RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78475595

আৰ বি আয়ে শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, পুণে, মহাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে

৮ ফেব্ৰুৱাৰী,২০১৭

আৰ বি আয়ে শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ,
পুণে, মহাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, পুণে মহাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ৭ ফেব্ৰুৱাৰী, ২০১৭ত ব্যৱসায় সামৰণিৰ পৰা এই আদেশ কাৰ্যকৰী হৈছে। সমবায় সমিতিসমূহৰ পঞ্জীয়ক, মহাৰাষ্ট্ৰকো বেংকটোৰ ব্যৱসায় বন্ধ কৰাৰ বাবে এটা আদেশ দিবলৈ আৰু এক লিকুইডেটৰ নিযুক্ত কৰিবলৈ অনুৰোধ কৰা হৈছে।

ৰিজাৰ্ভ বেংকে বেংকটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে যিহেতুঃ

  • বেংকটোৱে বেংকিং বিনয়ম (বি আৰ) আইন,১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ১১(১) আৰু ১৮ৰ অন্তৰ্গত উপবন্ধবোৰ মানি চলা নাছিল।

  • বৰ্তমানৰ আৰু ভৱিষ্যতৰ জমাকাৰীসকল আৰু জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতিকূল ধৰণে, আৰু বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ২২(৩)(ক), ২২(৩)(খ), ২২(৩)(গ), ২২(৩)(ঘ), ২২(৩)(ঙ) আৰু ২৪ উলংঘন কৰি ইয়াৰ কাৰ্যপৰিচালনা সম্পাদন কৰা হৈছিল।

  • ইয়াৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ জমাকাৰীসকলক তেওঁলোকৰ দাবী উদ্ভুত হোৱাৰ সময়ত সম্পূৰ্ণ প্ৰদান কৰাৰ স্থিতি বেংকটোৰ নাছিল।

  • বেংকটোৰ বিত্তীয় অৱস্থাই ইয়াৰ পুৰুজ্জ্বীৱিত কৰাৰ কোনো অৱকাশ ৰখা নাছিল।

  • আৰু আগলৈ বেংকটোক বেংকিং ব্যৱসায় চলাই যাবলৈ অনুমতি দিলে ৰাজহুৱা স্বাৰ্থৰ বিৰূপ ক্ষতি সাধন হ’ব।

ইয়াৰ অনুজ্ঞাপত্ৰখন বাতিলকৰণৰ পৰিণাম স্বৰূপে, শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, পুণে, মহাৰাষ্ট্ৰক বি আৰ আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৫(খ)ত আৰোপিত সংজ্ঞা মতে বেংকিঙৰ ব্যৱসায় চলাই যোৱাৰ পৰা তত্কালে কাৰ্যকৰী হোৱাকৈ বাৰণ কৰা হ’ল।

অনুজ্ঞাপত্ৰ বাতিল আৰু অৱসায়ন প্ৰক্ৰিয়া সূচনা হোৱাৰ লগে লগে শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, পুণে, মহাৰাষ্ট্ৰৰ জমাকাৰীসকলক প্ৰদান প্ৰক্ৰিয়াটো জমা বীমা তথা ঋণ গেৰাণ্টি নিগম (ডি আই চি জি চি) আইন, ১৯৬১ অনুযায়ী পৰিচালিত হ’ব। অৱসায়নত প্ৰতিগৰাকী জমাকাৰী, জমা বীমা তথা ঋণ গেৰাণ্টি নিগম (ডি আই চি জি চি)ৰ পৰা স্বাভাৱিক চৰ্তাৱলী মতে তেওঁৰ জমাসমূহৰ পৰা ১,০০,০০০ (এক লাখ) টকা পৰ্যন্ত আৰ্থিক সীমালৈ পৰিশোধ লাভৰ যোগ্য হ’ব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১৩৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?