আৰ বি আইত বা কৰ্তৃত্বপ্ৰাপ্ত বেংক শাখাবোৰত আয়কৰ দেনা অগ্ৰিম প্ৰদান কৰক – মাৰ্চ, ২০১৭
১৬ ফেব্ৰুৱাৰী, ২০১৭ আৰ বি আইত বা কৰ্তৃত্বপ্ৰাপ্ত বেংক শাখাবোৰত আয়কৰ দেনা অগ্ৰিম প্ৰদান কৰক – মাৰ্চ, ২০১৭ ভাৰতীয় ৰিজাৰ্ভ বেংকে আয়কৰ কৰদাতাসকলক দেয় তাৰিখৰ যথেষ্ট আগতে তেওঁলোকৰ আয়কৰ দেয়খিনি প্ৰেৰণ কৰিবলৈ আবেদন জনাইছে। লগতে এইটোও কৈছে যে কৰদাতাসকলে এজেন্সি বেংকবোৰৰ নিৰ্বাচিত শাখাসমূহ বা এই বেংকবোৰে আগবঢ়োৱা অন-লাইনযোগে কৰ প্ৰদান সুবিধাৰ দৰে বিকল্প চেনেলসমূহো ব্যৱহাৰ কৰিব পাৰে। ৰিজাৰ্ভ বেংক কাৰ্যালয়বোৰত দীঘলীয়া শাৰীত ঠিয় থকাত জড়িত অসুবিধাবোৰ এনে বিকল্প ব্যৱস্থাই নিবাৰণ কৰিব। পৰিলক্ষিত হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যোগেদি আয়কৰ দেয়তা প্ৰেৰণৰ বাবে হোৱা ভিৰ প্ৰতিবছৰে মাৰ্চৰ শেহলৈ অত্যন্ত বেছি হৈ পৰাত ৰছিদ জাৰিৰ চাপৰ সৈতে মোকাবিলা কৰাটো ৰিজাৰ্ভ বেংকৰ বাবে আহুকালজনক হৈ পৰে, যদিওবা ইয়াৰ জোৰা কৰাৰ কাৰণে পাৰ্যমানে সম্ভৱপৰ অতিৰিক্ত কাউণ্টাৰ খোলা হয়। দেয় আয়কৰৰ প্ৰদান গ্ৰহণ কৰিবলৈ নিম্নোক্ত উনত্ৰিশটা এজেন্সি বেংকক কৰ্তৃত্ব প্ৰদান কৰা হৈছেঃ
অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২২০৮ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: