RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492505

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ) ২০১৬ - সংশোধিত

২০ জানুৱাৰী, ২০১৭

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ) ২০১৬ - সংশোধিত

ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শত, notification No.S.O.4061(E) dated December 16, 2016 যোগে Pradhan Mantri Garib Kalyan Deposit Scheme (PMGKDS) খন অধিসূচিত কৰিছিল। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০১৬ৰ অধীনত অপ্ৰকাশিত আয় ঘোষণা কৰা যিকোনো ব্যক্তিয়ে আঁচনিখনৰ অধীনত জমা ৰাখিব পাৰিব। জমাকৃত ৰাশি, যিটো ঘোষিত অপ্ৰকাশিত ৰাশিৰ পচিশ শতাংশৰ কম নহ’ব, কৰ্তৃত্বপ্ৰাপ্ত বেংকবোৰত (ভাৰত চৰকাৰে অধিসূচিত কৰা মতে) ১৭ ডিচেম্বৰ, ২০১৬ (শনিবাৰ)ৰ পৰা ৩১ মাৰ্চ, ২০১৬ (শুকুৰবাৰ)লৈকে জমা কৰিব পাৰিব।

এই সন্দৰ্ভত এইটো স্পষ্ট কৰি দিয়া হল যে পি এম জি কে ডি এছ, ২০১৬ৰ অধীনত এনে জমা ৰাখিবলৈ সমবায় বেংকবোৰ কৰ্তৃত্বপ্ৰাপ্ত বেংক নহয়। অধিসূচনাখনৰ ৭(১) দফাটো তলত উল্লেখ কৰা ধৰণে সংশোধিত কৰা হ’লঃ

৭. কৰ্তৃত্বপ্ৰাপ্ত বেংকসমূহ – (১) বণ্ড লেজাৰ একাউণ্টৰ আকাৰত জমাখিনিৰ বাবে আবেদন, সমবায় বেংকসমূহৰ বাদে বেংকিং বিনিয়ম আইন, ১৯৪৯ (১৯৪৯ৰ ১০) প্ৰযোজ্য যিকোনো বেংকিং কোম্পানীত গ্ৰহণ কৰা হ’ব।”

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৯৫৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?