প্ৰগথি কো-অপাৰেটিভ বেংক লিমিটেড বেংগালুৰু, ক - আৰবিআই - Reserve Bank of India
প্ৰগথি কো-অপাৰেটিভ বেংক লিমিটেড বেংগালুৰু, কৰ্ণাটক - দণ্ডাৰোপিত
২৯ মাৰ্চ, ২০১৭ প্ৰগথি কো-অপাৰেটিভ বেংক লিমিটেড বেংগালুৰু, কৰ্ণাটক - দণ্ডাৰোপিত ভাৰতীয় ৰিজাৰ্ভ বেংকে, প্ৰগথি কো-অপাৰেটিভ বেংক লিমিটেড, বাংগালুৰু, কৰ্ণাটকৰ দ্বাৰা গৃহ নিৰ্মাণ, ৰিয়েল ইষ্টেট তথা বাণিজ্যিক ৰিয়েল ইষ্টেট আৰু গ্ৰাহকসকলৰ বিপদশংকা শ্ৰেণীনিৰ্ণয়/ৰিস্ক প্ৰফাইলিং আৰু পুৰণা একাউণ্ট শেহতীয়াকৰণ বিষয়ক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ বাবে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে) ধাৰা ৪৭ক(১)(খ) সমন্বিতে পঠিত ধাৰা ৪৬(৪)ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ৫০,০০০ টকা (পঞ্চাশ হাজাৰ টকা মাত্ৰ)ৰ অৰ্থদণ্ড বিহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকটোক এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল যাৰ সমিধানত বেংকটোৱে ব্যক্তিগত শুনানী বিচাৰিছিল আৰু এক লিখিত উত্তৰ দাখিল কৰিছিল। ঘটনাটোৰ প্ৰকৃত সত্য তথা বেংকটোৱে দিয়া উত্তৰৰ সৰ্বদিশ বিবেচনাৰ অন্তত ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘনসমূহ সাব্যস্ত হৈছে আৰু দণ্ডাৰোপযোগ্য হৈছে। অনিৰুদ্ধ ডি. যাধৱ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬০১ |