প্ৰদান প্ৰণালীসমূহ আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, চিবিএলঅ আৰু কল মাৰ্কেটবোৰ শনিবাৰ ১২ নৱেম্বৰ, ২০১৬ত খোলা থাকিব
১০ নৱেম্বৰ, ২০১৬ প্ৰদান প্ৰণালীসমূহ আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, চিবিএলঅ আৰু কল বেংকসমূহ শনিবাৰ, ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ২০১৬ত ৰাজহুৱা লেনদেনৰ বাবে খোলা থকা হেতুকে, প্ৰদান প্ৰণালীসমূহ (আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, ডিবিএলঅ’ আৰু কল মাৰ্কেটবোৰ) দুয়োটা দিনতে খোলা ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে। সকলো অংশগ্ৰহণকাৰী/সদস্য বেংকক, তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে নিয়মীয়া কৰ্মদিনৰ নিচিনাকৈ ১২ নৱেম্বৰ শনিবাৰ আৰু ১৩ নৱেম্বৰ,২০১৬ ৰবিবাৰে ওপৰোল্লেখিত প্ৰদান প্ৰণালীবোৰ খোলা ৰখোৱাৰ দিহা কৰিবলৈ আহ্বান জনোৱা হ’ল। এই দিনকেইটাত ওপৰত উল্লেখ কৰা প্ৰদান প্ৰণালীবোৰ খোলা ৰখাৰ বিষয়ে ৰাইজে জনাকৈ ব্যাপক প্ৰচাৰৰ ব্যৱস্থাও বেংকবিলাকে কৰিব। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৬৪ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: