আৰ বি আই অথবা স্বীকৃত বেংক শাখাবোৰত আয়কৰ দেয়ৰাশি অগ্ৰিম দিয়ক – ডিচেম্বৰ,২০১৬
১৭ নৱেম্বৰ, ২০১৬ আৰ বি আই অথবা স্বীকৃত বেংক শাখাবোৰত আয়কৰ দেয়ৰাশি অগ্ৰিম দিয়ক – ডিচেম্বৰ,২০১৬ দেখা গৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে আয়কৰ দেয়ৰাশি প্ৰদান ডিচেম্বৰৰ শেহলৈ অতিমাত্ৰা পায় আৰু এই উদ্দেশ্যে অতিৰিক্ত কাউণ্টাৰ খুলিও অতিৰিক্ত হেঁচা চম্ভলাটো ৰিজাৰ্ভ বেংকৰ বাবে অতি আহুকলীয়া হৈ পৰে। সেই বাবে ৰাইজে বেংকত শাৰী পাতি থাকিবলগীয়া হয়। এেন অসুবিধা পৰিহাৰ কৰাৰ কাৰণে আয়কৰ দাতাসকলক অন্তিম সময়লৈ অপেক্ষা নকৰি আগতিয়াকৈ (ডিচেম্বৰ,২০১৬ৰ পূৰ্বে) কৰ প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হল। অতিৰিক্ত ব্যৱস্থা হিচাপে নিম্নোল্লেখিত মুম্বাইস্থিত স্বীকৃত এজেন্সি বেংকসমূহ বাছনি কৰা হৈছে আয়কৰ প্ৰদান আগতীয়াকৈ গ্ৰহণ কৰিবলৈ। ইয়াৰ সৰহভাগ বেংকে আয়কৰ অন-লাইনযোগে প্ৰদানৰো ব্যৱস্থা কৰিছে। আয়কৰদাতা সকলে নিজৰ সুবিধা অনুযায়ী এই সুবিধাও গ্ৰহণ কৰিব পাৰে।
অনিৰূদ্ধ ডি. যাদৱ প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১২৩৬ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: