আৰ বি আয়ে শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক & - আৰবিআই - Reserve Bank of India
আৰ বি আয়ে শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, পুণে, মহাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে
৮ ফেব্ৰুৱাৰী,২০১৭ আৰ বি আয়ে শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, পুণে মহাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ৭ ফেব্ৰুৱাৰী, ২০১৭ত ব্যৱসায় সামৰণিৰ পৰা এই আদেশ কাৰ্যকৰী হৈছে। সমবায় সমিতিসমূহৰ পঞ্জীয়ক, মহাৰাষ্ট্ৰকো বেংকটোৰ ব্যৱসায় বন্ধ কৰাৰ বাবে এটা আদেশ দিবলৈ আৰু এক লিকুইডেটৰ নিযুক্ত কৰিবলৈ অনুৰোধ কৰা হৈছে। ৰিজাৰ্ভ বেংকে বেংকটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে যিহেতুঃ
ইয়াৰ অনুজ্ঞাপত্ৰখন বাতিলকৰণৰ পৰিণাম স্বৰূপে, শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, পুণে, মহাৰাষ্ট্ৰক বি আৰ আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৫(খ)ত আৰোপিত সংজ্ঞা মতে বেংকিঙৰ ব্যৱসায় চলাই যোৱাৰ পৰা তত্কালে কাৰ্যকৰী হোৱাকৈ বাৰণ কৰা হ’ল। অনুজ্ঞাপত্ৰ বাতিল আৰু অৱসায়ন প্ৰক্ৰিয়া সূচনা হোৱাৰ লগে লগে শ্ৰী ছত্ৰপতি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, পিম্পল নিলাখ, পুণে, মহাৰাষ্ট্ৰৰ জমাকাৰীসকলক প্ৰদান প্ৰক্ৰিয়াটো জমা বীমা তথা ঋণ গেৰাণ্টি নিগম (ডি আই চি জি চি) আইন, ১৯৬১ অনুযায়ী পৰিচালিত হ’ব। অৱসায়নত প্ৰতিগৰাকী জমাকাৰী, জমা বীমা তথা ঋণ গেৰাণ্টি নিগম (ডি আই চি জি চি)ৰ পৰা স্বাভাৱিক চৰ্তাৱলী মতে তেওঁৰ জমাসমূহৰ পৰা ১,০০,০০০ (এক লাখ) টকা পৰ্যন্ত আৰ্থিক সীমালৈ পৰিশোধ লাভৰ যোগ্য হ’ব। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১৩৩ |