RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78498729

ৰাইজে ১০ টকীয়া ধাতব মুদ্ৰাসমূহ বিধিগ্ৰাহ্য মুদ্ৰা হিচাপে লৈ থাকিব পাৰে : আৰ বি আই

২০ নৱেম্বৰ, ২০১৬

ৰাইজে ১০ টকীয়া ধাতব মুদ্ৰাসমূহ বিধিগ্ৰাহ্য মুদ্ৰা হিচাপে লৈ
থাকিব পাৰে : আৰ বি আই

ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰে টাকশালত প্ৰস্তুত কৰা মুদ্ৰাসমূহ প্ৰচলন কৰে। এইবোৰৰ স্বাতন্ত্ৰ্যসূচক বৈশিষ্ট্যাৱলী আছে। ৰাইজৰ লেনদেনৰ চাহিদা পূৰাবৰ কাৰণে ন-ন মূল্যৰ মুদ্ৰা আৰু বিভিন্ন বিষয়বস্তু অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক প্ৰতিফলিত কৰি ন-ন আৰ্হিৰ মুদ্ৰা সময়ে সময়ে প্ৰচলন কৰা হয়। দীঘলীয়া অবধিৰ বাবে মুদ্ৰাবোৰৰ প্ৰচলন হৈ থকা হেতুকে বিভিন্ন আৰ্হিৰ আৰু বিভিন্ন আকাৰৰ মুদ্ৰাবোৰ একে সময়তে প্ৰচলন হৈ থকাটো নিতান্তই সম্ভব। জুলাই,২০১১ৰ মুদ্রাবোৰত ৰুপী প্ৰতীকটো প্ৰৱৰ্তন কৰাটোও এনে এক পৰিৱৰ্তন। ইয়াৰ এটা উদাহৰণ হ’ল ১০ টকীয়া মুদ্ৰাবোৰত ৰূপী প্ৰতীকটো আছে আৰু একে মূল্যৰ ১০ টকীয়া মুদ্ৰা ৰূপী প্ৰতীক নোহোৱাকৈও আছে। উভয়বিধ মুদ্ৰা বিধিগ্ৰাহ্য মুদ্ৰা আৰু লেনদেনৰ বাবে একে ধৰণে সূচল যদিওবা দুয়োবিধ দেখাত সামান্য সুকীয়া।

একাংশ স্বলপজ্ঞ ব্যক্তি অথবা অজ্ঞ ব্যক্তিয়ে এনেবোৰ মুদ্ৰাৰ যথাৰ্থতাক সন্দেহ কৰি বেপাৰী-দোকানীকে ধৰি সৰ্বসাধাৰণৰ মনত সন্দেহ উপজোৱা অনাহক আশংকা যোগাই দেশৰ কেইটামান সীমাবদ্ধ অঞ্চলত এই মুদ্ৰাবোৰৰ প্ৰচলন বিঘ্নিত কৰা বুলি জনা হৈছে।

ৰিজাৰ্ভ বেংকে ৰাইজক এনে বিভ্ৰান্তমূলক ধাৰণাক প্ৰশ্ৰয় নিদিবলৈ আৰু সেইবোৰক উপেক্ষা কৰি বিনা শংকাই এই মুদ্ৰাবোৰক নিজৰ লেনদেনত বিধিগ্ৰাহ্য মুদ্ৰা হিচাপে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।

এই মুদ্ৰাবোৰৰ বিষয়ে অধিক তথ্যৰ বাবে নিম্নোক্ত লিংকসমূহত যোগাযোগ কৰক- /en/web/rbi/press-releases

২২ জুন, ২০১৬ স্বামী চিন্ময়ানন্দৰ জন্ম শতবাৰ্ষিকী স্মৃতি ৰক্ষাৰ্থে আৰ বি আইয়ে অনতিপলমে ১০ টকীয়া মুদ্ৰা প্ৰচলন কৰিব।
২৮ জানুৱাৰী, ২০১৬ ড০ বি.আৰ. আম্বেদকাৰৰ ১২৫ তম জয়ন্তীৰ স্মৃতি ৰক্ষাৰ্থে ১০ টকীয়া মুদ্ৰা জাৰি
৩০ জুলাই, ২০১৫ আন্তৰ্জাতিক যোগ দিৱসৰ স্মৃতি ৰক্ষাৰ্থে ১০ টকীয়া মুদ্ৰা জাৰি
১৬ এপ্ৰিল, ২০১৫ দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধীৰ প্ৰত্যাগমনৰ শতবৰ্ষ উদযাপন উপলক্ষে ১০ টকীয়া মুদ্ৰা জাৰি
১৭ জুলাই, ২০১৪ কইৰ বোৰ্ডৰ হীৰক জয়ন্তী উপলক্ষে ১০ টকীয়া মুদ্ৰা জাৰি
১৯ আগষ্ট, ২০১৩ শ্ৰীমাতা বিষ্ণু দেৱী শ্ৰাইন বোৰ্ডৰ ৰূপালী জয়ন্তীত ১০ টকীয়া মুদ্ৰা জাৰি
১৪ জুন, ২০১২ ভাৰতৰ সংসদৰ ৬০ বছৰ উপলক্ষে ১০ টকীয়া মুদ্ৰা জাৰি
২২ জুলাই, ২০১১ নতুন শৃংখলা মুদ্ৰাৰ প্ৰচলন জাৰি
১ এপ্ৰিল, ২০১০ প্ৰধানমন্ত্ৰীৰ দ্বাৰা স্মাৰক মুদ্ৰালানিৰ প্ৰচলন শুভাৰম্ভ; বিত্ত মন্ত্ৰীয়ে উদ্বোধন কৰে মিণ্ট ৰোড মাইলষ্টনছ : ৭৫ বৰ্ষত আৰ বি আই
১১ ফেব্ৰুৱাৰী, ২০১০ হোমী ভাভা জন্মশতবাৰ্ষিকী বৰ্ষ উপলক্ষে ১০ টকীয়া মূল্যৰ (দ্বি-ধাতুৰ) স্মাৰক মুদ্ৰাৰ প্ৰচলন জাৰি
২৬ মাৰ্চ, ২০০৯ বিভিন্নতাত একতা মন্ত্ৰৰ নতুন (দ্বি-ধাতুৰ) ১০ টকীয়া মুদ্ৰা
২৬ মাৰ্চ, ২০০৯ সংযোগীত্ব আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰৰ নতুন (দ্বি-ধাতুৰ) ১০ টকীয়া মুদ্ৰাৰ আৰম্ভ।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১২৫৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?