RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491776

আৰ বি আয়ে শ্ৰীমতী মালবিকা সিনহাক নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছে

৫ এপ্ৰিল, ২০১৭

আৰ বি আয়ে শ্ৰীমতী মালবিকা সিনহাক নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, শ্ৰী বি পি কানুনগোক ৩ এপ্ৰিল, ২০১৭ত ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্তিৰ অনুৱৰ্তী হিচাপে শ্ৰীমতী মালবিকা সিনহাক কাৰ্যবাহী সঞ্চালক (ই ডি) নিযুক্ত কৰিছে। শ্ৰীমতী মালবিকা সিনহাই ৩ এপ্ৰিল, ২০১৭ত কাৰ্যভাৰ গ্ৰহণ কৰে।

কাৰ্যবাহী সঞ্চালক হিচাপে শ্ৰীমতী সিনহাই বিদেশী বিনিময় মুদ্ৰা বিভাগ, চৰকাৰ তথা বেংক একাউণ্ট বিভাগৰ লগতে আভ্যন্তৰীণ কৰ্জা বিভাগ চোৱাচিতা কৰিব।

শ্ৰীমতী মালবিকা সিনহাৰ বম্বে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী আছে আৰু ৰাজহুৱা প্ৰশাসনত মাষ্টাৰ কৰিছে। তেওঁ ভাৰতীয় বেংকাৰ্ছ প্ৰতিষ্ঠানৰো চাৰ্টিফাইড এছোচিয়েট।

এগৰাকী কেৰিয়াৰ চেণ্ট্ৰেল বেংকাৰ হিচাপে ১৯৮২ চনত ৰিজাৰ্ভ বেংকত যোগদান কৰা শ্ৰীমতী সিনহাই বিনিময় আৰু তদাৰক, বিদেশী বিনিময় আৰু চৰকাৰ তথা বেংক একাউণ্টৰ দৰে ৰিজাৰ্ভ বেংকৰ ক্ষেত্ৰসমূহত সেৱা আগবঢ়াই আহিছে। ই ডিলৈ পদোন্নতি লাভৰ পূৰ্বে শ্ৰীমতী সিনহাই ৰিজাৰ্ভ বেংকৰ সমবায় বেংকিং তদাৰকী বিভাগত প্ৰধান মুখ্য মহাপ্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৮২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?