাৱটো,

  2. উক্ত বৈঠকত গৃহীত প্ৰস্তাৱটো

  3. উক্ত বৈঠকত গৃহীত প্ৰস্তাৱটোত ধাৰা ৪৫ZLৰ উপধাৰা (১১)ৰ অন্তৰ্গত মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ বক্তব্য।

৪. এম পি চিয়ে, গ্ৰাহক আস্থা, গৃহস্থালিৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা, কোম্পানী খণ্ডৰ পাৰদৰ্শিতা, ঋণ স্থিতি, ঔদ্যোগিক সেৱা আৰু আন্তঃগাঁঠনি খণ্ডৰ সম্ভাৱনা পৰিমাপিত কৰিবলৈ ৰিজাৰ্ভ বেংকে চলোৱা জৰীপবোৰ আৰু বৃত্তিয়াল পূৰ্বাভাসকাৰীৰ পূৰ্বানুমানবোৰ পুনৰীক্ষণ কৰে। কৰ্মচাৰীৰ স্থল অৰ্থনৈতিক পূৰ্বানুমানবোৰ আৰু দৃশ্যপটলৈ চপোৱা বিভিন্ন বিপদশংকাৰ চৌপাশৰ বিকল্প দৃশ্যপটৰো এম পি চিয়ে মৌদ্ৰিক নীতিৰ স্থিতিৰ ওপৰত বিতং আলোচনাৰ অন্তত এম পি চিয়ে তলত বৰ্ণোৱা প্ৰস্তাৱটো গ্ৰহণ কৰে।

প্ৰস্তাৱ

৫. আজিৰ বৈঠকত চলিত আৰু উদীয়মান স্থূল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত, মৌদ্ৰিক নীতি সমিতিয়ে এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰে-

  • চলনিধি সমযোজন সুবিধা (LAF)ৰ অধীনত নীতিগত ৰেপো হাৰ ৬.০ শতাংশতে অপৰিৱৰ্ত্তিত ৰখা হওক।

পৰিণামস্বৰূপে, LAF অন্তৰ্গত ৰিভাৰ্ছ ৰেপো হাৰ ৫.৭৫ শতাংশতে থাকে আৰু উপান্ত স্থায়ী সুবিধা (MSF) হাৰ তথা বেংক হাৰ ৬.২৫ শতাংশতে থাকে।

MPCৰ সিদ্ধান্তটো বিকাশ সমৰ্থন পুষ্টিৰে +/-২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশ গ্ৰাহক মূল্য় স্ফীতিৰ মধ্যম্যাদী লক্ষ্য আহৰণৰ উদ্দেশ্যে লোৱা মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ সৈতে সংগতিপূৰ্ণ। এই সিদ্ধান্তৰ অন্তৰ্নিহিত মূল বিবেচনাসমূহ নিম্নোল্লেখিত বিবৃতিত বৰ্ণোৱা হৈছে।

মূল্যায়ন

৬. ডিচেম্বৰ,২০১৭ত এমপিচিৰ যোৱাখন বৈঠকৰ পাছত বিকাশ প্ৰণোদনবোৰ অঞ্চল নিৰ্বিসেশে অধিক সমকালীন হৈ উঠাত, গোলকীয় অৰ্থনৈতিক কাৰ্যকলাপে অধিক গতি লাভ কৰিছে। উন্নত অৰ্থব্যৱস্থাবোৰৰ ভিতৰত ইউৰো অঞ্চলে উপভোগ আৰু বিনিয়োগেৰে সমৰ্থনপুষ্ট হৈ নিখুঁট গতিৰে সম্প্ৰসাৰণ লাভ কৰে। নিম্নগামী কৰ্মসংস্থানহীনতা আৰু নিম্ন সুত হাৰৰ বলত অৰ্থনৈতিক আশাবাদে পুনৰুদ্ধাৰত সমৰ্থন যোগাইছে। মাৰ্কিন অৰ্থব্যৱস্থাই ২০১৭ৰ চতুৰ্থ ত্ৰিমাসিকত বিকাশ মন্থৰতা হেতু সামান্য ভৰবেগ হেৰুৱাইছে যদিও প্ৰস্তুতকৰণ কাৰ্যকলাপ ডিচেম্বৰত কেবামাহজোৰা উচ্চতালৈ উঠে। জাপানী অৰ্থব্যৱস্থা, মজবুত বহিঃচাহিদাৰে প্ৰস্তুতকৰণ কাৰ্যকলাপ ত্বৰান্বিত হোৱা হেতুকে বৃদ্ধিপ্ৰাপ্ত থাকি ইতিমধ্যে তেজাল হৈ থকা ব্যৱসায় আস্থাক অধিক উদগণি দিছে।

৭. উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰত ২০১৭ৰ অন্তিম ত্ৰিমাসিকত অৰ্থনৈতিক কাৰ্যকলাপ দ্ৰুততৰ হয়। চীনা অৰ্থব্যৱস্থাই মজবুত ঘৰুৱা উপভোদ আৰু বিয়াগোম ৰপ্তানিৰে চালিত হৈ চৰকাৰী লক্ষ্যৰ ওপৰত বিকাশ লাভ কৰে। অৱশ্যে বিকাশৰ প্ৰতি কেতবোৰ নিম্নমুখী বিপদশংকা আছে, বিশেষকৈ স্থাৱৰ সম্পত্তি বিনিয়োগ তৰলীভূত আৰু কোবাল ধাৰ পৰ্যায়বোৰৰ পৰা। ৰাছিয়াত মজবুত বেচৰকাৰী উপভোগ বৰ্ধিত তৈল মূল্য আৰু উচ্চ ৰপ্তানিয়ে অৰ্থনৈতিক কাৰ্যকলাপত সমৰ্থন যোগাইছে, অৱশ্যে দুৰ্বল বিনিয়োগ আৰু অৰ্থনৈতিক বাধানিষেধে বিকাশ সম্ভাৱনাক প্ৰশ্ন কৰিবগৈ পাৰে। ব্ৰাজিলত গৃহস্থালি ব্যয় আৰু কৰ্মসংস্থানহীনতাৰ উপাত্তবোৰ চতুৰ্থ ত্ৰিমাসিকত অনুকূল আছিল। পিছে, ৰাজনৈতিক অনিশ্চয়তাৰ প্ৰতি পুনৰুদ্ধাৰ স্পৰ্শকাতৰ হৈ আছে যিটোৱে গ্ৰাহক আস্থা ম্লান কৰিছে। দক্ষিণ আফ্ৰিকাই উচ্চ কৰ্মসংস্থানহীনতা আৰু হ্ৰাসমান কাৰখানা কাৰ্যকলাপকে ধৰি ঘৰুৱা আৰু বহিঃদিশ উভয়তে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে।

৮. গোলকীয় বাণিজ্য সম্প্ৰৰাসিত হৈ আছে টনকীয়াল বিনিয়োগ আৰু নিকপকপীয়া প্ৰস্তুতকৰণ কাৰ্যকলাপেৰে উত্সাহিত হৈ। অপেকে উত্পাদন কৰ্তন কৰাৰ লগতে গোলকীয় যোগান চাহিদা পাল্লাৰ জোখত নিম্ন লাগত হেতু খাৰুৱা তেল মূল্যই তিনি বছৰীয়া উচ্চতা স্পৰ্শ কৰে। দুৰ্বল মাৰ্কিন ডলাৰত বুলিয়ন মূল্য কেবামহীয়া উচ্চতালৈ উঠে। সৰহভাগ উন্নত অৰ্থব্যৱস্থাত যুক্তৰাষ্ট্ৰ বাদে, ম্লান দৰমহা চাপ হেতু মুদ্ৰাস্ফীতি ৰোধ হৈ থাকে। উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰত, দেশবৈশেষিক কাৰকবশতঃ মুদ্ৰাস্ফীতি ভিন্ন ধৰণৰ আছিল।

৯. খৰতকীয়াকৈ বৃদ্ধি পোৱা দৰমহা বৃদ্ধি আৰু আশা কৰাতকৈ উন্নত কৰ্মসংস্থান দেখুওৱা জানুৱাৰী বেতনভোগ উপাত্তবোৰৰ প্ৰতি লক্ষ্য ৰাখি, মাৰ্কিন ফেড মৌদ্ৰিক নীতিৰ স্বাভাৱিকৰণৰ গতিধাৰাক লৈ হোৱা অনিশ্চয়তা হেতুকে বিগত দিনবোৰত বিত্তীয় বজাৰসমূহ উদ্বায়ী হৈ পৰে। উদ্বায়ীতা সূচ্যাংক ব্ৰেক্সিতৰ পাছত সৰ্বোচ্চ পৰ্যায়লৈ উঠে। ইকুইটী বজাৰবোৰ, এ.ই. আৰু ই.এম.ই. উভয়তে তীক্ষ্ণ শুধৰণীৰ সন্মুখীন হয়. মাৰ্কিন যুক্তৰাষ্ট্ৰত বণ্ড প্ৰতিফলবোৰ অতি কঠোৰ হৈ জানুৱাৰীত ওপৰমুৱা চাপ দেখা যায়, যিটো সময়ত এ.ই. আৰু ই.এম.ই.বোৰত বণ্ড প্ৰতিফলো বৃদ্ধি দেখা যায়। ফৰেক্স বজাৰবোৰো উদ্বায়ী হৈ থাকে। সাম্প্ৰতিক উদ্বায়ীতাৰ এই পৰ্ব পৰ্যন্ত গোলকীয় বিত্তীয় বজাৰবোৰ বিনিয়োগকাৰীৰ বিপদশংকা ক্ষুধাৰে ভাসমান হয়, ই.এছৰ দ্বাৰা কৰ্পোৰেট কৰ কৰ্তন আৰু সুস্থিৰ অৰ্থনৈতিক স্থিতি সহকাৰে। ইকুইটী বজাৰবোৰ জানুৱাৰীত, মজবুত চীনা বিকাশ, সামগ্ৰী মূল্যৰ উৰ্ধগতি আৰু সামগ্ৰিকভাৱে যোগাত্মক কৰ্পোৰেট উচ্ছাস সহকাৰে যথেষ্ট লাভান্বিত হয়। মুদ্ৰা বজাৰবোৰত ৰাজস্ব বিপদশংকা আৰু অন্যান্য এ.ই.বোৰত উন্নতিমুখী বিকাশ সম্ভাৱনাৰে ১ ফেব্ৰুৱাৰীত মাৰ্কিন ডলাৰ কেবামহীয়া নিম্নস্তৰ স্পৰ্শ কৰে।

১০. ঘৰুৱা দিশত, কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে মুকলি কৰা প্ৰথমটো অগ্ৰিম আকলন মতে প্ৰকৃত মুঠ মূল্য সংযোজিত বিকাশ ২০১৬-১৭ৰ ৭.১ শতাংশৰ পৰা ২০১৭-১৮ত ৬.১ শতাংশলৈ অৱনমিত হয়, ঘাইকৈ কৃষি আৰু আনুসংগিক খণ্ড, খনন আৰু উত্খনন আৰু ৰাজহুৱা প্ৰশাসন তথা প্ৰতিৰক্ষা সেৱাত মন্থৰতা হেতুকে।

১১. চিএছঅৰ দ্বাৰা এফ.ই.ই. প্ৰকাশৰ পাছত প্ৰাপ্ত তথ্যবোৰ অৱশ্যে সামগ্ৰিকভাৱে যোগাত্মক। প্ৰস্তুতকৰণ নিৰ্গমে নৱেম্বৰত ঔদ্যোগিক উত্পাদন সূচ্যাংকৰ বৃদ্ধি ঘটায়। দীঘলীয়া অবধিৰ দুৰ্বলতাৰ পাছত নৱেম্বৰ-ডিচেম্বৰত চিমেণ্ট উত্পাদনত কঢ়া হৈ উঠে, যাৰ লগতে তীখা উত্পাদনৰ অবিৰত সুস্থ বিকাশে নৱেম্বৰত আন্তঃগাঁঠনি পণ্য উত্পাদন ক্ষিপ্ৰতৰ কৰি তোলে। প্ৰস্তুতকাৰী ক্ৰয় ব্যৱস্থাপক সূচ্যাংক, নতুন ফৰ্মাছেৰে বলীয়ান হৈ জানুৱাৰীত একেৰাহে ছমাহৰ বাবে সম্প্ৰসাৰিত হৈ থাকে। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপত প্ৰতিফলিত মতে ভাৰতীয় উত্পাদন খণ্ডত সামগ্ৰিক ব্যৱসায় মনোভাৱৰ মূল্যায়ন উন্নত হৈছে। অৱশ্যে কয়লা, খাৰুৱা তেল, তীখা আৰু বিদ্যুতৰ উত্পাদনত সংকোচন/হ্ৰাস হেতুকে সাহ খণ্ডৰ বিকাশ ডিচেম্বৰত মন্থৰ হয়। ঘেঁহু, তৈলবীজ আৰু মোটা দানাদাৰ শষ্যৰ খেতিৰ পৰিমাণ যোৱা বছৰতকৈ কম আছিল। ফলস্বৰূপে ৰবি শষ্যৰ বাবে সিঞ্চন এলেকাৰ ঘাটি, ২৯ ডিচেম্বৰ,২০১৭ৰ (-) ১.০ শতাংশৰ তুলনাত ২ ফেব্ৰুৱাৰীত (-)১.৫ শতাংশলৈ বৃদ্ধি পায়।

১২. সেৱা খণ্ডটোত কেতবোৰ হাই ফ্ৰিকুৱেঞ্চি সূচক উন্নত হয়। বাণিজ্যিক বাহন বিক্ৰী বৃদ্ধি ডিচেম্বৰত ৮ বছৰীয়া উচ্চতালৈ উঠে। সমুদ্ৰ, ৰেলপথ আৰু আকাশেৰে পৰিবাহিত মালো নৱেম্বৰত বৃদ্ধি পায়, কিন্তু ডিচেম্বৰত মিশ্ৰিত হয়গৈ। অন্তঃদেশীয় আৰু আন্তৰ্দেশীয় বিমান যাত্ৰীৰ আহ-যাহ আৰু বিদেশী পৰ্যটকৰ আগমনৰ দৰে সূচকবোৰ দ্ৰুতগতিৰে নৱেম্বৰ-ডিচেম্বৰত বৃদ্ধি পায়. বৰ্ধিত ব্যৱসায়িক কাৰ্যকলাপৰ বোকোচাত ডিচেম্বৰ আৰু জানুৱাৰীত সেৱা পি-এম-আইটো সম্প্ৰসাৰিত হয়।

১৩. উপভোক্তা মূল্য সূচকাংকত (চি পি আই) বৰ্ষোপৰি বৰ্ষ পৰিৱৰ্তনেৰে পৰিমাপিত খুচুৰা মুদ্ৰাস্ফীতি, কিছু অনুগ্ৰহমূলক আধাৰ পৰিনাম হেতুকে ডিচেম্বৰত একেৰাহে ছমাহৰ বাবে বৃদ্ধি পাই থাকে। নৱেম্বৰত হঠাতে বৃদ্ধি পোৱাৰ পাছত খাদ্যমূল্য ডিচেম্বৰত কিছু কমি যোৱাটোৱে, ঋতুগত সংযততা মূক হোৱা সত্ত্বেও পাচলিৰ মূল্যৰ লগতে দাইলৰ মূল্য একেধাৰে হ্ৰাস সূচাইছে। ডিচেম্বৰত মূল্য সুস্থিৰ হৈ থাকি দানাদাৰ স্ফীতি সংযত হয়। অৱশ্যে খাদ্যৰ কেইটামান অংশত- কণী, মাছ-মাংস, তেল আৰু চৰ্বী আৰু গাখীৰত স্ফীতি বৃদ্ধি পায়। নৱেম্বৰত চকুত লগাকৈ বৃদ্ধি পোৱা ইন্ধন আৰু আলোক গোট স্ফিতি, বিদ্যুত, ৰন্ধন গেছ আৰু কেৰাচিন স্ফীতিৰ সংযমেৰে ডিচেম্বৰত সামান্য মৃদু হয়গৈ।

১৪. সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ ঘৰভাড়া বানচ বৃদ্ধিৰ ফলত আৱাসন স্ফীতিত বৃদ্ধি হেতুকে, নৱেম্বৰ আৰু ডিচেম্বৰত খাদ্য আৰু ইন্ধন বাদে চিপিআই স্ফীতি বৃদ্ধি পায়। স্বাস্থ্য আৰু ব্যক্তিগত যতন তথা সাধনতো স্ফীতি খৰ হয়। ঘৰুৱা পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যলৈ অসম্পূৰ্ণ অনু-অৰ্পন প্ৰতিফলিত কৰি, পৰিবহন আৰু যাতায়তত স্ফীতি ডিচেম্বৰত মূক হৈ থাকে। পৰিচ্ছদ আৰু জোতা-চেণ্ডেল, ঘৰুৱা সামগ্ৰী তথা সেৱা, বিনোদন আৰু শিক্ষাত স্ফীতিও মন্থৰ হয়।

১৫. ৰিজাৰ্ভ বেংকৰ গৃহস্থালী জৰীপেৰে পৰিমাপিত গৃহস্থালিৰ স্ফীতি প্ৰত্যাশা তিনিমাহপূৰ্ব আৰু এবছৰপূৰ্ব উভয় দিগন্ততে ওপৰত থাকে, এবছৰ-পূৰ্ব দিগন্তৰ বাবে স্ফীতি প্ৰত্যাশা সামান্য শিথিল হলেও। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক দৃশ্যপট জৰীপৰ প্ৰতি সঁহাৰি জনোৱা প্ৰতিষ্ঠানবোৰে লাগত মূল্য চাপ আৰু বৰ্ধিত বিক্ৰীমূল্যৰ বিষয়ে তৃতীয় ত্ৰিমাসিকত জানিবলৈ দিয়ে। পিএমআইৰৰ দ্বাৰা মতগৃহীত প্ৰস্তুতকাৰী আৰু সেৱা প্ৰতিষ্ঠানবোৰেও এই কথা স্বীকাৰ কৰিছে। সংগঠিত খণ্ডৰ বেতন বৃদ্ধি দৃঢ় হৈ থকাৰ বিপৰীতে গ্ৰামীণ বেতন বৃদ্ধি স্তিমিত হয়।

১৬. প্ৰণালীস্থ চলনিধি ৰাহিৰ ঘৰতে আছে, পিছে ই ধীৰেৰে সমতা লাভৰ দিশত অগ্ৰসৰ হৈছে। ৱেইটেড এভাৰেজ কল ৰেট ডিচেম্বৰ-জানুৱাৰীত ৰেপো হাৰৰ ১২ বিপিএছ তলত বেচা-কিনা হয়, যিটো নৱেম্বৰত আছিল ১৫ বিপিএছ তলত। ডিচেম্বৰ আৰু জানুৱাৰীৰ কেইটামান দিনত, চৰকাৰী ব্যয়ৰ মন্থৰতা আৰু বৃহত্ কৰ সংগ্ৰহৰ কাৰণে প্ৰণালীটো ঘাটিলৈ আহে যাৰ বাবে ৰিজাৰ্ভ বেংকে চলনিধি সঞ্চাৰ কৰিবলগা হয়। ১৬ ডিচেম্বৰ,২০১৭ত আৰম্ভ হোৱা সপ্তাহ দুটাত প্ৰণালীটোত ৰিজাৰ্ভ বেংকে গড়ে দৈনিক ৩৮৮ বিলিয়ন টকা সুমুৱায়। ডিচেম্বৰত অৱশ্যে ৰিজাৰ্ভ বেংকে ৩১৬ বিলিয়ন টকা অৱশোষণ কৰে (মুঠ দৈনিক গড় ভিত্তিত)। জানুৱাৰীৰ চতুৰ্থ সপ্তাহত প্ৰমালীটো পুনৰায় ঘাটিলৈ অহাত ৰিজাৰ্ভ বেংকে গড় ১৪৫ বিলিয়ন টকাৰ চলনিধি সুমুৱায়। জানুৱাৰীৰ বাবে মুঠতে ৰিজাৰ্ভ বেংকে ৩৫৩ বিলিয়ন টকা সুমুৱায় (মুঠ দৈনিক গড় ভিত্তিত)।

১৭. সদাগৰী ৰপ্তানি নৱেম্বৰ আৰু ডিচেম্বৰত প্ৰতিক্ষিপ্ত হয়। পেট্ৰলিয়াম সামগ্ৰী অভিযান্ত্ৰিক সামগ্ৰী আৰু ৰাসায়নিকে ইয়াৰ বিকাশৰ তিনি-চতুৰ্থাংস লয় যদিও প্ৰস্তুত সাজ-পোছাকৰ সংকোচন হয়। একেটা অবধিত, উচ্চ আন্তৰ্জাতিক মূল্য হেতু পেট্ৰলিয়াম (খাৰুৱা তথা পণ্য)ৰ উদ্ভুত এক-তৃতীয়াংসৰো অধিক বৃদ্ধিৰে অনুক্ৰমিক সদাগৰী আমদানি বৃদ্ধি পায়। মূল্য আৰু আকাৰ উভয় দিশতে সোণৰ আমদানি বৃদ্ধি পায়, আগৰ তিনি মাহত হ্ৰাস পোৱাৰ পাছত। মুকুতা আৰু মূল্যৱান পাথৰ, ইলেক্ট্ৰনিক সামগ্ৰী আৰু কয়লাই অনা-তৈল আৰু অনা-স্বৰ্ণ আমদানি বৃদ্ধিত অৰিহণা যোগায়। ৰপ্তানি বিকাশতকৈ আমদানি বিকাশ বৃদ্ধি পোৱাত, ডিচেম্বৰত বাণিজ্যিক ঘাটি হয়গৈ ১৪.৯ বিলিয়ন মাৰ্কিন ডলাৰ।

১৮. কাৰেণ্ট একাউণ্ট ঘাটি অনুক্ৰমিক ভিত্তিত ২০১৭-১৮ৰ দ্বিতীয় ত্ৰিমাসিকত লক্ষ্যণীয় সংকোচন ঘটিলেও, এবছৰ-পূৰ্ব পৰ্যায়ৰ ওপৰতে আছিল ঘাইকৈ বাণিজ্যিক ঘাটিৰ প্ৰসাৰ হেতু। শুদ্ধ প্ৰত্যক্ষ বিদেশী বিনিয়োগ স্ৰোতবোৰ এবছৰ আগৰ পৰ্যায়বোৰতকৈ এপ্ৰিল-অক্টোবৰ ২০১৭ত সংযত হোৱাৰ বিপৰীতে শুদ্ধ বিদেশী পৰ্টফলিঅ বিনিয়োগ স্ৰোত ২০১৭-১৮ত (১ ফেব্ৰুৱাৰী পৰ্যন্ত) প্ৰাণচঞ্চল হৈ থাকে। ভাৰতৰ বিদেশী মুদ্ৰা আৰক্ষণ ভাণ্ডাৰ ২ ফেব্ৰুৱাৰী,২০১৮ত আছিল ৪২১.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ।

দৃশ্যপট

১৯. ডিচেম্বৰ দ্বিমাসিক প্ৰস্তাৱত মুদ্ৰাস্ফীতি ২০১৭-১৮ৰ দ্বিতীয়াৰ্ধত ৪.৩-৪.৭ শতাংশৰ ভিতৰত থকাৰ পূৰ্বাভাস দিছিল, যত ঘৰ ভাড়া বানচ বৃদ্ধিকো লোৱা হৈছিল। প্ৰকৃত পৰিণামত গৈ, শিৰোনাম মুদ্ৰাস্ফীতি তৃতীয়-ত্ৰিমাসিকত গড়ে ৪.৬ শতাংশত থাকে, নৱেম্বৰত খাদ্যমূল্যত আচহুৱা বৃদ্ধিৰ কাৰণে। মূল্য ডিচেম্বৰত উপশম হয় যদিও শীতকালৰ প্ৰত্যাশিত খাদ্যমূল্য আশা কৰাতকৈ বেছি নকমিল। ঘৰুৱা পেট্ৰল-ডিজেলৰ পাম্প-মূল্যই আন্তৰ্জাতিক খাৰুৱা তেল মূল্যৰ পূৰ্বৰ বৃদ্ধিখিনি লেহেম অপসৰণ দেখুৱাই জানুৱাৰীত লক্ষ্যণীয়ভাৱে বাঢ়ে। এই সকলো কাৰক বিবেচনা কৰি ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱকে ধৰি, মুদ্ৰাস্ফীতি এতিয়া চতুৰ্থ ত্ৰিমাসিকত ৫.১ শতাংশত প্ৰাককলন কৰা হৈছে।

২০. চলিত বছৰটোৰ আগলৈ স্ফীতি সম্ভাৱনাক কেইবাটাও কাৰকে নিৰ্ণয় কৰাৰ সম্ভাৱনা আছে। প্ৰথমে চাহিদা আৰু যোগান দিশ কাৰকবোৰৰ বাবে আগষ্ট,২০১৭ৰ আন্তৰ্জাতিক খাৰুৱা তেল মূল্য দৃঢ় হৈ আছে। দ্বিতীয়, অনা-তৈল ঔদ্যোগিক কেঁচামাল মূল্যও বিশ্বজুৰি বাঢ়নমুখী হৈ আছে। ৰিজাৰ্ভ বেংকৰ আইএছঅত মত দিয়া প্ৰতিষ্ঠানবোৰে চতুৰ্থ-ত্ৰিমাসিকত লাগত মূল্য কঠোৰ হব বুলি আশা কৰিছে। স্ফীতি সম্ভাৱনা মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰ কৰিব, যিটো নেকি স্বাভাৱিক হব বুলি আশা কৰা হৈছে। এই সকলো কাৰক বিবেচনা কৰি, ২০১৮-১৯ৰ বাবে চিপিআই স্ফীতি H1ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ৰমটুটমান পৰিসাংখ্যিক ঘৰভাড়া বানচ প্ৰভাৱকে ধৰি ৫.১-৫.৬ শতাংশত প্ৰাককলন কৰা হৈছে আৰু H2ত ৪.৫-৪.৬ শতাংশ ৰখা হৈছে যত ওপৰমুৱাকৈ থকা বিপদশংকাও ধৰা হৈছে (চাৰ্ট-১)। স্বাভাৱিক বৃষ্টিপাত আৰু চৰকাৰৰ ফলপ্ৰসূ যোগান ব্যৱস্থাপনা হলে, সপ্তম চিপিচিৰ HRA প্ৰভাৱ উপশম আৰু মজবুত অনুকূল আধাৰ পৰিণামবোৰ হেতুকে দ্বিতীয়াৰ্ধৰ স্ফীতি কোমল হোৱাৰ পূৰ্বানুমান কৰা হৈছে।

২১. বিকাশ সম্ভাৱনালৈ ঘূৰি, ২০১৭-১৮ বৰ্ষৰ বাবে GVA বিকাশ ৬.৬ শতাংশত ধৰা হৈছে। চলিত বছৰটোৰ আগলৈ কেইবাটাও কাৰকে বিকাশ সম্ভাৱনাক প্ৰভাৱিত কৰিব। প্ৰথম, জিএছটি ৰূপায়ণ সুস্থিৰ হৈ উঠিছে, অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে শুভপ্ৰদ। দ্বিতীয়, ক্ৰমোন্নত ঋণ গ্ৰহণ, প্ৰাথমিক মূলধন বজাৰৰ পৰা বৃহত্ সম্পদ সংগ্ৰহ আৰু মূলধনী সামগ্ৰী আৰু আমদানিৰ বৃদ্ধিয়ে প্ৰতিফলিত কৰা মতে বিনিয়োগ কাৰ্যকলাপত বৃদ্ধিৰ লক্ষণ আহিছে। তৃতীয়, ৰাজহুৱা খণ্ডৰ বেংকবোৰত পুনৰ মূলধন সঞ্চাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বৃহত্ পীড়াগ্ৰস্ত ধৰুৱাসকলৰ পৰা প্ৰাপ্য আদায়ৰ কাৰণে দেউলীয়াপন তথা নিঃস্বতা আইনৰ অন্তৰ্গত কাৰ্য়ব্যৱস্থা গ্ৰহণৰ দিহা কৰা হৈছে। ই ঋণ স্ৰোতৰ অধিক উন্নতি ঘটোৱাৰ লগতে নতুন বিনিয়োগ চাহিদা সৃষ্টি কৰিবগৈ লাগে। চতুৰ্থ, ভাললৈ অহা গোলকীয় চাহিদাৰ বাবে ৰপ্তানি বিকাশ অধিক উন্নত হোৱাৰ আশা আছে যদিও উথ্বিত সামগ্ৰী মূল্য বিশেষকৈ তেলৰ মূল্যই মুঠ চাহিদাক আজোৰ মাৰিব পাৰে। ওপৰোক্ত দিশবোৰ চালি-জাৰি চাই, ২০১৮-১৯ বৰ্ষৰ বাবে জিভিএ বিকাশ সামগ্ৰিকভাৱে ৭.২ শতাংশত পূৰ্বানুমান কৰা হৈছে H1ত ৭.৩-৭.৪ শতাংশৰ ভিতৰত আৰু H2ত ৭.১-৭.২ শতাংশৰ ভিতৰত ধৰা হৈছে, যত নেকি বিপদশংকাবোৰ সুষম (চাৰ্ট-২)।


২১. এমপিচিয়ে অনুধাৱন কৰিছে যে ওপৰমুৱা একাধিক অনিশ্চয়তাই স্ফীতি সম্ভাৱনাক ধূসৰ কৰি ৰাখিছে। প্ৰথম, বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা ঘৰভাড়া বানচ বৃদ্ধিৰ বিলম্বিত প্ৰভাৱে ২০১৮-১৯ত আধাৰৰেখাৰ ওপৰলৈ শিৰোনাম স্ফীতি ঠেলি নিব পাৰে আৰু স্বাভাৱসিদ্ধভাৱে দ্বিতীয়লানি পৰিণাম আনিব পাৰে। দ্বিতীয়, গোলকীয় বিকাশত উৰ্ধমুখীতাই খাৰুৱা তেল আৰু সামগ্ৰী মূল্যত অধিক হেঁচাৰে ঘৰুৱা স্ফীতি ঘটাবগৈ পাৰে। তৃতীয়, কেন্দ্ৰীয় বাজেট ২০১৮-১৯য়ে ৰবিশষ্যৰ বাবে ন্যূনতম সমৰ্থন মূল্যৰ বাবে কৰা প্ৰস্তাৱৰ মুদ্ৰাস্ফীতিত পৰিব পৰা প্ৰভাৱখিনিৰ পৰিণাম এই অৱস্থাত সম্পূৰ্ণ মূল্যায়ন কৰিব পৰাত নাই। চতুৰ্থ, কেন্দ্ৰীয় বাজেটে ভালেমান বস্তুৰ ওপৰত আমদানি শুল্ক বঢ়াবলৈ প্ৰস্তাৱ কৰিছে। পঞ্চম, কেন্দ্ৰীয় বাজেটত দিয়া আভাস মতে ৰাজস্ব অপসৰণে মুদ্ৰাস্ফীতিত আঘাত কৰিব পাৰে। মুদ্ৰাস্ফীতিত প্ৰত্যক্ষ প্ৰভাৱবোৰৰ উপৰিও ৰাজস্ব অপসৰণৰ বহল স্থূল অৰ্থনৈতিক পৰিণামো আছে, অৰ্থব্যৱস্থাব্যাপ্ত ধাৰৰ খৰচ, যিটো ইতিমধ্যে বাঢ়িবলৈ লৈছে। ই মুদ্ৰাস্ফীতিক ভক্ষণ কৰাব পাৰে। ষষ্ঠ, ঘৰুৱা ৰাজস্ব উন্মোচন আৰু ঘাই ঘাই উন্নত অৰ্থব্যৱস্থাবোৰৰ দ্বাৰা মৌদ্ৰিক নীতিৰ স্বাভাৱিককৰণৰ সংগমে বিত্ত যোগান স্থিতিবোৰত বিৰূপ প্ৰভাৱ পেলাবগৈ পাৰে যাৰ ফলত বহিঃবিনিয়োগকাৰীৰ আস্থা লাঘৱ হব পাৰে। সেয়ে সমাগত মাহবোৰত উদীয়মান স্ফীতি দৃশ্যপটৰ চৌপাশে সতৰ্কতা অৱলম্বন আৱশ্যক।

২৩. উপশমকাৰীৰ কাৰকো আছে। প্ৰথম, সামৰ্থ্য প্ৰয়োগ মন্থৰ হৈ আছে। দ্বিতীয়, বিগত সময়ছোৱাত তৈলমূল্য উভয় দিশত লৰচৰ হৈ আছে আৰু উত্পাদন সঁহাৰিক ভিত্তি কৰি বৰ্তমানৰ পৰ্যায়তকৈ কোমল হোৱাৰ সম্ভাৱনা আছে। তৃতীয়, গ্ৰামীণ প্ৰকৃত মজুৰি বৃদ্ধি সংযত।

২৪. সেই অনুসৰি, এমপিচিয়ে নীতিগত ৰেপো হাৰ অপৰিৱৰ্ত্তিত ৰাখিবলৈ আৰু নিৰপেক্ষ স্থিতি অব্যাহত ৰাখিবলৈ সিদ্ধান্ত লয়। শিৰোনাম মুদ্ৰাস্ফীতি স্থায়ী ভিত্তিত ৪ সতাংশৰ আশে-পাসে ৰাখিবলৈ নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা এমপিচিয়ে দৃঢ়তাৰে দোহাৰিছে।

২৫. এমপিচিয়ে অনুধাৱন কৰে যে অৰ্থব্যৱস্থা পুনৰুদ্ধাৰৰ পথতে আছে, যত বিনিয়োগ কাৰ্যকলাপ পুনৰাগমনৰ লক্ষণবোৰো আছে। উন্নতিমুখী গোলকীয় চাহিদাই ঘৰুৱা বিনিয়োগ কাৰ্যকলাপ শক্তিশালী কৰিবগৈ লাগে। গ্ৰামীণ আৰু আন্তঃগাঁঠনি খণ্ডবোৰত কেন্দ্ৰীয় বাজেটৰ মনোনিবেশো আদৰণীয় উন্মোচন যিহেতু ই গ্ৰামীণ উপাৰ্জন আৰু বিনিয়োগত সহায় কৰিব আৰু ফলত গৈ মুঠ চাহিদা আৰু অৰ্থনৈতিক কাৰ্যকলাপ অধিক ত্বৰান্বিত কৰিব। অধঃস্তনীয় দিশত, ৰাজহুৱা বিত্ত যোগানৰ অধোন্নতিয়ে বেচৰকাৰী বিত্ত যোগান আৰু বিনিয়োগ বঢ়াৰ বিপদশংকা দেখুৱাইছে। কমিটীৰ মত হল- চালুকীয়া অৱস্থাত থকা পুনৰপ্ৰাপ্তিক লালন-পালন কৰিব লাগে আৰু অনুকূল তথা সুস্থিৰ স্থূল অৰ্থনৈতিক ব্যৱস্থাপনাৰে বিকাশক নিৰন্তৰ উচ্চতৰ মাৰ্গত ৰাখি যাব লাগে।

২৬. ড০ চেতন ঘাটে, ড০ পমী ডুৱা, ড০ মাইকেল দেৱব্ৰত পাত্ৰ, ড০ বিৰাল ভি. আচাৰ্য আৰু ড০ উৰজিত আৰ পেটেলে মৌদ্ৰিক নীতি সিদ্ধান্তৰ সমৰ্থনত মত দান কৰে। ড০ মাইকেল দেৱব্ৰত পাত্ৰই নীতিগত হাৰ ২৫ বেছিচ পইণ্ট বৃদ্ধিৰ সপক্ষে মতদান কৰে। এই এমপিচি বৈঠকৰ কাৰ্যবিৱৰণী ২১ ফেব্ৰুৱাৰী,২০১৮ৰ ভিতৰত প্ৰকাশ কৰা হব।

২৭. এমপিচিৰ পৰৱৰ্ত্তী বৈঠকখন ৪ আৰু ৫ এপ্ৰিল,২০১৮ত অনুষ্ঠিত কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়।

নীতিগত ৰেপ হাৰ ৬.০ শতাংশ অপৰিৱৰ্তিত ৰাখিবলৈ লোৱা প্ৰস্তাৱত মতদান

সদস্য মত
ড০ চেতন ঘাটে সপক্ষে
ড০ পমী ডুৱা সপক্ষে
ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া সপক্ষে
ড০ মাইকেল দেৱব্ৰত পাত্ৰ বিপক্ষে
ড০ বিৰাল ভি আচাৰ্য সপক্ষে
ড০ উৰজিত্ আৰ পেটেল সপক্ষে

ড০ চেতন ঘাটেৰ বক্তব্য

২৮. যোৱাটো পৰ্যালোচনাৰ পাছৰ পৰা চকুত লগাকৈ শিৰোনাম স্ফীতিত বৃদ্ধি হৈছে (নৱেম্বৰত ৪.৯ শতাংশ, ডিচেম্বৰত ৫.২ শতাংশ)। শেহতীয়া পঠন, সকলো প্ৰধান গোটতে বৰ্ধিত স্ফীতি চিন্তাজনক হৈছে। স্বাভাৱিক ঋতুগত সকাহ ডিচেম্বৰ পৰ্যন্ত বিলম্বিত হৈ, খাদ্য আৰু ইন্ধন স্ফীতিও বাঢ়িছে। ২০১৮ত প্ৰায় ৩.৯ শতাংশৰে বিশ্ব জিডিপি বৃদ্ধি পোৱাৰ সম্ভাৱনাৰে, গোলকীয় চাহিদাই তেল মূল্য বঢ়াই নিব পাৰে। মুদ্ৰাস্ফীতিৰ সকলো পৰিমাপ ৫ শতাংশৰ ওপৰত সন্মিলিত হৈছে। প্ৰতিকূল যোগান দিশ আঘাতে অৰ্থনীতিৰ ফিলিপ্স কাৰ্ভ ওপৰলৈ ঠেলি ৪ শতাংশৰ মধ্যম্যাদী স্ফীতি লক্ষ্যৰ প্ৰতি ধৰ্তব্য বিপদশংকা চপোৱাৰ আভাস দিয়ে।

২৯. মুদ্ৰাস্ফীতি – খাদ্য আৰু ইন্ধন বাদে (ডিচেম্বৰত ৫.২ শতাংশ) ওপৰলৈ উঠিছে, যদিওবা ই মূলতঃ কেন্দ্ৰৰ HRA ৰ পৰা পৰিসাংখ্যিক সমলৰ বাবে হৈছে। প্ৰতিষ্ঠানবোৰৰ মূল্যাৰোপন সিদ্ধান্তই হয়তো লাগত মূল্যত সাম্প্ৰতিক বৃদ্ধিৰ প্ৰতি সঁহাৰি দিছে যাৰ অন্তৰালত আন্তৰ্জাতিক সামগ্ৰী চক্ৰৰ প্ৰতিপ্ৰাপন আছে, শ্ৰম বজাৰৰ আঁত অথবা বৰ্ধিত সামৰ্থ্য প্ৰয়োগ উদ্ভুত কৰ্মচাৰী ব্যয়ৰ বাবে নহয়। ব্যয়ভিত্তিক কাৰকবোৰৰ বাবেহে খাদ্য আৰু ইন্ধন বাদে স্ফীতি বঢ়াটো ই দেখুৱাইছে, যিটোৱে বিকাশ-স্ফীতি মোকাবিলাক শোচনীয় কৰিব।

৩০. দুমাহৰ আগৰ তুলনাত বৰ্ধিত স্ফীতিলৈ নামমাত্ৰ সকাহদায়ক কাৰকহে আছেগৈ। গ্ৰামীণ বেতন বৃদ্ধি সংযত হৈ বৃদ্ধিৰ প্ৰৱণতাৰে নিৰ্মাণ কাৰ্যকলাপৰ ইংগিত দিছে. দাইলৰ অপস্ফীতি অব্যাহত আছে যদিও ২০১৮-১৯ৰ বাজেটত ঘোষিত সংগ্ৰহ নীতি ঘোষণাই ইয়াক ওলোটাই নিব পাৰে. বৰ্তমান সন্ধিক্ষণত, দানাদাৰ শষ্য আৰু পাচলি বাদে (উদ্বায়ী দ্ৰব্য), জুন,২০১৭ৰ আধাৰতকৈ উদ্বায়ী দ্ৰব্যৰ জালখন অপৰিৱৰ্ত্তিত আছে। ৩ মাহপূৰ্ব আৰু এবছৰপূৰ্ব স্ফীতি প্ৰত্যাশাবোৰ সুস্থিৰ আছে।

৩১. মোৰ যোৱাটো পৰ্যালোচনাত, গৱেষণাৰ ভিত্তিত (সহ-গৱেষকৰ সৈতে) কৈছিলো- চৰকাৰৰ দ্বাৰা এমএছপি বৃদ্ধিয়ে কেনেকৈ সামগ্ৰিক মুদ্ৰাস্ফীতি ঘটাব পাৰে আৰু মৌদ্ৰিক সংবাহন শোচনীয় কৰিব পাৰে। বিস্তাৰিত সংগ্ৰহ নীতিয়ে ৰাজ্যিক ৰাজস্বতো প্ৰভাৱিত কৰিব। ভাৰতত ৰাজস্ব অপসৰণবোৰ স্ফীতিদায়ক।

৩২. অৰ্থনৈতিক বিকাশ সন্দৰ্ভত, ভালেমান হাই ফ্ৰিকুৱেন্সি সূচকে দেখুওৱা মতে বিগত মাহকেইটাত উপাত্ত গতিবিধি মোটামুটিভাৱে যোগাত্মক আছিল। বিগত কেইটামান পৰ্যালোচনাত মোৰ প্ৰধান চিন্তাটো আছিল ২০১৭-১৮ৰ তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত আধাৰ পৰিণাম ভিত্তিক বৃদ্ধিবোৰৰ আগলৈ অৰ্থব্যৱস্থাৰ জান্তৱ স্পৃহাই জিডিপি বিকাশ বৰ্তাই ৰাখিবনে নাই। ইয়াৰ সম্ভাৱনাই বেছি দেখুৱাইছে।

৩৩. প্ৰস্তুতকাৰী খণ্ডত লাভৰ অংশ, প্ৰকৃতাৰ্থৰ বিক্ৰী বাঢ়ি অহাত উন্নতি হৈ আহিছে। সেৱা খণ্ডৰ পিএমআই ডিচেম্বৰ আৰু জানুৱাৰীত বৃদ্ধি পাইছে। আৰবিআই উদ্যম জৰীপবোৰেও চাহিদা অৱস্থাত যথেষ্ট উন্নতি দেখুৱাইছে। বিকাশ বিগতি জঁই পৰিছে। বেংক আৰু অনা-বেংকৰ পৰা বিত্তীয় সম্পদৰ স্ৰোত বাঢ়িবলৈ লৈছে। চলিত বিকাশ প্ৰৱণতাই অৰ্থনীতিক মুদ্ৰাস্ফীতিৰ পিনে দৌৰাব পাৰে। ইয়াক ত্ৰুটিহীনভাৱে লক্ষ্য কৰি যাব লাগিব।

৩৪. মুঠতে কবলৈ গলে, জিডিপিত বিকাশৰ স্থায়ী বৃদ্ধি এটা নিৰ্ভৰ কৰে বিনিয়োগ চাহিদাত। KLEMSডেটাবেছ ব্যৱহাৰ কৰি, ১৯৮০-২০১১ৰ সময়ছোৱাত প্ৰতি শ্ৰমিকৰ মূলধন মজুতৰ বিপৰীতে প্ৰতি শ্ৰমিকৰ উত্পাদন বৃদ্ধিৰ পৰিসংখ্যা তলত দিয়া হৈছে। মধ্যম্যাদত ভাৰতত প্ৰতি শ্ৰমিকৰ নিৰ্গম বিকাশ Solow-Swan style মডেলত ভালকৈ প্ৰতিফলিত হৈছে। প্ৰতি শ্ৰমিকত মূলধন বৃদ্ধিৰ দ্বাৰাহে প্ৰতি শ্ৰমিক নিৰ্গম বৃদ্ধি আহিব। সেইখিনিলৈকে, বিনিয়োগ/জিডিপি অনুপাতত সাম্প্ৰতিক উন্নতিখিন উত্সাহজনক।

৩৫. এই গোটেইবোৰ বিবেচনা সহকাৰে, আজিৰ মৌদ্ৰিক নীতি কমিটীৰ বৈঠকত নীতিগত ৰেপো হাৰ অপৰিৱৰ্ত্তিত ৰখাৰ সপক্ষে মই মতদান কৰিলো।

ড০ পমী ডুৱাৰ বক্তব্য

৩৬. চিপিআই স্ফীতি নৱেম্বৰ আৰু ডিচেম্বৰ,২০১৭ত উৰ্ধমুখী প্ৰক্ষেপপথত থাকি ডিচেম্বৰত ৫.২ শতাংশৰ ১৭ মহীয়া উচ্চতা পায়গৈ, আংশিকভাৱে প্ৰতিকূল আধাৰ পৰিণামবোৰৰ কাৰণে। এই বৃদ্ধি খাদ্য মূল্যৰ বৃদ্ধিৰে চালিত হয়, যাৰ সৈতে গোলকীয় তৈল মূল্য বঢ়াৰ ফলত ইন্ধন স্ফীতিও থাকে। খাদ্য আৰু ইন্ধন বাদে চিপিআই স্ফীতিও ডিচেম্বৰত বাঢ়ে, আংশিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ঘৰভাড়া বানচ বৃদ্ধি হেতুকে।

৩৭. আগলৈ গলে, মুদ্ৰাস্ফীতিৰ প্ৰতি একাধিক ওপৰমুৱা বিপদশংকা থাকি গৈছে। ইয়াৰ ভিতৰত গোলকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ সম্ভাৱনা আৰু উচ্চ খাৰুৱা তেল মূল্যও আছে। ৰাজস্ব ঘাটি অপসৰণ, আশা কৰাতকৈ মন্থৰ ৰাজস্ব একত্ৰিকৰণৰ লগতে ৰাজ্য চৰকাৰবোৰৰ দ্বাৰা ঘৰভাড়া বানচ বৃদ্ধিৰ বিলম্বিত প্ৰভাৱবোৰেও স্ফীতিত চাপ সৃষ্টি কৰিব পাৰে। খাৰিফ শষ্যৰ নিম্নতম সমৰ্থন মূল্য উত্পাদন ব্যয়ৰ ১.৫ গুণ কৰিবলৈ কেন্দ্ৰীয় বাজেটৰ স্ফীতি বঢ়াবগৈ পাৰে, যদিওবা এতিয়াই বিতং কব পৰা নাযায়। কেন্দ্ৰীয় বাজেটে ভালেমান বস্তুত সীমা শুল্ক বঢ়াইছে। তদুপৰি, আৰবিআইৰ ঔদ্যোগিক সম্ভাৱনা জৰীপে, লাগত মূল্য বৃদ্ধিৰ ফলত গ্ৰাহকৰ খৰচ বাঢ়ি চিপিআই স্ফীতি অধিক বৃদ্ধিৰ ইংগিত দিছে। আৰবিআইৰ গৃহস্থালিৰ জৰীপতো গৃহস্থালী প্ৰত্যাশা স্ফীতি তিনিমাহপূৰ্ব আৰু এবছৰপূৰ্ব উভয় মণ্ডলতে বঢ়া দেখুৱাইছে। ইপিনে, ইণ্ডিয়ান ফিউচাৰ ইনফ্লেশ্যন গজে (RI নিউয়ৰ্কৰ গৱেষণা গোট যাৰ সৈতে এই গৱেষকো জড়িত) দেখুওৱা মুদ্ৰাস্ফীতি বিগত মাহকেইটাত পৰিলক্ষিত হৈছে।

৩৮. একে সময়তে, অৰ্থনৈতিক বিকাশৰ যোগাত্মক লক্ষণবোৰে স্পষ্ট হৈ উঠিছে। প্ৰথমে জিএচটিৰ ৰূপায়ণ সুস্থিৰ হৈছে। ৰাজহুৱা খণ্ড বেংকবোৰত পুনৰ মূলধন সঞ্চাৰ আৰু দেউলীয়াপন আৰু নিঃস্বতা বিধিৰ অন্তৰ্গত অনুত্পাদনশীল সম্পদ নিষ্পত্তিৰ পদক্ষেপবোৰ হল অন্যান্য় যোগাত্মক লক্ষণ। ডিচেম্বৰত ঋণদানৰ পৰিমাণ বৃদ্ধি পাইছে। গ্ৰামীণ আৰু আন্তঃগাঁঠনি খণ্ডবোৰত গুৰুত্ব দি অৰ্থনৈতিক কাম-কাজ ত্বৰান্বিত কৰিবলৈকো কেন্দ্ৰীয় বাজেটত ব্যৱস্থা লোৱা হৈছে।

৩৯. অৱশ্যে ভৱিষ্যত অৰ্থনৈতিক কাৰ্যকলাপৰ পূৰ্বাভাসকাৰী ECRIৰ Indian Leading Indexৰ বিকাশ শেহতীয়াকৈ মন্থৰ হোৱাই অৰ্থনৈতিক বিকাশ সম্ভাৱনা স্তিমিত হোৱা সূচাইছে। ECRIৰ আন্তৰ্জাতিক সূচ্যাংকবোৰে এই বছৰ গোলকীয় বিকাশো মন্থৰ হোৱা দেখুৱাইছে। অদ্যোপৰি, ECRI সূচ্যাংকত ভাৰতীয় বৃদ্ধিয়ে ভাৰতীয় ৰপ্তানি বৃদ্ধিৰ দিশটো স্তিমিত দেখুওৱাত ভাৰতীয় ৰপ্তানি বিকাশ সম্ভাৱনাও সংযত হৈ পৰিছে।

৪০. ক্ৰমবৰ্দ্ধমান গোলকীয় বণ্ড প্ৰতিফল আৰু ঘাই ঘাই উন্নত অৰ্থব্যৱস্থাবোৰৰ দ্বাৰা মৌদ্ৰিক নীতি স্বাভাৱিকৰণ কৰিবলৈ লোৱাৰ ফলত দেখা দিয়া অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত গোলকীয় বিত্তীয় বজাৰ উদ্বায়ীতাৰ বিষয়ে শংকাৰ থল ৰৈছে।

৪১. এতেকে মুদ্ৰাস্ফীতিৰ প্ৰতি থকা বিপদশংকা আৰু ছন্দহীন বিকাশ সম্ভাৱনা বিবেচনা কৰি, নীতি হাৰত স্থিতাৱস্থাৰে অপেক্ষা তথা নিৰীক্ষণ সহকাৰে নিৰপেক্ষ স্থিতিৰ পৰামৰ্শ মই আগবঢ়ালো।

ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়াৰ বক্তব্য

৩৬. চিপিআই স্ফীতি আৰু নিকট ম্যাদত অৰ্থনৈতিক বিকাশ সম্ভাৱনা এই দুয়োটাৰ বাবে আৰবিআয়ে কৰা মূল্যায়নত মই একমত নহয়। মুদ্ৰাস্ফীতিত উৰ্ধমুখী বিপদশংকাত ইয়াৰ অতি-উদ্বেগ আৰু অৰ্থনৈতিক বিকাশ দিশত অত্যধিক আশাও মই গ্ৰহণ নকৰো। মোৰ মতে, স্ফীতিজনক পৰিস্থিতি যথোচিত নিয়ন্ত্ৰণাধীণতে আছে আৰু অদূৰ ভৱিষ্যতত গ্ৰহণযোগ্য পৰিসীমাতে থকাৰ সম্ভাৱনা আছে কিয়নো কেবামাহৰ পাছতো অনুকূল আধাৰ পৰিণামবোৰ সুস্থিৰ হবলৈ লৈছে। সদ্যহতে উদ্বেগৰ আচল কাৰণটো হৈছে অৰ্থনৈতিক পুনৰুত্থান আৰু ইয়াৰ মন্থৰ গতি। ৰাজস্ব অৱকাশ মোটামুটি ক্ষয়প্ৰাপ্ত হৈছে কিন্তু মৌদ্ৰিক উত্থান এতিয়া সৌভাগ্যবশতঃ এক দীঘলীয়া অবধিৰ বাবে প্ৰাপেত হৈছে। মই তেতিয়া কোৱাৰ দৰে নীতি হাৰ জুন,২০১৭ত ৫.৭৫ শতাংশলৈ কৰ্তন কৰা হলে, অৰ্থনৈতিক পুনৰুত্থান বহু বেছি ক্ষিপ্ৰ হৈ উঠিলেহেঁতেন আৰু আমি আজি অধিক উত্তম স্থানত থাকিলেহেঁতেন। আমি সুযোগটো হেৰুৱালো যদিও নোহোৱাতকৈ পলমকৈ হোৱাই সমীচিন। মোৰ মতেতে, আমি সংৰক্ষণশীল পক্ষত থাকিবলৈ হলে প্ৰাৰম্ভতে নীতি হাৰ কমেও ২৫ বেছিচ পইণ্ট কৰ্তন কৰিবই লাগিব, কিয়নো পূৰা মাত্ৰাই যথেষ্ট অৱকাশ বৰ্তি আছে। মোৰ পৰামৰ্শাৱলীৰ নিৰ্দিষ্ট কাৰণবোৰ এনে ধৰণৰ-

১। আৰবিআইক সাম্প্ৰতিক সৰহভাগ গৃহস্থালী স্ফীতিজনক প্ৰত্যাশা জৰীপে এবছৰ-পূৰ্ব স্ফীতিৰ বাবে প্ৰায় ৬০ বেছিচ পইণ্ট (bps) বৃদ্ধি দেখুৱাইছে যদিও, বিগত এবছৰমানত প্ৰায় ২৮০ bpsৰ সমান অৱনমন সামগ্ৰিকভাৱে দেখুৱাইছে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদৰ শেহতীয়া ব্যৱসায় প্ৰত্যাশা জৰীপৰ পৰা অধিকতৰ সংগতিপূৰ্ণ আৰু নিৰ্ভৰযোগ্য পৰিণাম লাভ কৰা হৈছে যত ২১০০ৰো অধিক সঁহাৰিয়ে দেখুৱাইছে যে এবছৰ আগতীয়া শিৰোনাম চিপিআই স্ফীতি প্ৰত্যাশা হৈছে ৩.৭১ শতাংশ – আৰবিআইৰ লক্ষ্য ৪.০ শতাংশৰ যথেষ্ট তলত। এই আকলনৰ মানবিশিষ্ট বিচ্যুতিও তুলনামূলকভাৱে কম। এইদৰে মুদ্ৰাস্ফীতিজনক প্ৰত্যাশাই যথেষ্ট ভালকৈ খোপনি লৈ আছে আৰু অদূৰ ভৱিষ্যতত তদৰ্থে অহা ৬ মাহৰ পৰা ১২ মাহত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ প্ৰধান বিষয় হৈ থাকিব নালাগে।

২. অন্যহাতে, আৰবিআই জৰীপবোৰত দেখুৱাইছে যে উপাৰ্জন, কৰ্মসংস্থান আৰু সামগ্ৰিক অৰ্থনৈতিক পৰিবেশত গ্ৰাহক আস্থা অতি কম হৈ আছে আৰু বিগত সময়ছোৱাত অৱনতিহে হৈছে। কোম্পানীবোৰৰ মূল্যৰোপন ক্ষমতাৰ এতিয়াও অভাৱ আছে আৰু তেওঁলোকৰ লাভৰ অংশটোত চেপা অনুভৱ কৰি আছে।

৩. ভাল কাৰ্যসাধক আৰু বিত্তীয়ভাৱে সুস্থ কোম্পানীবোৰে আৰবিআই জৰীপত দেখুওৱা মতে আৱয়বিক সম্পত্তিতকৈ বিত্তীয় সম্পদতহে বেছিকৈ বিনিয়োগ কৰিছে। তেওঁলোকে বিনিয়োগকাৰীৰ পৰিৱৰ্তে সঞ্চয়কাৰীৰ দৰে আচৰণ কৰিছে কিয়নো দীৰ্ঘম্যাদী বিনিয়োগত উত্সাহী কৰিবলৈ প্ৰকৃত সুতৰ অতি বেছি। আনকি উপভোক্তাসকলেও দীৰ্ঘস্থায়ী পণ্য উপভোগ কৰিবলৈ সংকোচ কৰিব। মন কৰিবলগীয়া কথা যে প্ৰকৃত সুত হাৰটো হল- জ্ঞাপিত সুত হাৰ আৰু মুদ্ৰাস্ফীতিৰ প্ৰত্যাশিত হাৰৰ পাৰ্থক্যখিনিহে (বিগত সময়ছোৱাত পৰিলক্ষিত স্ফীতি হাৰটো নহয়)।

৪. সামান্য অৰ্থনৈতিক সকাহ সত্ত্বেও ভাৰতীয় উদ্যোগত সামৰ্থ্য প্ৰয়োগৰ মাত্ৰা আৰবিআই জৰীপবোৰৰ মতে ৭২ শতাংশৰ কম পৰ্যায়তে আছে, যিনেকি নিৰ্গম ব্যৱধান উপৰ্যুপৰি বৰ্তি থকা দৰ্শাইছে। সেৱা খণ্ড পি.এম.আই.ও নিম্নগামী হৈ নিৰাশাজনক পৰিমণ্ডলতে আছে।

৫. ২০১৭ৰ জুন-ছেপ্তেম্বৰ ত্ৰিমাসিকত আৰবিআইৰ বিকাশ পুনৰপ্ৰাপ্তিৰ প্ৰত্যাশা বুজন অত্যুক্তি বুলি পৰিগণিত হৈছে। আৰবিআইৰ প্ৰত্যাশা ৬.৪ শতাংশৰ বিপৰীতে ত্ৰিমাসিকটোত প্ৰকৃত জি.ভি.এ. আছিল মাত্ৰ ৬.১ শতাংশ। তত্সত্ত্বেও আৰবিআয়ে ২০১৭-১৮ বৰ্ষৰ বাবে দেখুওৱা পূৰ্বৰ ৬.৭ শতাংশৰ বিকাশ পূৰ্বানুমান সংশোধিত কৰা নাই। ইয়াৰ পৰা বুজা যায় যে ২০১৭-১৮ বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত আৰবিআয়ে এতিয়া ৭.০ আৰু ৭.৮ শতাংশৰ বৰ্ধিত বিকাশ আশা কৰিছে। নীতি হাৰত কৰ্তন অবিহনে এইটো অসম্ভৱ কিয়নো ৰাজস্ব অৱকাশ কবলৈ গলে নায়েই আৰু ওপৰৰ ২) আৰু ৪) বিন্দুত বৰ্ণোৱা অৱস্থাবোৰে বৃহত্ প্ৰত্যাহ্বান আনিছে। তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত অবাস্তৱ ধৰণৰ উচ্চতৰ বিকাশ হাৰ আশা কৰাটোৱে নীতি নিষ্ক্ৰীয়তা বৰ্তাই ৰাখিব পৰাকৈ অদূৰ ভৱিষ্যতত উত্পাদন ব্যৱধানৰ আপোনা-আপুনি অৱসান ঘটিব বুলি মিছা আসা কৰাহে হব।

৬. ইয়াৰ বিপৰীতে, যিহেতু পুনৰুদ্ধাৰ মন্থৰ আৰু আশা কম হৈ আছে, মই আশা কৰিছো ২০১৭-১৮ বৰ্ষত বিকাশ অধিক তলত ৬.৪ শতাংশহে হব, যিটোৱে তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত বিকাশ হাৰ যথাক্ৰমে ৬.৭ আৰু ৭.২ শতাংশ হোৱা সূচাইছে। ইয়াৰ উপৰিও, এমপিচিত মোৰ সতীৰ্থসকলৰ অমিলেৰে, মই দৃঢ়তাৰে বিশ্বাস কৰো যে চলিত বিকাশ হাৰে ৮-৮.৫ শতাংশ অতিক্ৰম নকৰা পৰ্যন্ত নিৰ্গম ব্যৱধান সংকুচিত নহব। ইয়াৰ অৰ্থ হল, মোৰ মতেৰে, অহা বছৰ মাজভাগলৈকে নিৰ্গম ব্যৱধান সম্প্ৰসাৰিতহে হব। সিয়ে গৈ মূল্যৰ ওপৰত নিম্নমুখী চাপ সৃষ্টি কৰিব আৰু মুদ্ৰাস্ফীতিৰ প্ৰতি কেইবাটাও বিপদশংকা নিৰসন কৰিব। তেলৰ মূল্য মোৰ মতেৰে বৰ্তমানৰ পৰ্যায়তকৈ যথেষ্ট ওপৰত দীঘলীয়া সময়ৰ বাবে নাথাকিব। সেইদৰে, শতাংশৰ পৰা জিডিপিলৈ ৰাজস্ব অপসৰণ হোৱাৰ সম্ভাৱনা আছে যদিও সাৰ্বভৌম চৰ্তত ই বুজন হৈ নাথাকিব। জিডিপিৰ শতাংশ হিচাপে ৰাজস্ব ঘাটিয়ে লক্ষ্যক অতিক্ৰম কৰিবলৈ পাৰে, কিয়নো নিম্নতৰ মুদ্ৰাস্ফীতি আৰু প্ৰকৃত বিকাশত বুজন মন্থৰতা হেতুকে যোৱা বাজেটত ধৰি লোৱা সংখ্যা (১১.৭৫ শতাংশ)ৰ যথেষ্ট ধীৰেৰেহে জ্ঞাপিত জিডিপি বৃদ্ধি হব। অৱশ্যে, প্ৰতিফল হাৰ আৰু মূল্যত উৰ্ধমুখী চাপ সৃষ্টি কৰা গুণীতকবোৰ সাৰ্বভৌম চৰ্তত যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই আৰু গতিকে মুদ্ৰা স্ফীতিজনক প্ৰভাৱ সীমিত হৈ থাকিব।

৭. ২০১৭-১৮ৰ বাকী দুটা ত্ৰিমাসিকত শিৰোনাম স্ফীতি ৪.৩ৰ পৰা ৪.৭ শতাংশৰ ভিতৰত থাকিব বুলি আৰবিআইৰ প্ৰত্যাশা গুৰুত্ব সহকাৰে লব লাগিব। সপ্তম দৰমহা আয়োগৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীৰ বাবে দিয়া সংশোধিত ঘৰভাড়া বানচৰ পৰিসংখ্যা সৰ্বস্ব পৰিণামবোৰ বাদ দিলে, শিৰোণাম আৰু খাদ্য তথা ইন্ধন বাদে চিপিআই সফীতিৰ হাৰ ক্ষেত্ৰ বিষয়ক আৰবিআইৰ পূৰ্বানুমানে সংশ্লিষ্ট স্ফীতি হাৰ বছৰটোৰ বাকী সময়ছোৱাত ৩.৯ৰ পৰা ৪.৩ শতাংশৰ ভিতৰত থকা দেখুৱাইছে। এনেকৈয়ে, উত্পাদন ব্যৱধানখিনি হিচাপলৈ ননাকৈও কমেও ২৫ bps হাৰ কৰ্তনৰ স্থল স্পষ্ট দেখা গৈছে।

৮. দেশৰ সৰহভাগ অন্যান্য দেশতকৈ যথেষ্ট উচ্চতৰ হাৰত প্ৰকৃত নীতি হাৰ ৰাখিবলৈ গলে বিষম পৰিণাম ভূগিব লগা হব। বৰ্তমানে, বিশ্বৰ ১১খন দেশৰহে ধনাত্মক প্ৰকৃত নীতি হাৰ আছে আৰু ইয়াৰে কেবাখনো দেশে কিবা নহয় কিবা সংকটত পৰিছে নাইবা সংকটমুক্ত হব পাৰিছে। বাকীবোৰ দেশৰ ভিতৰত ভাৰততে উচ্চতম প্ৰকৃত হাৰ আছে। সোনকালে পৰিস্তিতি শুধৰাই নললে, ঘৰুৱা বিনিয়োগ নিৰুত্সাহিত কৰি আৰু ঋণ বজাৰত বিদেশী বিনিয়োগক উত্সাহিত কৰি স্বগৃহৰ বিত্তীয় বজাৰবোৰ অস্থিৰ কৰি পেলোৱাৰ বাবে ইয়াৰ সম্ভাৱনীয়তা আছে। ইয়াত ভৱিষ্যতৰ কাৰণে প্ৰচুৰ বিপদশংকা থাকিব পাৰে. অন্যহাতেদি নীতিগত হাৰ কৰ্তনৰ দ্বাৰা ঘৰুৱা কৰ্পোৰেট বণ্ড বজাৰ, ষ্টক বজাৰ আৰু পৰিণামস্বৰূপে বিনিয়োগ চাহিদাক উত্সাহিত কৰিব পাৰি আৰু উত্পাদন ব্যৱধানখিনিৰ জোৰা মৰাৰ বাবে বিকাশ ক্ষিপ্ৰতৰ কৰিব পৰা যায়।

৩৭. এই গোটেইবোৰ দিশৰ প্ৰতি ধ্যান ৰাখি, ডিচেম্বৰ,২০১৭ত নীতিগত হাৰ ২৫ বেছিচ পইণ্ট কৰ্তনৰ সপক্ষে মই মতদান কৰিলো।

ড০ মাইকেল দেবব্ৰত পাত্ৰৰ বক্তব্য

৩৮. মই স্থিতাৱস্থাৰ সপক্ষে মতদান কৰিলো।

৩৯. পূৰ্বৰ প্ৰস্তাৱবোৰত উল্লেখিত মুদ্ৰাস্ফীতিৰ প্ৰতি সকলো উৰ্ধমুখী বিপদশংকাই বাস্তৱ ৰূপ ধাৰণ কৰিছে। অদ্যোপৰি, পূৰ্বৰ পঠনবোৰত দিয়া মতে, মূল্য চাপ কেৱল পাচলিত আৱদ্ধ হৈ থকা নাই, পেট্ৰলিয়াম সামগ্ৰী, সেৱাসমূহ (আবাসন বাদে, যিটো নেকি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে ঘৰভাড়া বানচৰ পৰিসাংখ্যিক পৰিণামবোৰৰ দ্বাৰা স্বতন্ত্ৰভাৱে গতিৰুদ্ধ হৈছে) আৰু অন্তৰ্নিহিত স্ফীতিলৈ পৰ্যবসিত হৈছে। মুদ্ৰাস্ফীতি সৰ্বব্যাপ্ত হোৱাৰ বিপদশংকা এনে এক পৰ্যায়লৈ বৃদ্ধি পোৱা যেন হৈছে যত নেকি শীতকালীন ফল-মূল আৰু পাচলিৰ আগমণৰ হেতু মৃদুভৱনৰ পৰিণামখিনি গিলি পেলোৱাৰ সম্ভাৱনা আছে।

৪০. গৃহস্থালীৰ স্ফীতি প্ৰত্যাশাবোৰ ঘনীভূত হৈছে আৰু গ্ৰাহক আস্থা উপেক্ষা কৰিবলৈ লৈছে। লগত ব্যয়ৰ ওপৰত পৰা চাপে অচিৰে কোম্পানীবোৰক সেইখিনি বিক্ৰীমূল্যলৈ ঠেলিবলৈ বাধ্য কৰিব যিহেতু এই ব্যয়খিনি শোষণ কৰিব পৰাকৈ তেওঁলোকৰ পাৰ্শ্বৰাশি পৰ্যাপ্ত নহয়। বিত্তীয় বজাৰবোৰে, বিশেষকৈ বণ্ড বজাৰ অংশটোৱে বৰ্ধিত স্ফীতিৰ গোন্দ পাইছে। বছৰটোত অদ্যপৰিমিত বজাৰবোৰ বন্দী কৰি ৰখা চলনিধিৰ ঘাটিখিনিক চলনিধি সঞ্চলনৰ দ্বাৰা ক্ৰমান্বয়ে পৰিপূৰিত কৰা হৈছে আৰু বজাৰ সুস্থিৰকৰণ আঁচনি তথা বিদেশী মুদ্ৰা সঞ্চলনৰ অধীনত পৰিপক্ক হব ধৰা প্ৰত্যাভূতিবোৰ অৱধাৰণ কৰি, বিত্তীয় বছৰটো শেষ হোৱাৰ আগতে নিষ্ক্ৰীয়াত্মক স্থিতি এটা ওলাবলৈ পাৰে।

৪১. মৌদ্ৰিক নীতি স্থিতিত এৰাধৰাৰ বৰ্তমান পৰ্যায়টো- ২০০ বেছিচ পইণ্টেৰে নীতিগত হাৰ কৰ্তন কৰাটো হৈছে, গোলকীয় বিত্তীয় সংকট মোচনৰ ক্ষেত্ৰত গভীৰতম অন্তৰায়। লগতে, ই অতি সম্পূৰ্ণকৈ সংবাহিত হৈছে। মোৰ মতে, এই পৰ্বটো পুৰঠ হৈছে, এতিয়া সময় হৈছে ইয়াৰ অৱসান সংকেত দিয়াৰ আৰু চলনিধি ব্যৱস্থাপনাৰ উত্থানমুখী স্থিতিৰ সংগতিৰে, এৰাধৰাখিনিৰ প্ৰত্যাহাৰ আৰম্ভ কৰাৰ।

৪২. এইটো নহয় যে মই বিকাশৰ বিষয়ে আত্মপ্ৰত্যয়শীল, বৰঞ্চ বহু নিলগতহে। মোৰ মনে ধৰিছে যে দ্বিতীয় ত্ৰিমাসিকত শুভলক্ষণখিনি লাগতদ্ৰব্যৰ সম্পূৰ্তিৰ বোকোচাতহে হৈছিল, আৰু এইটো স্থায়ী-ভিত্তিক হয় নে নহয় কবলৈ আমাক অধিকতৰ অন্তঃগামী ডেটাৰ প্ৰয়োজন হব। বিনিয়োগ মনোভাৱ সুপ্ত হৈয়ে আছে, মূলধন গঠনৰ হাৰত উপৰ্যুপৰি মন্থৰতালৈ চাই কব পাৰি। সামগ্ৰী আৰু ফেক্টৰ বজাৰবোৰক উন্মোচিত কৰা, প্ৰৱেশ আৰু প্ৰস্থানৰ প্ৰতিবন্ধকতাবোৰ আঁতৰোৱা, আৰু সৰ্বত্ৰে উত্পাদনশীলতা তথা প্ৰতিযোগিতা উন্মুখিতা সঞ্চাৰ কৰিব পৰাকৈ বলিষ্ঠ সংস্কাৰৰ প্ৰয়োজন। বিকাশে কঠিন ভূমি পাই গলে ই নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত মুদ্ৰাস্ফীতি বৰ্তাই ৰাখিবগৈ পাৰে।

৪৩. মৌদ্ৰিক নীতিৰ বাবে সপ্তম হোৱাৰ আৰু আগতকৈ গৈ ভৰি যাবলৈ সাজু হোৱাৰ সময় আহিল।

ড০ বিৰাল ভি. আচাৰ্য্যৰ বক্তব্য

৪৪. গোলকীয় সামগ্ৰী চক্ৰটোৱে এতিয়া তেলৰ মূল্য সম্প্ৰতি প্ৰতিক্ষিপ্ত হোৱাৰ পাক সলোৱা যেন লাগিছে। ই অৰ্থনীতিত পৰ্যাপ্ত লাগত ব্যয় চাপ সৃষ্টি কৰিছে, যিটো কোনোবা পৰ্যায়ত গৈ খুচুৰা মূল্যত পৰিব পাৰে। পাচলিৰ মূল্যও গজগজীয়া হৈ উঠিছে, শীতকালীন মূল্য শিথিলকৰণ কিমান হবগৈ অনিশ্চিত কৰি। এই কাৰকবোৰে শিৰোনাম স্ফীতিক এনে এক ক্ষেপন পথলৈ নিব যিটোৱে এমপিচিৰ ৪ শতাংশৰ লক্ষ্য বেছি সোনকালেই অতিক্ৰম কৰাৰ সম্ভাৱনা আছে আৰু মধ্যম্যাদত লক্ষ্যৰ ওপৰতে সম্ভাৱনা আছে (ঘৰভাড়া বানচৰ প্ৰভাৱটো বাদ দিলেও)।

৪৫. তেলৰ মূল্য বিৱৰ্তন এক বিশেষ উদ্বেগৰ কাৰণ। শ্বেল গেছৰ সঁহাৰি যিয়ে নহওক, উন্নত গোলকীয় চাহিদাই অপেকৰ উত্পাদন কৰ্তনৰ ব্যাপ্তিৰ লগত সংগতি ৰাখি তৈল মূল্য গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যেন লাগিছে। এই ঘটনাক্ৰমে জটিল ঘৰুৱা নীতি প্ৰত্যাহ্বান চপাইছে – উকৰত প্ৰতিচক্ৰীয় সমাযোজনৰ বাবে অন্য ঠাইত ৰাজস্ব সুষমীকৰণৰ আৱশ্যক হব, যিহেতু এনে সমাযোজনৰ অভাৱে ঘৰুৱা স্ফীতিত চাপ সূচাব (অস্থায়ীভাৱে সুপ্ত, যিহেতু পাম্পবোৰলৈ মূল্য ঠেলাটো তাত্ক্ষণিক হোৱা নাই)।

৪৬. সামগ্ৰী চক্ৰ ওপৰমুৱা হোৱাত বাণিজ্যৰ সামগ্ৰিক ম্যাদবোৰত বিৰুপ পৰিৱৰ্তনে বিকাশৰ চালকবোৰক দুৰ্বল কৰাৰ সম্ভাৱনা আছে। তত্সত্ত্বেও যোৱা ত্ৰিমাসিকত বিকাশ চাপৰ লগতে বিগত মাহকেইটাত প্ৰকৃত অৰ্থনৈতিক কাৰ্যকলাপৰ কেতবোৰ হাই-ফ্ৰিকুৱেন্সি সূচকতো কিছু সকাহ পৰিলক্ষিত হৈছে। আমাৰ গৱেষক দলৰ নিৰ্গম ব্যৱধান প্ৰাককলনত কিছু সামৰণি দেখুৱাইছে, উন্নত ঋণ বৃদ্ধি আৰু বাণিজ্যিক খণ্ডটোলৈ বিত্তীয় সম্পদৰ সামগ্ৰিক স্ৰোতক আংশিকভাৱে প্ৰতিফলিত কৰি।

৪৭. বৰ্তমানৰ নিম্ন সামৰ্থ্য প্ৰয়োগ আৰু উচ্চ লাগতকৈ চাই নিৰ্গম ব্যৱধান কিছু ঋণাত্মক হৈ আছে. অৱশ্যে কেইবাটাও পীড়িত খণ্ডলৈ ঋণ প্ৰবাহ উন্নত হৈ আহিছে যিটোৱে পৰৱৰ্ত্তী বৰ্ষটোত উন্নত বিনিয়োগৰ পথ প্ৰশস্ত কৰিব। দেউলিয়াপন আৰু নিঃস্বতা বিধি (IBC) লৈ প্ৰেৰণ কৰা গোচৰবোৰৰ মীমাংসা হবলৈ ললে সুংবদ্ধকৰণ সূচল হব আৰু মূল্যৰোপন ক্ষমতাও পুনৰপ্ৰাপ্ত হৈ এই প্ৰক্ৰিয়াটোক অধিক সমৰ্থনপুষ্ঠ কৰিব। ৰাজহুৱা খণ্ড বেংকবোৰে মূলধন সংগ্ৰহ কৰিবলৈ ললে চৰকাৰৰ পৰা পুনৰ মূলধনী-সঞ্চাৰ লাভ কৰিব আৰু সংস্কাৰ সাধন কৰিব আৰু তেতিয়া অৰ্থব্যৱস্থাৰ উত্পাদনশীল খণ্ডবোৰলৈ ঋণ স্ৰোত বৃদ্ধি পাব।

৪৮. বৰ্তমান সন্ধিক্ষণত এৰাদৰাৰ বাবে নাইবা কৌশলগত স্থিতিৰ কোনো পৰিৱৰ্তনৰ বাবে সামান্য অৱকাশহে আছে। গতিকে, মই নিৰপেক্ষ স্থিতি সহকাৰে ৰেপ হাৰ ৬.০ শতাংশতে ৰখাৰ হকে মতদান কৰিলো। অন্তৰ্গামী উপাত্তবোৰে নীতিটো আগবঢ়াই নিয়াত মুখ্য ভূমিকা লৈ যাব। মই (১) পণ্য আৰু সেৱা কৰ ৰূপায়ণ প্ৰক্ৰিয়া সুস্থিৰ হোৱালৈকে মূল্য পৰ্যায়বোৰত জিএছটিৰ প্ৰভাৱ বুজিবলৈ, (২) জিভিয়ে প্ৰস্তুতকৰণত বিকাশ পুনৰুত্থানৰ পৰিপক্কতা সমাগত মাহকেইটাত নিৰূপণ কৰিবলৈ, আৰু (৩) ভাৰতীয় অৰ্থনৈতিক আৰু বজাৰবোৰত সামগ্ৰী মূল্যৰ প্ৰভাৱবোৰ নিৰীক্ষণ কৰিবলৈ আগ্ৰহী হৈ আছো। সমান্তৰালভাৱে ৰিজাৰ্ভ বেংকে ইয়াৰ নীতি হাৰ কাৰ্যব্যৱস্থাবোৰ বেংকৰ পৰা ঋণীলৈ সংবাহন উন্নত কৰিবৰ কাৰণে বিকল্পবোৰ অধ্যয়ন কৰি আছে।

ড০ উৰজিত্ আৰ. পেটেলৰ বক্তব্য

৪৯. অক্টোবৰত খাদ্য মূল্যৰ অপ্ৰত্যাশিত দৃঢ়ীভৱন সত্ত্বেও মুদ্ৰাস্ফীতি দৃশ্যপট মোটামুটি প্ৰত্যাশিত দিশতে উদ্ভাসিত হৈছে। (গোটেই বছৰটোতে চাপবোৰ উদ্বায়ী হৈ থকা কাৰণে মণ মোটামুটি বুলি কৈছো)। মুদ্ৰাস্ফীতি এতিয়া সামান্য ওপৰত আগবাঢ়ি থাকিব বুলি পূৰ্বানুমান কৰা হৈছে কিয়নো সাম্প্ৰতি তৈল মূল্য বৃদ্ধি অপৰিৱৰ্ত্তিত থকাৰ সম্ভাৱনা আছে। খাদ্য মূল্য স্ফীতি, পাচলিৰ নেতৃত্বত, অতি বিষম হৈ আছে, পিছে দাইলত বিস্ফীতি অটুট আছে। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ ঘৰ ভাড়া বানচ বৃদ্ধিৰ আবাসন স্ফীতিত পৰা প্ৰভাৱখিনি ডিচেম্বৰত তুংগত উঠিব।

৫০. পূৰ্বানুসিত স্ফীতি প্ৰক্ষেপপথলৈ কেইবাটাও বিপদশংকা আহিছে। প্ৰথমে ৰিজাৰ্ভ বেংকৰ শেহতীয়া লানি জৰীপত তিনিমাহ-পূৰ্ব আৰু এবছৰ-পূৰ্ব উভয় অবধিৰ বাবে গৃহস্থালি স্ফীতি প্ৰত্যাশাবোৰ বাঢ়ি গৈছে। বৰ্তমানৰ পৰ্যায়তকৈ দ্ৰুততৰ হাৰেৰে মুদ্ৰাস্ফীতি আশা কৰা গৃহস্থালিৰ শতকৰা অংশটো শেহ-২০১৩ৰ পাছতে সৰ্বোচ্চ আছিল। দ্বিতীয়তে, প্ৰস্তুতকাৰী আৰু সেৱা উভয় খণ্ডৰ সৰ্বত্ৰে লাগত ব্যয় চাপে উত্পাদন মূল্যলৈ ঠেলা মৰাৰ বিপদশংকা বঢ়াইছে, বিশেষতঃ বছৰটোৰ দ্বিতীয়াৰ্ধত বিকাশ সংবেদবোৰ শক্তিমন্ত হোৱাৰ সম্ভাৱনা হেতুকে। তৃতীয়তে ৰাজস্ব অপগমন উদ্বেগ দীৰ্ঘসূত্ৰী হৈছে। এই বিপদশংকাবোৰ বাস্তৱত আহিবলৈ ললে, স্ফীতি সম্ভাৱনাক প্ৰভাৱিত কৰিব। স্ফীতি প্ৰক্ষেপপথলৈ আহিব পৰা এই বিপদশংকাবোৰ অৱশ্যে কিছু পৰিমাণে মোচন কৰিব পৰা যাব, যদিহে পাচলিৰ মূল্যত ঋতুগত সংযততা আহে আৰু কেইবিধমান পণ্য় তথা সেৱাত জিএছটি হ্ৰাসৰ সুফলখিনি খুচুৰা মূল্যলৈ প্ৰক্ষেপিত হয়, আশা কৰা ধৰণে।

৫১. ২০১৭-১৮ৰ দ্বিতীয় ত্ৰিমাসিকত (অক্টোবৰৰ পূৰ্বানুমান মতে) মুট মূল্য সংযোজন বিকাশত গতিবৃদ্ধিয়ে সন্তোষ আনিছে, বিশেষকৈ প্ৰস্তুতকাৰী খণ্ডত চকুতলগা বৃদ্ধিৰ দ্বাৰা ই পৰিচালিত মহোৱা কাৰণে। মুঠ মূলধন গঠনত বৃদ্ধিয়ে সকাহ অব্যাহত ৰাখিছে। আগবাঢ়ি যাওতে, নিম্ন ৰবিখেতি আৰু জলাধাৰৰ নিম্নস্তৰে কৃষি কাৰ্যকলাপলৈ নিম্নমুখী বিপদশংকা চপাইছে। অৱশ্যে ঔদ্যোগিক দিশত, ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপে তৃতীয় ত্ৰিমাসিকত প্ৰস্তুতকাৰী খণ্ড ব্যৱসায় প্ৰত্যাশাত উন্নতি ঘটাৰ আভাস দিছে। সেৱা খণ্ড কাৰ্যকলাপৰ বিভিন্ন সূচকবোৰে অৱশ্যে এখন মিশ্ৰিত ছবি দাঙি ধৰিছে। প্ৰাথমিক মূলধনী বজাৰৰ পৰা বৃহত্ মূলধন সংগ্ৰহ আৰু বেংক ঋণ বিকাশত গতিবৃদ্ধিয়ে প্ৰতিপলিত কৰা মতে, বিগত সময়ছোৱাত বিত্তীয় স্থিতিবোৰৰ চমকপ্ৰদ উন্নতি ঘটিছে। এইবিলাকে হয়তো বিনিয়োগ চক্ৰ এটাত বহু-প্ৰতিক্ষিত (মাৰ্জিত) শুভ লক্ষণ সূচাইছে।

৫২, স্থূল অৰ্থনৈতিক পৰিস্থিতি অক্টোবৰ,২০১৭ত অনুষ্ঠিত এমপিচিৰ যোৱাখন বৈঠকৰ পাছত সামগ্ৰিকভাৱে অপৰিৱৰ্ত্তিত আছে। অৱশ্যে খাৰুৱা তেল মূল্যত সাম্প্ৰতিক বৃদ্ধি চিন্তাৰ বিষয়ে হৈ পৰিছে। একাধিক অনিশ্চয়তা, বিশেষকৈ ৰাজস্ব আৰু পৰৰাষ্ট্ৰীয় খণ্ডত এতিয়াও আছে। সেয়ে, অতন্ত্ৰ সতৰ্কতাৰ বিশেষ প্ৰয়োজন। এতেকে নিৰপেক্ষ স্থিতি অব্যাহত ৰাখি, নীতি হাৰত পূৰ্বাৱস্থা বাহাল ৰখাৰ সপক্ষে মই মতদান কৰিলো, অন্তৰ্গামী উপান্তবোৰলৈ সমূচিত সঁহাৰি দিবলৈ ই আমাক স্থিতিস্থাপকতা প্ৰদান কৰিব।

জোছ জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/২২৬৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?