RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78495718

আৰ বি আয়ে শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা- নান্দেড, মহাৰাষ্ট্ৰৰ অনুজ্ঞা বাতিল কৰিছে

৩০ ডিচেম্বৰ,২০১৬

আৰ বি আয়ে শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা- নান্দেড,
মহাৰাষ্ট্ৰৰ অনুজ্ঞা বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা- নান্দেড, মহাৰাষ্ট্ৰৰ অনুজ্ঞা বাতিল কৰিছে। ২৮ ডিচেম্বৰ, ২০১৬ৰ ব্যৱসায় সামৰাৰ পৰৰ পৰা এই আদেশ কাৰ্যকৰী হৈছে। বেংকটোৰ ব্যৱসায় বন্ধ কৰিবলৈ আৰু এক লিকুইডেটৰ নিযুক্ত কৰিবলৈ সমবায় সমিতিসমূহৰ পঞ্জীয়ক, মহাৰাষ্ট্ৰকো অনুৰোধ কৰা হৈছে।

ৰিজাৰ্ভ বেংকে বেংকটোৰ অনুজ্ঞা বাতিল কৰিছে যিহেতু-

০. বেংকিং বিনিয়ম আইন (বি আৰ এক্ট) ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ১১(১)ৰ অধীনত নিৰ্দ্ধাৰণ কৰা ন্যূনতম মূলধন আৰু সংৰক্ষিত পুঁজি আৱশ্যকতাখিনি বেংকটোৱে মানি চলা নাই।

০. বৰ্তমানৰ আৰু ভৱিষ্যতৰ জমাকৰ্তাসকলৰ আৰু জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতিকূলে আৰু বি আৰ আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ১১ আৰু ২২(৩) উলংঘা কৰি ইয়াৰ কাৰ্য পৰিচালনা সম্পাদিত হৈছে।

০. বেংকটোৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ জমাকৰ্তাসকলক প্ৰদেয় ৰাশি বিচৰা মাত্ৰে শোধ কৰাৰ স্থিতি বেংকটোৰ নাই।

০. বেংকটো পুনৰুজ্জ্বীৱিত কৰিবৰ বাবে বেংকটোৰ বিত্তীয় স্থিতিয়ে অৱকাশ ৰখা নাই।

০. বেংকটোক আৰু অধিক বেংকিং ব্যৱসায় চলাই যাবলৈ দিলে ৰজহুৱা স্বাৰ্থত বিপুল ক্ষতি হব।

ইয়াৰ অনুজ্ঞা বাতিলকৰণৰ পৰিণামস্বৰূপে, শ্ৰী সাই আৰবান কো-অপৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা- নান্দেড, মহাৰাষ্ট্ৰক তত্কালে কাৰ্যকৰী হোৱাকৈ বি আৰ আইন, ১৯৪৯(এ এ চি এছ)ৰ ধাৰা ৫(খ)ত সংজ্ঞাৰোপিতমতে বেংকিঙৰ ব্যৱসায় চলাই যোৱাৰ পৰা বাৰণ কৰা হৈছে।

অনুজ্ঞা বাতিলকৰণ আৰু লিকুইডেশ্বন কাৰ্যব্যৱস্থা আৰম্ভৰ লগে লগে শ্ৰী সাই কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা- নান্দেড, (মহাৰাষ্ট্ৰ)ৰ জমাকৰ্তাসকলক প্ৰদান প্ৰক্ৰিয়া, জমা বীমা তথা ঋণ গেৰাণ্টি নিগম (ডি আই চি জি চি) আইন, ১৯৬১ অনুযায়ী প্ৰযোজ্য হব। লিকুইডেশ্বন হোৱাত প্ৰতিগৰাকী জমাকৰ্তা, জমা বীমা তথা গেৰাণ্টি নিগম (ডি আই চি জি চি)ৰ পৰা স্বাভাৱিক চৰ্তাৱলী মতে সৰ্বোচ্চ সীমা ১,০০,০০০ (এক লাখ) টকা পৰ্যন্ত নিজ নিজ একাউণ্টৰ পৰা পৰিশোধযোগ্য হব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৭২২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?