প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (PMGKDS) - স্পষ্&# - আৰবিআই - Reserve Bank of India
প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (PMGKDS) - স্পষ্টীকৰণ
আৰ বি আই/২০১৬-১৭/২৫১ ১৬ মাৰ্চ, ২০১৭ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, মহাশয়/মহাশয়া, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (PMGKDS) - স্পষ্টীকৰণ অনুগ্ৰহ কৰি আমাৰ পত্ৰ আইডিএমডি নং ১৪৫১/০৮/০৩.০১৬/২০১৬-১৭ দিনাংক ১৬ ডিচেম্বৰ, ২০১৬ আৰু “Pradhan Mantri Garib Kalyan Deposit Scheme” (PGGKDS) 2016 ঘোষণাৰ বিষয়ে ভাৰত চৰকাৰে জাৰি কৰা Notification No. S.0.4061 (E) dated December, 2016 ৰ সন্দৰ্ভলৈ আহক। আমাৰ দৃষ্টিগোচৰ হৈছে আয়কৰ কৰ্তৃপক্ষলৈ আপাল’ড কৰোতে Form V ত উদ্ধৃত কৰিবলগীয়া উল্লেখ নম্বৰটো লৈ বিনিয়োগকাৰীসকলৰ মাজত সহজ বোধগম্যতাৰ অভাৱ হৈছে। বৰ্তমানে, পিএমজিকেডিএছৰ অধীনত প্ৰাপ্ত ৰাশিৰ বাবদ বেংকবিলাকে প্ৰাপ্তি স্বীকাৰ ৰছিদ দি আছে। জমাৰ সবিশেষবোৰ তেতিয়া বেংকৰ ই-কুবেৰ এপ্লিকেশ্যনত এণ্টাৰ কৰা হয়, যিটোৱে ছাবস্ক্ৰিপশ্যন ৰিচিপ্ট জেনেৰেট কৰে। চিষ্টেমে জেনেৰট কৰা চাবস্ক্ৰিপশ্যন ৰিচিপ্টত এটা ইছ্যু ৰেফাৰেন্স নশ্বৰ থাকে। আপল’ড কৰাৰ আগতে আয়কৰ কৰ্তৃপক্ষৰ Form V ত বিনিয়োগকাৰীসকলে এই উল্লেখ নম্বৰটো উদ্ধৃত কৰিব লাগিব। অধিকতৰ বোধগম্যতা আনিবৰ কাৰণে ই-কুবেৰে জেনেৰেট কৰা ইছ্যু ৰেফাৰেন্স নম্বৰ নামকৰণটোৰ ঠাইত এতিয়া ডিপজিট ৰেফাৰেন্স নম্বৰ কৰা হৈছে। এই পৰিৱৰ্তন প্ৰতিফলিত কৰিব পৰাকৈ আৰ বি আইৰ ই-কুবেৰ এপ্লিকেশ্যনত আৱশ্যকীয় সালসলনি ঘটোৱা হৈছে। পিএমজিকেডিএছৰ অন্তৰ্গত গ্ৰহণকাৰী বেংকবিলাকৰ কৰ্মচাৰীসকলক ওপৰোক্ত সালসলনিৰ বিষয়ে সংবেদী কৰিব আৰু পিএমজিকেডিএছ ২০১৬ৰ জমাকাৰীসকলক সেইমতে দিহা দিব। আপোনাৰ বিশ্বাসী, (এ. মংগলাগিৰি) |