RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78506960

কাৰ্যতঃ মুদ্ৰা (ভিচি)ত লেনদেন সম্পৰ্কীয় নিষেধাজ্ঞা

আৰবিআই/২০১৭-১৮/১৫৪
ডিবিআৰ নং বিপি.বিচি.১০৪/০৮.১৩.১০২/২০১৭-১৮

৬ এপ্ৰিল, ২০১৮

সকলো বাণিজ্যিক বেংক আৰু সমবায় বেংক/প্ৰদান বেংক/
ক্ষুদ্ৰ বিত্ত বেংক/এনবিএফচি/প্ৰদান প্ৰণালী যোগানকাৰী

মহাশয়/মহাশয়া,

কাৰ্যতঃ মুদ্ৰা (ভিচি)ত লেনদেন সম্পৰ্কীয় নিষেধাজ্ঞা

ৰিজাৰ্ভ বেংকে, ২৪ ডিচেম্বৰ, ২০১৩, ১ ফেব্ৰুৱাৰী, ২০১৭ আৰু ৫ ডিচেম্বৰ, ২০১৭ তাৰিখৰ ৰাজহুৱা জাননীবোৰৰ জৰিয়তে বিটকইনকে ধৰি কাৰ্যতঃ মুদ্ৰাবোৰৰ ব্যৱহাৰকাৰী, ধাৰক আৰু ক্ৰয়-বিক্ৰয়কাৰীসকলক এনে কাৰ্যতঃ মুদ্ৰাৰ লেনদেনৰ সৈতে সংপৃক্ত বিভিন্ন বিপদশংকাৰ সন্দৰ্ভত বাৰম্বাৰ সকিয়াই আহিছে।

২. সংপৃক্ত বিপদশংকাবোৰৰ পৰিপ্ৰেক্ষিতত, ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিয়ামিত সত্ত্বাবোৰে ভিচিত লেনদেন নকৰিবলৈ বা ভিচিৰ লেনদেন অথবা বন্দোৱস্তিত জড়িত কোনো ব্যক্তি বা সত্ত্বাক সুবিধা প্ৰদানকাৰী সেৱা আগ নবঢ়াবলৈ তত্কালে কাৰ্যকৰী হোৱাকৈ সিদ্ধান্ত লোৱা হৈছে। এই সেৱাবোৰৰ ভিতৰত আছে – কাৰ্যতঃ টকেনৰ বিপৰীতে একাউণ্ট পৰিচালন, নিবন্ধন, বন্দোবস্তি, নিষ্পত্তি, ঋণদান, সেইবিলাকক অতিৰিক্ত বন্ধকী হিচাপে গ্ৰহণ কৰা, সেইবোৰৰ লেনদেনকাৰী বিনিময় একাউণ্ট খোলা আৰু ভিচিৰ ক্ৰয়/বিক্ৰয় সম্পৰ্কিত একাউণ্টত টকা হস্তান্তৰ/প্ৰাপন কৰা।

৩. এনে সেৱাবোৰ ইতিমধ্যে আগবঢ়োৱা নিয়ামিত সত্ত্বাবোৰে এই চাৰ্কুলাৰৰ তাৰিখৰ তিনি মাহৰ ভিতৰত সম্পৰ্ক ত্যাগ কৰিব।

৪. এই নিৰ্দেশনাবোৰ বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৬(১)(ক) সহ পঠিত ধাৰা ৩৫ক, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৬(১)(ক) আৰু ধাৰা ৫৬ৰ সৈতে পঠিত ধাৰা ৩৫ক, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-ঞ-ক ধাৰা ৪৫-ঠ আৰু প্ৰদান তথা বন্দোবস্তি প্ৰণালী আইন, ২০০৭ৰ ধাৰা ১৮ সহ পঠিত ধাৰা ১০(২)ৰ অন্তৰ্গত প্ৰদান ক্ষমতা প্ৰয়োগেৰে এই নিৰ্দেশনাবোৰ জাৰি কৰা হ’ল।

আপোনাৰ বিশ্বাসী,

(সৌৰভ সিনহা)
প্ৰভাৰী মুখ্য প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?