প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি &# - আৰবিআই - Reserve Bank of India
প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬
১৬ ডিচেম্বৰ,২০১৬ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬ ভাৰত চৰকাৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা মৰ্মে Pradhan Mantri Garib Kalyan Deposit Scheme, 2016 অধিসূচিত কৰিছে। Pradhan Mantri Garib Kalyan Deposit Scheme, 2016 ৰ অধীনত অঘোষিত আয় ঘোষণা কৰা যিকোনো ব্যক্তিয়ে আঁচনিখনৰ অধীনত জমা ৰাখিব পাৰিব। জমা ৰখা ৰাশি, যিখিনি ঘোষণা কৰা অঘোষিত ৰাশিৰ ২৫ শতাংশৰ কম হব নোৱাৰিব, যিকোনো কৰ্তৃত্বপ্ৰাপ্ত বেংকত (ভাৰত চৰকাৰে অধিসূচিত কৰা মতে) ১৭ ডিচেম্বৰ,২০১৬ (শনিবাৰ)ৰ পৰা ৩১ মাৰ্চ, ২০১৬ (শুকুৰবাৰ) পৰ্যন্ত জমা কৰিব পৰা যাব। জমাকৃত ৰাশি ভাৰতীয় ৰিজাৰ্ভ বেংকে পৰিচালনা কৰা বণ্ডছ লেজাৰ একাউণ্টত (বি এল এ) জমাকাৰীৰ নামত ৰখা হব আৰু চাৰি বছৰ উকলি যোৱাত পৰিশোধ কৰা হব। আঁচনিখনৰ সবিশেষ https://rbi.org.in ত একছেছ কৰিব পৰা যাব। (অজিত প্ৰসাদ) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৫৫ |