RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78521549

ক্ষিপ্ৰ শুধৰণীমূলক কাৰ্যব্যৱস্থা পৰিকাঠামো

৩১ জানুৱাৰী, ২০১৯

ক্ষিপ্ৰ শুধৰণীমূলক কাৰ্যব্যৱস্থা পৰিকাঠামো

বৰ্তমান ক্ষিপ্ৰ শুধৰণীমূলক কাৰ্যব্যৱস্থা পৰিকাঠামো (PCAB)ৰ অন্তৰ্গত ৰাজহুৱা খণ্ড বেংকসমূহৰ কেইটামান বেংকত সম্পদ সম্পৰ্কীয় ৰিটাৰ্ণ (ROA) বাদে, ২০১৮ৰ ডিচেম্বৰত শেষ হোৱা ত্ৰিমাসিকৰ বাবে প্ৰকাশিত ফলাফল মতে PCA স্থিতিমাপবোৰৰ উলংঘন হোৱা নাই। অৱস্য়ে ROA নেতিবাচক হৈ থাকিলেও, মূলধনী পৰ্যাপ্ততা সূচকত সেইটো প্ৰতিফলিত হৈছে। এই বেংককেইটাই এই মৰ্মে লিখিত প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে অবিৰতভাৱে ন্যূনতম মূলধনী আচাৰ, শুদ্ধ অনুত্পাদনশীল সম্পদ (NPA) আৰু উত্তোলন অনুপাত অনুপালন কৰি যাব আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকক তেওঁলোকে কাৰ্যকৰী কৰা সংৰচনাত্মক তথা প্ৰণালীয় উন্নতি সাধনৰ বিষয়ে অৱগত কৰাইছে যিবোৰে এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰি যোৱাত সহায় কৰিব। অধিকন্তু, চৰকাৰেও আশ্বাস দিছে যে চলিত বিত্তীয় বছৰটোত বেংকভিত্তিক আবণ্টনৰ বেলিকা এই বেংককেইটাৰ মূলধন আৱশ্যকতাক সমুচিত বিবেচনা কৰা হব।

ওপৰোক্ত সকলোখিনি বিবেচনা কৰি, এই মৰ্মে সিদ্ধান্ত লোৱা হল যে বেংক অব ইণ্ডিয়া আৰু বেংক অব মহাৰাষ্ট্ৰ, যিনেকি মূলধন সংৰক্ষণ বাফাৰ (CCB)কে ধৰি নিয়ামক আচাৰবোৰ পালন কৰিছে আৰু তৃতীয় ত্ৰিমাসিক ফলাফল মতে যাৰ NPA ৬ শতাংশ কমত আছে, তেওঁলোকক কেইটামান চৰ্ত আৰু ধাৰাবাহিক নিৰীক্ষণ সাপেক্ষে PCA পৰিকাঠামোৰ বাহিৰলৈ অনা হওক। ওৰিয়েণ্টেল বেংক অব কমাৰ্চৰ ক্ষেত্ৰত, যদিওবা প্ৰকাশিত তৃতীয় ত্ৰিমাসিকৰ ফলাফল মুতে NPA ৭.১৫ শতাংশৰ কমত আছিল, চৰকাৰে ইতিমধ্যে বুজন মূলধন সঞ্চাৰ কৰিছে আৰু বেংকটোৱে NPAৰ পৰিমাণ ৬ শতাংশ তললৈ আনিছে। এতেকে, ওৰিয়েণ্টেল বেংক অব কমাৰ্চত আৰোপিত বাধানিষেধবোৰ কেইটামান চৰ্ত আৰু ধাৰাবাহিক নিৰীক্ষণ সাপেক্ষে আঁতৰাবলৈ সিদ্ধান্ত লোৱা হল।

আৰ বি আয়ে বিভিন্ন স্থিতিমাপৰ অধীনত এই বেংককেইটাৰ কাম-কাজ অহৰহ নিৰীক্ষণ কৰি থাকিব।

জোছ. জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৮-১৯/১৮০৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?