RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78497384

নগদী অৱস্থাৰ জোৰা মাৰিবলৈ আৰ বি আইয়ে ব্যৱস্থাৱলী ঘোষণা কৰিছে

২৬ নৱেম্বৰ, ২০১৬

নগদী অৱস্থাৰ জোৰা মাৰিবলৈ আৰ বি আইয়ে ব্যৱস্থাৱলী ঘোষণা কৰিছে

৫০০ আৰু ১০০০ টকীয়া মুদ্ৰাবৰ্গৰ বেংকনোটৰ (ইয়াৰ পাছত নিৰ্দিষ্ট বেংকনোট এছবিএন হিচাপে উল্লেখিত) বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰৰ লগে লগে ৯ নৱেম্বৰ, ২০১৬ৰ পৰা আৰম্ভ কৰি বেংক আকলনত বিস্তৃতিৰ অনুপাতে জমাভুক্তিৰ পৰিমাণ স্ফীত হৈ অহাত প্ৰণালীত বৃহদাকাৰৰ অতিৰিক্ত নগদী অৱস্থাৰ সৃষ্টি হৈছে। বেংকিং প্ৰণালীত উপলব্ধ ৰাহি নগদী স্থিতিৰ পৰিমাণ সমাগত সপ্তাহটোত অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই ৰাহি নগদী ৰাশিৰ এটা অংশ নিম্নোক্ত ধৰণে সম্পূৰ্ণ সাময়িক ব্যৱস্থা হিচাপে ক্ৰমবৰ্দ্ধমান নগদ আৰক্ষণ অনুপাত (চিআৰআৰ)ত শোষণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছেঃ

(ক) অৱশিষ্ট চূড়ান্ত চাহিদা তথা সময় দেনা (এনডিটিএল)ৰ ৪ শতাংশতে চিআৰআৰ অপৰিৱৰ্তিত ৰখা হৈছে।

(খ) ১৬ ছেপ্টেম্বৰ, ২০১৬ আৰু ১১ নৱেম্বৰ, ২০১৬ৰ মাজৰ এনডিটিএল বৃদ্ধিত সূচীভূক্ত বেংকবোৰে ২৬ নৱেম্বৰ, ২০১৬ৰ পৰা আৰম্ভ হোৱা পষেকটোৰ কাৰ্যকৰী হোৱাকৈ ১০০ শতাংশৰ ক্ৰমবৰ্দ্ধমান চিআৰআৰ অব্যাহত ৰাখিব। অৰ্থনীতিৰ উত্পাদনশীল খণ্ডসমূহৰ ঋণ চাহিদা পূৰাব পৰাকৈ বেংকবোৰত পৰ্যাপ্ত নগদী স্থিতি ৰাখি বেংকিং প্ৰণালীত ঘূৰাই দিয়া এছবিএনৰ অংশ শোষণ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। বেংকিং প্ৰণালীলৈ অহা অতিৰিক্ত নগদী ব্যৱস্থাপনা পৰিগাঠনিৰ ভিতৰত ক্ৰমবৰ্দ্ধমান চিআৰআৰ সাময়িকভাৱে লোৱা ব্যৱস্থা হেতুকে, ৯ ডিচেম্বৰ, ২০১৬ অথবা পূৰ্বে ইয়াৰ পৰ্যালোচনা কৰা হব।

(গ) ৰিজাৰ্ভ বেংক বা কাৰেন্সি চেষ্টবোৰত হাতেজমা এছবিএনবোৰ জমা দিব পৰাকৈ আৰু তাৰ তাত্ক্ষণিক মূল্য পাব পৰাকৈ গেৰাণ্টি স্কীমখন ৰিজাৰ্ভ বেংকে সুকীয়াকৈ পুনৰ সক্ৰিয় কৰিছে। এই ব্যৱস্থাই বেংকবোৰক ক্ৰমবৰ্দ্ধমান চিআৰআৰ অনুসৰণ কৰাটোও সুবিধাজনক কৰিব লাগে।

পৰিচালন-বিৱৰণ বেলেগ পৰিপত্ৰত জাৰী কৰা হব ।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১৩৩৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?