RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492421

ইউ ডি এ ৱাই আঁচনিৰ অধীনত তেলেংগানাৰ বিশেষ প্ৰতিভূতিৰ বেচৰকাৰী প্ৰতিষ্ঠাপন

২ মাৰ্চ, ২০১৭

ইউ ডি এ ৱাই আঁচনিৰ অধীনত তেলেংগানাৰ বিশেষ প্ৰতিভূতিৰ বেচৰকাৰী প্ৰতিষ্ঠাপন

তেলেংগানা চৰকাৰে উজ্বল ডিস্কম এছিউৰেন্স যোজনা আঁচনি (UDAY)ৰ অন্তৰ্গত ৮৯২২.৯৩ কোটি টকাৰ এক অধিসূচীত ৰাশিৰ বিশেষ প্ৰতিভূতি জাৰি কৰিবলৈ প্ৰস্তাৱ কৰিছে। এই বিশেষ প্ৰতিভূতিবোৰৰ ক্ৰয় নিবিদাত আগ্ৰহী যোগ্য বজাৰ অংশগ্ৰহণকাৰীসকলক ৬ মাৰ্চ, ২০১৭ৰ পুৱা ১০.৩০ৰ পৰা ১২.০০ বজাৰ ভিতৰত নিম্নোল্লেখিত ফৰ্মেটত তেওঁলোকৰ ডাকৰ পৰিমাণ ই-মেইল কৰিবলৈ জ্ঞাপন দিয়া হলঃ

বিনিয়োগকাৰীৰ নাম এফ আই এম এম ডি এ প্ৰতিফলনৰ সংশ্লিষ্ট বৰ্ষত আগবঢ়োৱা বিস্তৃতি ক্ৰয় নিবেদন কৰিবলৈ বিচৰা ৰাশি
     

প্ৰতিভূতিবিলাকৰ ধাৰ্য আৰু বন্দোবস্তি হব ৭ মাৰ্চ, ২০১৭ত (বুধবাৰে)। এই জাৰিৰ চৰ্তাৱলী নিম্নোক্তধৰণৰঃ

১. বিশেষ প্ৰতিভূতিবোৰৰ বিজ্ঞাপিত মূল্য হব ১০০ টকাৰ।

২. প্ৰতিভূতিবিলাক সমান সমান ষ্ট্ৰীপত ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম, একাদশ, দ্বাদশ, ত্ৰয়োদশ, চতুৰ্দশ আৰু পঞ্চদশ বৰ্ষৰ শেষত পৰিপক্কতাৰে জাৰি কৰা হব। একোজন বিনিয়োগকাৰীয়ে সমস্ত সংৰচনা ক্ৰয় কৰিব লাগিব আৰু ডাকৰাশি সকলো চলনকালেদি সমানে বিতৰণ কৰা হব।

৩. ডাকৰ ন্যূনতম আকাৰ হব ১০০ কোটি টকা।

৪. আধাৰ হাৰ হব ৩ মাৰ্চ, ২০১৭ৰ সামৰণিত সমানুৱৰ্ত্তী এফ আই এম এম ডি এ ভাৰত চৰকাৰ G-Sec প্ৰতিফলনৰ প্ৰতিফল।

৫. ডাক কাৰকে আগবঢ়োৱা একৰূপী বিস্তৃতিক (সমানুৱৰ্তী জি অ আই এফ আই এম এম ডি এ প্ৰতিফলনৰ ওপৰত ৭৫ বি পি এছ সীমাসহ) অৰ্ধবাৰ্ষিক ভিত্তিত প্ৰদান কৰিবলগা কুপন নিৰ্ধাৰণ কৰিবলৈ আধাৰ হাৰত যোগ দিয়া হব।

৬. প্ৰতিটো চলনকালৰ বাবে বহুত্ত্ব মূল্য নিলাম প্ৰণালীত (এছ ডি এলৰ ক্ষেত্ৰৰ লেখিয়া) প্ৰিমীয়ামক ভিত্তি কৰি কেৱল এখন প্ৰতিভূতিহে জাৰি কৰা হব, যদি থাকে কাট-অফতকৈ নিম্ন স্প্ৰেড কটকাৰী সফল বিদাৰে দিব।

৭. প্ৰতিযোগিতামূলক বিস্তৃতিৰ ভিত্তিত বেংকৰ দ্বাৰা সফল বিদাৰবোৰ নিৰ্ধাৰণ কৰা হব।

৮. যিকোনো/সকলো ডাক গ্ৰহণ বা নাকচ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ একমাত্ৰ নিজা বিবেচনাত কৰাৰ অধিকাৰ থাকিব।

স্মৰণযোগ্য যে শক্তি মন্ত্ৰণালয়, ভাৰত চৰকাৰে শক্তি বিতৰণ কোম্পানীবোৰ (ডিস্কম)ৰ সঞ্চালন আৰু বিত্তীয় উন্নতি সাধনৰ বাবে ২০ নৱেম্বৰ, ২০১৫ত অফিচ মেমোৰেণ্ডাম (নং ০৬/০২/২০১৫-এন ই এফ/এফ আৰ পি)যোগে আঁচনিখন ঘোষণা কৰিছিল।

অনিৰুদ্ধ ডি যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-১৭/২৩৪১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?