RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78524698

স্বতন্ত্ৰ নিয়ামক প্ৰতিষ্ঠানৰ গুৰুত্ব - কেন্দ্ৰীয় বেংকৰ সন্দৰ্ভত - ড০ বিৰাল ভি আচাৰ্য, ডেপুটী গৱৰ্ণৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক - ২৬ অক্টোবৰ,২০১৮ – এ ডি শ্ৰফ স্মাৰক বক্তৃতা, মুম্বাইত প্ৰদত্ত

কোনো ৰিজনীয়েই নিখুঁত নহয়, তথাপিও ৰিজনীবোৰে কথাবোৰ ভালকৈ উত্থাপন কৰাত সহায় কৰে। কেতিয়াবা একোজন সাধাৰণ ব্যক্তিকো একোটা ব্যৱহাৰিক বা আনকি বিদ্যায়তনিক বিষয় বাহুল্যবৰ্জিতভাৱে বুজাবলগীয়া হয়। কেতিয়াবা বাস্তৱ জীৱন ভিত্তিক দৃষ্টান্তবোৰ বক্তাৰ কাম সহজ কৰাত ৰজিতা খাই পৰে। আজি মই ২০১০ৰ পূৰ্বৱৰ্ত্তী এটা ঘটনাৰে আৰম্ভ কৰিব খুজিছো, যিহেতু মোৰ বক্তব্যৰ মৰ্মৰ সৈতে ই সংগতিপূৰ্ণ-

আৰ্জেণ্টিনাৰ কেন্দ্ৰীয় বেংকৰ মুৰব্বী মি. মাৰ্টিন ৰেড্ৰাদোৰে শুকুৰবাৰ ২৯ জানুৱাৰী,২০০৯ত এখন সংবাদমেলত কৈছিল, “কেন্দ্ৰীয় বেংকত মোৰ সময় উকলিব ধৰিছে আৰু সেয়ে নিশ্চিতভাৱে মোৰ কৰ্তব্য পালনৰ সন্তুষ্টিৰে পদ এৰিবলৈ সিদ্ধান্ত ললো।“

“ৰাষ্ট্ৰীয় চৰকাৰে প্ৰতিষ্ঠানবোৰ স্থায়ীভাৱে পদদলিত কৰিবলৈ লোৱা বাবে আমি এই পৰিস্থিতিত পৰিছো”, তেওঁ কৈছিল। মূলতঃ, মই দুটা প্ৰধান অৱধাৰণাক ৰক্ষা কৰিছো, আমাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতা ৰক্ষা আৰু আৰক্ষিত পুঁজিখিনি মৌদ্ৰিক তথা বিত্তীয় সুস্থিৰতাৰ বাবে ব্যৱহাৰ কৰা।

ক্ৰিষ্টিনা ফাৰ্ণাণ্ডেজ নেতৃত্বাধীন আৰ্জেণ্টিনা চৰকাৰে ১৪ ডিচেম্বৰ,২০০৯ ত জাৰি কৰা এক আপাত্কালীন ডিক্ৰীত এই নাটকীয় প্ৰস্থানৰ মূল নিহিত আছে, যিটোৱে সেই বছৰত পৰিপক্ক হব লগা ৰাজহুৱা ঋণ সুঁজিবলৈ দ্বিশতবাৰ্ষিক সুস্থিৰতা তথা সংকুচিত ঋণগ্ৰস্ততা পুঁজি গঠন কৰিবলগীয়া আছিল। কেন্দ্ৰীয় বেংকটোত আৰক্ষিত পুঁজিৰ ৬.৬ বিলিয়ন ডলাৰ ৰাষ্ট্ৰীয় কোষাগাৰলৈ হস্তান্তৰণৰ প্ৰশ্নটো ইয়াত জড়িত আছিল। কেন্দ্ৰীয় বেংকত ১৮ বিলিয়ন ডলাৰৰ অতিৰিক্ত আৰক্ষণ আছিল বুলি দাবী কৰা হৈছিল। (দৰাচলতে মি. ৰেড্ৰাদোৱে পুঁজিখিনি হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল, সেয়ে চৰকাৰে ৭ জানুৱাৰী,২০১০ত আন এক ডিক্ৰীযোগে অসদাচৰণ আৰু কৰ্তব্যত গাফিলতিৰ বাবে তেওঁক পদচ্যুত কৰিবলৈ বিচাৰিছিল, অৱশ্যে প্ৰচেষ্টাটো ব্যৰ্থ হল কাৰণ ই আছিল অসাংবিধানিক)।

২০০১ৰ অৰ্থনৈতিক অবজহনৰ পৰা আৰ্জেণ্টিনাত অন্যতম অতীৱ সাংবিধানিক সংকট সৃষ্টি কৰাৰ উপৰিও, পৰিণাম শৃংখলে ইয়াৰ সাৰ্বভৌম বিপদশংকাৰ শোচনীয় পুনৰনিৰ্ধাৰণ ঘটায়।

মি. ৰোড্ৰাদোৰ পদত্যাগৰ এমাহৰ ভিতৰতে আৰ্জেণ্টিনীয় ছভাৰেইন বণ্ড প্ৰতিফল আৰু আৰ্জেণ্টিনীয় চৰকাৰী বণ্ডত অনাদায় হেতু উদ্ভুত ক্ষতিৰ বিপৰীতে বীমা ক্ৰয়ৰ বাবদ বাৰ্ষিক প্ৰিমিয়াম মূল্য (সাৰ্বভৌম আকলন শোধনীয়তা পণ্য বিনিময় বিস্তৃতি) ২.৫ শতাংশ বা ২৫০ বেছিচ পইণ্টৰে, পূৰ্বৰ পৰ্যায়বোৰৰ এক-চতুৰ্থাংশৰো অধিক ওপৰলৈ উঠি যায়।

গল্ডমেন চাকছত আৰ্জেণ্টিনা বিশ্লেষক এলবাৰ্টো ৰামোছে ৭ ফেব্ৰুৱাৰী ২০১০ত কৈছিল, চৰকাৰী দেয়তা শোধৰ বাবে কেন্দ্ৰীয় বেংকৰ আৰক্ষিত পুঁজি ব্যৱহাৰ কৰাটো শুভপ্ৰদ নহয় আৰু অতিৰক্ত আৰক্ষিত পুঁজিৰ অৱধাৰণাটোও নিশ্চয় বিতৰ্কৰ বিষয়। ই কেন্দ্ৰীয় বেংকৰ উদ্বৃত্তপত্ৰ দুৰ্বল কৰে আৰু চৰকাৰক ভুল উদগণি দিয়ে, যিহেতু ক্ষিপ্ৰ ব্যয় সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰিবলৈ আৰু ২০১০ত বিত্তীয় একাউণ্টবোৰৰ সংহতকৰণৰ কিছু প্ৰসাৰ ঘটাবলৈ গৈ ই উদগণিবোৰক দুৰ্বল কৰি তোলে।

ইয়াতকৈও ক্ষতিকাৰক কথাটো হল সমাগত বিপদশংকা এটাৰ বিষয়ে গৱৰ্ণৰ ৰেড্ৰাদোৰে সঁকিয়াই দিছিল। ২০১০ৰ জানুৱাৰীৰ আগভাগত নিউয়ৰ্কৰ এগৰাকী ন্যায়াধীশ থমাছ গ্ৰিয়েছাই, কেন্দ্ৰীয় বেংকটো আৰু স্বতন্ত্ৰ অভিকৰণ হৈ থকা নাই বৰঞ্চ দেশখনৰ কাৰ্যপালিকাৰ আঙুলিৰ ঠাৰত চলা এটা অভিযানহে হৈছেগৈ বুলি একাংশ বিনিয়োগকাৰীয়ে দাবী কৰাৰ পাছত নিউয়ৰ্ক ফেডাৰেল ৰিজাৰ্ভ বেংকত থকা আৰ্জেণ্টিনীয় কেন্দ্ৰীয় বেংকৰ একাউণ্টটো অস্পৰ্শনীয় কৰি দিয়ে।

(ওপৰৰ সাৰাংশখিনি আৰ্জেণ্টিনাত কেন্দ্ৰীয় বেংকৰ মুৰব্বীয়ে পদত্যাগ কৰিছিল, জুড বেনাৰ, ফাইনেন্সিয়েল টাইম, ৩০ জানুৱাৰী, ২০১০, আৰু আৰ্জেণ্টিনা, বেংকৰ স্বতন্ত্ৰতা বিপদাপন্ন ৰেড্ৰাদোৰ প্ৰস্থান, জেচন মিচ্চেল, ইউৰো মাণি, ৭ ফেব্ৰুৱাৰী,২০১০ সম্পৰ্কীয় অংশবিশেষ ভিত্তিক)।

ক্ষমতাৰ সাৰ্বভৌম প্ৰয়োগ কেন্দ্ৰীয় বেংকৰ মুৰব্বীৰ প্ৰস্থান আৰু বজাৰৰ বিদ্ৰোহৰ এই বৰ্ণিল পৰিঘটনা হব – সু-কাৰ্যক্ষম অৰ্থব্যৱস্থাৰ বাবে স্বতন্ত্ৰ কেন্দ্ৰীয় বেংক কিয় গুৰুত্বপূৰ্ণ অৰ্থাত্ চৰকাৰৰ কাৰ্যপালিকাৰ পৰা কেন্দ্ৰীয় বেংক কিয় স্বতন্ত্ৰ হৈ থাকিব লাগে বিষয়ক আজিৰ মোৰ মন্তব্যৰ মধ্যমণি। কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতা উলাই কৰাৰ বিপদশংকা কিয় বিপৰ্যয় সম্ভৱপূৰ্ণ, এক প্ৰকাৰৰ “আত্ম-লক্ষ্য” হ’ব পাৰে, তাকো উপস্থাপন কৰিবলৈ চেষ্টা কৰিব, কিয়নো ই মূলধনী বজাৰত আস্থাৰ সংকট ঘটাব পাৰে যিবোৰ নেকি চৰকাৰ (আৰু অৰ্থনীতিত অন্যান্যসকলে) নিজৰ বিত্ত পৰিচালনাৰ বাবে প্ৰয়োগ কৰি আছে।

ৰাষ্ট্ৰবোৰ সফল (বা বিফল) হয় কিয়-

এই জটিল ক্ৰিয়া-প্ৰতিক্ৰিয়াত সোমোৱাৰ আগতে এক সাধাৰণ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতাক উপস্থাপন কৰিবলৈ বিচাৰো।

ৰাজনৈতিক অৰ্থনীতিবিদৰ বিদ্যায়তনিক চৰ্চাই দেশবোৰক শ্ৰীবৃদ্ধি ঘটোৱাত আইনৰ শাসন আৰু চৰকাৰবোৰৰ দায়বদ্ধতাৰ মুখ্য ভূমিকাক স্বীকৃতি দিয়ে। ফ্ৰান্সিচ ফুকুয়ামাই (দ্য অৰিজিন অফ পলিটিকেল অৰ্ডাৰ,২০১১) এই দুটা উপাদানক পৰ্যাপ্ত ৰাজ্যিক আৰু প্ৰতিষ্ঠান বৰ্দ্ধন সহকাৰে গণ্য কৰে যিহেতু এই সকলোবোৰ “ডেনমাৰ্ক পোৱা”ত ক্ৰান্তিকালীন বা আন কথাত কবলৈ গলে সুস্থিৰ, শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সৰ্বাত্মক আৰু সত্ সমাজ গঢ়াৰ বাবে অপৰিহাৰ্য।

ভেৰন আচেমগ্লু আৰু জেমছ ৰবিনছনে (হোৱাই নেশ্যনছ ফেইল,২০১২) শাসক গোষ্ঠীবোৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সফলতা-বিফলতা ফঁহিয়াবলৈ গৈ প্ৰতিষ্ঠানবোৰৰ গুণগত বৈশিষ্ট্যৰ ওপৰত চলোৱা সমীক্ষাৰ সাৰাংশ দাঙি ধৰিছে। দ্বৈত দেশৰ বিষয় ভিত্তিক সমীক্ষাৰ উদাহৰণ লৈ (দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ লেখিয়া) গ্ৰন্থখনে নিম্নোক্ত গুৰুতৰ বৈশিষ্ট্যবোৰত আলোকপাত কৰিছে-

সৰ্বাত্মক অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰতিষ্ঠানবোৰত সিদ্ধান্ত গ্ৰহণত বহুধতা জড়িত থাকে যিটোৱে নেকি আইনৰ শাসন নিশ্চিত আৰু প্ৰতিভা তথা সৃষ্টিশীলতাৰ শ্ৰীবৃদ্ধি কৰে। এনেবোৰ প্ৰতিষ্ঠানৰ উপস্থিতিত অৰ্থনীতি আৰু ৰাজনীতি, পৰিৱৰ্তন দ্বাৰা আহত হোৱাৰ সম্ভাৱনা থকা পদধাৰী এচাম পণবন্দী হৈ নপৰে।

ইয়াৰ বিপৰীতে, শোষণকাৰী প্ৰতিষ্ঠানবোৰে একোখন দেশৰ অৰ্থনৈতিক আৰু বিত্তীয় সম্পদবোৰ শাসকবৰ্গৰ প্ৰৱেশসাধ্যতাত সীমাবদ্ধ কৰে, পৰিৱৰ্তন আৰু উদ্ভাৱনশীলতা বিঘ্নিত কৰে, আৰু সময়তকৈ দেশখনৰ সম্ভাৱনাক জঠৰ কৰি তাৰ অঙ্গলুপ্তি ঘটায়।

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ষ্টাৰ্ণ স্কুল অব বিজনেছৰ প্ৰাক্তন সতীৰ্থসকলৰ সৈতে হোৱা আলাপবোৰত, মূল্য সৃষ্টিৰ ভিত্তিত অৰ্থব্যৱস্থাবোৰক উত্সাহজনক আৰু সমৰ্থনশীলতা শ্ৰেণীবিভক্তিকৰণটো এক নৈমিত্তিক কথা আছিল যাৰ দ্বাৰা উদ্যমীসকলে ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনোৱাত নিজৰ সফলতাৰ মন্ত্ৰ নিহিত থকা বুলি বিশ্বাস কৰে যত নেকি ব্যৱসায়ীসকলে পশ্চাদমুখী চৰকাৰী নীতিবোৰৰ সৈতে হাত মিলাই লোৱাত সাৰ্থকতা লাভ কৰে আৰু এনে সুগমতাহীনসকল বহিঃস্থিত হৈ পৰে।

প্ৰতিষ্ঠানবোৰৰ গুৰুত্ব বিষয়ক মনঃপুত তত্ব আৰু সংজ্ঞাবোৰ যিয়ে নহওক, এইকথা সৰ্বজনগ্ৰাহ্য যে সেইবোৰত অন্যবোৰৰ ভিতৰতো, সম্পত্তিৰ অধিকাৰ আৰু তাৰ সাব্যস্তকৰণ, গণতান্ত্ৰিক ব্যৱস্থাত ন্যায়পালিকা আৰু কাৰ্যালয়ক সাক্ষীগোপাল হিচাপে নাৰাখি সেইবিলাকক স্বতন্ত্ৰভাৱে আৰু প্ৰকৃতাৰ্থত ফলপ্ৰসূভাৱে কাম কৰিবলৈ দিয়াটোও অন্তৰ্ভুক্ত থাকে।

স্বতন্ত্ৰ কেন্দ্ৰীয় বেংকৰ প্ৰতিষ্ঠানটো সিমান সৰব হৈ উঠাগৈ নাই, যাৰ কাৰণ হয়তো ইয়াৰ তুলনামূলকভাৱে পাছৰ অন্তৰ্ভুক্তিৰে (সৰহভাগ ক্ষেত্ৰতে শতবৰ্ষতকৈও কম) সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হোৱা সত্বেও ৰাইজৰ সৈতে ইয়াৰ যোগাযোগ সিমান প্ৰত্যক্ষ নোহোৱাতহে আছে।

চৰকাৰ আৰু কেন্দ্ৰীয় বেংক –দুই দিগন্তৰ কাহিনী

একোটা কেন্দ্ৰীয় বেংকে অৰ্থব্যৱস্থাটোৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰে – ই ধনৰ যোগান নিয়ন্ত্ৰণ কৰে, টকা ধাৰে লোৱা আৰু ধাৰে দিয়াৰ সুত নিৰ্ধাৰণ কৰে। বিনিময় হাৰকে ধৰি বহিঃৰাষ্ট্ৰীয় খণ্ডটো পৰিচালনা কৰে, বিত্তীয় খণ্ডটোৰ বিশেষকৈ বেংকবোৰৰ তদাৰকতা আৰু বিনিয়মিত কৰে, ই প্ৰায়ে আকলন আৰু বিদেশী মুদ্ৰাৰ বজাৰবোৰৰ বিনিয়মন কৰে, আৰু ঘৰুৱা আৰু বহিঃৰাষ্ট্ৰীয় উভয় খণ্ডৰ বিত্তীয় সুস্থিৰতা সুনিশ্চিত কৰে।

বিশ্বজুৰি, কেন্দ্ৰীয় বেংকটো চৰকাৰৰ পৰা সুকীয়া এক প্ৰতিষ্ঠান হিচাপে গঠিত, অন্যভাৱে কলে ই চৰকাৰৰ কাৰ্যকলাপৰ এটা বিভাগ নহয়, সংশ্লিষ্ট বিধানযোগে ইয়াৰ ক্ষমতা সুকীয়াকৈ ন্যস্ত। ইয়াত ন্যস্ত কাম-কাজবোৰ অলপ জটিল আৰু কাৰিকৰী ধৰণৰ হোৱাত কেন্দ্ৰীয় বেংকবোৰ প্ৰধানতঃ প্ৰযুক্তিতন্ত্ৰবিদ বা ক্ষেত্ৰ বিশেষজ্ঞসকল- স্বভাৱসিদ্ধ অঞ্চলভিত্তিক বিদ্যায়তনিক বিচাৰক, বাণিজ্যিক বেংকাৰ আৰু কাৰণবিশেষত চৰকাৰৰ দ্বাৰা নিযুক্ত কিন্তু কোনো চৰকাৰী পদবীলৈ নিৰ্বাচিত নোহোৱা বেচৰকাৰী খণ্ডৰ প্ৰতিনিধিৰ নেতৃত্বাধীন আৰু লোকবলশীল। এই স্থাপনশৈলীয়ে কেন্দ্ৰীয়বেংক বোৰক সিবিলাকত ন্যস্ত ক্ষমতাখিনি স্বতন্ত্ৰৰীয়াকৈ প্ৰয়োগ কৰিবলৈ দিব লাগে বোলা প্ৰমিতিৰ গ্ৰহণযোগ্যতাক প্ৰতিফলিত কৰে।

কেন্দ্ৰীয় বেংকনো চৰকাৰৰ পৰা সুকীয়া কিয়? বিশেষভাৱে মন্থনমূলক সমিধান এটা মই দিছো-

(১) এই ব্যাখ্যাৰ প্ৰথম অংশটো কেন্দ্ৰীয় বেংকৰ তুলনাক্ৰমত চৰকাৰৰ সিদ্ধান্ত গ্ৰহণকাৰী পৰিমণ্ডল সম্পৰ্কীয়।

একোখন চৰকাৰৰ সিদ্ধান্ত গ্ৰহণকাৰী পৰিমণ্ডলটো ছুটী, একাধিক বিবেচনাত টি-টুৱেণ্টি খেলা এখনৰ কালাবধিৰ নিচিনা (ক্ৰিকেট ক্ৰীড়াশৈলীৰ তুলনাত)। কিবা নহয় কিবা ৰাষ্ট্ৰীয়, ৰাজ্যিক, মধ্যৱৰ্ত্তী আদি নিৰ্বাচনবোৰ হৈয়ে থাকে। নিৰ্বাচন চাপি অহাৰ লগে লগে ইস্তাহাৰত দি থোৱা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাটো জৰুৰী হৈ পৰে, ইস্তাহাৰৰ প্ৰতিশ্ৰুতিবোৰ পালন নহলে, জনপ্ৰতিনিধিত্বমূলক বিকল্পৰ সন্ধান তাত্ক্ষণিক হৈ পৰে। বৰ্তমান পৰিস্থিতিৰ তেনে প্ৰাসঙ্গিকতা নহলেও কিছুদিন পূৰ্বে হোৱাৰ দৰে, যুদ্ধ জাপি দিব লগা হৈছিল, বিত্ত সঞ্চাৰ কৰিব লগা আৰু যিকোনো প্ৰকাৰে যুদ্ধত জিকাটো অপৰিহাৰ্য হৈ পৰে। চৰকাৰৰ এই দৃষ্টিমান্দ্যতা দূৰদৃষ্টিহীনতাক “Apres moi, le deluge” (মোৰ পাছত বান) বোলা লুই পঞ্চদশৰ ঐতিহাসিক উক্তিটোৰে বুজাব পাৰি।

ইয়াৰ বিপৰীতে, কেন্দ্ৰীয় বেংক এটাই টেষ্ট খেল খেলে, প্ৰতিটো চেছনতে জয়ী হৈ থাকি পৰৱৰ্ত্তী ছেচনলৈকে বৰ্তি থাকি তাৰো সেই অনুক্ৰমে জয় সাব্যস্ত কৰাৰ প্ৰয়াস অব্যাহত ৰাখে। বিশেষতঃ কেন্দ্ৰীয় বেংকটো কোনো ৰাজনৈতিক সময়চাপৰ বশৱৰ্ত্তী হৈ ভৱিষ্যতক আওকান কৰিব লগাত নপৰে, নিৰ্বাচিত হোৱাৰ পৰিৱৰ্তে মনোনীত হোৱা হেতুকে কেন্দ্ৰীয় বেংকৰ বেংকাৰসকলৰ সিদ্ধান্ত গ্ৰহণ পৰিমণ্ডলটো চৰকাৰবোৰতকৈ দীঘলীয়া হয়, চৰকাৰৰ নিৰ্বাচনী চক্ৰ বা যুদ্ধ অবধিবোৰ থাকে। নিজৰ নীতিগত সিদ্ধান্তবোৰৰ তাত্ক্ষণিক পৰিণামবোৰৰ কথা চাই-চিন্তি চৰকাৰবোৰ চলিবলগীয়াৰ বিপৰীতে কেন্দ্ৰীয় বেংকাৰসকলে অলপ সময় লৈ মন্থন কৰি, তেওঁলোকৰ দীৰ্ঘম্যাদী পৰিণাম কি হব পাৰে সুধি-পুছি চাব পাৰে। বাস্তৱিকতে, প্ৰাপ্ত আজ্ঞাবশতঃ বিত্তীয় আৰু ব্যৱসায়িক চক্ৰবোৰেদি অৰ্থব্যৱস্থা সুস্থিৰ কৰিবলৈ কেন্দ্ৰীয় বেংকবোৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু সেই গতিকে মধ্য আৰু দীৰ্ঘম্যাদী পৰিণামবোৰৰ সমতুল্য হবলগা হয়। প্ৰত্যাশিতভাবে কেন্দ্ৰীয় বেংকবোৰে হ্ৰস্বম্যাদী লাভালাভবোৰলৈ কৰ্ণপাত নকৰি মূল্য অথবা বিত্তীয় সুস্থিৰতাৰ দৰে দীৰ্ঘম্যাদী পৰিণামবোৰ বিজড়িত জটিল ধৰণৰ এলানি সিদ্ধান্তৰে আস্থা গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰে।

২. এই ব্যাখ্যাৰ দ্বিতীয়টো অংশত আছে কেন্দ্ৰীয় বেংকনো চৰকাৰৰ পৰা কিয় সুকীয়া বোলোতে কেন্দ্ৰীয় বেংকে পৰিচালনা বা প্ৰভাৱিত কৰাখিনিৰ সৰহভাগ বিষয়ক – ধন সৃষ্টি, আকলন সৃষ্টি, বহিঃৰাষ্ট্ৰীয় খণ্ড ব্যৱস্থাপনা আৰু বিত্তীয় সুস্থিৰতা – যত অৰ্থনীতিৰ আগ-বোজাই সম্ভাৱ্য হিতবোৰেই নহয় বৰঞ্চ বিত্তীয় আতিশয্য বা অস্থিৰতা হব পৰা পাছ-বোজাই মূল্য আকাৰৰ সমগামী নেগুৰবাহী বিপদশংকাবোৰৰ সম্ভাৱনাও নিহিত হৈ থাকে। উদাহৰণ স্বৰূপে-

১. ধনৰ অধিকতৰ যোগানে চৰকাৰী ঘাটিবোৰত বিত্ত যোগানকে ধৰি বিত্তীয় লেনদেন সহজ সূচল কৰিব পাৰে, পিছে, সময়ত গৈ ই অৰ্থনীতিক অতি উষ্ণ কৰি স্ফীতি চাপ সৃষ্টি কৰিব পাৰে আৰু আনকি পূৰ্ণস্ফীত সংকটো আনিব পাৰে যত তীক্ষ্ণ মৌদ্ৰিক সংকোচনৰ আৱশ্যক হব।

২. সুত হাৰৰ অত্যধিক অৱনমন আৰু/বা বেংকে মূলধন তথা চলনিধি আৱশ্যকতাৰ শিথিলকৰণে অধিকতৰ আকলন সৃষ্টি, সম্পদ-মূল্য স্ফীতি, আৰু হ্ৰস্বম্যাদত শক্তিশালী অৰ্থনৈতিক বিকাশৰ লক্ষণ দেখুৱাব পাৰে, পিছে অতিপাত আকলন বৃদ্ধিত সাধাৰণতে মান বক্ৰতাও সমগামী হয় যিটোৱে নেকি অপ-বিনিয়োগ, সম্পদ-মূল্য ভংগ আৰু দীৰ্ঘম্যাদত বিত্তীয় সংকট ঘটায়গৈ।

৩. বিদেশী মূলধনী প্ৰৱাহক অৰ্থনীতি প্লাৱিত কৰিবলৈ দিলে সম্প্ৰসাৰিত চৰকাৰী উদ্ধৃত্তপত্ৰৰ বাবে আৰু বৰ্ধনশীল ব্যক্তিগত খণ্ড লৈ পুঁজি যোগান চাপ লাঘৱ অস্থায়ীভাৱে হব পাৰে যদিও ভৱিষ্যতে এইবোৰৰ আকষ্মিক ৰুদ্ধতা বা বৰ্হিগমনে প্ৰতিকূল অৰ্থনীতি ভিত্তিক অধঃক্ষেপন সহ বিনিময় হাৰৰ পতন ঘটাবগৈ পাৰে।

৪. তদাৰকী আৰু নিয়ামক মানকবোৰ আপোচ কৰি কম্বলৰ তলৰ ঋণ ক্ষতিবোৰ সাধিবলৈ গলে, হ্ৰস্ব ম্যাদত বিত্তীয় সুস্থিৰতাই ছদ্মৰূপ দেখুৱাবতো পাৰেই, কিন্তু অনাগত ভৱিষ্যতত তাচপাতৰ সৌধহে হবগৈ যিটোৱে কৰদাতাৰ ওপৰৰ বোজা বঢ়োৱাৰ উপৰি সম্ভাৱ্য উত্পাদনৰো ক্ষতি কৰিব।

সদায়ে নহলেও প্ৰায়ে সুস্থিৰ বিকাশৰ বাবে আৱশ্যকীয় হস্তক্ষেপবোৰ হল উত্তোলিত ৰাজস্ব ভগন সহকাৰে চৰকাৰৰ দ্বাৰা গাঁথনিগত সংস্কাৰবোৰ, অৱশ্যে এইবিলাকে জনচিত্তাকৰ্ষক ব্যয়বোৰত আপোচ কৰিব পাৰে বা পদাসীনসকলক বিতুষ্ট কৰিব পাৰে। পৰিণামস্বৰূপে কেন্দ্ৰীয় বেংকক হ্ৰস্বম্যাদী লাভ হোৱাকৈ কিন্তু অৰ্থনীতিৰ বাবে নেগুৰবাহী বিপদশংকা সৃষ্টি কৰাকৈ উপযুক্ত কৌশল অৱলম্বন কৰিবলৈ কব/কৰ্মন্যস্ত/আজ্ঞা/নিৰ্দেশ দিয়াটো চৰকাৰৰ বাবে বিজ্ঞোচিত সমাধান হব পাৰে। কেন্দ্ৰীয় বেংকটো চৰকাৰৰ কাৰ্যপালিকা শাখাটোৰ পৰা নিৰাপদ দূৰত্বত অৱস্থানৰত হয়।

কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতাক হনন-

এতিয়া, যদিওবা চৰকাৰৰ পৰা সুকীয়া হিচাপে কেন্দ্ৰীয় বেংক আনুষ্ঠানিকভাৱে সংগঠিত, ইয়াৰ সিদ্ধান্ত গ্ৰহণৰ কাৰ্যকৰী মণ্ডলটো চৰকাৰে ইচ্ছা কৰিলে বিভিন্ন প্ৰকাৰৰ পদ্ধতিৰে হ্ৰস্বকালীন লাভ আহৰণৰ বাবে সংকুচিত কৰিব পাৰে, যাৰ ভিতৰত আছে-

(১) গৱৰ্ণৰৰ দৰে কেন্দ্ৰীয় বেংকৰ মূখ্য পদবীলৈ, সাধাৰণতে জ্যেষ্ঠ ব্যৱস্থাপনাৰ পদবীত প্ৰযুক্তিতন্ত্ৰ বিদৰ পৰিৱৰ্তে চৰকাৰী (বা চৰকাৰ অনুগামী) বিষয়াক নিযুক্তি দি;

(২) কেন্দ্ৰীয় বেংকক চৰকাৰৰ পৰা পৃথকত্ব প্ৰদায়ক প্ৰাৱধানবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে খাই পেলোৱা খণ্ড বিধায়িনী সংশোধনীৰ জৰিয়তে কেন্দ্ৰীয় বেংকৰ বিধিগত ক্ষমতাৰ ক্ৰমাগত অৱক্ষয় ঘটাই;

(৩) নিয়ম-ভিত্তিক কেন্দ্ৰীয় বেংকিং নীতিবোৰত ভেটা দি বা বিৰোধ কৰি আৰু প্ৰত্যক্ষ চৰকাৰী হস্তক্ষেপ সহকাৰে যুটীয়া সিদ্ধান্ত গ্ৰহণ অথবা স্ব-ইচ্ছাধীনমূলক ব্যৱস্থাৰ পোষকতা কৰি;

(৪) আপেক্ষিকভাৱে দুৰ্বল বিধিগত ক্ষমতাৰে সমান্তৰাল নিয়ামক অভিকৰণ গঠন কৰি আৰু/অথবা কেন্দ্ৰীয় বেংকৰ গণ্ডী বহিৰ্ভুত হৈ বিত্তীয় চালিচিকৰণৰ কাম-কাজ কৰা অনিয়মিত (বা সামান্য নিয়ামিত) সত্ত্বাবোৰৰ বিকাশত উদগণি দি;

যদি এনে প্ৰচেষ্টা সফল হয়, যতিচিহ্নিযুক্ত বিত্তীয় সংকটৰ আগমন সহকাৰে স্থুলঅৰ্থনৈতিক সুস্থিৰতাৰ প্ৰতিৰূপ বহনেৰে তেওঁলোকে অৰ্থনীতিত নীতি ক্ষীণদৰ্শিতাৰ সমাগম ঘটায়।

সেইবাবে, কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতা সন্নিৱেশন আৰু তাৰ অটুততা ৰক্ষা অৰ্থনীতিৰ বাবে সৰ্বাত্মক সংস্কাৰত কিয় তাত্পৰ্যপূৰ্ণ, আৰু তাৰ বিপৰীতে এনে স্বতন্ত্ৰতা খৰ্ব কৰাটো কিয় পশ্চাদগামী আৰু শোষণকাৰী প্ৰৱণতা, তাৰ কেইবাটাও কাৰণ আছে-

(১) যেতিয়া চৰকাৰে কেন্দ্ৰীয় বেংকৰ নীতিবোৰ তৰল কৰিবলৈ চেষ্টা চলোৱা আৰু এনে তৰলীকৰণৰ বাবে কেন্দ্ৰীয় বেংকক বাধ্য কৰোৱা পৰিলক্ষিত হয়, বেংক আৰু ব্যক্তিগত খণ্ডই মূল্য সৃষ্টি আৰু বৰ্ধনত বিনিয়োগ কৰাৰ পৰিৱৰ্তে সামূহিক হিতক জলাঞ্জলি দি ব্যক্তিগতভাৱে নিজৰ লগত খাপ খোৱা নীতিৰ বাবে পৰিৱেশ সৃ্ষ্টিত অধিক সময় কটায়।

(২) কেন্দ্ৰীয় বেংকৰ শাসনতন্ত্ৰ উপেক্ষিত হলে, মুকলি বিতৰ্ক কৰিব পৰা, খৰতকীয়াকৈ চিন্তা কৰিব পৰা আৰু ফলপ্ৰসূ পৰিৱৰ্তন সাধন কৰিব পৰা সামৰ্থ্যযুক্ত সমুজ্জ্বল মনৰ ব্যক্তিক অন্তৰ্ভুক্তিৰ বাবে আকৰ্ষণ কৰিব বা তেনে ব্যক্তিক ৰাখি থোৱাটোৰ সম্ভাৱনা নোহোৱা হৈ পৰে ; কেন্দ্ৰীয় বেংক ক্ষমতাৰ অৱক্ষয়ে মানৱীয় মূলধনৰ অৱক্ষয় ঘটায় আৰু সময়ত গৈ ইয়াৰ কাৰ্যদক্ষতা আৰু বিশেষ নৈপুণ্যৰো অৱনতি ঘটে।

(৩) বিত্তীয় চালিচিকৰণৰ গুৰুত্বপূৰ্ণ অংশবোৰ কেন্দ্ৰীয় বেংকৰ গণ্ডীৰ বাহিৰত ৰাখিলে, মুষ্টিমেয় এচামলৈ ভাল সময়ত বেচৰকাৰী লাভ সহকাৰে “ছায়া বেংকিং” গঢ়ি উঠাৰ প্ৰণালীবদ্ধ বিপদশংকা আহে, তাকো অপ্ৰতিহত বিত্তীয় ঠুনুকাৱস্থাৰ আকাৰত ভৱিষ্যত প্ৰজন্মৰ বাবে ব্যাপক ভৰণীৰে।

এতেকে মই দাঙি ধৰা চৰকাৰ আৰু কেন্দ্ৰীয় বেংকৰ সিদ্ধান্ত গ্ৰহণৰ পৰিমণ্ডলৰ ব্যৱধানে, কেন্দ্ৰীয় বেংক যে কাৰ্যপালিকা কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে পৃথকীকৃত আৰু ই যে স্বতন্ত্ৰৰীয়াকৈ নিজৰ কাৰ্য সম্পাদন কৰিব লাগে বুলি প্ৰদত্ত দ্ব্যৰ্থহীন ভিন্নতাক উভয় পক্ষই ভালকৈ বুজি-বাজি চলা পৰ্যন্ত কোনো পৰিচালনাত্মক বৈপৰীত্য সৃষ্টি হব নোৱাৰে। কেন্দ্ৰীয় বেংকে ভুল অৱশ্যে কৰিব পাৰে, আৰু তাৰ বাবে সংসদীয় পৰিনিৰীক্ষণ আৰু স্বচ্ছতা আচাৰবিধিৰ জৰিয়তে সাধাৰণতে ইয়াক দায়বদ্ধ কৰা হয়। এইদৰে স্বতন্ত্ৰতা, স্বচ্ছতা আৰু ৰাইজৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতিষ্ঠানিক ব্যৱস্থাই বেংকৰ স্বায়ত্ত্বতাও শক্তিশালী কৰে। অৱশ্যে, কেন্দ্ৰীয় বেংকৰ পৰিচালনাত্মক আজ্ঞাত চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু হকাবাধাই ইয়াৰ কাৰ্যপৰিচালনাত্মক স্বায়ত্ত্বতা খৰ্ব কৰে।

মৃত্যুৰ চুমা – বজাৰৰ ৰোষ প্ৰাপ্তি

দূৰদৰ্শী চৰকাৰী নেতৃত্বই স্থূল অৰ্থনৈতিক সুস্থিৰতাত বিনিয়োগৰ গুৰুত্বৰ বিষয়ে ভোটদাতাক পতিয়ন নিওৱাৰ সুফল আদায় কৰিবলৈ সক্ষম হয়, উদাহৰণ হিচাপে, সিদ্ধান্ত গ্ৰহণত কেন্দ্ৰীয় বেংকৰ স্বায়ত্ততা ৰক্ষাৰ দ্বাৰা আৰু ইয়াৰ মূল কাম-কাজবোৰ নিষ্পাদন হবলৈ দি লাভ কৰা বিত্তীয় খণ্ড পৰিণামবোৰৰ দীৰ্ঘম্যাদী স্বৰূপৰ কৃতাৰ্থতা দাবী কৰি। দীৰ্ঘস্থায়ী অৰ্থনৈতিক সমৃদ্ধিৰ মুখ্য উপাদান হিচাপে স্বতন্ত্ৰ কেন্দ্ৰীয় বেংক একোটাৰ পৰিমিত যথাৰ্থদৃষ্টি নোহোৱা হলে আৰু/অথবা চৰকাৰী দূৰদৃষ্টিহীনতাৰ প্ৰকোপ চৰি কেন্দ্ৰীয় বেংকিং প্ৰণালীত আৰু সিদ্ধান্তত নিয়মীয়া প্ৰৱেশ ঘটিবলৈ ললে দুৰ্ভাগ্যজনক দুৰ্ঘটনা সংঘটিত হব পাৰে। স্থূল অৰ্থনৈতিক ব্যৱস্থাপনা সুস্থিৰতা আহৰণ আৰু বিচ্যুতি আৰোপনৰ মাজত টনা-আজোৰাৰ কাৰণ হবগৈ পাৰে, দৈনিক পৰিচালনাত্মক সিদ্ধান্তই ক্ষমতাৰ যুঁজৰ ৰূপ লব পাৰে, আৰু ইয়াৰ স্বতন্ত্ৰতাৰ স্খলন ঘটাব পৰা আসন্ন চাপবোৰৰ মুখামুখি হৈ বিশ্বাসযোগ্যতা ৰক্ষাৰ কাৰণে পিছলৈ বেঁকা হবলৈ কেন্দ্ৰীয় বেংকক বাধ্য কৰিলে, ইয়াৰ স্বতন্ত্ৰতা লাঘৱ কৰিবলৈ চলোৱা প্ৰতি প্ৰচেষ্টাৰ প্ৰকোপ বাঢ়ি যায়।

এই গতিবিধি চলি থকা সময়ত বজাৰবোৰে নিবিড়ভাৱে লক্ষ্য কৰি থাকে, আৰু অনিশ্চয়তা বাঢ়ি গলে আৰু কেন্দ্ৰীয় বেংকৰ বিশ্বাসযোগ্যতা তথা স্বতন্ত্ৰতা খৰ্ব হোৱা দেখিলে, বজাৰবোৰে বশ হৈ পৰা বণ্ড প্ৰতিফল আৰু বিনিময় হাৰত কোব শোধায়।

বহলাই কৈছো-

আধুনিক অৰ্থব্যৱস্থাবোৰ মোটামুটিভাৱে পূৰ্ণ স্বাধীনতাপ্ৰাপ্ত নহয়, তেওঁলোকে নিজৰ বিনিয়োগত পুঁজি যোগানৰ কাৰণে মূলধনী বজাৰত নিৰ্ভৰ কৰে। ঘৰুৱা কাৰেন্সি আৰু বিদেশী কাৰেন্সিৰ প্ৰভূত্বজড়িত তুলনামূলকভাৱে বৃহত্ আকাৰৰ সাৰ্বভৌম (আৰু অৰ্ধ-সাৰ্বভৌম) ঋণ বজাৰবোৰত প্ৰতিফলিত অনুযায়ী চৰকাৰৰ ক্ষেত্ৰতহে ই বেচিকৈ খাটে। মুদ্ৰাস্ফীতি বা বিত্তীয় অস্থিৰতাৰ দৰে বিপদশংকাবোৰ বাঢ়ি গলে, বজাৰবোৰে সাৰ্বভৌম ঋণৰ পুনৰ মূল্যাৰোপন কৰে আৰু ইয়াৰ পুঁজি যোগান সম্পূৰ্ণকৈ বন্ধও কৰিব পাৰে। বিদেশী বিনিময় আৰু বিদেশী বিনিয়োগৰ দৰে অন্যান্য বজাৰবোৰতো ইয়াৰ প্ৰভাৱে অৰ্থনীতিৰ বহিঃৰাষ্ট্ৰীয় খণ্ডৰ সুস্থিৰতালৈ বিপদশংকা চপাবগৈ পাৰে। সেইকাৰণে এই তৃতীয় পক্ষ – বজাৰৰ উপস্থিতি চৰকাৰ আৰু কেন্দ্ৰীয় বেংকৰ (সাধাৰণতে নিয়ামক প্ৰতিষ্ঠান)ৰ মাজত এক গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈ পৰে। কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতা খৰ্ব নকৰিবলৈ বজাৰে চৰকাৰক অনুশাসিত কৰিব পাৰে আৰু লগতে আগ্ৰাসনৰ বাবে চৰকাৰক সম্পূৰ্তি দিয়াবও পাৰে। মনোগ্ৰাহী কথাটো হল – চৰকাৰী চাপত থাকিও দায়বদ্ধ আৰু স্বতন্ত্ৰ হৈ থাকিবলৈ বজাৰে কেন্দ্ৰীয় বেংককো বাধ্য কৰিব পাৰে।

মই প্ৰাৰম্ভিক মন্তব্যত উল্লেখ কৰা ২০১০ৰ আৰ্জেণ্টিনা কাণ্ডৰ সময়ছোৱাৰ বজাৰ বিদ্ৰোহ আৰু কঠোৰ ব্যৱস্থাৱলীৰ উপৰিও লক্ষণীয় কথাটো হল যে কেন্দ্ৰীয় বেংকৰ সিদ্ধান্ত গ্ৰহণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ অভিপ্ৰায়ৰ বিষয়ে ৰাইজক এৰা-ধৰাকৈ জনোৱাকে ধৰি কেন্দ্ৰীয় বেংকৰ মৌদ্ৰিক নীতিত চৰকাৰী প্ৰভাৱৰ অৱধাৰণাৰ যোগেদি এই বছৰৰ উদীয়মান ছভাৰেইন বণ্ড আৰু কাৰেন্সি অৱগলন উভয়ে অনুঘটিত হয়। এবাৰ, ক্ৰমবৰ্দ্ধমান মুদ্ৰাস্ফীতি আৰু ৰাজস্ব ঘাটিৰ পৰিপ্ৰেক্ষিতত হাৰ কৰ্তনে অনিষ্ট সাধিলে, অন্যহাতে, মুদ্ৰাস্ফীতি দ্বি-সাংখ্যিক অৱস্থানত থকা সত্বেও সুতৰ হাৰ বৃদ্ধিৰ অপকাৰিতাৰ বিষয়ে চৰকাৰৰ মুৰব্বীগৰাকীয়ে ৰাজহুৱা ঘোষণা কৰিলে।

বাস্তৱিকতে, বজাৰ নিয়ন্ত্ৰত উদীয়মান বজাৰবোৰতে সীমিত থাকিব বুলি কথা নাই। চৰকাৰৰ দোমোজা ভাৱ আৰু বিশ্বৰ বৃহত্তম নিৰাপদ অৰ্থনীতিত মৌদ্ৰিক আটিলকৰণত হতাশাৰ ৰাজহুৱা প্ৰকাশে, তাকো ক্ৰমবৰ্দ্ধমান মুদ্ৰাস্ফীতি আৰু ৰাজস্ব ঘাটিৰ সময়ত, বিনিয়োগকাৰীৰ মনলৈ প্ৰশ্ন আনিলে, যিটোৰ অধীনত ইয়াৰ আৰক্ষিত কাৰেন্সি স্থিতিয়ে নিশ্চয়তা ৰাখিব পাৰিছে বুলি কব পৰা নাযায়।

বাৰ্কলেৰ কেলিফৰ্ণীয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আইচেনগ্ৰীণে বজাৰৰ ভূমিকা বিষয়ক এই গুৰুত্বপূৰ্ণ মতামতৰ ভূমিকাখিনিক তেওঁৰ সাম্প্ৰতিক প্ৰকাশনত সাবলীলভাৱে সামৰি লৈছে-

“দেশবিলাকে মৌদ্ৰিক নীতি সিদ্ধান্ত গ্ৰহণ, নিজস্ব বিশেষজ্ঞ নৈপুণ্যৰ বাবে নিযুক্ত প্ৰযুক্তিতন্ত্ৰবিদ কিয় ন্যস্ত কৰে তাৰ কেইবাটাও ভাল কাৰণ আছে। তেওঁলোকে সুদীৰ্ঘ দৃষ্টিপাত কৰিব পাৰে। তেওঁলোকে হ্ৰস্বম্যাদী লাভৰ বাবে মৌদ্ৰিক অৱস্থাবোৰ ইফাল-সিফাল কৰাৰ প্ৰলোভন ৰোধ কৰিব পাৰে। দীৰ্ঘম্যাদী সুস্থিৰতাক অগ্ৰাধিকাৰ দিয়াটো ইতিহাসে কোৱা ধৰণে, অৰ্থনৈতিক কাৰ্যসম্পাদনৰ বাবে শুভপ্ৰদ। আৰু এই কাৰ্যসম্পাদনৰ ওপৰতে ভুল বা শুদ্ধভাৱেই হওক, নিৰ্বাচিত নেতাসকলৰ বিচাৰ কৰা হয়।“

চিন্তাশীল ৰাজনীতিবিদে এইটো বুজি পায়। গতিকে তেওঁলোকে কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতাত সমৰ্থন কৰে আৰু কেন্দ্ৰীয় বেংকৰ সিদ্ধান্তক প্ৰভাৱিত কৰাৰ পৰা বিৰত থকাৰ পৰম্পৰাক সন্মান জনায়। দুৰ্ভাগ্যজনকভাৱে, সকলো ৰাজনীতিবিদ চিন্তাশীল নহয়। দীৰ্ঘম্যাদী সুফলৰ বাবে অপেক্ষা কৰিবলৈ সকলোৰে ধৈৰ্য্য নাথাকে।কথামতে উঠা-বহা নকৰিলে নিয়োগকৰ্ত্তাৰ কোনেও ভাল নাপায়। উত্তৰাধিকাৰ ক্ৰমে প্ৰাপ্ত প্ৰতিষ্ঠান আৰু পৰম্পৰাৰ প্ৰতি, কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতাই হওক কিম্বা বহলাৰ্থত ক্ষমতাৰ বিভাজনৰ প্ৰতি তেওঁলোকৰ সকলোখিনি সন্মানশীল নহয়।

তেওঁলোকে বজাৰলৈ মনোযোগ দিয়ে নে নিদিয়েটোৱে প্ৰশ্ন-

বেৰী আইচেনগ্ৰীণে গভীৰভাৱে অনুধাৱন কৰিছে যে একোখন চৰকাৰে বজাৰলৈ মনোযোগ দিবলৈ ললে বুজিব পাৰিব যে প্ৰকৃতপক্ষে কেন্দ্ৰীয় বেংক স্বতন্ত্ৰতা ইয়াৰ শক্তিহে আৰু কেন্দ্ৰীয় বেংকটো ইয়াৰ প্ৰকৃত মিত্ৰস্বৰূপ যিয়ে নেকি চৰকাৰক শ্ৰুতিকটু অথচ নিতান্তই বাস্তৱখিনি কৈ দিব পাৰে আৰু চৰকাৰী নীতিৰ বিৰূপ দীৰ্ঘম্যাদী পৰিণামখিনি সাধ্যই আটে মানে শুধৰাই নিব পাৰে।

এই গোটেইখিনি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত কি সম্পৰ্ক সেই পিনে চাও আহক-

প্ৰয়াত দীনা খাটখাটেই “এ ষ্টাডি ইন দ্য চেপাৰেশ্যন এণ্ড এট্ৰিশ্যন অব পাৱাৰ্ছ (২০০৫)”ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক প্ৰদীপ্ত তথা পাণ্ডিত্যপূৰ্ণ সমীক্ষা আগবঢ়াইছে। পৰৱৰ্ত্তী আলোচনাৰ সিংহভাগ তেওঁৰ সমীক্ষাৰ পৰা লোৱা আৰু তেতিয়াৰে পৰা উদ্ভুত ঘটনাপ্ৰৱাহৰ সৈতে অদ্যাৱধিক কৰা হৈছে। ভাৰতীয় প্ৰেক্ষাপটত কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতা আৰু স্বায়ত্ততাৰ উত্কৃষ্ট আলোচনাবোৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰদ্বয় ড০ চি. ৰংগৰাজন (১৯৯৩) আৰু ড০ ৱাই ভি ৰেড্ডীৰ (২০০১-২০০৭) বক্তৃতাবোৰত সন্নিৱিষ্ট আছে। তলত গৈ দেখা পাম, অন্যান্য গৱৰ্ণৰ আৰু ডেপুটী গৱৰ্ণৰসকলেও নিজ নিজ কাৰ্যকালত এই নিৰ্দেশনাবোৰ আগবঢ়াই নিছিল। তেওঁলোকৰ জনচেৰেকৰ বাবে, ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা আইনত অস্পষ্ট হওতে চৰকাৰে অৱশেষত গৈ ইয়াক কাৰ্যত সমৰ্থন কৰাকৈ প্ৰজ্ঞা আহৰণ কৰিলে, আন কেইজনৰ বাবে অৱশ্যে, ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা এক ক্ৰমাগত কৰ্ম হৈ পৰিল। যিটো নেকি ৰাষ্ট্ৰই উপৰ্যুপৰ ভিত্তিত এক দীৰ্ঘায়িত প্ৰত্যাহ্বান ৰূপে সন্মুখীন হৈ আহিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা পুনৰুদ্ধাৰত ক্ৰমাগত বিৱৰ্তন

ৰিজাৰ্ভ বেংক আইন,১৯৩৫ আৰু বেংকিং বিনিয়ম আইন,১৯৪৯ৰ পৰা ৰিজাৰ্ভ বেংকে ভালেমান গুৰুত্বপূৰ্ণ ক্ষমতা আহৰণ কৰি থাকিলেও এই ক্ষমতাবোৰ কাৰ্যতঃ প্ৰয়োগ কৰিব পৰাকৈ ফলপ্ৰসূ স্বতন্ত্ৰতাই হৈছে প্ৰণিধানযোগ্য বিষয়। বিগত সময়ছোৱাত কেন্দ্ৰীয় বেংক, কেইগৰাকীমান অৰ্থনীতিবিদ আৰু অগণন সমিতিৰ প্ৰতিবেদনৰ সমিধান ক্ৰমে ইখনৰ পিছত সিখন চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰিচালনাত্মক স্বতন্ত্ৰতা পুনৰআৰোপৰ হকে বৃহত্ পদক্ষেপ লৈ আহিছে। এনে সুস্থ অগ্ৰগতিৰ তিনিটা ক্ষেত্ৰ মই স্পৰ্শ কৰিছো।

(১) মৌদ্ৰিক নীতি – ৰিজাৰ্ভ বেংকে সমকালীন বহু কেন্দ্ৰীয় বেংকৰ লেখিয়াকৈ, স্বাধীনোত্তৰ চৰকাৰৰ সমাজবাদী পৰিকল্পনা নীতিৰ সৈতে ক্ষিপ্ৰতাৰে খোজ মিলাই ধনত সুতৰ হাৰ নিৰ্ধাৰণ কৰাই নহয়, বৰং বিভিন্ন পৰিপক্কতাৰ আকলনবোৰৰো কাৰ্যতঃ সকলো হাৰ নিৰ্ধাৰণ কৰিলে আৰু লগতে প্ৰকৃত অৰ্থব্যৱস্থালৈ খণ্ডভিত্তিক আকলনো আবণ্টন কৰিলে।

১৯৯০ চনত সুত হাৰবোৰৰ প্ৰতিবিনিয়মনৰ পাছত মৌদ্ৰিক নীতিয়ে অধিকতৰ আধুনিক মাত্ৰা লাভ কৰে। প্ৰাৰম্তে, সুত হাৰবোৰ নিৰ্ধাৰণ কৰিবলৈ বহুসংখ্যক সূচক এটা আছিল। মৌদ্ৰিক নীতিৰ বাবে বহুসংখ্যক উদ্দেশ্য থকাটোৱে “এক উদ্দেশ্য এক লিখট”ৰ টিনবাৰ্জেন সংজ্ঞাৰ উলংঘন হয়, ই লগতে, সুত হাৰ নিৰ্ধাৰণ যিকোনো এটা সময়বিন্দুত গৈ কি আহৰণ কৰিবলৈ বিচাৰিছে তাক বুজা বা বুজোৱাটো আহুকলীয়া কৰি তোলে। তাত্পৰ্যপূৰ্ণভাৱে এই অভিগমনে বহুখিনি নিয়ামক ঐচ্ছিকতা, সৰহভাগ ক্ষেত্ৰতে এজন ব্যক্তিৰ অৰ্থাত্ ৰিজাৰ্ভ বেংক গৱৰ্ণৰৰ পৰ্যায়ত স্বীকাৰ কৰিব লগা হৈছিল। ইয়ে মৌদ্ৰিক নীতিৰ স্বতন্ত্ৰতাক ব্যক্তি-নিৰ্দিষ্ট কৰি তোলে, অন্য ভাষাত কবলৈ গলে, এটা নহয় এটা ছদ্মবেশৰ অধীনত ৰাজস্ব সম্প্ৰসাৰণৰ সময়বোৰত হাৰবোৰ তলত ৰখাৰ বাবে সহজে চৰকাৰী চাপবোৰ আহিবলৈ দিয়ে।

ঠিকে এনে পৰিস্থিতিতে, নবেল প্ৰাপক ফিন কীডলেণ্ড আৰু এডৱাৰ্ড প্ৰেছকটে ১৯৭০ আৰু ১৯৮০ৰ আগ-দশকত নিজৰ কৰ্মৰাজিত আলোকসস্পাত কৰা মতে বিশেষকৈ কাল-বিসঙ্গতিৰ সমস্যাটো পৰিহাৰ কৰিবলৈ নিয়ম যে স্ব-ইচ্ছাধীন ক্ষমতাতকৈ শ্ৰেয় প্ৰসঙ্গটো আহি পৰে। কীডলেণ্ড আৰু প্ৰেছকটে (১৯৭৭), বিনিয়োগকাৰীকে ধৰি জনতাই যে ভৱিষ্যতলৈ চাব পাৰে আৰু স্বাৰ্থান্মেষী চৰকাৰৰ আচৰণৰ পূৰ্বানুমান কৰিব পাৰে কথাটো গণ্য কৰে কিয়নো, স্ব-ইচ্ছাধীন মৌদ্ৰিক নীতি চৰকাৰী চাপৰ আপোচাধীন হবগৈ পাৰে স্ফীতিজনক প্ৰত্যাহ্বান লঙ্গৰবিহীন কৰি, অন্যহাতে বিধিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ মৌদ্ৰিক নীতি ভাঁজ লগোৱাটো কষ্টসাধ্য আৰু ই মুদ্ৰাস্ফীতি জনক প্ৰত্যাশাবোৰ নিলগত ৰাখে।

একাধিকবাৰ দ্বি- সাংখিক মুদ্ৰাস্ফীতি সংঘটনৰ পাছত, মুদ্ৰাস্ফীতি তথা স্ফীতিজনক প্ৰত্যাশাৰ বিৰুদ্ধে তদানীন্তন গৱৰ্ণৱ ৰঘুৰাম জি ৰাজনৰ দ্বাৰা অৱশেষত এক যুঁজ আৰম্ভ কৰা হয়। মৌদ্ৰিক নীতি পৰিকাঠাম সংশোধিত আৰু শক্তিশালী কৰিবলৈ উৰজিত্ আৰ পেটেল সমিতিৰ প্ৰতিবেদন ২০১৪ত মুকলি কৰা হয়, আৰু শেহান্তত ভাৰতীয় ৰিজাৰ্ভ বেংকে আইনখনৰ আগষ্ট,২০১৬ত সালসলনি ঘটাই মৌদ্ৰিক নীতি সমিতি (এমপিচি) গঠন কৰা হয়। গৱৰ্ণৰ যাৰ হাতত নিৰ্ণায়ক ভোট আছে তেওঁকে ধৰি আৰবিআইৰ তিনিগৰাকী বাহিৰা সদস্যক লৈ এমপিচি গঠিত। এমপিচিক, মধ্যম্যাদী অৱধিত ৪ শতাংশ গ্ৰাহক মূল্য সূচকাংক স্ফীতি আহৰণৰ বৈধানিকভাৱে এক শিথিল স্ফীতি লক্ষ্যাভিমুখী আজ্ঞা প্ৰদত্ত আছে যিনেকি তাক আহৰণ কৰিব পৰাকৈ পৰিচালনাত্মক স্বতন্ত্ৰতা সহকাৰে বিকাশৰ প্ৰতি মনোযোগ দি যাব আৰু এমপিচিৰ প্ৰস্তাৱ, প্ৰতিগৰাকী গাইগুটিয়া এমপিচি সদস্যৰ সিদ্ধান্ত সংক্ষিপ্ত ৰূপত কাৰ্যবিৱৰণীত ৰখা, দ্বিবাৰ্ষিক মৌদ্ৰিক নীতি প্ৰতিবেদন আৰু একেৰাহে তিনিটা ত্ৰিমাসিকৰ বাবে লক্ষ্য স্ফীতি পৰ্যায়ৰ +/-২ শতাংশ বেণ্ড উলংঘনৰ ক্ষেত্ৰত চৰকাৰক লিখিত প্ৰতিবেদন দাখিলৰ ক্ষেত্ৰত দায়বদ্ধ হব।

এমপিচিয়ে অদ্যাৱধি ইয়াৰ দুবছৰীয়া কাৰ্যকালত নিজৰ হাৰ নিৰ্ধাৰণ সিদ্ধান্তবোৰৰ যোগেদি স্ফীতি লক্ষ্যত বিশ্বাসযোগ্যতা গঢ়িবলৈ নিৰন্তৰ প্ৰয়াস চলাইছে, যিটো প্ৰক্ৰিয়াক, দীৰ্ঘম্যাদী বণ্ড প্ৰতিফল কমাই ৰখা আৰু বিনিময় হাৰ সুস্থিৰ ৰখাত সহায়ক হয় বুলি আৰু ব্যৱহাৰিকভাৱে তথ্যভিত্তিক বুলি মান্যতা দিয়া হয়। শিথিল স্ফীতি লক্ষ্যাভিমুখী পৰিগাঁঠনিৰ প্ৰভাৱ অনুধাবনৰ বাবে কিছু সময় লাগিব যদিও নিঃসন্দেহে এমপিচিয়ে মৌদ্ৰিক নীতিক এক স্বতন্ত্ৰ প্ৰতিষ্ঠানিক আধাৰ প্ৰদান কৰিছে। কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতাৰ এই দিশটো শক্তিশালী কৰাৰ বাবে আৱশ্যকীয় সালসলনিৰ বাবে বিধান প্ৰণয়ন কৰি আৰু মৌদ্ৰিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা নিজক নিলগাই ৰাখি (এমপিচিত বাহিৰা সদস্যৰ নিযুক্তি বাদে) দূৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে চৰকাৰ বুজন প্ৰশংসাৰ পাত্ৰ হৈছে।

(২) ঋণ ব্যৱস্থাপনা – ভালেকেইটা স্বাধীনোত্তৰ দশক ধৰি, চৰকাৰী ৰাজস্ব ঘাটিৰ পুঁজি যোগান ধৰিবলৈ ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰৰ হ্ৰস্বম্যাদী ৰাজকোষীয় দেয়ক (অস্বাভাৱিক নিম্ন সুতবাহী) জাৰিকৰণত অংশগ্ৰহণ কৰিছিল। ৰিজাৰ্ভ বেংকে ৰাজহুৱাকৈও স্বীকাৰ কৰিছিল যে ইয়াৰ মুক্ত বজাৰ পৰিচালনবোৰ (অএমঅ) মূলতঃ চৰকাৰী বণ্ড প্ৰতিফল জোৰা পৰাকৈ গঢ়িত। ই সূচাইছিল যে কেন্দ্ৰীয় বেংক উদ্ধৃত্ত পত্ৰখন – কৰ ৰছিদৰ লেখিয়াকৈ অত্যাধিক চৰকাৰী ব্যয় মৌদ্ৰিককৰণৰ বাবে প্ৰস্তুত সম্পদ হিচাপে সদা উপলব্ধ আছিল। সন্দেহাতীতভাৱে, মিল্টন ফ্ৰীডমেন আৰু থমাছ ছাৰ্জেণ্টক তোষণ কৰিবলৈকে ভাৰতত উচ্চ মুদ্ৰাস্ফীতিক ৰূপদান কৰা হৈছিল, অৰ্থাত্ দুই নবেল প্ৰাপক অৰ্থনীতিবিদে দৰ্শোৱা যুক্তিমতে ই আছিল এক মৌদ্ৰিক আৰু এক ৰাজস্ব পৰিঘটনা (ফ্ৰীডমেন ১৯৭০ আৰু ছাৰ্জেণ্ট,১৯৮২)।

পৰিণামবশতঃ, চৰকাৰী ঘাটিত এনেবোৰ স্বয়ংসংঘটিত মৌদ্ৰিককৰণে সঞ্চাৰ কৰা বিপদশংকা আৰু ৰাজস্ব অবিজ্ঞতাৰ কথা বিবেচনা কৰি ৰিজাৰ্ভ বেংক আৰু চৰকাৰী যুটীয়া প্ৰচেষ্টাৰে ১৯৯৪-৯৭ৰ সময়ছোৱাত ঘাটি বিত্ত যোগানক ৰিজাৰ্ভ বেংকৰ পৰা বেষ্টনীযুক্ত ৱেইজ এণ্ড মীনছ এডভান্সলৈ সীমাবদ্ধ কৰা হয়। ২০০৩ৰ ৰাজস্ব দায়িত্ব আৰু আয়-ব্যয়ক ব্যৱস্থাপনা আইন (এফআৰবিএম)য়ে চৰকাৰী প্ৰতিভূতিৰ প্ৰাথমিক প্ৰকাশনবোৰত অংশগ্ৰহণৰ পৰা ৰিজাৰ্ভ বেংকক স্পষ্টতঃ বাধা কৰে। মুকলি বজাৰ পৰিচালনাবোৰ ঘৰুৱা ধন যোগানত বিদেশী মুদ্ৰাৰ প্ৰভাৱ ৰোধ কৰাকৈ আৰু অথবা অৰ্থনীতিৰ দীৰ্ঘম্যাদী চলনিধিৰ চাহিদা পূৰাব পৰাকৈ যুগুতোৱা হয়। পুৰণা অভ্যাসে একো দিবলৈ নিবিচাৰিলেও, এই সালসলনিবোৰে চৰকাৰী ঋণ ব্যৱস্থাপনাৰ কামটো ৰিজাৰ্ভ বেংকলৈ এৰিলে।যিহেতু, প্ৰধানত: চৰকাৰী ঋণৰ নীলাম আৰু ইয়াক প্ৰতিভূতিলৈ পৰিবৰ্ত্তন বা পিচলৈ কিনাৰ ব্যৱস্থাক বিত্তীয় পৰিকল্পনা আৰু গুৰুত্বপূৰ্নভাৱে ধনৰ যোগান ধৰাতকৈ অধিক গুৰুত্ব দিছিল।

অধিকন্তু, বেংক জমাৰ সিংহভাগ চৰকাৰলৈ প্ৰৱাহিত কৰা বা মৌদ্ৰিক প্ৰশাসনেৰে সহজেই উপলব্ধ হোৱাটোক নিশ্চয়তা প্ৰদান কৰা বিধিগত চলনিধি অনুপাত (এছএলআৰ) আৰু নগদ আৰক্ষণ অনুপাত (চিআৰআৰ) দমনমূলক পৰ্যায়বোৰ এতিয়া মোটামুটিকৈ আন্তৰ্জাতিক সতৰ্কতামূলক মানলৈ যুক্তিসংগত কৰা হল। উদাহৰণস্বৰূপে এছএলআৰৰ ক্ষেত্ৰত পৰ্য়ায়টো ক্ৰমান্বতঃভাৱে হ্ৰাস কৰি অনা হৈছে আৰু বেছেল থ্ৰী লিকুইডিটী ৰেচিঅলৈ (এলচিআৰ) অনাৰ আঁচনি লোৱা হৈছে।

(৩) বিনিময় হাৰ ব্যৱস্থাপনা – স্বাধীনোত্তৰ কালৰ পৰা বাৰ্ষিক পৰিকল্পনাবোৰত বিনিময় হাৰকে ধৰি মূল্যবোৰ অলৰ হৈ থাকিব বুলি ধৰি লোৱা হৈছিল, পিছে টকাৰ প্ৰকৃত মূল্য, বজাৰ মূল্যবোৰ আৰু স্থূল অৰ্থনৈতিক স্থিতিৰ সৈতে উঠা-নমা কৰিবলৈ লোৱাত, অহেতুক কোব সহ্য কৰাৰ বাবে ষ্টাইলিং হোল্ডিংবোৰৰ গত্যন্তৰ নোহোৱা হল। টকাৰ অন্তৰ্নিহিত প্ৰকৃত মূল্য বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল যদিও চৰকাৰী ঘাটিৰ অতিপ্ৰসাৰণ দেখুওৱা মৌদ্ৰিক নীতি আৰু ঋণ ব্যৱস্থাপনা পৰিচালনাৰে তাক বাস্তৱত প্ৰতিফলিত হবলৈ দিয়া নহব। অপ্ৰতিৰোধ্য বিনিময় হাৰ অসামঞ্জস্যতা গঢ়নত (সমকালীন বিশ্বত ই এক বহু প্ৰযোজ্য প্ৰৱণতা যদিও) ৰিজাৰ্ভ বেংকে নীৰৱ দৰ্শকৰ ভূমিকা লোৱাত বজাৰ আধিপত্যৰ মাজতো সাৱধি বিনিময় হাৰ ব্যৱস্থা আহিবগৈ পাৰিলে।

১৯৭৬ত টকাৰ পৰ্যায়টো কাৰেন্সি বাস্কেটৰ বিপৰীতে পৰিচালিত পুঁজিলৈ গতি কৰাৰ আৰু বিশেষকৈ ১৯৯৩ত সাৱধি হাৰ বজাৰ নিৰূপিত হাৰলৈ ৰূপান্তৰিত হয়। ৰিজাৰ্ভ বেংকে অতিমাত্ৰা বৃহত্ আদান-প্ৰদান ৰোধ কৰিবৰ কাৰণে আৰক্ষণ ব্যৱস্থাপনাৰ লগতে বিদেশী মূলধনী প্ৰবাহ নিয়ন্ত্ৰণ কৰে। সুত হাৰ নীতিৰ বাবে স্ফীতি লক্ষ্যবাহী আজ্ঞা আৰু ৰাজস্ব ঘাটিৰ বিত্ত যোগান আৰু মৌদ্ৰিক সঞ্চলনৰ উদ্দেশ্য হৈ নথকাত, আকাংক্ষিত বিনিময় হাৰ ব্যৱস্থাপনাটো ৰিজাৰ্ভ বেংকত ন্যস্ত হৈ পৰিল।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা ৰক্ষাত অবিৰত প্ৰত্যাহ্বান

দীৰ্ঘকাল ধৰি বৰ্তি থকা দুৰ্বলতাৰ গুৰুতৰ বেষ্টনীকেইটামান অৱশ্যে ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত থাকি গল। আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ) আৰু বিশ্ব বেংক (ডব্লিউবি)ৰ দ্বাৰা ভাৰতৰ ২০১৭ বিত্তীয় খণ্ড মূল্যায়ন কাৰ্যসূচীত (এফএচিপিত) ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা ৰক্ষাৰ উপায় হিচাপে ইয়াৰে কেইটামান ক্ষেত্ৰ চিনাক্ত কৰা হৈছিল যাৰ এটা এফএচিপিয়ে ভাৰতক “বস্তুতঃ অ-নমনীয়” আখ্যা দিয়ে।

(১) ৰাজহুৱা খণ্ড বেংকৰ বিনিয়মন – এটা গুৰুতৰ সীমাবদ্ধতা হল যে সম্পদ ঘূৰাই লোৱা, ব্যৱস্থাপক আৰু বোৰ্ডৰ পুনৰগঠন, অনুজ্ঞা প্ৰত্যাহাৰৰ দৰে আৰু চামিলকৰণ তথা বিক্ৰীৰ দৰে মীমাংসাত্মক কাৰ্যবোৰৰ ক্ষেত্ৰত বেচৰকাৰী খণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা থকা সত্বেও ৰাজহুৱা খণ্ড বেংকৰ বিৰুদ্ধে পূৰ্ণাংগ কাৰ্যব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ বিধিগত সীমাবদ্ধতা আছে। এই সীমাবদ্ধতা তাত্পৰ্যপূৰ্ণ পৰিণামবোৰ বেংকিং নিয়ামক ক্ষমতা মালিকত্ব নিৰপেক্ষ হোৱা বাঞ্চনীয় শীৰ্ষক গৱৰ্ণৰ পেটেলৰ মাৰ্চ,২০১৮ত প্ৰদত্ত ভাষণত সবিস্তাৰে বৰ্ণোৱা আছে। এফএছএপি (দফা-৩৯) দোহাৰিবলৈ হলে –

“বৰ্তমান বেচৰকাৰী খণ্ডৰ বেংকৰ ওপৰত প্ৰয়োগ কৰিবলৈ লোৱা সকলো ক্ষমতা পিএছবিতো প্ৰয়োগ কৰিব পৰাকৈ আৰবিআইক সমৰ্থ কৰিবৰ কাৰণে বিধানবোৰ সংশোধিত কৰিব লাগে। বিশেষকৈ বোৰ্ড সদস্যক বৰ্খাস্তকৰণ, চামিলকৰণ আৰু অনুজ্ঞা প্ৰত্যাহাৰৰ ক্ষেত্ৰত আৰবিআয়ে অনুজ্ঞা প্ৰত্যাহাৰ কৰিলে চৰকাৰত আপীল কৰাৰ বিকল্পটোও আঁতৰাব লাগে। বিধিগত পৰিৱৰ্তনবোৰ আহুকলীয়া হলে আৰবিআই আৰু চৰকাৰে এখন পৰিকাঠামো চুক্তি এখন গ্ৰহণ কৰাটো বিবেচনা কৰিব লাগে যাৰ দ্বাৰা তদাৰকতা আৰু বিনিময়ত চৰকাৰে আৰবিআইক পূৰ্ণ পৰিচালনাত্মক কৰ্তৃত্ব প্ৰদান কৰিব পাৰে, মৌদ্ৰিক নীতিৰ ক্ষেত্ৰত সম্প্ৰতি কৰাৰ দৰে।”

(২) ৰিজাৰ্ভ বেংক উদ্ধৃত্ত-পত্ৰ শক্তি – কেন্দ্ৰীয় বেংক সঞ্চালনৰ পৰা উদ্ভৱ হব পৰা যিকোনো ক্ষতি বহনৰ বাবে পৰ্যাপ্ত আৰক্ষণ ৰখা আৰু লাভ আবণ্টন কৰিবলৈ উপযুক্ত নিয়ম থকাটো (মূলধন আৰু আৰক্ষণ শাসন কৰিব পৰা নিয়মকে ধৰি) চৰকাৰৰ পৰা কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতাৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হৈছে। (উদাহৰণৰ বাবে মোজাৰ বয়েম,২০০৬ চাওক) এই ক্ষেত্ৰত এটা কাঁইটীয়া বিষয় হৈছে ৰিজাৰ্ভ বেংকৰ পৰা চৰকাৰলৈ উদ্ধৃত্ত হস্তান্তৰৰ বাবে থকা নিয়মাৱলী কেন্দ্ৰিক (আৰবিআইত ৩.৬ ত্ৰিলিয়ন টকাৰ অতিৰিক্ত মূলধন থকা বুলি ঠাৱৰ কৰি তাক উৰ্দ্ধৃত্ত হিচাপে বিচৰা, কজেনিক্স,২০১৮) যিটো বিষয়ৰ আৰ্জেণ্টিনীয় দৃষ্টান্তৰ সৈতে মিল আছে। আৰবিআই উদ্ধৃত্তপত্ৰক সুৰক্ষিত কৰা শীৰ্ষক ৰাকেশ মোহনৰ শেহতীয়া (২০১৮) প্ৰৱন্ধ শৃংখলাত সবিস্তাৰে বৰ্ণোৱা হৈছে, যত তেওঁ প্ৰতিপাদন কৰিছে যে অৰ্থনীতিৰ বাবে আটাইখিনি জটিল কাম-কাজ কৰিবৰ কাৰণে কেন্দ্ৰীয় বেংকক মজবুত উদ্ধৃতপত্ৰ কিয় লাগে। মই তেওঁৰ কেইটামান উদ্ধৃতি উল্লেখ কৰিছো।

“প্ৰথম.... ব্যয়ক ধন যোগান ধৰিবলৈ চৰকাৰে যদি আজি নতুন প্ৰতিভূতি জাৰি কৰে দীৰ্ঘম্যাদী ৰাজকোষীয় পৰিণাম একেই থাকিব। আৰবিআইৰ মূলধনত হাত দিলে সময়ত গৈ শুদ্ধ ভিত্তিত কোনো নতুন চৰকাৰী ৰাজহ সৃষ্টি নহব। হ্ৰস্বম্যাদত অবাধ ধনৰ প্ৰহেলিকাহে পাব।”

“দ্বিতীয়...... এনে এক স্থানান্তৰণে ৰাজস্ব বিচক্ষণতাৰ বাবে চৰকাৰৰ অভিপ্ৰায়ৰ ওপৰত থকা আস্থাখিনিও হনন কৰিব।”

“তৃতীয়....... তত্ত্বতঃ শূণ্য নিম্ন পৰ্যায়বোৰকে ধৰি বিশাল এলানি মূলধনী পৰ্যায়ৰে যথোচিতভাৱে মৌদ্ৰিক নীতি ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় বেংকৰ ক্ষমতা আছে। ব্যৱহাৰিক ক্ষেত্ৰত বিপদটো হল যে ই বিত্তীয় বজাৰবোৰ আৰু ৰাইজৰ আস্থা হেৰুৱাব পাৰে আৰু পৰ্যাপ্ত লোকচান থাকিলে আৰু অপৰ্যাপ্ত মূলধন থকা যেন দেখুৱালে ই নিজৰ উদ্দেশ্য সাধন কৰিবগৈ নোৱাৰিব।”

সম্ভাৱ্য কেন্দ্ৰীয় বেংক লোকচানৰ শংকাবোৰ মনে সজা ? আন্তৰ্জাতিক বন্দোবস্তি বেংক (বিআইএছ)ৰ মতে ১৯৮৪ আৰু ২০০৫ৰ মাজত ১০৮টা কেন্দ্ৰীয় বেংকৰ ভিতৰত ৪৩টাই কমেও এবছৰৰ বাবে লোকচান দেখুৱাইছিল।

কেন্দ্ৰীয় বেংক এটাক আৱশ্যক অনুসাৰে চৰকাৰে সহজে পুনৰ মূলধন সঞ্চাৰ কৰিব পাৰে বুলি একাংশই যুক্তি দৰ্শায়। নীতিগতভাৱে এইটো নিশ্চয় সম্ভৱ যদিও ভাৰতত হোৱাৰ দৰে, চৰকাৰে নিজে ৰাজস্ব চাপত ভূগিলে আৰু তুলনামূলকভাৱে উচ্চ ঋণ –জিডিপি হাৰ অটুট থকা অৱস্থাত বাস্তৱিক প্ৰয়োগ নহয়গৈ। বাস্তৱত আৰু অৱধাৰণত কেন্দ্ৰীয় বেংকৰ অৱক্ষয়ণটোহে গুৰুতৰ বিষয় আকৌ এবাৰ সুবুদ্ধি ৰজিল আৰু চৰকাৰে আৰবিআই উদ্ধৃত্ত-পত্ৰত হাত নিদিলেগৈ।

(৩) নিয়ামক প্ৰশস্ততা – নিয়ামক প্ৰশস্ততাৰ অন্তিম এটা প্ৰসঙ্গত সুকীয়া প্ৰদান নিয়ামক এটাৰ নিযুক্তিৰে প্ৰদান তথা বন্দোবস্তি প্ৰণালীত থকা কেন্দ্ৰীয় বেংকৰ ক্ষমতা অতিক্ৰমনৰ বাবে দিয়া পৰামৰ্শৰ সাম্প্ৰতিক কথাটো আহি পৰে (ৰাকেশ মোহনৰ প্ৰৱন্ধ শৃংখলাটো সন্নিৱিষ্ট)। ৰিজাৰ্ভ বেংকে এই পৰামৰ্শ বিসম্বাদ কৰি তাক ১৯ অক্টোবৰ,২০১৮ত সদৰি কৰিছিল।

মোখনি

কেইটামান কৃতজ্ঞতাসূচক আৰু নিষ্ঠাসূচকৰ লগতে অধিকতৰ অৱলোকনমূলক উল্লেখেৰে সামৰণি মাৰিব খুজিছো।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজন বন্ধু তথা শুভাকাংক্ষী শ্ৰী মালেগাম দীৰ্ঘকালীন উপদেষ্টা হোৱাৰ উপৰি প্ৰাক্তন বোৰ্ড সদস্যও। নিজৰ বুদ্ধিমত্ত্বা চিন্তনপৰিস্ফুটতা আৰু সুক্ষ্মদৰ্শিতাৰ বাবদ মই ব্যক্তিগতভাৱে প্ৰশংসা কৰাসকলৰ অন্যতম। এই বছৰৰ এডিএফ স্মাৰক বক্তৃতা প্ৰদান কৰিবলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে শ্ৰীমালেগামক ধন্যবাদ জনাইছো।

প্ৰয়াত আৰ্দাশ্বিৰ ডাৰাবশ্ব শ্ৰফে যুদ্ধোত্তৰ বিত্তীয় আৰু মৌদ্ৰিক ব্যৱস্থাৱলীৰ ওপৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘ “ব্ৰেটন উডছ” সন্মিলনত ১৯৪৪ত ভাৰতৰ অনা-চৰকাৰী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ প্ৰাথমিক চিন্তাৰ অন্যতম আছিল আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ববেংকৰ কাৰ্যনিৰ্বাহক বোৰ্ডত এখন স্থায়ী আসন বিচৰাটো, যিটো অৱশ্যে দুৰ্ভাগ্যজনকভাৱে কাৰ্যকৰী নহলগৈ। মোৰ দৃষ্টিত, ১৯৫৪ত ফ্ৰী ফৰাম এণ্টাৰপ্ৰাইজ থিংক টেংকৰ সহপ্ৰতিষ্ঠাপনাই আছিল তেওঁৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অৰিহনা, যিটোৱে স্বাধীনোত্তৰ কালীন চৰকাৰৰ সময়ছোৱাত দেশত শিপাবলৈ লোৱা সমাজবাদী প্ৰৱণতালৈ মুকলি বিতৰ্কযোগে বিপৰীতধৰ্মীতা আগবঢ়াইছিল। এ.ডি. শ্ৰফ টাইটান অব ফাইনেন্স এণ্ড ফ্ৰী এণ্টাৰপ্ৰাইজ শীৰ্ষক (২০০০) সুচেতা দালালৰ আত্মজীৱনীত বিশ্ববেংকৰ অতিকৈ জনপ্ৰিয় সভাপতিসকলৰ অন্যতম জৰ্জ উডছে তেওঁৰ বিষয়ে কোৱাখিনিৰ উদ্ধৃতি দিছো।

“এ. ডি. শ্ৰফে নিজৰ মতামত লুকুৱাইছিল বুলি কেৱে দোষাৰোপ কৰিব নোৱাৰে আৰু তেওঁৰ পাছৰ জীৱনত ভাৰতত সেই মতামতবোৰ কাচিত্হে গৃহীত হবলৈ লৈছিল। ভাৰতীয় ৰাষ্ট্ৰৰ বাবে বন্ধু গঢ়াত আৰু সুস্থ বিনিয়োগ সুযোগৰ বাবে মূলধন আগবঢ়াবলৈ তত্পৰ বিশ্বৰ দেশবোৰত ভাৰতৰ প্ৰতি আস্থা গঢ়ি তোলাত তেওঁৰ সমান অৰিহণা অতি নগণ্যসংখ্যক দেশপ্ৰেমিকৰহে আছিল।”

সম্পূৰ্ণ বিনম্ৰতাৰে নীতি সমালোচনাৰ বাবে এ.ডি. শ্ৰফৰ “মোৰ দেশৰ হিত বৰ্দ্ধনৰ একাগ্ৰ প্ৰেৰণাৰে উদ্বুদ্ধ হোৱা” স্বাধীনতা অনুকৰণেৰে (ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী গৱৰ্ণৰ চাৰ অছব’ৰ্ণলৈ লিখা তেওঁৰ পত্ৰৰ উদ্ধৃতি) স্বতন্ত্ৰ নিয়ামক প্ৰতিষ্ঠানৰ গুৰুত্ব আৰু বিশেষকৈ চৰকাৰৰ অতি স্পৰ্শী হাতোৰা নিলগকেন্দ্ৰীয় বেংক এটাৰ মন্ত্ৰটো আজি এই আপাহতে সামৰি লৈছো। অতিশয় স্পৰ্শকাতৰ হলেও আমাৰ অৰ্থনৈতিক সম্ভাৱ্যতাৰ ক্ষেত্ৰত ইয়াৰ অধিকতৰ গুৰুত্ব আছে বুলি গণ্য কৰো। স্বতন্ত্ৰ অৰ্থনৈতিক আলোচনা আৰু নীতি প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ অমৰ কৃতিক সামান্য ন্যায় দিব পাৰিছো বুলি আশা কৰিছো। গতানুক্ৰমিকতাৰে, ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা আহৰণ, অতি লক্ষ্যণীয়তাৰে মৌদ্ৰিক নীতি পৰিকাঠামোৰ ক্ষেত্ৰত আমি যথেষ্ট অগ্ৰসৰ হব পাৰিছো বুলি আপোনালোকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলো (গুৰুত্বপূৰ্ণ গাঁঠনিগত সংস্কাৰ হিচাপে মুডিৰ ১১ মাহ পূৰ্বে ভাৰতৰ ছভাৰেইন ৰেটিং উন্নীতকৰণৰ সময়ত বিবেচিত অনুযায়ী দেউলীয়াপণ তথা সম্পূৰ্ণ নিঃস্বতা বিধি আৰু পণ্য তথা সেৱা কৰৰ সৈতে হোৱা সংস্কাৰবোৰকে ধৰি)। অধিকতৰ বিত্তীয় তথা স্থূল অৰ্থনৈতিক সুস্থিৰতা আহৰণৰ বাবে ৰাজহুৱা খণ্ড বেংকৰ ওপৰত ৰিজাৰ্ভ বেংকৰ নিয়ামক তথা তদাৰকী ক্ষমতা অধিক কাৰ্যকৰীভাৱে সাব্যস্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত থাকিব লাগিব। ভাৰতীয় অৰ্থনীতিৰ ভৱিষ্যতৰ বাবে এনেবোৰ প্ৰচেষ্টাই হব প্ৰকৃত সৰ্বাত্মক সংস্কাৰ। নিজ নিজ কেন্দ্ৰীয় বেংকক স্বতন্ত্ৰতা হননৰ ফলত বিভিন্ন ৰাষ্ট্ৰলৈ অহা বিপদশংকাৰ পৰিপ্ৰেক্ষিতত সঠিক পন্থাৰে আমি আগবাঢ়িব পাৰিম বুলি মোৰ বোধ হৈছে।

মোৰ প্ৰাক্তন এনৱাইইউ ষ্টাৰ্ণৰ সতীৰ্থ বিল চিলবাৰে (ভলকাৰ দ্য ট্ৰায়েমফ অব পাৰ্ছিষ্টেণ্টছ(২০১২) জীৱনী গ্ৰন্থত তদানীন্তন ফেডাৰেল গৱৰ্ণৰ পল ভলকাৰে মুদ্ৰাস্ফীতি ৰোধ কৰিব পৰাকৈ সুতৰ হাৰ নিৰ্ধাৰণ কৌশল সবিস্তাৰে বৰ্ণাইছে। দ্বি-সাংখ্যিক মুদ্ৰাস্ফীতিৰ মোকাবিলা কৰাৰ পাছতে উচ্চ ৰাজস্ব ঘাটিৰ পৰা হব পৰা বিপৰ্যয়ৰ বিষয়ে ভলকাৰে ব্যক্তিগতভাৱে গৈ ৰাষ্ট্ৰপতি ৰেগানক বুজনি দিছিল। শেহত গৈ সুবুদ্ধিয়ে অগ্ৰাধিকাৰ পোৱাত ঘাটিত লেকাম লাগিল আৰু মুদ্ৰাস্ফীতি পূৰ্বতকৈও বশ হোৱাত ভলকাৰৰ কথাই ৰজিল। স্ফীতি সম্পৰ্কত ভলকাৰৰ কঠোৰ স্থিতি আৰু ৰাজস্ব পৰিকল্পনাৰ উদ্ভুত বিপদশংকা নিৰসন পৰামৰ্শৰ জৰিয়তে ফেডাৰেল বেংক দৰাচলতে ৰাষ্ট্ৰপতি ৰেগানৰ বন্ধুত্বত পৰিণত হলগৈ।

আজি বিশ্বৰ বহুবোৰ অংশই কেন্দ্ৰীয় বেংক স্বতন্ত্ৰতাৰ প্ৰতি অধিকতৰ চৰকাৰী সন্মানৰ প্ৰতীক্ষা কৰি থকাত, স্বতন্ত্ৰ কেন্দ্ৰীয় বেংকাৰসকল প্ৰতিৰোধবিহীন হৈ পৰিব। কেন্দ্ৰীয় বেংক স্বতন্ত্ৰতাক সন্মান নকৰা চৰকাৰবোৰে আজি নহলেও কাইলৈ বিত্তীয় বজাৰৰ ৰোষত পৰিব, অৰ্থনৈতিক অগ্নি প্ৰজ্বলিত কৰিব আৰু এটা গুৰুত্বপূৰ্ণ নিয়ামক প্ৰতিষ্ঠানক হনন কৰাৰ পৰিণাম ভূগি অনুতপ্ত হব, তেওঁলোকৰ বিজ্ঞ সমকালীন চৰকাৰবোৰে কেন্দ্ৰীয় বেংক স্বতন্ত্ৰতাত বিনিয়োগ কৰি, আন্তৰ্জাতিক বিনিয়োগকাৰীৰ চেনেহৰ পাত্ৰ – কম খৰচী ধাৰ উপভোগ কৰিব আৰু দীৰ্ঘায়ু লাভ কৰিবগৈ।

প্ৰসংগবোৰ

Acemoglu, Daron and James Robinson (2012) Why Nations Fail: The Origins of Power, Prosperity and Poverty, Crown Business.

Acharya, Viral V. (2015) Financial Stability in the Broader Mandate for Central Banks: A Political Economy Perspective, Working Paper #11, Hutchins Center on Fiscal & Monetary Policy at Brookings.

Acharya, Viral V., Stijn van Nieuwerburgh, Matthew Richardson and Lawrence White (2011) Guaranteed to Fail: Fannie Mae, Freddie Mac and the Debacle of Mortgage Finance, Princeton University Press.

Acharya, Viral V. and Raghuram G. Rajan (2013) Sovereign Debt, Government Myopia and the Financial Sector, Review of Financial Studies, 26(6), 1526-1560.

Buiter, Willem and Anne C. Sibert (2000) Targets, Instruments and Institutional Arrangements for an Effective Monetary Policy, Seventh L.K. Jha Memorial Lecture, delivered by Willem Buiter at the Reserve Bank of India, Mumbai, October 16, 2000.

Cogencis (2018) Govt pegs RBI excess capital at 3.6 trln rupees, seeks it as surplus, 3 August, 2018.

Dalal, Sucheta. (2000) A. D. Shroff - Titan of Finance and Free Enterprise, Penguin Books India.

Eichengreen, Barry (2018) Investors have the power to tame Erdogan and Trump: Politicians should think carefully before seeking to influence central banks, Financial Times, August 19, 2018.

Friedman, Milton (1970) The Counter-revolution in Monetary Theory, First Wincott Memorial Lecture, Transatlantic Arts.

Fukuyama, Francis (2011) The Origins of Political Order: From Pre-human Times to the French Revolution, Farrar, Straus and Giroux.

Khatkhate, Deena (2005) Reserve Bank of India: A Study in the Separation and Attrition of Powers, in Public Institutions in India: Performance and Design, edited by Devesh Kapur and Pratap Bhanu Mehta, Oxford University Press.

Kydland, Finn E. and Edward C. Prescott (1977) Rules Rather than Discretion: The Inconsistency of Optimal Plans, Journal of Political Economy, 85(3), 473-492.

Mohan, Rakesh (2018) Preserving the independence of the RBI (October 3, 2018); Responsibility fulfilled (October 4, 2018); Protect the RBI’s balance-sheet (October 5, 2018), Business Standard.

Moser-Boehm, Paul. (2006) The relationship between the central bank and the government, Bank for International Settlements.

Patel, Urjit R. (2018) Banking Regulatory Powers Should be Ownership Neutral, Inaugural Lecture – Center for Law & Economics; Center for Banking & Financial Laws, Gujarat National Law University.

Rangarajan, C. (1993) Autonomy of Central Banks, Tenth M. G. Kutty Memorial Lecture at Calcutta, September 17, 1993.

Reddy, Y. V. (2001) Autonomy of the Central Bank: Changing Contours in India, speech delivered at Indian Institute of Management, Indore.

Reddy, Y. V. (2007) Evolving Role of the Reserve Bank of India: Recent Developments, speech delivered on the Foundation Day of the Institute of Development Studies, Jaipur, June 30, 2007.

Sargent, Thomas J. (1982) The Ends of Four Big Inflations, in Robert E. Hall, ed., Inflation: Causes and Effects, University of Chicago Press.

Silber, William (2012) Volcker: The Triumph of Persistence, Bloomsbury.


ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) গৱৰ্ণৰ ড০ উৰজিত্ আৰ পেটেলে এই বিষয়বস্তুটো ভাষণ এটাৰ বাবে মন্থন কৰিবলৈ আৰু প্ৰয়াত দীনা খাটখাটেৰ (২০০৫) ৰচনাখিনি পঢ়ি চাবলৈ পৰামৰ্শ দিয়াৰ উপৰি তেওঁৰ অহৰহ উদগণি, মতামত আৰু মাৰ্গদৰ্শনৰ বাবে ড০ পেটেলৰ ওচৰত মই কৃতজ্ঞ। য়েল ইউনিভাৰ্ছিটীৰ অধ্যাপক তথা আৰ বি আইৰ প্ৰাক্তন ডেপুটী গৱৰ্ণৰ, প্ৰফেচাৰ ৰাকেশ মোহন, আৰ বি আইৰ কেন্দ্ৰীয় বোৰ্ডৰ সদস্য থকা কালত, বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ ড০ নাশ্বিকেট ম‘ৰ; মোৰ সতীৰ্থ ডেপুটী গৱৰ্ণৰ এন.এছ. বিশ্বনাথন; মোৰ সহকৰ্মী, আৰ বি আইৰ কাৰ্যবাহী সঞ্চালক তথা মৌদ্ৰিক নীতি সমিতিৰ সদস্য ড০ মাইকেল ডি. পাত্ৰ; আৰু লগতে আৰ বি আইৰ জোস কাট্টুৰ, মৃদুল সাগ্গৰ আৰু বিনীত শ্ৰীবাস্তৱে দিয়া আলোক-সম্পাতমূলক দিহা-পৰামৰ্শৰ বাবেও মই এই আটাইৰে ওচৰত ঋণী। ৰৈ যোৱা ত্ৰুটী বিচ্যুতিখিনি মোৰ নিজৰহে।

সম্পূৰ্ণ তাত্বিক বিশ্লেষণ ক্ষীণদৃষ্টি আৰু জনপ্ৰিয়তাৰ চৰকাৰী ৰূপৰেখা (প্ৰত্যেক অৱধিত নগদ ধনৰ প্ৰৱাহ আৰ ব্যয়ৰ সৰ্বাধিকৰণ)সাৰ্বভৌম ঋণ বজাৰৰ উপস্থিতিত; বিত্তীয় খন্ডত পৰিচালিত নীতিৰ প্ৰয়োগ; অৰ্থনৈতিক মন্দা আৰু বিত্তীয় দূৰাৱস্থাৰ ৰূপত অনুসঙ্গী বিপদাশংকা। চাওক আচাৰ্য আৰু ৰাজন (২০১৩)।

আটাইতকৈ আকৰ্ষণীয় উদাহৰণ হল মাৰ্কিন যুক্তৰাস্ট্ৰত চৰকাৰী পৃষ্ঠপোষকতাত হোৱা প্ৰতিষ্ঠানত বন্ধক আৰু গৃহ মালিকীস্বত্বৰ সহায়তা চৰকাৰী পৃষ্ঠপোষকতাত হোৱা প্ৰতিষ্ঠানবোৰ ফেডাৰেল ৰিজাৰ্ভৰ নিয়ণ্ত্ৰণৰ বাহিৰত। কিন্তু পৰবৰ্তী চৰকাৰৰ জনপ্ৰিয় গৃহ নীতি যি ২০০৭-০৮ত হোৱা গোলকীয় বিত্তীয় মন্দাৱস্থা আৰু সমাগত বৃহত মন্দাৱস্থাৰ বাবে দায়ী।(চাওক আচাৰ্য, ভান নিউৱেৰবাৰ্গ , ৰিচাৰ্ডচন আৰু হোৱাইট, ২০১১)

ছায়া বেংকিংৰ অংশ, যি বিত্ত ব্যৱস্থাত গুৰুত্বপূৰ্ণ তাত কেন্দ্ৰীয় বেংকৰ নিয়ামকৰ পৰিসৰত তাৰ প্ৰয়োজনীয়তা( চাওক আচাৰ্য ২০১৫)

মাইকেল পাত্ৰই দিয়া এক মনোগ্ৰাহী পৰামৰ্শ হল সম্ভৱত: অৰ্থনীতিত এনে ধৰণৰ নীতি নিৰ্ধাৰণ হোৱা উচিত যিয়ে কেন্দ্ৰীয় বেংক আৰু চৰকাৰৰ ভূমিকা স্পষ্ট কৰে লগতে WTO ত থকাৰ দৰে বিবাদ নিষ্পাদন ব্যৱস্থা ৰখা উচিত । উদ্দেশ্য আৰু সিদ্ধান্ত গ্ৰহণৰ সময়ত হোৱা ব্যৱধানৰ সময়ত এক ৰেফাৰিৰ উপস্থিত্তিত এয়া স্বীকৃতি দিয়া হব। কেন্দ্ৰীয় বেংক আৰু চৰকাৰৰ (তেওঁৰ ভাষাত) “তালৈ যাওক,এলাহ কৰি বুজা পৰাৰে ক্ষত-বিক্ষত হৈ ওলাই আহক কাৰণ বিচাৰকে এজনকহে জয়ী বুলি ঘোষণা কৰিব।

চাওক বুইটাৰ আৰু চিবাৰ্ড (২০০০) যিয়ে কেন্দ্ৰীয় বেংকৰ কাৰ্য্যকৰী মৌদ্ৰিক নীতিৰ তাত্বিক ভিত্তিত প্ৰয়োজনীয় আইনী আৰু আনুষ্ঠানিক ব্যৱস্থা মূলত: সঞ্চালন স্বাধীনতা নিৰ্ধাৰণ কৰিছিল ।

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?