RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78501800

প্ৰফেছাৰ বিজয় যোশী মেৰটন কলেজ, অক্সফৰ্ডৰ এমিৰেটাছ ফেলৰ ‘ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ – অসম্পূৰ্ণ কৰ্মসূচীত অৱলোকন’ শীৰ্ষক পঞ্চদশ এল. কে. ঝা স্মাৰক বক্তৃতা প্ৰদান

১১ ডিচেম্বৰ, ২০১৭

প্ৰফেছাৰ বিজয় যোশী
মেৰটন কলেজ, অক্সফৰ্ডৰ এমিৰেটাছ ফেলৰ
‘ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ – অসম্পূৰ্ণ কৰ্মসূচীত অৱলোকন’ শীৰ্ষক
পঞ্চদশ এল. কে. ঝা স্মাৰক বক্তৃতা প্ৰদান

ভাৰতীয় ৰিজাৰ্ভ বেংকে ১১ ডিচেম্বৰ, ২০১৭ত মুম্বাইত পঞ্চদশ এল.কে. ঝা স্মাৰক বক্তৃতা অনুষ্ঠিত কৰে। The lecture প্ৰদান কৰে মেৰটন কলেজ অক্সফৰ্ডৰ এমিৰেটাছ ফেল’ প্ৰফেছাৰ বিজয় যোশীয়ে। গৱৰ্ণৰ ডাঃ উৰজিত্ আৰ পেটেলে অতিথিবৃন্দক আদৰণি জনায় আৰু ১৯৯০ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰৱৰ্তন কৰা এল.কে. ঝা স্মাৰক বক্তৃতামালাৰ তাত্পৰ্য ব্যাখ্যা কৰে।

প্ৰফেছাৰ বিজয় যোশীয়ে ‘ইণ্ডিয়াজ লং ৰড – দ্য চাৰ্ছ ফৰ প্ৰছপাৰিটী’ (পেংগুইন ইণ্ডিয়া, নিউ দেলহি, ২০১৬ – আৰু অ ইউ পি নিউয়ৰ্ক, ২০১৭), ‘ইণ্ডিয়াজ ইকনমিক ৰিফৰ্মছ, ১৯৯১-২০০১’ (অ.ইউ.পি, ক্লাৰেন্দন প্ৰেছ, অক্সফৰ্ড, ১৯৯৬) আৰু ‘ইণ্ডিয়া – মেক্ৰ ইকনমিক্স আৰু পলিটিকেল ইকনমী ১৯৬৪-১৯৯১’ (ৱৰ্ল্ড বেংক আৰু অ.ইউ.পি, ১৯৯৪)কে ধৰি ভাৰতৰ ওপৰত কেবাখনো গ্ৰন্থ লিখিছে। তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ বিশেষ উপদেষ্টা, ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া, জে.পি. মৰ্গেন ইণ্ডিয়ান ইনভেষ্টমেণ্ট ট্ৰাষ্টৰ সঞ্চালক, আৰু বিশ্ব বেংক সমন্বিতে, বিভিন্ন আন্তৰ্জাতিক সংস্থাৰ পৰামৰ্শদাতাকে ধৰি বিভিন্ন চৰকাৰী আৰু ব্যৱসায়িক পদ চম্ভালি আহিছে। তেওঁৰ কৰ্ম-জীৱনৰ প্ৰাথমিক মনোনিবেশ হৈছে- মেক্ৰ-ইকনমিক্স, আন্তৰ্জাতিক অৰ্থনীতি আৰু বিকাশ অৰ্থনীতিৰ ক্ষেত্ৰত অক্সফৰ্ড বিশ্ববিদ্যালয়ত শিক্ষাদান আৰু গৱেষণা

‘ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ – অসম্পূৰ্ণ কৰ্মসূচীত অৱলোকন’ শীৰ্ষক অধ্যাপক যোশীৰ বক্তৃতাটো /en/web/rbi ত উপলব্ধ।

জোস জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৫৮৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?