Your session has timed out!
Please login again.
Type of Document:
Function:
Department:
Search by Keyword:
Year:
Month:
From Date:
To Date:
Format:
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভিতৰত বিভিন্ন কাৰ্য্যসমূহৰ বিষয়ে অধিক জানক
back
৭ নৱেম্বৰ, ২০১৬
আৰ বি আইয়ে শ্ৰী এম. ৰাজেশ্বৰ ৰাওক নতুন ই ডি হিচাপে নিযুক্তি দিছে
শ্ৰী জি মহালিংগমে ৰিজাৰ্ভ বেংকৰ পৰা স্বেচ্ছা অৱসৰ লোৱাৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰী এম ৰাজেশ্বৰ ৰাওক নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছে। কাৰ্যবাহী সঞ্চালক হিচাপে শ্ৰীৰাজেশ্বৰ ৰাৱে পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনৱা বিভাগ, ফাইনেন্সিয়েল মাৰ্কেট অপাৰেচন বিভাগ আৰু আন্তৰ্জাতিক বিভাগ চোৱাচিতা কৰিব। কাৰ্যবাহী সঞ্চালক হিচাপে যোগদানৰ পূৰ্বে শ্ৰীৰাও ফাইনেন্সিয়েল মাৰ্কেট পৰিচালনা বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক আছিল।
শ্ৰীৰাজেশ্বৰ ৰাও অৰ্থনীতিৰ স্নাতক আৰু কেচিন বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ অব বিজনেছ এডমিনিষ্ট্ৰেচনৰ ডিগ্ৰীধাৰী। তেওঁ ভাৰতীয় বেংকাৰ্চ প্ৰতিষ্ঠানৰো চাৰ্টিফিকেটেড এছোচিয়েট।
শ্ৰীৰাজেশ্বৰ ৰাৱে ১৯৮৪ চনত ৰিজাৰ্ভ বেংকত যোগদান কৰে আৰু চেণ্ট্ৰেল বেংকৰ একান্ত কৰ্মজীৱনত চেণ্ট্ৰেল বেংকৰ বিভিন্ন দিশৰ কৰ্মক্ষেত্ৰত তেওঁ অভিজ্ঞতা অৰ্জিছে। ইয়াৰ পূৰ্বে ৰিস্ক মেনেজমেণ্ট বিভাগটো চম্ভালিছিল। বেংকিং লোকপাল, নতুন দিল্লী হিচাপে কাম কৰা শ্ৰীৰাৱে আহমেদাবাদ, হায়দৰাবাদ, চেন্নাই আৰু নতুন দিল্লীস্থিত ৰিজাৰ্ভ বেংকৰ আঞ্চলিক কাৰ্যালয়বোৰতো কাৰ্যনিৰ্বাহ কৰিছিল।
আল্পনা কিল্লাৱালা সহকাৰী উপদেষ্টা
প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১২৭
ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!
এই পৃষ্ঠাটোৰ বিষয়ে আপুনি কি ভাবেথিলে?* (অধিকতম 2000টা আখৰ)
কেপট্চা কোড প্ৰবিষ্ট কৰক*: