RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78484598

মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী
ফেব্ৰুৱাৰী ৭-৮, ২০১৭

২২ ফেব্ৰুৱাৰী, ২০১৭

মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী
ফেব্ৰুৱাৰী ৭-৮, ২০১৭
(ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আইন, ১৯৩৪ৰ ধাৰা ৪৫ য ঠৰ অন্তৰ্গত)

মৌদ্ৰিক নীতি সমিতিৰ (এম পি চি) তৃতীয়খন বৈঠক যিখন সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ৪৫ ষস্ঠ ধাৰাৰ অন্তৰ্গত গঠিত, ফেব্ৰুৱাৰী ৭ আৰু ৮, ২০১৭ তাৰিখে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া, মুম্বাইত অনুষ্ঠিত হয়।

২. বৈঠকত সকলো কেইগৰাকী সদস্য উপস্থিত থাকে- ড০ চেতন ঘাটে, প্ৰফেছৰ, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট; ড০ পমী ডুৱা, সঞ্চালক, দেলহি স্কুল অব ইকনমিক্স; আৰু ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, প্ৰফেছৰ, ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, আহমেদাবাদ; আৰু ড০ মাইকেল দেৱব্ৰত পাট্ৰ, এগজিকিউটিভ ডাইৰেক্টৰ, (ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫ য খ(২)(গ)ৰ অন্তৰ্গত কেন্দ্ৰীয় বোৰ্ডৰ দ্বাৰা মনোনীত ৰিজাৰ্ভ বেংকৰ বিষয়া); ড০ বিৰাল ভি. আচাৰ্য, মৌদ্ৰিক নীতিৰ প্ৰভাৰী ডেপুটী গৱৰ্ণৰ আৰু ড০ উৰজিত আৰ পেটেল, গৱৰ্ণৰৰ দ্বাৰা অধ্যক্ষতা।

৩. সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫ ষস্ঠধাৰা অনুযায়ী ৰিজাৰ্ভ বেংকে মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিখন বৈঠকৰ পাছত চতুৰ্দশ দিনা বৈঠকৰ কাৰ্যবিৱৰণী প্ৰকাশ কৰিব যত নিম্নোক্তবিলাক অন্তৰ্ভুক্ত হব, নামতঃ-

(ক) মৌদ্ৰিক নীতি সমিতিৰ বৈঠকত গৃহীত প্ৰস্তাৱ;

(খ) মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ মত, এনে সদস্যৰ প্ৰতি আৰোপিত, সংশ্লিষ্ট বৈঠকত গৃহীত প্ৰস্তাৱত থাকিব; আৰু

(গ) মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ বক্তব্য ধাৰা ৪৫জ ঝৰ উপধাৰা (১১)ৰ অন্তৰ্গত, বৈঠকখনত গৃহীত প্ৰস্তাৱত থাকিব।

৪. এম পি চিয়ে উপভোক্তা আস্থা, গৃহস্থলীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা, যৌথ খণ্ডৰ কাম-কাজ, ঋণ অৱস্থা, ঔদ্যোগিক, সেৱা তথা আন্তঃগাঁথনি খণ্ডৰ বাবে ভৱিষ্যতৰ সম্ভাৱনা, আৰু পেছাদাৰী ভৱিষ্যদৰ্শকসকলৰ পূৰ্বানুমানবোৰ স্বীকৃত মানৰ লগত তুলনা কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংকৰ দ্বাৰা পৰিচালিত জৰীপবোৰ পৰ্যালোচনা কৰে। সমিতিয়ে কৰ্মচাৰীৰ সমষ্টিগত অৰ্থনৈতিক পূৰ্বানুমানবোৰ, আৰু ভৱিষ্যতৰ সম্ভাৱনালৈ থকা বিপদাশংকাবোৰৰ চৌপাশৰ বিকল্প দৃশ্যপটৰ পুংখানুপুংখ পৰ্যালোচনা কৰে। এইবোৰৰ বিবেচানা আৰু মৌদ্ৰিক নীতি স্থিতিৰ ওপৰত বিস্তাৰিত আলোচনাৰ অন্তত এম পি চিয়ে তলত উত্থাপিত প্ৰস্তাৱটো গ্ৰহণ কৰে।

প্ৰস্তাৱ

৫. আজিৰ বৈঠকত চলিত আৰু উদীয়মান সমষ্টি আৰ্থিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত মৌদ্ৰিক নীতি সমিতি (এম পি চি)য়ে এই লৈ সিদ্ধান্ত লয়-

  • নীতি ৰেপ’হাৰ চলনিধি সমাযোজন সুবিধা (এল এ এফ)ৰ অন্তৰ্গত ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰাখিবলৈ।

৬. পৰিণাম স্বৰূপে, এল এ এফৰ অন্তৰ্গত ৰিভাৰ্ছ ৰেপ’ হাৰ ৫.৭৫ শতাংশত অপৰিৱৰ্তিত থাকে, আৰু উপান্ত স্থায়ী সুবিধা হাৰ আৰু বেংক হাৰ ৬.৭৫ শতাংশত থাকে।

৭. এম পি চিৰ সিদ্ধান্ত, ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকলৈ ৫ শতাংশ গ্ৰাহক মূল্য সূচকাংক আৰু বিকাশত সমৰ্থন আগবঢ়ায়, +/- ২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশ মধ্যমাদী লক্ষ্যত উপনীত হোৱাৰ সৈতে সামঞ্জস্য ৰাখি মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ সৈতে সংগতিপূৰ্ণ।

মূল্যায়ন

৮. গোলকীয় বিকাশ বিগত বছৰটোত মন্থৰ হোৱাৰ পাছত ২০১৭ত সামান্য গতি লাভ কৰিব বুলি অনুমান কৰা হৈছে। ২০১৬ৰ দ্বিতীয়াৰ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু জাপানৰ নেতৃত্বত ধীৰেৰে আৰম্ভ হোৱা গতিৰ ওপৰত উন্নত অৰ্থব্যৱস্থাবোৰ (এই) গড় লৈ স্পিল অভাৰেৰে গঢ় লৈ উঠাৰ সম্ভাৱনা আছে। অৱশ্যে সম্ভাৱ্য গোলকীয় স্পিল অভাৰেৰে মাৰ্কিন সমষ্টি অৰ্থনৈতিক নীতিবোৰৰ দিশতো অনিশ্চয়তাত আছে। উদীয়নমান বহাৰ অৰ্থব্যৱস্থাবোৰ (ই এম ই)ৰ বাবেও বৃদ্ধিৰ সম্ভাৱনা, ৰাছিয়া আৰু ব্ৰাজিলত ভাটা অৱস্থা লাঘৱ আৰু চীন নীতি উত্তেজক সুস্থিৰ হৈ অহাত মৃদুভাৱে উন্নত হোৱাৰ সম্ভাৱনা আছে। বৰ্ধিত ইন্ধন মূল্য আৰু চাহিদাৰ সামান্য দৃঢ়িকৰণে মুদ্ৰাস্ফীতিলৈ বৃদ্ধি চপাইছে। অৱশ্যে সংৰক্ষণবাদী নীতি আৰু ৰাজনৈতিক উত্তেজনা বৃদ্ধিৰ প্ৰতি বৰ্ধনমুখী প্ৰৱণতা হেতু গোলকীয় বাণিজ্য ম্লান হৈ আছে। অধিকন্তু, এইবোৰৰ চেন্ট্ৰেল বেংকবিলাকে মৌদ্ৰিক নীতিত ব্যতিক্ৰমী এৰা-ধৰা স্বাভাৱিক কৰিবলৈ লোৱাত বিত্তীয় স্থিতিবোৰ কটকটীয়া হোৱাৰ সম্ভাৱনা আছে।

৯. ব্ৰেক্সিট ৰূপৰেখা আৰু মাৰ্কিন প্ৰশাসনৰ অৰ্থনৈতিক নীতিৰ বিষয়ে প্ৰত্যাশাবোৰ মূৰ্ত হোৱা বিষয়ক উদ্বেগ হেতুকে জানুৱাৰীৰ মাজভাগত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় বজাৰ অস্থিৰ হৈ পৰিছিল। আন্তঃৰাষ্ট্ৰীয় পণ্য দ্ৰব্যৰ মূল্যত বৃদ্ধি প্ৰফাইলৰ ভিতৰত অপেকে উত্পাদন কৰিবলৈ সন্মত হোৱাত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পায়। আমেৰিকাত ৰাজকোষীয় উদ্দীপনা, চীনত আন্তঃগাঁথনি ব্যয় আৰু যোগান হ্ৰাসৰ কাৰকতাত বুনিয়াদী ধাতুৰ মূল্যও বৃদ্ধি পায়। ভৌগলিক-ৰাজনৈতিক উদ্বেগবোৰেও পণ্যদ্ৰৱ্য মূল্য উৰ্দ্ধমুখী কৰে। সম্প্ৰতি, উন্নত অৰ্থব্যৱস্থাবোৰলৈ বিপদাশংকাৰ ক্ষুধা উভতি অহাত ইকুইটী বজাৰ বঢ়াই নিয়ে, এই বছৰত ফেডাৰেল ফাণ্ড হাৰত অধিক বৃদ্ধি বঢ়াৰ সম্ভাৱনাৰ প্ৰতিক্ৰিয়াত বণ্ড প্ৰতিফলনবোৰক দৃঢ় কৰি আনিছে। আমেৰিকাত ৰাজকোষীয় সম্প্ৰসাৰণৰ প্ৰত্যাশাবোৰৰ লগতে ই মাৰ্কিন ডলাৰক বৰ্ষীয় উচ্চতম সীমালৈ আগবঢ়াই নিয়ে।

১০. কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে (চি এছ অ’) ২০১৬-১৭ বৰ্ষৰ বাবে ৬ জানুৱাৰীত মুকলি কৰা ইয়াৰ অগ্ৰিম মূল্যায়নত ভাৰতৰ প্ৰকৃত জি ভি এ বৃদ্ধি ৭ শতাংশ হ’ব বুলি অনুমান কৰিছে যিটো এক বৰ্ষৰ আগৰ ৭.৮ শতাংশ (যিটো ৩১ জানুৱাৰীত প্ৰকাশিত প্ৰথম প্ৰাক্-কলন)তকৈ কম। কৃষি আৰু আনুষঙ্গিক কাৰ্যকলাপত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ স্বাভাৱিক প্ৰবাহ, ৰবি শস্যৰ পথাৰকালিৰ ব্যাপক প্ৰসাৰ (পূৰ্বৱৰ্তী বছৰটোতকৈ ৫.৭ শতাংশ অধিক) আৰু অনুকূল প্ৰভাৱ আৰু আধাৰ প্ৰভাৱ আৰু আনুষঙ্গিক কাৰ্যকলাপৰ নিৰন্তৰ স্থিতিস্থাপকতাৰ সুফল পোৱা যায়। ইয়াৰ বিপৰীতে ঔদ্যোগিক ক্ষেত্ৰত ক্ষিপ্ৰ অৱগমন পৰিলক্ষিত হয়, যাৰ কাৰণে প্ৰস্তুতকাৰক আৰু খনন তথা উত্খননত মন্থৰতা দেখা যায়। সেৱা খণ্ডৰ কাৰ্যকলাপেও গতি হেৰুৱায়, য’ত বেহাবেপাৰ, হোটেল, পৰিবহন আৰু যোগাযোগ সেৱা তথা নিৰ্মাণ খণ্ড ক্ষতিগ্ৰস্ত হয়, যাক ৰাজহুৱা প্ৰশাসন আৰু প্ৰতিৰক্ষাই কিছু সকাহ দিয়ে।

১১. ঔদ্যোগিক উত্পাদন সূচকাংকৰ দ্বাৰা পৰীক্ষাকৃত ঔদ্যোগিক উত্পাদন অৱশেষত ইনছুলেটেড ৰবৰ (কবলৰ দুৰ্বল সংকৰ্ষণৰ পৰা মুক্ত হয়) আৰু লগতে অনুকূল আধাৰ প্ৰভাৱৰ পৰা সহায় পায়। ডিচেম্বৰত সাহ উদ্যোগবোৰৰ উত্পাদন বৰ্ষপৰ বৰ্ষৰ আধাৰত আৰু ক্ৰমিক ৰূপত মৌচুমী সমাযোজিত আধাৰত বাঢ়ি যায়। এই উত্থানৰ সঞ্চালক কাৰকবোৰত ইস্পাত উত্পাদন (পেট্ৰলিয়াম শোধন) সামগ্ৰী থাকে, যিবোৰত অন্য কথাৰ লগতে ইস্পাত উত্পাদনত আমদানি মাচুলৰ সহায়তা আহে আৰু বহিঃচাহিদাৰ কাৰণে পেট্ৰলিয়াম শোধনাগাৰ সামগ্ৰী উত্পাদনত উৰ্ধমুখীতা আহে। একেলগে তিনি মাহজোৰা মন্দাৱস্থাৰ পাছত নৱেম্বৰৰ পৰা কয়লা উত্পাদন, তাপ বিদ্যুত উত্পাদনত হোৱা বৃদ্ধিত বিদ্যুতৰ সম্ভাৱনা পূৰ্বানুমান কৰিব পৰা হয়। এই গতিবিধি বিলাক দৰ্শাই মেনুফেকচাৰিং মেনেজাৰ্ছ সূচকাংক (পি এম আই)ত জানুৱাৰীৰ পৰা বিস্তাৰ দেখা যায়, যাৰ কাৰণে নতুন আদেশ আৰু উত্পাদনত বৃদ্ধি আছিল তথা ভৱিষ্যতৰ সম্ভাৱনাৰ সূচকাংক যথেষ্ট বৃদ্ধি পাইছে। আনহাতে ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক আউটপুট জৰীপৰ ৭৬তম লানিয়ে দৰ্শায় যে প্ৰস্তুতকাৰী খণ্ডই সন্মুখীন হোৱা বিত্তীয় স্থিতিবোৰ ২০১৬-১৭ৰ তৃতীয় ত্ৰিমাসিকত শোচনীয় হৈ পৰে আৰু ই চতুৰ্থ ত্ৰিমাসিকত দৃঢ় হোৱাৰ সম্ভাৱনা আছে। উদ্যোগৰ কাৰণে বেংক ঋণৰ যথেষ্ট মন্দাৱস্থা আৰু কেইটামান খণ্ডত বিনিয়োগ পৰিস্থিতিত আলস্যই ইয়াত সহযোগ কৰে।

১২. উচ্চ সঘনতা সূচকে, সেৱা খণ্ড বিশেষকৈ সকলো খণ্ডতে অটোমোবাইল বিক্ৰী, ঘৰুৱা বিমান ভাৰা, ৰে’লৱে মাল ভাড়া আৰু চিমেণ্ট উত্পাদনত মন্দ গতিবিধিৰ আভাস দিয়ে। তথাপিও কেইটামান ক্ষেত্ৰ চমকীয়া ঠাইৰ দৰে আছে যিবোৰত বিমুদ্ৰাকৰণৰ ক্ষণিক প্ৰভাৱ কম হৈ গৈছে, যেনে- ইস্পাত ব্যয়, বন্দৰ যাতায়ত, আন্তঃৰাষ্ট্ৰীয় বিমান মাল ভাড়া, বিদেশী পৰ্যটকৰ আগমন, ট্ৰেক্টৰৰ বিক্ৰী আৰু চেলুলাৰ টেলিফোনৰ গ্ৰাহক। জানুৱাৰী, ২০১৭ৰ বাবে সেৱা পি এম আয়ে ছাটাই প্ৰকৃতি দেখুৱায়, কিন্তু একেৰাহে তিনি মাহৰ মন্দাৰ বৰ্তমান পৰ্যায়ত আউটপুটত অৱনতি সকলোতকৈ কম আছিল।

১৩. একেৰাহে পঞ্চম মাহতো হ্ৰাস প্ৰৱণতা অব্যাহত ৰাখি মুখ্য উপভোক্তা মূল্য সূচকাংক (চি পি আই)ৰ দ্বাৰা পৰিমাপিত খুচুৰা মুদ্ৰাস্ফীতি ডিচেম্বৰত আশা কৰাতকৈ অধিক তীব্ৰ হৈ নৱেম্বৰ, ২০১৪ৰ পাছত অদ্যপৰিমিত নিম্নতম অংকত উপনীত হয়গৈ। এই পৰিণাম শাক-পাচলি আৰু দাইলৰ অপস্ফীতিৰ কাৰণে আহিছে। প্ৰটিনযুক্ত পদাৰ্থসমূহ- কণী, মাংস, মাছৰ দামত বৃদ্ধিৰ গতি সামান্য কম হৈ অহাটো খাদ্য পদাৰ্থৰ মুদ্ৰাস্ফীতিৰ নিম্নগমনত সহায় কৰে।

১৪. খাদ্য পদাৰ্থ আৰু ইন্ধনৰ বাদে মুদ্ৰাস্ফীতি ছেপ্টেম্বৰৰ পৰা ৪.৯ শতাংশত বৰ্তি আছে। যদিও ইয়াৰ জড়তত্বীয় আচৰণৰ কিছু অংশৰ প্ৰতি অক্টোবৰৰ পৰা খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ পৰা অহা যোগদানো আছে, যিনেকি পৰিবহন আৰু যোগাযোগ প্ৰযুক্ত পেট্ৰল আৰু ডিজেলক প্ৰভাৱিত কৰে – মুদ্ৰাস্ফীতি ব্যাপক আধাৰত স্থিৰতা পৰিলক্ষিত হব পাৰে, বিশেষকৈ গৃহ নিৰ্মাণ, স্বাস্থ্য, শিক্ষা, ব্যক্তিগত যতন আৰু প্ৰভাৱিত ক্ষেত্ৰ (সোণ তথা ৰূপ বাদে)ৰ লগতে গৃহস্থালীত উপভোগ হোৱা বিবিধ সামগ্ৰী আৰু সেৱাসমূহ।

১৫. ডিচেম্বৰত বিমুদ্ৰাকৰণৰ পাছত মুদ্ৰা বজাৰত চলনিধি আধিক্য থাকে, কিন্তু মধ্য জানুৱাৰীৰ পৰা মুদ্ৰা বিস্তাৰ তথা ইয়াৰ পৰিচালন আৰু ক্ষিপ্ৰ গতিৰে নতুন বেংকনোটৰ প্ৰচলন হোৱাৰ পাছত পুনৰ সন্তুলন বৰ্তি আছে। এই সম্পূৰ্ণ অবধিত ৰিজাৰ্ভ বেংকৰ বজাৰ পৰিচালন চলনিধি অৱশোষণ স্থিতিত থাকে। ১০ ডিচেম্বৰৰ পৰা বৃদ্ধিশীল নগদ আৰোপিত অনুপাত বিলোপনৰ লগতে চলনিধি ব্যৱস্থাপনা পৰিচালনাত এলএএফৰ অন্তৰ্গত ৰাতাৰাতিৰ পৰা ৯১ দিনৰ পৰিৱৰ্তনীয় হাৰ প্ৰতিৱৰ্তী ৰেপ’ প্ৰযুক্ত থাকে আৰু বজাৰ স্থিতিকৰণ যোজনা (এমএছএছ)ৰ অন্তৰ্গত ১৪ৰ পৰা ৬৩ দিনৰ অবধিৰ নগদ ব্যৱস্থাপনা বিলৰ নিলামী প্ৰযুক্ত থাকে। এলএএফৰ অন্তৰ্গত গড় দৈনিক চূড়ান্ত অৱশোষণ ডিচেম্বৰত ১.৬ ত্ৰিলিয়ন টকা, জানুৱাৰীত ২.০ ত্ৰিলিয়ন আৰু ফেব্ৰুৱাৰীত (৭ ফেব্ৰুৱাৰীলৈ) ৩.৭ ত্ৰিলিয়ন টকা হয়, যেতিয়া এমএছএছৰ অন্তৰ্গত ই আছিল ক্ৰমান্বয়ে ৩.৮ ত্ৰিলিয়ন টকা, ৫.০ ত্ৰিলিয়ন আৰু ২.৯ ত্ৰিলিয়ন টকা। মুদ্ৰা বজাৰ হাৰ নীতি ৰেপ’ হাৰৰ অনুকূল আছিল যদিও নিম্নগামিতাৰ অৱকাশ থাকে, য’ত ভাৰপ্ৰাপ্ত গড় দাবীমূল্য (ডব্লিউ.এ.চি.আৰ)ৰ গড় ডিচেম্বৰ আৰু জানুৱাৰীৰ সময়ছোৱাত নীতি হাৰৰ ১৮ আধাৰ অংক তলত থাকে।

১৬. বৰ্হিখণ্ডৰ ক্ষেত্ৰতৰ বিষয়ত, ডিচেম্বৰত ৰপ্তানি বৃদ্ধি একেৰাহে চতুৰ্থ মাহত আশাব্যঞ্জক হৈ ৰয়। পেট্ৰলিয়াম আৰু পেট্ৰলিয়াম পদাৰ্থ (পি অ’ এল) বাদে অন্য আমদানিৰ বাঢ়ন নৱেম্বৰত কম হয় আৰু ডিচেম্বৰত ই হ্ৰাস পায়। ইয়াৰ বিপৰীতে, পি অ’ এল আমদানিত ১০ শতাংশ বৃদ্ধি পায়, খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্যতো বৃদ্ধি দেখা যায়। সামগ্ৰিকভাৱে বাণিজ্যিক ঘাটি দুয়োপ্ৰকাৰে ক্ৰমিক ৰূপতো আৰু বৰ্ষপৰ বৰ্ষ ভিত্তিতো কম হয়, যিটো আগৰ বছৰৰ এপ্ৰিল-ডিচেম্বৰৰ অবধিৰ তুলনাত ২৩.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ কম হয়। মুঠতে কাৰেণ্ট একাউণ্ট ঘাটি সম্ভৱতঃ অপ্ৰভাৱিত থাকিব আৰু ২০১৬-১৭ বৰ্ষত জি ডি পিৰ ১ শতাংশ তলত থাকিব। মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰাণচঞ্চলতা অব্যাহত থাকে যদিও অক্টোবৰৰ আৰম্ভণিত প’ৰ্টফলিয়ৰ বৰ্হিগমন ঘটে, যি ইউ.এছ সমষ্টি আৰ্থিক নীতিৰ দিশৰ সম্বন্ধত অনিশ্চয়তা আৰু সমাগত বৰ্ষত ইউএছ মৌদ্ৰিক নীতিৰ তিব্ৰতা স্বাভাৱিক হোৱাৰ প্ৰত্যাশাৰ কাৰণে হয়। বিদেশী মুদ্ৰাৰ আৰক্ষণ নিধি ৩ ফেব্ৰুৱাৰী,২০১৭ত ৩৬৩.১ বিলিয়ন মাৰ্কিন ডলাৰ আছিল।

দৃশ্যপট

১৭. ডিচেম্বৰৰ পঞ্চম দ্বিমাসিক প্ৰবিৱৰণত ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকত মুখ্য মুদ্ৰাস্ফীতি ৫ শতাংশত অনুমানিত কৰা হৈছে, য’ত বিপদাশংকা আগতকৈ কম আছিল যদিও ইয়াৰ উৰ্ধমুখী প্ৰৱণতা আছিল। নৱেম্বৰ আৰু ডিচেম্বৰত মুখ্য চি-পি-আই মুদ্ৰাস্ফীতিত অৱনতি আশা কৰাতকৈ অধিক আছিল। কিন্তু ই ঘাইকৈ শাক-পাচলি আৰু দাইলৰ প্ৰতিস্ফীতিভিত্তিক আছিল। শীতৰ আগমনত সাধাৰণতে মূল্যৰ ঋতুভিত্তিক যি হ্ৰাস হয় আৰু চাহিদাৰ সংকোচনৰ কাৰণে এনে হয়। উপাখ্যানত্মক প্ৰমাণে ইংগিত দিয়ে যে নষ্ট হোৱাৰ আশংকাত কৰা বিক্ৰীৰ কাৰণে শাক-পাচলিৰ মূল্য কম হ’বলৈ লয় যাৰ প্ৰভাৱ জানুৱাৰীতো দেখা যায়। ইয়াৰ উপৰিও, বিমুদ্ৰাকৰণৰ প্ৰভাৱ ম্লান হোৱাত, দাইলৰ সুলভ যোগান স্থিতিৰ লগে লগে ইয়াৰ মূল্য নিম্নগামী হ’ব যদিও শাক-পাচলিৰ মূল্য় বঢ়াৰ সম্ভাৱনা আছে।

১৮. সমিতিৰ এই মত যে খাদ্য আৰু ইন্ধন বাদে সততঃ মুদ্ৰাস্ফীতিয়ে মুখ্য মুদ্ৰাস্ফীতিৰ আগতো তলৰ পিনে গতিৰ আধাৰ প্ৰভূত কৰিব আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰভাৱ সূচনা কৰিব। তত্সত্বেও, ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকত চি পি আইৰ মুদ্ৰাস্ফীতি ৫ শতাংশৰ তলত থকাৰ সম্ভাৱনা আছে। অনুকূল আধাৰ প্ৰভাৱ তথা চাহিদা সংকোচনৰ মন্থৰ প্ৰভাৱে ২০১৭-১৮ৰ প্ৰথম ত্ৰিমাসিকত মুখ্য মুদ্ৰাস্ফীতিক অপ্ৰভাৱিত ৰাখিব। ইয়াৰ পাছত ইয়াৰ গতি সঞ্চাৰৰ সম্ভাৱনা আছে, বিশেষকৈ বিকাশ বঢ়াৰ পিছত আৰু আউটপুট পাৰ্থক্য কম হোৱাৰ লগে লগে। ইয়াৰ উপৰি আধাৰ প্ৰভাৱ ২০১৭-১৮ৰ তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত উলতি যাব আৰু প্ৰতিকূল হৈ পৰিব। সেইমতে, বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত মুদ্ৰাস্ফীতি ৪.০ৰ পৰা ৪.৫ শতাংশত আৰু দ্বিতীয় ছমাহত ৪.৫ শতাংশৰ পৰা ৫.০ শতাংশত থাকিব বুলি অনুমান কৰা হৈছে য’ত বিপদশংকা এই পূৰ্বানুমিত ৰেখাৰ আশে পাশে সন্তুলিত হৈ থাকিব (চাৰ্ট-1)। এই পৰিপ্ৰেক্ষিতত তিনিটা তাত্পৰ্যপূৰ্ণ উৰ্ধমুখী বিপদশংকা মন কৰিবলগীয়া যি আধাৰ আৰোপক মুদ্ৰাস্ফীতি ৰেখাক অনিশ্চয়তা প্ৰদান কৰে – খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ কঠোৰ আচৰণ, গোলকীয় বিত্ত বজাৰ গতিবিধিৰ হেতুকে মুদ্ৰা দৰৰ অস্থিৰতা, যি দেশীয় মুদ্ৰাস্ফীতিক উৰ্ধমুখী-চাপ দিব পাৰে; আৰু সপ্তম দৰমহা আয়োগ (এছ পি চি)ৰ অন্তৰ্গত ঘৰভাড়া ভাট্টাৰ সম্পূৰ্ণ প্ৰভাৱক আধাৰ আৰোপক মুদ্ৰাস্ফীতি ৰেখাত সামৰি লোৱা নাই। কেন্দ্ৰীয় বাজেটৰ মৌদ্ৰিক সুবিবেচনাৰ সৈতে আপোচ নকৰাকৈ বিকাশৰ পুনঃপ্ৰৱৰ্তনত কৰা মনোনিবেশ, মুদ্ৰাস্ফীতিৰ উৰ্ধমুখী বিপদাশংকাবোৰ সীমিত কৰাৰ অনুকূল হ’ব।

১৯. বিপদশংকাৰ একে সমান ৰূপত সন্তুলিত ২০১৬-১৭ বৰ্ষৰ বাবে জি ভি এ বৃদ্ধি ৬.৯ শতাংশ হ’ব বুলি অনুমান হৈছে। বিভিন্ন কাৰকৰ কাৰণে ২০১৭-১৮ত বিকাশ ক্ষিপ্ৰতাৰে বঢ়াৰ আশা আছে। একমতে, ২০১৬-১৭ৰ সামৰণি মাহকেইটাত চাহিদাত পুনৰ উচ্ছাস আৰম্ভ হোৱাৰ আশা আছে। দ্বিতীয়তে, খুচুৰা ব্যৱসায়, হোটেল আৰু ৰেস্তোঁৰা আৰু পৰিবহনৰ দৰে নগদ-প্ৰবল খণ্ডসমূহ আৰু লগতে অসংগঠিত খণ্ডত অৰ্থনৈতিক কাৰ্যকলাপ ক্ষিপ্ৰতাৰে পুনৰাগমনৰ আশা আছে। তৃতীয়তে, বিমুদ্ৰাকৰণ-প্ৰেৰিত বেংক বিত্ত পোষণৰ স্থিতি সহজ হৈ পৰাত, উপান্ত ব্যয় আধাৰিত ঋণ দৰ (এম চি এল আৰ)লৈ পূৰ্বৰ নীতি হাৰ হ্ৰাসৰ সঞ্চাৰণ ৰূপত ক্ষিপ্ৰতাৰে উন্নতি আহে আৰু পৰিণামত, সুস্থ ঋণীৰ বাবে দুই খলাপত – বিনিয়োগ আৰু ব্যয়ৰ দিশত অগ্ৰগতিত উত্সাহ দিব লাগে। চতুৰ্থতে, ২০১৭-১৮ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত মূলধনী ব্যয় বৃদ্ধি আৰু গ্ৰামীণ অৰ্থনীতি শক্তিশালীকৰণ আৰু ব্যয়সাধ্য আবাসত দিয়া গুৰুত্বই বিকাশত অৰিহণা যোগাব লাগে। তদনুসাৰে, সমান ৰূপৰ সন্তুলিত বিপদশংকাৰে, ২০১৭-১৮ৰ বাবে জি ভি এ বিকাশ ৭.৮ শতাংশ হোৱাৰ অনুমান হৈছে। (চাৰ্ট-২)

২০. সমিতি, মুখ্য মুদ্ৰাস্ফীতি দীৰ্ঘস্থায়ী ভিত্তিত আৰু ক্ৰমাংকিত ধৰণে ৪.০ শতাংশৰ সমীপত ৰখাত প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকে। ইয়াৰ বাবে মুদ্ৰাস্ফীতি প্ৰত্যাশাত অধিকতৰ অবগমনৰ আৱশ্যক, বিশেষকৈ মুদ্ৰাস্ফীতিৰ সেৱা অংশবোৰ বেতন সম্বন্ধীয় আন্দোলনৰ প্ৰতি জঠৰ হৈ পৰাৰে পৰা। সমিতিয়ে, উদাৰ স্থিতি বদলি কৰি নিৰপেক্ষ থাকি নীতিগত হাৰবোৰ পৰিৱৰ্তিত ৰাখি আৰু মুদ্ৰাস্ফীতিত বিমুদ্ৰাকৰণৰ অস্থায়ী প্ৰভাৱ আৰু বাহিৰা পৰিণাম নিৰূপণ কৰিবলৈ সিদ্ধান্ত লয়।

২১. ৰিজাৰ্ভ বেংকে বজাৰত উত্তৰোত্তৰ তটস্থতাৰ সমীপত থাকি পূৰ্ব চলনিধি স্থিতিৰ দিশত প্ৰণালীগত সঞ্চালন কৰি এপ্ৰিল, ২০১৬ৰ পৰা প্ৰৱৰ্তিত চলনিধি ব্যৱস্থাপনা পৰিগাঠনিৰ অনুৰূপ বজাৰ চলনিধি পৰিচালনাৰ আয়োজন কৰিছে। এই স্থিতি অব্যাহত থাকিব। প্ৰগতিশীল পুনঃমুদ্ৰীকৰণৰ লগে লগে অতিৰিক্ত চলনিধি হ্ৰাস পোৱা উচিত। তত্সত্বেও, বেংকৰ হাতত থকা বৰ্তমান প্ৰচুৰ চলনিধি ২০১৭-১৮ৰ প্ৰথম মাহকেইটালৈকে বৰ্তি থকাৰ সম্ভাৱনা আছে। ৰিজাৰ্ভ বেংক, নীতি হাৰৰ সৈতে ডব্লিউ এ চি আৰৰ ঘনিষ্ট যথাৰ্থ স্থিতি ৰখাটো নিশ্চিত কৰিবলৈ নিজৰ সকলো উপকৰণৰ সৈতে দক্ষ আৰু যথোপযুক্ত চলনিধি ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ আৰু অৰ্থব্যৱস্থাৰ উত্পাদনশীল খণ্ডসমূহলৈ ঋণৰ পৰ্যাপ্ত প্ৰবাহ নিশ্চিত কৰিবলৈ সংকল্পবদ্ধ।

২২. সমিতিয়ে বিশ্বাস কৰে যে বেংকৰ ঋণ হাৰত নীতিগত সময়সাপেক্ষ প্ৰসাৰণ পৰিবেশৰ যথেষ্ট সুফল দেখা যাব, যদিহে (i) বেংকিং অনুত্পাদনশালী সম্পদ (এন পি এ) অধিক তত্পৰতা আৰু কুশলতাৰে মীমাংসা কৰা হয়; (ii) বেংকিং খণ্ডৰ পুনৰ মূলধনীকৰণ ক্ষিপ্ৰতাৰে সম্পন্ন কৰা হয় আৰু (iii) সমান পৰিপক্কতাৰ চৰকাৰী প্ৰতিভূতিবোৰৰ প্ৰতিফলৰ পৰিৱৰ্তনৰ সৈতে ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰৰ সুদৰ হাৰত সমাযোজনাৰ সূত্ৰটো সম্পূৰ্ণকৈ ৰূপায়ণ কৰা হয়। এপ্ৰিল ২০১৬ সূত্ৰটো প্ৰৱৰ্তনৰ পাছৰে পৰা ক্ষুদ্ৰ সঞ্চয়ত সুদৰ হাৰ যদি অবধি অনুসাৰে প্ৰয়োগ কৰা হয় তেতিয়া সেয়া যিমান হ’ব লাগে তাৰ তুলনাত প্ৰায় ৬৫-১০০ আধাৰ অংক অধিক আছে। যদি ক্ষুদ্ৰ সঞ্চয়ৰ হাৰ আৰু বণ্ড প্ৰতিফলৰ মাজৰ ব্যৱধান ব্যাপক হৈ থাকে তেতিয়া ক্ষুদ্ৰ সঞ্চয়লৈ জমা সঞ্চাৰিত হোৱাত বেংক ঋণ হাৰলৈ সম্পূৰ্ণ সঞ্চৰণ বাধাপ্ৰাপ্ত হ’ব।

২৩. ছগৰাকী সদস্যই মৌদ্ৰিক নীতিৰ সপক্ষে মত দিয়ে। এম পি চি বৈঠকৰ কাৰ্যবিৱৰণী ২২ ফেব্ৰুৱাৰী, ২০১৭ত প্ৰকাশ কৰা হ’ব।

২৪. এম পি চিৰ পৰৱৰ্তী বৈঠক ৫ আৰু ৬ এপ্ৰিল, ২০১৭ত নিৰ্ধাৰণ কৰা হয়।

নীতিগত ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰাখিবলৈ লোৱা প্ৰস্তাৱটোৰ মতদান

সদস্য মত
ড০ চেতন ঘাটে হয়
ড০ পমী ডুৱা হয়
ড০ ৰবীন্দ্ৰ এছ ধোলাকিয়া হয়
ড০ মাইকেল দেবব্ৰত পাট্ৰ হয়
ড০ বিৰাল ভি আচাৰ্য হয়
ড০ উৰজিত আৰ পেটেল হয়

ড০ চেতন ঘাটেৰ বক্তব্য

২৫. কেন্দ্ৰীয় বাজেট, ৰাজহ ঘাটি আৰু ৰাজকোষীয় ঘাটি উভয়তে ক্ৰমাগত অৱনতিত প্ৰদৰ্শিত মতে ৰাজকোষীয় সুদৃঢ়কৰণৰ দিশত ঘাইকৈ প্ৰযুক্ত হৈ আছে। মূলধনী ব্যয়ত আপোচ নকৰাকৈ ৰাজহ ব্যয় হ্ৰাস কৰাত বাজেটত ফকাচে আভাস দিয়ে যে বাজেটে অৰ্থনীতিৰ মুদ্ৰাস্ফীতি গতি বৃদ্ধি নকৰে।

২৬. প্ৰকৃত নিৰ্গমত ইয়াৰ অস্থায়ী উপাংশ আৰু স্থায়ী উপাংশত বিমুদ্ৰাকৰণৰ প্ৰভাৱ অধিক স্পষ্ট। অৰ্থব্যৱস্থা পুনৰমুদ্ৰাকৰণৰ লগে লগে অস্থায়ী প্ৰভাৱ (প্ৰতিকূল) প্ৰতিগামী হৈ আহিছে। শেহতীয়া পৰ্যালোচনাৰ পৰা ৰিজাৰ্ভ বেংকে চলোৱা বিভিন্ন উদ্যম জৰীপবোৰত এই কথা নিশ্চিত হৈছে। যিটো সামান্য বেছি অনিশ্চিত হৈ আছে সেইটো হল স্থায়ী প্ৰভাৱ, যিটো সম্পদ বিনিৰ্মাণৰ যোগে পৰিচালন হয় আৰু অধিক মন্থৰতাৰে কাম কৰে। তত্কালীন নিস্কাষ বিক্ৰীয়ে শাক-পাচলিৰ মূল্য বিধ্বস্ত কৰে যদিও শাক-পাচলি সদায় ঋতুগতভাৱে প্ৰতিক্ষিপ্ত হয়। তত্সত্বেও স্থায়ী (প্ৰতিকূল) প্ৰভাৱ অৱশেষত সিমান বৃহত্ হৈ নাথাকে। সামগ্ৰিকভাৱে মই আগৰটো পৰ্যালোচনাত কোৱাৰ দৰে, উত্পাদন দিশত দেখা দিয়া অনিশ্চয়তা ঘাইকৈ উপশম হৈছে। বিমুদ্ৰাকৰণৰ কাৰণে নিৰ্গম ব্যৱধান উপৰ্যুপৰি হৈ থাকিব বুলি নাভাবো যেতিয়া, ইয়াৰ বাবে হাৰ কৰ্তনৰ অৱধাৰণা হোৱা নাই।

২৭. উত্পাদনৰ বিসদৃশ, ৮ নৱেম্বৰৰ পূৰ্বে থকা কেতবোৰ অস্পষ্ট প্ৰৱণতা হেতুকে বিমুদ্ৰাকৰণৰ কাৰণে মূল্য পৰ্যায়ত অনিশ্চয়তা আহে। যেতিয়া তিনি-মহীয়া আৰু এবছৰীয়া মেডিয়ান মুদ্ৰাস্ফীতিজনক প্ৰত্যাশা পৰি আহে, ই বৰ্তি থাকিব নে নাই স্পষ্ট নহয়। তাত্ক্ষণিক নিস্কাষ বিক্ৰীয়ে শাক-পাচলিৰ মূল্য বিধ্বস্ত কৰে যদিও ইয়াৰ মূল্য সদায় ঋতুগতভাৱে প্ৰতিক্ষিপ্ত হয়। দৰাচলতে শাক-পাচলিৰ মুঠ মুদ্ৰাস্ফীতি এতিয়াও ৪.৮ শতাংশতে আছে আৰু খাদ্য মুদ্ৰাস্ফীতিৰ গতি ডিচেম্বৰত বৃদ্ধি পায়। খাদ্য আৰু ইন্ধন বাদে মুদ্ৰাস্ফীতি এতিয়াও এঠালেটিয়া হৈ আছে আৰু যিহেতু ই মুখ্য মুদ্ৰাস্ফীতিৰ ওপৰত আছে, ইয়ে গৈ মুখ্য মুদ্ৰাস্ফীতিত উৰ্দ্ধমুখী চাপ দিব। এইবোৰ যুক্তিৰ পৰা দেখা যায় যে অপস্ফিতিৰ খৰতকীয়া গতি স্থায়ী ভিত্তিত বৰ্তি নাথাকিব পাৰে। মধ্যমাদী মুদ্ৰাস্ফীতিৰ লক্ষ্য ৪+/-ৰ মধ্যবিন্দুৰ দিশলৈ দৃষ্টি নিক্ষেপ সলনিৰ অৱস্থাত, এই যুক্তিবোৰে নীতিগত হাৰৰ কোনো পৰিৱৰ্তন নুসূচায়।

২৮. ২০১৩ৰ গ্ৰীষ্মৰ তুলনাত ভাৰতীয় অৰ্থব্যৱস্থা এতিয়া বেলেগ হল যেতিয়া মাৰ্কিন ফেডাৰেলে ইয়াৰ উদ্ধৃত্ত পত্ৰ হল্ডিঙৰ পৰা প্ৰধান প্ৰদানসমূহৰ পুনৰবিনিয়োগ অন্ত পৰাৰ সম্ভাৱনাই বিত্তীয় বজাৰবোৰত পেলাব পৰা প্ৰভাৱ সাৱধানতাৰে লক্ষ্য কৰিব লাগিব। ফেডাৰেলৰ দ্বাৰা এনে এক বেলেন্স শ্বীট কৰ্তনে অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে।

২৯. এইবোৰ বিবেচনাৰ ভিত্তিত মৌদ্ৰিক নীতি সমিতিৰ আজিৰ বৈঠকত নীতিগত ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ হকে এই মত প্ৰকাশ কৰিলো।

ড০ পমী ডুৱাৰ বক্তব্য

৩০. মুদ্ৰাস্ফীতি আৰু আউটপুট গেপত বিমুদ্ৰাকৰণৰ ক্ষণস্থায়ী পৰিণামবোৰ এতিয়াও সম্পূৰ্ণকৈ নিৰূপন হবলৈ থকা অৱস্থাত জি ডি পিৰ বিপৰীতে প্ৰচলনৰ ৩ মুদ্ৰাৰ হাৰ বৃদ্ধিয়ে পুনৰ মুদ্ৰীকৰণ ভালধৰণে আগবঢ়োৱাটো সূচাইছে। অধিকন্তু, বিমুদ্ৰাকৰণৰ পৰৱৰ্ত্তী সময়ত বেংকৰ হাতত চলনিধি বৃদ্ধি পোৱা হেতুকে বেংকবোৰে ইতিমধ্যে উপান্ত ব্যয় ভিত্তিক ঋণদান হাৰ কৰ্তন কৰিছে। যিটোৱে অৰ্থব্যৱস্থাত চাহিদা বঢ়াব লাগে। বাজেটখনো মুখ্য খণ্ডসমূহত বিকাশৰ অনকূল আৰু বহুমুখী পৰিণামৰ আশা আছে। মুদ্ৰাস্ফীতি দিশত, চি পি আই মুদ্ৰাস্ফীতি প্ৰধানতঃ খাদ্যৰ নিম্ন মূল্যৰ বাবে হৈছে, ক’ৰ মুদ্ৰাস্ফীতি (খাদ্য আৰু ইন্ধন বাদে) ৫ শতাংশৰ ওচৰত এঠালেটিয়া হৈ আছে, ই ২০১৭-১৮ৰ তৃতীয় ত্ৰিমাসিকলৈকে থাকিব। বৈদেশিক দিশত, অৰ্থব্যৱস্থাক সমৰ্থন দিয়াকৈ ৰপ্তানি বৃদ্ধি অবিৰত থকাৰ সম্ভাৱনা আছে, কিন্তু বিদেশী মুদ্ৰা বজাৰবোৰৰ অস্থিৰতা এক উদ্বেগৰ বিষয়। অদ্যোপৰি, মাৰ্কিন ফেডাৰেলে সুদ হাৰত স্থিতাৱস্থা বাহাল ৰাখিছে যদিও ভৱিষ্যতে হাৰ বঢ়াব বুলি আশংকা আছে।

৩১. অধিকন্তু, ইকনমিক চাইকল ৰিছাৰ্চ ইনষ্টিটিউট (ই চি আৰ আই)য়ে প্ৰস্তুত কৰা আন্তৰ্জাতিক অগ্ৰণি সূচকাংকবোৰে সমাগত মাহবোৰত শক্তিশালী গোলকীয় বৃদ্ধি আৰু মুদ্ৰাস্ফীতি সম্ভাৱনাৰ ইংগিত দিয়ে। ই চি আৰ আইৰ ইউ এছ ফিউচাৰ ইনফ্লেশ্যন গজে (যত মাৰ্কিন মুদ্ৰাস্ফীতিৰ পূৰ্বানুমান কৰা হৈছে) মুদ্ৰাস্ফীতিত অধিক বৃদ্ধিৰ ইংগিত দিছে। অধিকন্তু, মাৰ্কিন অৰ্থনৈতিক বিকাশৰ অগ্ৰণি সূচকাংকবোৰে উচ্চতৰ অৰ্থনৈতিক বিকাশৰ সংকেত দিছে। এই দুটা কাৰক এই বছৰ একাধিক ফেডাৰেল হাৰ বৃদ্ধিৰ সৈতে সংগতিপূৰ্ণ যেন হৈছে।

৩২. ওপৰোক্ত বিবেচনাৰ আধাৰত, নীতিগত ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সপক্ষে মই মত প্ৰকাশ কৰিলো।

ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়াৰ বক্তব্য

৩৩. মৌদ্ৰিক নীতিৰ বাবে সম্ভাৰ যোগান ধৰিবলৈ ৰিজাৰ্ভ বেংকে চলোৱা সমীক্ষাবোৰে আভাস দিয়ে যে-

(ক) উত্পাদন ক্ষমতা ব্যৱহাৰ সামান্য হ্ৰাস পাব পাৰে।

(খ) কেঁচা মালৰ ব্যয় মূল্য বঢ়াৰ সম্ভাৱনা আছে আৰু প্ৰতিষ্ঠানবোৰে মূল্য নিৰ্ণয় ক্ষমতা হেৰুৱাব পাৰে।

(গ) বিনিয়োগ সম্ভাৱনা ধূসৰ থাকিব পাৰে।

(ঘ) অনুমতিৰ অভাৱ আৰু পুঁজিৰ অভাৱ হ’ল প্ৰকল্প বিলম্বৰ প্ৰধান কাৰণ।

(ঙ) মুদ্ৰাস্ফীতি প্ৰতাশাবোৰ তিনি মাহৰ বাবে আৰু এবছৰ আগলৈকে হ্ৰাস পাই আছে আৰু

(চ) কৰ্মসংস্থাপন আৰু গৃহস্থলী উপাৰ্জনৰ ভাৱধাৰা শোচনীয় হৈ পৰে। এই লব্ধ তথ্যবোৰ, উচ্চ মূল্যৰ বেংক নোটৰ ক্ষণিক বিমুদ্ৰাকৰণে উপাৰ্জন বৃদ্ধি আৰু নিয়োগত ক্ষণিক বিৰূপ প্ৰভাৱ পেলাব বুলি আমি পোষণ কৰা মা-মতৰ সৈতে সামঞ্জস্যপূৰ্ণ। বিত্ত মন্ত্ৰণালয়ৰ অৰ্থনৈতিক জৰীপ ২০১৬-১৭য়েও প্ৰভাৱৰ অস্থায়ী স্বৰূপৰ সমৰ্থন কৰিছে, যদিওবা বিকাশৰ মন্থৰতা সম্পৰ্কীয় তেওঁলোকৰ হিচাপ ৰিজাৰ্ভ বেংকৰ পূৰ্বাভাসতকৈ সামান্য বেছি। যিকোনো ক্ষেত্ৰতে সাধাৰণ ঐক্যমাত যে সমাগত ত্ৰিমাসিকবোৰত বিকাশ, অৰ্থব্যৱস্থা বিমুদ্ৰাকৰণৰ পূৰ্বৰ বিকাশ পথলৈ উভতি অহাৰ পাছত বৃদ্ধি পোৱাৰ আশা আছে।

৩৪. এই সন্দৰ্ভত, ২০১৭-১৮ৰ বাবে ১ ফেব্ৰুৱাৰী, ২০১৭ত দাখিল কৰা বাজেটখন অৰ্থব্যৱস্থাত প্ৰাক্-বিমুদ্ৰাকৰণ বিকাশ স্থিতিলৈ অনাত সহায় কৰিবলৈ পৰ্যাপ্ত উদগণি আগবঢ়াই অতিশয় বাস্তৱমুখী আৰু অনুশাসনপূৰ্ণ। অৱশ্যে ৰাজ্যিক বাজেটবোৰ শেহতীয়াভাৱে উদ্বেগৰ কাৰণ হৈ পৰিছে, কিয়নো তেওঁলোকৰ ৰাজকোষীয় ঘাটিত লৰচৰবোৰে ঘাইকৈ দেশৰ সমূহীয়া বিত্তীয় ঘাটিৰ বিৱৰ্তনবোৰ নিৰ্ধাৰণ কৰে। ৰাজ্যসমূহে এতিয়া ৰাজহুৱা ব্যয়ৰ বৃহত্ অংশ এটা গঢ়িবলৈ লৈছে আৰু তেওঁলোকৰ বিত্তীয় ঘাটিবোৰৰ স্পষ্ট ধাৰণা এটা মৌদ্ৰিক নীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ।

৩৫. পণ্যমূল্য দৃঢ়িভূত হবলৈ লৈছে যদিও পাইকাৰী মূল্য সূচকাংক (ডব্লিউ পি আই) প্ৰস্তুতকৰণৰ বাবে অতি নিম্ন স্ফীতি দেখুৱাইছে। চি পি আইটোত ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত সামগ্ৰীবোৰৰ উচ্চ প্ৰভাৱ নাই, খাদ্য আৰু ইন্ধন বাদে চি পি আই মুদ্ৰাস্ফীতি উচ্চস্তৰত ৫ শতাংশত আছে। সামগ্ৰিক চি পি আই মুদ্ৰাস্ফীতিত অৱনতি বিশ্বাসযোগ্য ধৰণে সুস্থিৰ নহয় কাৰণ ই প্ৰধানতঃ শাক-পাচলি আৰু দাইলৰ কাৰণে হৈছে আৰু বিমুদ্ৰাকৰণৰ ক্ষণিক প্ৰভাৱৰ বাবে হৈছে।

৩৬. বিমুদ্ৰাকৰণৰ ক্ষণিক প্ৰভাৱৰ অৱসান আৰু পুনৰমুদ্ৰীকৰণ আৰম্ভ হোৱাত, বেংকবোৰৰ এম চি এল আৰ সামান্য বঢ়াৰ সম্ভাৱনা আছে। অদ্যোপৰি, চলিত গোলকীয় পৰিস্থিতিত ভাৰতৰ প্ৰকৃত নিৰপেক্ষ সুদৰ হাৰ সৰহভাগ উন্নত দেশৰ হাৰতকৈ অধিক যেন লাগিছে। অৱশ্যে সেইবিলাকৰ ভৱিষ্যত নীতি ধাৰাই হাৰৰ ক্ষিপ্ৰ সবলীকৰণৰ আভাস দিয়ে।

৩৭. এই সকলোবিলাক কাৰকত, এই পৰ্যায়ত নীতিগত হাৰৰ সৈতে খুটখুটাই নথকাটো সুবিবেচনাপূৰ্ণ হব। যি কি নহওক, প্ৰাপ্ত পৰিস্থিতিত আৰু ভৱিষ্যতৰ যুক্তিসংগত পূৰ্বাভাসবোৰলৈ চাই মই বৰ্তমানৰ হাৰ অৰ্থব্যৱস্থাত চলনিধিৰ কাৰণে পৰ্যাপ্ত বুলি গণ্য কৰো। সেয়ে, বৰ্তমান পৰিস্থিতিত সদাশয়তাৰ পৰা নিৰপেক্ষ স্থিতি লোৱাটো সমীচিন হব। মৌদ্ৰিক নীতিক ই ভৱিষ্যতে উভয় দিশত হব পৰা সংঘটনৰ প্ৰতি সঁহাৰি জনাব পৰাকৈ আৱশ্যকীয় স্থিতিস্থাপকতা প্ৰদান কৰিব পাৰে।

ড০ মাইকেল দেবব্ৰত পাট্ৰৰ বক্তব্য

৩৮. নীতিগত হাৰ অপৰিৱৰ্তিত ৰখাৰ বাবে আৰু তিনিটা বাধ্যকাৰক কাৰণৰ বাবে নীতি স্থিতি সদাশয়তাৰ পৰা প্ৰত্যাহাৰ কৰাৰ সপক্ষে মই মত দিওঁ। প্ৰথমত, সাম্প্ৰতিক তীক্ষ্ণ বিস্ফীতি ঘাইকৈ ক্ষণস্থায়ী শক্তিবোৰৰ দ্বাৰা সংঘটিত। অন্তৰালত মুদ্ৰাস্ফীতি চাপৰ বহলতৰ ভিত্তিক দৃঢ়ীকৰণ এটা আছে। শাক-পাচলি বাদে, চি পি আই স্ফীতি আছিল ৪.৮ শতাংশ, ডিচেম্বৰত মুখ্য সংখ্যা ৩.৪ শতাংশতকৈ ১৩৬ আধাৰ অংক অধিক। শাক-পাচলিৰ মূল্য বিমুদ্ৰাকৰণৰ বাবে প্ৰভাৱিত হব পাৰে, কিন্তু ই সবল ঋতুগত আচৰণ দেখুৱায় আৰু শীত শেষ হোৱাত উৰ্ধমুখী হোৱাৰ প্ৰৱণতা লয়। খাদ্য বাদে, মুদ্ৰাস্ফীতি আছিল ৪.৭ শতাংশ; আৰু খাদ্য আৰু ইন্ধন উভয় বাদে মুদ্ৰাস্ফীতি আছিল ৪.৯ শতাংশ। অদ্যোপৰি, এই সকলোবিলাক স্তৰ ছেপ্টেম্বৰ, ২০১৬ৰ পৰাই বৰ্তি আছে। দ্বিতীয়ত, পুনৰমুদ্ৰাকৰণৰ পুনৰস্ফীতিকাৰক পৰিণামবোৰক, ইয়াৰ চৌপাশৰ বিৱৰণীত হেয় কৰা যেন হৈছে। কাৰেন্সিৰ লেনদেন চাহিদা যথেষ্ট পূৰণ হোৱাত, অৰ্থব্যৱস্থাৰ মাজেৰে ভ্ৰমণ কৰা ঋণাত্মক জোকাৰটোৱে অধিক মন্থৰতাৰে চলা কাৰ্যকলাপৰ যথেষ্ট আগতে স্ফীতি সঞ্চাৰ কৰাৰ আৰু তাৰ সঁহাৰিৰ দাবী কৰাৰ আশা আছে। শাক-পাচলিৰ ঋতুগত উৰ্ধমুখীতা আৰু এইবিলাকৰ পুনৰস্ফীতিকাৰী পৰিণামবোৰ মাৰ্চ-এপ্ৰিল মান আগতে আহে, মৌদ্ৰিক নীতি আগতিয়াকৈ সষ্টম হব লাগিব। তৃতীয়ত আৰু গুৰুত্বপূৰ্ণ, সংবাহনত পিছপৰাৰ দ্বাৰা আৱস্যক হোৱা অগ্ৰমুখী-দৃষ্টি নিক্ষেপতাই মৌদ্ৰিক নীতিক এতিয়া আহৰণীয় মুদ্ৰাস্ফীতি লক্ষ্য ৪ শতাংশত দৃষ্টি নিক্ষেপ কৰাটো আৱশ্যক কৰিছে – একেৰাহে ৯ মাহৰ বাবে লক্ষ্যৰ চৌপাশে সহনীয় সীমাৰ অধিক বিচ্যুতি আৰু সহ্য কৰা নহব। ইয়াত কিছু গুৰুত্ব আহিছে কাৰণ ২০১৪-১৭ৰ মাজেদি মুদ্ৰাস্ফীতি নমনীয় কৰা পুচ্ছপ্ৰবাহ, আন্তৰ্জাতিক পণ্য মূল্য বিধ্বস্ত হোৱাৰ লেখিয়া কেতবোৰ ভাগ্যলব্ধ, পৰৱৰ্ত্তী ১২ মাহত আৰু অহাৰ সম্ভাৱনা দেখা নাযায়। ইয়াৰ বিপৰীতে, গোলকীয় বিত্তীয় অস্থিৰতাৰ পৰা ওপৰমুখী বিপদশংকা, আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য আৰু স্বাভাৱিকতকৈ কম মৌচুমীৰ প্ৰবাহ আদিয়ে গাইগুটীয়াকৈ দেখা দিব পাৰে আৰু ঘনীভূত হৈ নিখুঁট ধুমুহা হবগৈ পাৰে।

৩৯. ওপৰল্লেখিত কাৰণবোৰ সিমান বাধ্যবাধকতাজনক নোহোৱাটো আৰু আনকি বিনাশ হোৱাৰ সম্ভাৱনা অতি প্ৰকট। সি গৈ মৌদ্ৰিক নীতিক বিকাশৰ লক্ষ্য অধিক প্ৰত্যক্ষভাৱে মোকাবিলা কৰিব পৰাকৈ মূৰ গুজিবলৈ দিব। যদি অন্য হাতে, সেয়া বাস্তৱতে হবলৈ লয় আৰু বিপদ চপাই আনে, মৌদ্ৰিক নীতি এক দিশহীনতাৰ স্থিতিৰ পৰা বন্ধনমুক্ত হোৱাটো গুৰুত্বপূৰ্ণ।

ড০ বিৰাল ভি আচাৰ্যৰ বক্তব্য

৪০. ই এক লবলগীয়া কঠোৰ নীতিগত সিদ্ধান্ত

৪১. এহাতে, মুখ্য মুদ্ৰাস্ফীতি নিম্ন হৈ আছে, আৰু উপস্থাপনীয় সন্তোষৰ কথা যে মুদ্ৰা বদলিকৰণে অনা চলনিধি নাটনি হেতুকে অন্ততঃ এক সাময়িক নিৰ্গম অন্তৰ সৃষ্টি হল। যিহেতু আমাৰ স্থিতিস্থাপক মুদ্ৰাস্ফীতি লক্ষ্য নিৰ্ধাৰণকাৰী মেণ্ডেটেও বিকাশত মনোযোগ দিয়াটো বিচাৰে, বিকাশ পৰ্যায়বোৰ পুনৰ ঘূৰাই আনিবলৈ নীতি হাৰ কমোৱাটো স্বাভাৱিক হব পাৰে, যদিহে নিম্ন নীতিগত হাৰ চলনিধি নীটনিৰ দ্বাৰা ক্ষতিগ্ৰস্ত অৰ্থব্যস্থাৰ ক্ষেত্ৰসমূহলৈ আগবঢ়াই দিব পৰা যায়, বিশেষকৈ গ্ৰামীণ গৃহস্থালী, অনা-বেংক বিত্ত নিৰ্গমবোৰলৈ যিবিলাকে মটৰ-ভিত্তিক ঋণদান আৰু ৰিয়েল্টি খণ্ডটোৰ সিংহভাগ বহন কৰে।

৪২. অন্যহাতে, নিম্ন মুখ্য স্ফীতি ঘাইকৈ খাদ্য প্ৰতিস্ফীতিৰ বাবে হৈছে, আৰু অতি সাম্প্ৰতিক সংখ্যাবোৰ ঘাইকৈ শাক-পাচলিৰ মূল্যৰ বৃহত্ অৱনতিৰ দ্বাৰা পৰিচালিত। অতীজত খাদ্য বিস্ফীতিৰ সবল ঋতুগত চৰিত্ৰ আছিল যিটোৰ প্ৰতিক্ষিপ্ত হোৱাৰ, আৰু বৃষ্টিপাতে হতাশ কৰোতে প্ৰতিশোধ পৰায়ন হৈ পৰে। বিগত মাহকেইটামানত যোগান দিশ কাৰকবোৰ হেতুকে খাদ্য বিস্ফীতি ধীৰ হৈছিল। তুলাচনীত এই সিদ্ধান্তলৈ অহাটো সমীচিন হ’ব যে পৰিসাংখ্যিকভাৱে ইন্ধন আৰু খাদ্য বহিঃভূত ক’ৰ-স্ফীতিৰ তুলনাত, এই দুটা সাম্প্ৰতিক মাহত কম-বেছি পৰিমাণে এঠালেতীয়া আছিল, মুখ্য স্ফীতিৰ খাদ্য অংশটোৱে কোলাহল মানলৈ সিমান সংখ্যক অনা নাই। ক্ষিপ্ৰ পুনৰমুদ্ৰীকাৰণে সামগ্ৰিক চাহিদা ক্ষতিৰ খৰতকীয়া পুনৰাবৃত্তি ঘটোৱাৰ সম্ভাৱনা আছে আৰু বেংকবোৰত সহজ অৰ্থযোগান অৱস্থাবোৰৰ ঋণীলৈ যথেষ্ট সংবাহনে বেংকৰ দ্বাৰা হাৰ কৰ্তনৰ অধিকতৰ সংবাহন সম্ভাৱনাহীনতা সূচাইছে।

৪৩. নিৰ্গম ব্যৱধানত ক্ষণিক পৰিণাম আৰু সাহ-স্ফীতিৰ নেৰানেপেৰা চৰিত্ৰৰ মাজৰ এই ট্ৰেড-অফ নিস্পত্তি কৰাত অহা আহুকালত, মোৰ মনোযোগ আন্তৰ্জাতিক কাৰকবোৰলৈ গৈছে। প্ৰধান উন্নত অৰ্থব্যৱস্থাবোৰত সংৰক্ষণশীল প্ৰৱণতা হেতু গোলকীয় অনিশ্চয়তা, মাৰ্কিন যুক্তৰাষ্ট্ৰত আমদানিত সম্ভাৱ্য “বৰ্ডাৰ টেক্স”ৰ পৰিপ্ৰেক্ষিতত এক শক্তিশালী ডলাৰৰ সম্ভাৱনা, আৰু খাদ্য, ইন্ধন তথা ধাতুত বাঢ়ি অহা বিশ্বজোৰা স্ফীতিয়ে দেশীয় মুদ্ৰাস্ফীতিৰ প্ৰতি এক তাত্পৰ্যপূৰ্ণ বিপদশংকা চপাইছে। ধাৰৰ পৰা পৰ্টফলিয় বৰ্হিগমনৰ কাৰণে অৰ্থযোগান ব্যয়ত দ্বীতিয়লানি পৰিণাম আৰু ইকুইটী বজাৰবোৰ বুজন হৈ উঠিব পাৰে যদিহে কেন্দ্ৰীয় বেংকক বিশ্বাসনীয় মুদ্ৰাস্ফীতি লক্ষ্য নিৰ্ধাৰণত গতিশীলভাৱে লিপ্ত হোৱা দেখা নাযায়।

৪৪. ভাৰতীয় সমষ্টি অৰ্থনৈতিক গোলকীয় বিপৰীতমুখী বায়ুৰ পৰা বচাই ৰখাটো অতি প্ৰয়োজন, আৰু মাৰ্চ, ২০১৭ৰ শেহলৈ মুখ্য স্ফীতিৰ বাবে ৫ শতাংশ লক্ষ্য আহৰণৰ তুলনামূলকভাৱে ভাল অৱকাশ থকাত, স্থায়ী ভিত্তিত ৪ শতাংশ মুখ্য স্ফীতিৰ বাবে আমাৰ দীৰ্ঘম্যাদী লক্ষ্যৰ সমীপত থাকিবলৈ বিকল্প খোলা ৰখাটো গুৰুত্বপূৰ্ণ। সামগ্ৰিকভাৱে বৰ্তমানে ইয়াৰ বাবে হাৰ কৰ্তনৰ আৱশ্যক নাই, আৰু হাৰ বৃদ্ধি কৰিবলৈ সম্পূৰ্ণ স্থিতিস্থাপক হৈ থাকিবৰ কাৰণে নিৰপেক্ষ স্থিতিলৈ স্থানান্তৰিত হোৱাটো, বা তাতে আগবাঢ়িবলৈ বা হাৰ কৰ্তন কৰিবলৈ বাট চোৱাটো সমীচিন হব, যিহেতু ঘৰৱা আৰু আন্তৰ্জাতিক সীমান্ত উভয়তে অধিক তথ্য উপলব্ধ হৈ থাকিব।

৪৫. মৌদ্ৰিক নীতি সিদ্ধান্ত সম্পৰ্কে অন্তিম টোকাঃ ৰাজকোষীয় সুস্থিৰতা আৰু গ্ৰামীণ তথা আৱাস ক্ষেত্ৰলৈ ব্য পুনৰবিন্যাস ঘটোৱাত প্ৰধানকৈ দৃষ্টিপাত কৰা সুষম বাজেটে নিৰ্গম ব্যৱধানৰ জোৰা মাৰিবলৈ হাৰ স্থানান্তৰিত কৰাৰ বোজাৰ পৰা সমিতিক সকাহ দিয়া আৰু তাৰ বিপৰীতে সমিতিক সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতি লক্ষ্যসূচক অধিদেশত মনোনিবেশ কৰিবলৈ দিয়া যেন হৈছে।

৪৬. সুদৰ হাৰ নিৰ্ধাৰণৰ এনে এক আহুকলীয়া সময়, বেংকিং খণ্ডৰ গাঠনিগত মীমাংসা, আৰু ইয়াৰ পুনৰ মূলধনীকৰণ- বেংকত ঋণ বৃদ্ধি প্ৰতিৰোধকাৰী দুই কাৰক; আৰু প্ৰশাসিত ক্ষুদ্ৰ সঞ্চয় হাৰবোৰৰ স্বাভাৱীকৰণ যি বেংক অৰ্থযোগান আৰু ঋণ হাৰলৈ মৌদ্ৰিক নীতিৰ নিমজ সংবাহন প্ৰতিৰোধ কৰিছে; অগ্ৰসৰ হোৱাৰ বাবে প্ৰশস্ত যেন পৰিলক্ষিত হৈছে।

ড০ উৰজিত আৰ পেটেলৰ বক্তব্য

৪৭. উদীয়মান সমষ্টি অৰ্থনৈতিক স্থিতিবোৰৰ হ্ৰস্বকালীন মূল্যায়ন ধূসৰ হৈ আছে।

৪৮. মুদ্ৰাস্ফীতি দৃশ্যপটত পচনশীল পণ্যৰ আতংকজড়িত বিক্ৰী সম্পৰ্কে কৌতুহল উদ্দীপক প্ৰমাণকে ধৰি ক্ষণস্থায়ী কাৰকবোৰে সাম্প্ৰতিক মাহকেইটাত মুদ্ৰাস্ফীতি চাপৰ বস্তুনিষ্ঠ মূল্যায়ন বিবৰ্ণ কৰিছে। পূৰ্বৰ অভিজ্ঞতাই আভাস দিয়ে যে শাক-পাচলিত প্ৰতিস্ফীতি স্বাভাৱিকতকৈ তীক্ষ্ণ হব পাৰে। গুৰুত্বপূৰ্ণভাৱে, অনা-খাদ্য আৰু অনা-ইন্ধন স্ফীতি আঠালেতিয়া হৈ আছে, উপভোগ চাহিদাত বিমুদ্ৰীকৰণৰ সাময়িক প্ৰভাৱ সত্ত্বেও। খাৰুৱা তেল আৰু পণ্যমূল্য (খাদ্যৰ বাবে সমন্বিতে) গোলকীয়ভাৱে দৃঢ়ীভূত হৈছে, ইয়াৰ দ্বাৰা মুখ্য স্ফীতিৰ প্ৰতি সম্ভাৱ্য বিপদশংকা সৃষ্টি কৰিছে। ঘৰুৱা ঔদ্যোগিক ইনপুট আৰু কৃষি ব্যয়, গ্ৰামীণ মজুৰিকে ধৰি সাম্প্ৰতিক মাহকেইটাত বৃদ্ধি পাইছে। অন্যবোৰৰ মাজতে, সপ্তম দৰমহা আয়োগৰ বানচৰ মূল্য বৰ্দ্ধক পৰিণামবোৰ আৰু মাৰ্কিন সমষ্টিৰ অৰ্থনৈতিক নীতিৰ সম্পূৰ্ণ বিমোচনত সম্ভাৱ্য বিপদশংকা বিচ্যুতিৰ ফলত হোৱা বিনিময় মুদ্ৰা হাৰৰ অস্থিৰতাই অগ্ৰৱৰ্ত্তী মুদ্ৰাস্ফীতি প্ৰক্ষেপ পথলৈ অস্থিৰতা আনিছে।

৪৯. বিগত দুই মাহত অৰ্থব্যৱস্থাৰ পুনৰমুদ্ৰীকৰণ ক্ষিপ্ৰ গতিৰে হবলৈ লোৱাত ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকৰ শেহলৈ অৰ্থনৈতিক কাৰ্যকলাপে গতি লোৱাৰ আশা আছে। বিবেচনাত্মক উপভোক্ত চাহিদা, যিটো বিমুদ্ৰীকৰণৰ ঠিক অনুৱৰ্ত্তী অবধিত প্ৰভাৱিত হৈছিল, প্ৰতিস্ফীত হোৱাৰ আশা আছে। তৃতীয় ত্ৰিমাসিক যৌথ খণ্ডৰ কাম-কাজ সম্পৰ্কে limited ডেটাবিলাকে এই আভাস দিয়ে যে পূৰ্বৱৰ্ত্তী ত্ৰিমাসিকৰ তুলনাত বিক্ৰী বৃদ্ধি উন্নত হব লাগে। আৰ বি আইৰ শেহতীয়ালানি গ্ৰাহক আস্থা জৰীপ অনুযায়ী, এবছৰ আগতীয়া দৃশ্যপট আশাব্যঞ্জক লগতে ২০১৬-১৭ৰ তৃতীয় ত্ৰিমাসিকৰ পৰিস্থিতিৰ তুলনাত যথেষ্ট উন্নতি হোৱাৰ আশা আছে। ২০১৭-১৮ৰ কেন্দ্ৰীয় বাজেট, বিজ্ঞচিত হোৱাৰ লগতে আন্তঃগাঁথনিত ব্যয় বৃদ্ধি কৰিছে আৰু আহৰণসুলভ গৃহ নিৰ্মাণত গুৰুত্ব দিছে। গোলকীয় বিকাশ ২০১৬তকৈ ১৭ত উচ্চতৰ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। এই কাৰকবোৰে উন্নত মৌদ্ৰিক সংবাহনৰ সৈতে চলিত বছৰৰ তুলনাত ২০১৭-১৮ৰ বিকাশ সম্ভাৱনা চমকপ্ৰদভাৱে উন্নত কৰিছে।

৫০. ৰাজপত্ৰিত অধিসূচনা অনুযায়ী আগষ্ট, ২০১৬ৰ পৰা কাৰ্যকৰী হোৱা ৪ শতাংশ মুখ্য মুদ্ৰাস্ফীতি আহৰণৰ প্ৰয়াস চলাওঁতে, লক্ষ্য আহৰণৰ জামানত ব্যয় ন্যূনতম কৰিব পৰাকৈ আৰু লগতে ইয়াৰ স্থায়ীত্ব সুনিশ্চিত কৰিব পৰাকৈ এক সু-সঙ্গত অভিগমনাত্মক ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক। মৌদ্ৰিক নীতিৰ স্থিতি সদাশয়তাৰ পৰা নিৰপেক্ষতালৈ সলনিৰ দ্বাৰা, মুদ্ৰাস্ফীতিক ৪ শতাংশৰ ওচৰলৈ অনাটো নিশ্চিত কৰাত সহায় কৰিবলৈ, ফিউচাৰ ডেটা আউটকাম আৰু পূৰ্বানুমানৰ ওপৰত নিৰ্ভৰ কৰি উভয় দিশত নীতিগত হাৰ সঞ্চালন কৰিবলৈ, এতিয়া যথেষ্ট স্থিতিস্থাপকতা আহিব।

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২২৬৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?