RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78479969

চভাৰেইন গল্ড বণ্ড পৰিচৰ্যাৰ বাবে পদ্ধতিগত নিৰ্দেশাৱলী

আৰ বি আই/২০১৬-১৭/১৯৩
আই ডি এম ডি. নং ১৫৬৯/১৪.০৪.০৫০/২০১৬-১৭

২৩ ডিচেম্বৰ, ২০১৬

সকলো সূচীভূক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে)
মনোনূত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিঃ (এছ এইছ চি আই এল)
বি এছ ই আৰু এন এছ ই
খাজাঞ্চী/খাজাঞ্চী অংশগ্ৰহণকাৰীসকল

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ড পৰিচৰ্যাৰ বাবে পদ্ধতিগত নিৰ্দেশাৱলী

The Sovereign Gold Bond Scheme was launched by Government of India (GoI) on October 30, 2015 । চভাৰেইন গল্ড বণ্ডসমূহ (ইয়াৰ পাছত বণ্ড হিচাপে উল্লেখিত) চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (জি এছ আইন,২০০৬)ৰ ধাৰা ৩ অনুসাৰে ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত জাৰি কৰা হৈছিল আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা পৰিচালিত। অদ্য পৰিমিত চভাৰেইন গল্ড বণ্ডৰ ৬টা কিস্তি জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিটো কিস্তি জাৰিৰ পাছত আবেদনসমূহ প্ৰক্ৰিয়াকৰণৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণকাৰী কাৰ্যালয়বোৰলৈ কাৰ্যপৰিচালনা নিৰ্দেশনা জাৰি কৰি আহিছে।

১. এই বণ্ডসমূহ জাৰিৰ অদ্যপৰিমিত প্ৰাপ্ত অভিজ্ঞতাৰ পৰা আৰু কাৰ্যপৰিচালন শিথিলতা আৰু সহজ গ্ৰাহক পৰিচৰ্যাৰ স্বাৰ্থত, বণ্ড পৰিচৰ্যা সম্পৰ্কীয় কেতবোৰ কাম-কাজ সম্পাদনৰ বাবে দায়িত্ব অৰ্পণ কৰাৰ উপৰি গ্ৰহণকাৰী কাৰ্যালয়বোৰক (আৰ বি আইৰ বহীত ষ্টক প্ৰমাণ-পত্ৰৰ আকাৰত বণ্ড ধাৰণৰ ক্ষেত্ৰত) আৰু খাজাঞ্চীসমূহ/খাজাঞ্চী অংশগ্ৰহণকাৰীসকলক (ডি-মেটলৈ ৰূপান্তৰিত বণ্ডৰ ক্ষেত্ৰত) পদ্ধতিমূলক নিৰ্দেশাৱলী জাৰি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

৩. পদ্ধতিমূলক নিৰ্দেশাৱলী সংলগ্ন পত্ৰ-১ ত দিয়া হৈছে। জি এছ আইন,২০০৬ৰ ধাৰা ২৯(২)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, বিভিন্ন চভাৰেইন গল্ড বণ্ড আঁচনিৰ অধীনত জাৰি কৰা বণ্ডসমূহৰ পৰিচৰ্যাৰ সুবিধাৰ্থে, গ্ৰহণকাৰী কাৰ্যালয়সমূহ, খাজাঞ্চী/খাজাঞ্চী অংশগ্ৰহণকাৰীসমূহক, চৰকাৰী প্ৰতিভূতি সম্পাদন কৰা ব্যক্তিসকলক নিৰ্দেশ হিচাপে এই নিৰ্দেশাৱলী জাৰি কৰা হ’ল। যিকোনো অ-নমন আইনখনৰ ধাৰা ৩০ৰ অধীনত দণ্ডনীয়হ’ব।

৪. এই নিৰ্দেশাৱলী তত্কালে প্ৰযোজ্য হোৱাকৈ কাৰ্যকৰী হ’ব।

আপোনাৰ বিশ্বাসী

(এ. মঙ্গলাগিৰি)
মুখ্য মহা প্ৰৱন্ধক


সংলগ্ন পত্ৰ-১

I. প্ৰস্তাৱনাঃ

চভাৰেইন গল্ড বণ্ডসমূহ (ইয়াৰ পাছত বণ্ড হিচাপে উল্লেখিত) ভাৰত চৰকাৰে চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (জি এছ আইন,২০০৬)ৰ ধাৰা ৩ অনুযায়ী বিভিন্ন চভাৰেইন গল্ড বণ্ড আঁচনিৰ অধীনত ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত জাৰি কৰে। ন্যাস, দাতব্য প্ৰতিষ্ঠান, বেংক আৰু বিশ্ববিদ্যালয়কে ধৰি বিদেশী বিনিময় মুদ্ৰা ব্যৱস্থাপনা আইন,১৯৯৯ৰ ধাৰা ২(প) সমন্বিতে ধাৰা ২(ফ)ৰ অধীনত সংজ্ঞাৰোপিত মতে ভাৰতত নিবাসী ব্যক্তিসকল বণ্ডত বিনিয়োগৰ বাবে অনুমতিযোগ্য হ’ব। এক গ্ৰাম সোণৰ এককত এই বণ্ড জাৰি কৰা হয়। ভাৰত চৰকাৰে সময়ে সময়ে অধিসূচীত কৰা গ্ৰহণকাৰী কাৰ্যালয়বোৰক ক্ৰয়-নিবিদা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। আঁচনিবোৰ প্ৰতিবাৰ অধিসূচীত কৰোতে আবেদনবোৰ প্ৰক্ৰিয়াকৰণৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি কৰা হয়।

II. প্ৰযোজ্যতাঃ

২. কাৰ্যপৰিচালন শিথিলতা আৰু সহজ গ্ৰাহক পৰিচৰ্যাৰ স্বাৰ্থত গ্ৰহণকাৰী কাৰ্যালয়বোৰক (আৰ বি আইৰ বহীত ষ্টক প্ৰমাণ-পত্ৰৰ আকাৰত বণ্ড ধাৰণৰ ক্ষেত্ৰত)আৰু খাজাঞ্চীসমূহ/খাজাঞ্চী অংশগ্ৰহণকাৰীসকলক (ডি-মেটলৈ ৰূপান্তৰিত বণ্ডৰ ক্ষেত্ৰত) বণ্ড পৰিচৰ্যা সম্পৰ্কীয় কেতবোৰ কাম-কাজ সম্পাদনৰ বাবে দায়িত্ব অৰ্পণ কৰিবলৈ স্থিৰ কৰা হৈছে।

৩. জি এছ আইন,২০০৬ৰ ধাৰা ২৯(২)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, বিভিন্ন চভাৰেইন গল্ড বণ্ড আঁচনিৰ অধীনত জাৰি কৰা বণ্ডসমূহৰ পৰিচৰ্যাৰ সুবিধাৰ্থে as direction to persons dealing in Government securities হিচাপে গ্ৰহণকাৰী কাৰ্যালয়, খাজাঞ্চী অংশগ্ৰহণকাৰী আৰু খাজাঞ্চীসমূহলৈ এই নিৰ্দেশাৱলী জাৰি কৰা হল।

III. সংজ্ঞাঃ

এই নিৰ্দেশাৱলীত, পূৰ্বাপৰ অন্যভাৱে আৱশ্যক নহ’লে,

১. খাজাঞ্চী অংশগ্ৰহণকাৰী মানে এনে এক সত্ত্বা যাক ভাৰতীয় প্ৰতিভূতি তথা বিনিময় বোৰ্ডে এছ ই বি আই (খাজাঞ্চী আৰু অংশগ্ৰহণকাৰী) বিনিয়ম,১৯৯৬ৰ দফা চতুৰ্থ অধীনত পঞ্জীয়ন প্ৰমাণ-পত্ৰ মঞ্জুৰ কৰিছে।

২. গ্ৰহণকাৰী কাৰ্যালয়সমূহ মানে সূচীভূক্ত বাণিজ্যিক বেংকসমূহ (আৰ আৰ বি বাদে), এছ এইছ চি আই এল, মনোনীত ডাকঘৰসমূহ (ভাৰত চৰকাৰৰ দ্বাৰা অধিসূচীত মতে) আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জসমূহ তদৰ্থে নেশ্যনেল ষ্টক একচেঞ্জ অফ ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জ লিমিটেড।

৩. খাজাঞ্জী মানে কোম্পানী আইন,১৯৫৬ (১৯৫৬ৰ ১)ৰ অধীনত গঠিত আৰু পঞ্জীভুক্ত এনে এটা কোম্পানী যাক ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড আইন,১৯৯২ (১৯৯২ৰ ১৫)ৰ ধাৰা ১২ৰ উপধাৰা (১ক)ৰ অধীনত পঞ্জীয়ন প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হৈছে।

IV. বণ্ড পৰিচৰ্যাৰ বাবে পদ্ধতিগত নিৰ্দেশাৱলী

(আবেদনৰ প্ৰাপ্তি আৰু বণ্ডৰ অন্যান্য লক্ষণীয় বৈশিষ্ট্যসমূহৰ সন্দৰ্ভত মাৰ্গ নিৰ্দেশনাৰ বাবে ভাৰত চৰকাৰ/আৰ বি আয়ে বিভিন্ন চভাৰেইন গল্ড বণ্ড আঁচনিৰ বাবে জাৰি কৰা notification and operation of guidelines-ৰ সন্দৰ্ভলৈ আহে যেন)।

১. নডেল শাখাসমূহ/কাৰ্যালয়সমূহ

গ্ৰহণকাৰী কাৰ্যালয় আৰু বণ্ড পৰিচৰ্যাৰ দায়িত্ব প্ৰাপ্ত অন্যান্য সত্ত্বাসমূহে বণ্ড পৰিচৰ্যাৰ বাবে নডেল কাৰ্যালয়/শাখা এটা চিনাক্ত কৰিব। বিভিন্ন শাখা আৰু কাৰ্যালয়বোৰত প্ৰাপ্ত আবেদনসমূহ প্ৰাথমিক পৰীক্ষণৰ অন্তত অধিকতৰ খুটিনাতি চোৱাচিতাৰ বাবে নডেল শাখা/কাৰ্যালয়লৈ পঠিয়াব। অনুৰোধ প্ৰক্ৰিয়াকৰণক গ্ৰহণকাৰী কাৰ্যালয় আৰু অন্যান্য সত্ত্বাৰ নাগৰিক চনদৰ অংশ কৰিব। প্ৰযোজ্য সময়সীমা কটকটীয়াকৈ মানি চলিব। এই কাৰ্যালয়/শাখাবোৰত যোগাযোগ কৰিব লগা ব্যক্তিৰ তথ্যাৱলীৰ সমুচিত প্ৰচাৰ কৰিব আৰু গ্ৰাহকৰ অভিযোগ নিষ্পত্তি প্ৰণালী এটা স্থাপন কৰিব।

২. বণ্ড ধাৰ্য আৰু চাৰ্টিফিকেট অব হল্ডিং উলিওৱা

ধাৰ্যৰ তাৰিখটোত আৰ বি আইৰ দ্বাৰা সকলো সফল ক্ৰয়ৰ বাবে চাৰ্টিফিকেট অব হল্ডিং উদ্ভুত কৰা হ’ব। ই-মেইল আই ডি উল্লেখ কৰা গ্ৰাহকসকললৈ স্বয়ং উদ্ভুত ই-মেইলযোগে এইবোৰ প্ৰেৰণ কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়বোৰেও আৰ বি আইৰ ই-কুবেৰ পৰ্টেলৰ পৰা ডাউনলড কৰি গ্ৰাহকলৈ পঠিযাব পাৰে। নিৰ্দ্ধাৰিত Form-Cত A4 আকাৰৰ ১০০ জিএছএম কাগজত ধাৰকৰ প্ৰমাণপত্ৰ ৰঙীন ছপা কৰিব। ধাৰকত্ব প্ৰমাণপত্ৰই ধাৰকে গল্ড বণ্ডত কৰা বিনিয়োগৰ সাক্ষ্যহে দিয়ে, বৰঞ্চ কোনো স্বত্ব স্বয়ং বহন নকৰে।

৩. ষ্টক চাৰ্টিফিকেটবোৰ ডি-মেট আকাৰলৈ আৰু তত্-বিপৰীতভাৱে ৰূপান্তৰণ

৩.১ ডি-মেটলৈ ৰূপান্তৰণ

আবেদনকাৰীয়ে বণ্ডৰ ক্ৰয় নিবিদাৰ সময়ত অথবা পৰৱৰ্ত্তী পৰ্যায়তো ডি-মেট আকাৰলৈ ৰূপান্তৰণৰ বাবে সুনিৰ্দিষ্ট অনুৰোধ কৰিব পাৰে। নাম, ডিপিআইডি, Client ID আদি আবেদনকাৰীয়ে যোগান ধৰা তথ্যপাতিবোৰৰ নিৰ্ভুলতা আৰু খাজাঞ্চীয়ে অভিলেখবোৰ গ্ৰহণ কৰা সাপেক্ষে ৰূপান্তৰণৰ প্ৰক্ৰিয়াকৰণ হ’ব। আৰ বি আই পৰ্টেলত ভৰ্তি কৰোৱা বিনিয়োগকাৰীৰ নাম খাজাঞ্চীৰ অভিলেখৰ সৈতে মিল থকাটো নিশ্চিত কৰাকৈ গ্ৰহণকাৰী কাৰ্যালয়ে সাৱধানতা ল’ব। সবিশেষবোৰ আপল’ড কৰাৰ পূৰ্বে এই সন্দৰ্ভত গ্ৰাহকৰ পৰা প্ৰতিপাদন ল’ব। ডি –মেট আকাৰলৈ ৰূপান্তৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে বণ্ডবোৰ আৰ বি আইৰ খাটাত বণ্ড চাৰ্টিফিকেট হিচাপে ৰখা হ’ব।

ধাৰ্যৰ পাছত যদি ধাৰকে ষ্টক চাৰ্টিফিকেট ডি-মেট আকাৰলৈ ৰূপান্তৰিত কৰিবলৈ বিচাৰে, গ্ৰহণকাৰী কাৰ্যালয়ে সবিশেষসহ তদৰ্থে প্ৰথম ধাৰকৰ খাজাঞ্চীৰ নাম, ডিপি আই ডি, ক্লায়েণ্ট আই ডি, পি এ এন নম্বৰ আদি লৈ অনুৰোধ গ্ৰহণ কৰিব। গ্ৰহণকাৰী কাৰ্যালয়ে এই তথ্যপাতিবোৰ ই-কুবেৰ পৰ্টেলত এণ্টাৰ কৰিব। (For guidance please refer to user manual available on the RBI website) এনেবোৰ অনুৰোধ পি ডি অ, আৰ বি আই, মুম্বাইয়ে প্ৰতি শুকুৰবাৰে সংবদ্ধ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰিব আৰু এইবোৰ বৈধকৰণৰ বাবে ক্ষেত্ৰ বিশেষে খাজাঞ্চীলৈ প্ৰেৰণ কৰা হ’ব। খাজাঞ্চীয়ে তথ্যপাতিবোৰ বৈধকৰণ কৰাৰ পাছত বণ্ডসমূহ হিতাধিকাৰীৰ ডি-মেট একাউণ্টত জমাভুক্তিৰ বাবে পি ডি অ মুম্বায়ে খাজাঞ্চীলৈ পঠিয়াব। খাজাঞ্চীয়ে জনোৱা প্ৰত্যাখ্যান বা গ্ৰহণৰ অনুৰোধবোৰ মুম্বাই পি ডি অ, আৰ বি আয়ে গ্ৰহণকাৰী কাৰ্যালয়লৈ পঠিয়াব। প্ৰত্যাখ্যান হোৱাৰ ক্ষেত্ৰত গ্ৰহণকাৰী কাৰ্যালয়ে আৱশ্যকীয় শুধৰণীৰ পাছত সেই অনুৰোধ পুনৰ দাখিল কৰিব পাৰিব।

৩.২ পুনঃমূৰ্ত্তকৰণ

গ্ৰাহকে নিজৰ ধাৰকত্বৰ সবিশেষ সহ, বণ্ডৰ পুনঃমূৰ্ত্তকৰণৰ বাবে খাজাঞ্জী অংশগ্ৰহণকাৰীসকলৰ ওচৰত অনুৰোধ কৰিব পাৰে। তেওঁলোকে গ্ৰহণকাৰী কাৰ্যালয় আৰু বেংক একাউণ্টৰ তথ্য (বেংকৰ নাম, শাখা, একাউণ্ট নম্বৰ, আই এফ এছ চি কড আৰু একাউণ্টৰ প্ৰকাৰ) আদি স্পষ্টকৈ উল্লেখ কৰিব যাৰ জৰিয়তে পুনঃমূৰ্ত্তকৰণৰ বাবে বণ্ডসমূহ পৰিচৰ্যা কৰা হ’ব।

ডি-মেটলৈ ৰূপান্তৰণৰ অনুৰোধ খাজাঞ্চী অংশগ্ৰহণকাৰীয়ে আবেদনৰ ভিত্তিত প্ৰস্তুত কৰিব আৰু খাজাঞ্চীয়ে প্ৰেৰণ কৰিব। খাজাঞ্চীয়ে ই-কুবেৰ পৰ্টেলযোগে অনুৰোধ দাখিল কৰিব। (For guidance please refer to user manual available on the RBI website) । পুনঃমূৰ্ত্তকৰণৰ বাবে প্ৰেৰিত প্ৰতিভূতিৰ বাবে ক্ৰয়-বিক্ৰয়ৰ অনুমতি নাথাকিব। ৰূপান্তৰণৰ পাছত বণ্ডসমূহ আৰ বি আইৰ খাটাত ধাৰণ কৰা হ’ব। পুনঃমূৰ্ত্তকৃত বণ্ডসমূহৰ অধিকতৰ পৰিচৰ্যা, বিনিয়োগকাৰীয়ে নিৰ্দিষ্ট কৰা গ্ৰহণকাৰী কাৰ্যালয়ে সম্পাদন কৰিব।

৪. বণ্ডৰ হস্তান্তৰ

ষ্টক চাৰ্টিফিকেটৰ আকাৰত জাৰি কৰা বণ্ডবোৰ, চৰকাৰী প্ৰতিভূতি আইন,২০০৬ আৰু চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ প্ৰাৱধান অনুযায়ী ফৰ্ম IIIত হস্তান্তৰ লিখত সম্পাদন কৰি, পৰিপক্কতাৰ পূৰ্বে সামগ্ৰিক বা আংশিকভাৱে হস্তান্তৰণযোগ্য হ’ব। ডি-মেট আকাৰৰ বণ্ডবোৰৰ লাভপ্ৰদ স্বত্বাধিকাৰ প্ৰচলিত প্ৰথা অনুযায়ী একচেঞ্জ আৰু বজাৰ-নিলগ লেনদেনত ক্ৰয়-বিক্ৰয়ৰ যোগেদি হস্তান্তৰ কৰিব পৰা যাব।

৪.১ উপহাৰ, বিক্ৰী আদিৰে বণ্ডৰ হস্তান্তৰঃ

ষ্টক চাৰ্টিফিকেট আকাৰত বণ্ড ধাৰক বিনিয়োগকাৰীয়ে বিক্ৰী বা উপহাৰযোগে এজন অৰ্হতাসম্পন্ন ধাৰকৰ পৰা আন এজনলৈ বণ্ড হস্তান্তৰণ কাৰ্যকৰী কৰিবলৈ গ্ৰহণকাৰী কাৰ্যালয়ক লগ ধৰিব। গ্ৰহণকাৰী কাৰ্যালয়ে যথাবিহিতভাৱে পূৰোৱা আৰু সাক্ষী সম্বলিত হস্তান্তৰণ প্ৰপত্ৰ (ফৰ্ম III) (সংলগ্ন II চাওক) ল’ব। হস্তান্তৰণ প্ৰপত্ৰৰ লগত চাৰ্টিফিকেট অব হল্ডিঙৰ প্ৰতিলিপি এটা লাগিব। গ্ৰহণকাৰী কাৰ্যালয়ে প্ৰদত্ত তথ্যপাতিবোৰ ই-কুবেৰ পৰ্টেলৰ নিজা ৰেকৰ্ডৰ লগত ৰিজাই শুদ্ধতা নিশ্চিত কৰিব। হস্তান্তৰক হস্তান্তৰিতৰ কে-ৱাই-চি সবিশেষবোৰ গ্ৰহণকাৰী কাৰ্যালয়ে প্ৰত্যায়ন কৰিব। হস্তান্তৰ অনুৰোধটো তেতিয়া ই-কুবেৰ পৰ্টেলযোগে প্ৰক্ৰিয়াকৰণ কৰিব (মাৰ্গ নিৰ্দেশনাৰ বাবে ইউজাৰ মেনুৱেল চাওক)। লক্ষ্য কৰিব যে জি এচ আইনৰ ধাৰা ৯ৰ উপধাৰা (৪)ৰ চৰ্তমতে বৰ্তমানৰ মনোনয়ন, যদি থাকে, হস্তান্তৰৰ লগতে বাতিল হৈ যাব। হস্তান্তৰিতই মনোনয়ন দিব বিচাৰিলে গ্ৰহণকাৰী কাৰ্যালয়ে এই নিৰ্দেশনামাৰ দফা ৫ত নিৰ্দ্ধাৰণ কৰা পদ্ধতি অনুযায়ী আৱশ্যক মতে কৰিব। ই-কুবেৰ পৰ্টেলৰ পৰা সংশোধিত চাৰ্টিফিকেট অব হল্ডিং উলিয়াই হস্তান্তৰিত্বক দিব। একাউণ্ট বদলি হেতুকে সুদ প্ৰদান সূচী ব্যাহত নহয় আৰু হস্তান্তৰিত ব্যক্তি/ধাৰকে সংশ্লিষ্ট দেয় তাৰিখত সুদ আহৰণ কৰি থাকিব।

৪.২ ষ্টক চাৰ্টিফিকেট আকাৰত ধাৰণ কৰা বণ্ডৰ আংশিক হস্তান্তৰঃ

অংশ হস্তান্তৰৰ ক্ষেত্ৰত মূল চাৰ্টিফিকেট অব হল্ডিং বাতিল হৈ পৰিব আৰু পৰিৱৰ্তিত ধাৰকত্ব প্ৰতিফলিত কৰি নতুন চাৰ্টিফিকেট অব হল্ডিং উলিয়াই ল’ব আৰু হস্তান্তৰক আৰু হস্তান্তৰিতক জাৰি কৰিব।

৪.৩ মৃত্যু হোৱা একমাত্ৰ ধাৰক বা যুটীয়া ধাৰকৰ এছ জি বি স্বত্বৰ স্বীকৃতি আৰু জীৱিত যুটীয়া ধাৰক অথবা বিভিন্ন গ্ৰহীতাৰ অধিকাৰঃ

মৃত্যু হোৱা একমাত্ৰ ধাৰক বা যুটীয়া ধাৰকৰ বণ্ডৰ স্বত্ব স্বীকৃতি আৰু জীৱিত যুটীয়া ধাৰক বা বিভিন্ন গ্ৰহীতাৰ অধিকাৰ চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ বিনিয়ম ৬ সহিতে চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৭ আৰু ধাৰা ৮ৰ প্ৰাৱধান সাপেক্ষে হ’ব। লক্ষ্য কৰিব যে-

(ক) গ্ৰহণকাৰী কাৰ্যালয়/খাজাঞ্চী যতেই নহওক, কোনো দাবী প্ৰাপ্তিৰ লগে লগে, তাৰ বিধিবদ্ধতা, যথাৰ্থতা আৰু তাৰ সমাপ্তি সম্বন্ধে সন্তুষ্ট হোৱা সাপেক্ষে এনে বণ্ডৰ ক্ষেত্ৰত কোনো প্ৰতিদ্বন্দ্বী দাবীদাৰ নাই বুলি পতিয়ন হোৱা সাপেক্ষে আৰু দাবী প্ৰতিপন্ন কৰিবলৈ আৱশ্যক হোৱা সকলো নথিপত্ৰ দাখিল কৰা সাপেক্ষে, জি এছ আইন,২০০৬ৰ ধাৰা ৭ আৰু চৰকাৰী প্ৰতিভূতি বিনিয়মৰ ৬ চৰ্তাৱলী অনুযায়ী সেই দাবীক স্বীকৃতি দিব। তত্উদ্দেশ্যে আৱশ্যক বিবেচনা কৰিলে, দাবীদাৰৰ পৰা অন্য নথিপত্ৰ বা ঘোষণা বিচাৰিব পাৰিব। প্ৰয়োজন বোধে, এনে ৰাশিৰ বাবদ দাবীদাৰক ক্ষতিপূৰণ গিৰমিট দিবলৈ ক’ব পাৰিব।

খ. সন্দেহ ওপজাৰ ক্ষেত্ৰত গ্ৰহণকাৰী কাৰ্যালয়/খাজাঞ্চীয়ে বিষয়টো পি ডি অ, মুম্বাইলৈ প্ৰেৰণ কৰিব।

গ. ষ্টক চাৰ্টিফিকেটৰ আকাৰত ধাৰণ কৰা বণ্ড দাবীদাৰলৈ হস্তান্তৰণ প্ৰক্ৰিয়া ই-কুবেৰ পৰ্টেলেৰে সম্পাদন কৰিব। (For guidance please refer to user manual available on the RBI website) ।

৫. মনোনয়নঃ

মনোনয়ন আৰু ইয়াৰ বাতিলকৰণ, চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ অংশ III সমন্বিতে চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) ধাৰা ৯ৰ দ্বাৰা পৰিচালিত হব। বণ্ড ক্ৰয়ৰ সময়তে গ্ৰাহকে (নিৰ্ধাৰিত প্ৰপত্ৰ VIত) বা পাছতো মনোনয়ন উল্লেখ কৰিব পাৰে। একোখন বণ্ডত এক বা একাধিক ব্যক্তিক (সৰ্বাধিক দুজনক) মনোনীত কৰিব পাৰিব। নাবালকৰ হৈ বিনিয়োগ কৰাৰ ক্ষেত্ৰত মনোনয়ন সুবিধা উপলব্ধ নহয়।

৫.১ মনোনয়ন বাতিলকৰণঃ

চভাৰেইন গল্ড বণ্ডৰ ধাৰকে নিৰ্ধাৰিত প্ৰপত্ৰ (ফৰ্ম VII)ত বৰ্তমানৰ মনোনয়ন বাতিল কৰিবলৈ বিচাৰিলে পৰীক্ষা কৰি চাব যাতে-

ক. প্ৰপত্ৰখনত চভাৰেইন গল্ড বণ্ডৰ নিৰ্ভুল তথ্য দাখিল কৰা হয়; আৰু

খ. মনোনীত ব্যক্তি/ব্যক্তিদ্বয়ৰ নাম/সমূহ প্ৰপত্ৰখনত শুদ্ধকৈ উল্লেখ কৰা হয়।

৫.২ বৰ্তমানৰ মনোনয়নত সংযোজনঃ

বৰ্তমানৰ জনৰ উপৰিও ধাৰকে আন এক ব্যক্তিক মনোনীত কৰিব পাৰে। ফৰ্ম IIIত নতুন মনোনয়ন দাখিল হলে, মূল মনোনয়নৰ বেলিকা কৰাৰ দৰে পৰীক্ষা কৰি বিবেচনা কৰিব।

ষ্টক চাৰ্টিফিকেট আকাৰত ধাৰণ কৰা বণ্ড শৃংখলাবদ্ধ হৈছে বুলি পতিয়ন গলে, ই-কুবেৰ পৰ্টেলত দিয়া সুবিধা গ্ৰহণ কৰি ই-কুবেৰ প্ৰণালীত এনে অনুৰোধবোৰ (বাতিলকৰণ/সংযোজন) ইনপুট কৰিব। (নিৰ্দেশনাৰ বাবে ইউজাৰ মেনুৱেল চাই লব) নিৰ্ধাৰিত প্ৰপত্ৰত প্ৰাপ্তি স্বীকাৰমূলক ৰছিদ দিব।

৫.৩ মনোনীত ব্যক্তি/ব্যক্তিদ্বয়ৰ দাবীঃ

ধাৰকৰ মৃত্যু হ’লে, মনোনীত/দ্বয়ৰ দাবীক চৰকাৰী প্ৰতিভূতি বিনিয়ম ২০০৭ৰ দফা III সমন্বিতে চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৯ৰ প্ৰাৱধান মতে চৰ্তসাপেক্ষে স্বীকৃতি দিব।

গ্ৰহণকাৰী কাৰ্যালয়/খাজাঞ্চীত যতেই হওক লাগে, দাবী প্ৰাপ্তিত, তাৰ বিধিবদ্ধতা যথাৰ্থতা আৰু সমাপ্তি সম্পৰ্কে পতিয়ন সাপেক্ষে, এনে বণ্ডৰ কোনো প্ৰতিদ্বন্দ্বী দাবীদাৰ নোহোৱাটো নিশ্চিত হোৱা সাপেক্ষে আৰু দাবী প্ৰতিপন্ন কৰাকৈ সকলো নথিপত্ৰ দাখিলৰ পাছত, জি এছ আইন,২০০৬ৰ ধাৰা ৯ আৰু চৰকাৰী প্ৰতিভূতি আইন,২০০৭ৰ দফা IIIৰ চৰ্তাৱলী অনুযায়ী সেই দাবীক স্বীকৃতি দিব।

সেই উদ্দেশ্যত আৱশ্যক বোধে, অন্য নথিপত্ৰ বা ঘোষণা বিচাৰিব পাৰিব। প্ৰয়োজন বোধে এনে ৰাশিৰ বাবদ দাবীদাৰক ক্ষতিপূৰণৰ গিৰমিট দিবলৈ ক’ব পাৰিব। দাবীটো যথাৰ্থ পোৱা গ’লে, মৃতধাৰকৰ স্থলত মনোনীত ব্যক্তি/দ্বয়ৰ নাম/নামসমূহ ভৰাব আৰু উপযুক্ত প্ৰত্যায়নৰ পাছত নতুনকৈ চাৰ্টিফিকেট অব হল্ডিং এখন জাৰি কৰিব। সন্দেহ ওপজাৰ ক্ষেত্ৰত গ্ৰহণকাৰী কাৰ্যালয়/খাজাঞ্চীয়ে বিষয়টো পি ডি অ, মুম্বাইলৈ প্ৰেৰণ কৰিব।

৬. বণ্ডৰ বিপৰীতে ঋণ আৰু জমানত, বন্ধকী বা গ্ৰহণাধিকাৰঃ

বণ্ডবোৰৰ ওপৰত জমানত, বন্ধকী বা গ্ৰহণাধিকাৰ সৃষ্টি, চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ২৮ আৰু চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ দফা VIIৰ দ্বাৰা পৰিচালিত হ’ব। বণ্ডবোৰ যিকোনো ঋণৰ বাবদ সমপাৰ্শ্বিক হিচাপেও ৰাখিব পৰা যায়।

১. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আজ্ঞা মতে সাধাৰণ স্বৰ্ণ ঋণত প্ৰযোজ্য অনুযায়ী বণ্ডবোৰত মূল্যৰ বিপৰীতে ঋণৰ অনুপাত প্ৰযোজ্য হ’ব।

২. ষ্টক চাৰ্টিফিকেটৰ আকাৰত ধাৰণ কৰা বণ্ডৰ ওপৰৰ জামানত/বন্ধকী/গ্ৰহণাধিকাৰ অভিলেখভুক্ত হ’ব আৰু ঋণটো দিয়া বেংকে জি এছ আইনৰ ধাৰা ২৮ আৰু জি এছ বিনিয়মৰ দফা VIIৰ প্ৰাৱধান অনুযায়ী, ই-কুবেৰ পৰ্টেলত দিয়া সুবিধা ব্যৱহাৰ কৰি প্ৰত্যাৱৰ্তিত কৰিব। (For guidance please refer to user manual available on the RBI website) ।

৩. বেংকে জামানত/বন্ধকী/গ্ৰহণাধিকাৰ আৰোপ কৰাৰ ক্ষেত্ৰত, বণ্ডসমূহ বেংকক হস্তান্তৰৰ অনুৰোধটো চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ দফা VIIৰ প্ৰাৱধান অনুযায়ী, আদালতৰ আদেশ, যদি থাকে, তাকে ধৰি অতিৰিক্ত সমৰ্থনসূচক নথিপত্ৰসহ পি ডি অ, মুম্বাইত দাখিল কৰিব।

ডি-মেটলৈ ৰূপান্তৰিত বণ্ডৰ ক্ষেত্ৰত, বেংকে সমপাৰ্শ্বিক হিচাপে গ্ৰহণ কৰা অন্যান্য ষ্টক আৰু অংশৰ ক্ষেত্ৰত অনুসৰণ কৰা প্ৰথা অনুযায়ী খাজাঞ্চীত গ্ৰহণাধিকাৰ চিহ্নিত কৰিব। গ্ৰহণাধিকাৰ চিহ্নিত বণ্ডবোৰৰ ডেটা, খাজাঞ্চীবোৰে ই-কুবেৰত দিয়া সুবিধা ব্যৱহাৰ কৰি আৰ বি আইলৈ আপল’ড কৰিব।

৭. সুদ প্ৰদান

বণ্ডৰ ওপৰত সুদ প্ৰযোজ্য মতে অৰ্দ্ধ-বাৰ্ষিক ভিত্তিত প্ৰদান কৰা হ’ব। ষ্টক আকাৰত ধাৰণ কৰা বণ্ডৰ গ্ৰাহকক (আৰ বি আইৰ অভিলেখত প্ৰাপ্ত মতে), সুদ প্ৰদেয় তাৰিখত বৈদ্যুতিন মাধ্যমেৰে তেওঁৰ একাউণ্টত আৰ বি আয়ে জমাভুক্ত কৰিব। ডি-মেট আকাৰত ধাৰণ কৰা বণ্ডৰ ক্ষেত্ৰত, খাজাঞ্চীবোৰৰ যোগেদি সুদৰ ৰাশি প্ৰেৰণ কৰা হ’ব, যি নেকি সেই ৰাশি বৈদ্যুতিন উপায়েৰে ধাৰকৰ বেংক একাউণ্টত (তেওঁলোকৰ অভিলেখাত প্ৰাপ্ত মতে) জমাভুক্ত কৰাৰ ব্যৱস্থা কৰিব।

৮. বণ্ডৰ পৰিশোধ

বণ্ড জাৰিৰ তাৰিখটোৰ পৰা আঠ বছৰ উকলি যোৱাত বণ্ড পৰিশোধ কৰা হ’ব। এই উদ্দেশ্যে বিনিয়োগকাৰীসকলে আৰ বি আইক দাবী উত্থাপন কৰাৰ প্ৰয়োজন নাই। এনে বণ্ড জাৰিৰ তাৰিখটোৰ পৰা পঞ্চম বৰ্ষৰ পাছত, সুদ প্ৰদেয় তাৰিখত এই বণ্ডৰ প্ৰাক্-পৰিপক্ককালীন বিমোচন কৰিব পৰা যাব। প্ৰাক্-পৰিপক্ককালীন বিমোচনৰ অনুৰোধ (কোনো নিৰ্দিষ্ট প্ৰ-পত্ৰৰ আৱশ্যক নাই), পৰৱৰ্ত্তী সুদ প্ৰদেয় তাৰিখটোৰ কমেও ১০ দিনৰ আগতে গ্ৰহণকাৰী কাৰ্যালয় অথবা খাজাঞ্চীত ডিপিযোগে (ডি-মেট আকাৰৰ প্ৰতিভূতিৰ ক্ষেত্ৰত) দাখিল কৰিব লাগিব। গ্ৰহণকাৰী কাৰ্যালয়/খাজাঞ্চী অংশগ্ৰহণকাৰী/খাজাঞ্চীয়ে ইচ্ছা কৰিলে কে ৱাই চি প্ৰমাণ, ঘোষণা পত্ৰ আদি অতিৰিক্ত নথি বিচাৰিব পাৰে। তথ্যপাতিবোৰৰ শুদ্ধা-শুদ্ধতা নিৰূপনৰ কাৰণে পুংখানুপুংখ পৰীক্ষণ কৰিব আৰু পৰৱৰ্তী সুদ প্ৰদেয় তাৰিখটোৰ কমেও ৪ দিন আগতে ই-কুবেৰ পোৰ্টেলযোগে আৰ বি আইত দাখিল কৰিব। প্ৰাক্-পৰিপক্ক বিমোচনৰ বাবে দাখিল কৰা বণ্ডবোৰত চাৰি দিনৰ বন্ধ অবধি প্ৰযোজ্য হ’ব। পৰিপক্কতাত আৰু প্ৰাক্-পৰিপক্ক বিমোচনৰ ক্ষেত্ৰত, বণ্ডবোৰ ভাৰতীয় টকাত পৰিশোধ কৰা হ’ব আৰু ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এচোছিয়েচন লিমিটেডে পূৰ্বৱৰ্তী সপ্তাহটোৰ বাবে প্ৰমাণ কৰা ৯৯৯ শুদ্ধতা বিশিষ্ট সোণৰ সামৰণি মূল্যৰ সৰল গড় ভিত্তিক বিমোচন মূল্য স্থিৰ কৰা হ’ব। বিমোচন মূল্যৰ ৰাশি গ্ৰাহকৰ বেংক একাউণ্টত জমাভুক্ত হ’ব।

৯. দালালি বানচ প্ৰদান

গ্ৰহণকাৰী কাৰ্যালয়বোৰে চভাৰেইন গল্ড বণ্ডৰ বিক্ৰী বঢ়োৱাৰ বাবে নিজাববীয়াকৈ এজেণ্ট নিয়োগ কৰিব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে প্ৰাপ্ত আবেদনৰ ওপৰত পোৱা মুঠ ক্ৰয়ৰাশিৰ এশ টকাত এটকা হাৰত এনে এজেণ্টক বিতৰণৰ কমিছন দিব আৰু গ্ৰহণকাৰী কাৰ্যালয়সমূহে এজেণ্ট বা উপ-এজেণ্টৰ যোগেদি আহৰণ ব্যৱসায়খিনিৰ বাবদ পোৱা কমিছনৰ কমেও ৫০ শতাংশ কমিছন এনে এজেণ্টসকলক ভগাই দিব।

১০. ঠিকনা সলনি, নাম শুদ্ধ কৰা, একাউণ্ট নম্বৰ সলনি কৰা আৰু ষ্টক চাৰ্টিফিকেটৰ আকাৰত ৰখা বণ্ডৰ সন্দৰ্ভত ভিন্ন ধৰণৰ অনুৰোধবোৰঃ

ষ্টক চাৰ্টিফিকেটৰ আকাৰত ৰখা বণ্ডৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা (বগা কাগজত) সমৰ্থক চাৰ্টিফিকেট অব হল্ডিংসহ পোৱা অনুৰোধবোৰ, সংশ্লিষ্ট নথিপত্ৰ আৰু বিষয়বস্তুৰ সত্যাসত্য নিৰূপণৰ পাছত গ্ৰহণকাৰী কাৰ্যালয়বোৰে ই-কুবেৰ পৰ্টেলযোগে প্ৰক্ৰিয়াকৰণ কৰিব। আৱশ্যক বোধে গ্ৰহণকাৰী কাৰ্যালয়ে অতিৰিক্ত নথিপত্ৰ আদি বিচাৰিব। সালসলনি কাৰ্যকৰী কৰাৰ বাবে অনুৰোধবোৰ গ্ৰহণকাৰী কাৰ্যালয়ে আৰ বি আই পৰ্টেলত এণ্টাৰ কৰিব।

১১. অভিলেখৰ সংৰক্ষণ

আবেদন প্ৰপত্ৰ আৰু অন্যান্য অনুৰোধবোৰ গ্ৰহণকাৰী কাৰ্যালয়/খাজাঞ্চী অংশগ্ৰহণকাৰীসকলে বণ্ড পৰিপক্কতা পৰ্যন্ত সংৰক্ষিত ৰাখিব। প্ৰাক্-পৰিপক্ক বিমোচনৰ অনুৰোধবোৰ, সমুত্পন্ন ধন প্ৰদান তাৰিখটোৰ পৰা তিনি বছৰৰ বাবে সংৰক্ষিত ৰাখিব।

১২. চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ২৯ৰ উপ-ধাৰা (২) যোগে প্ৰদত্ত ক্ষমতা আৰু ইয়াৰ সামৰ্থ্য প্ৰদায়ক সকলো ক্ষমতা প্ৰয়োগ কৰি আৰ বি আয়ে এই পদ্ধতিগত নিৰ্দেশনামা জাৰি কৰে আৰু ইয়াৰ যিকোনো অনমন, আইনখনৰ ধাৰা ৩০ৰ অন্তৰ্গত দণ্ডাৰ্হ হ’ব।

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?