RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78505453

আৰবিআয়ে ইয়াৰ নামত ভূৱা বেৱছাইটবোৰৰ বিষয়ে সকিয়াই দিছে

৮ ফেব্ৰুৱাৰী, ২০১৮

আৰবিআয়ে ইয়াৰ নামত ভূৱা বেৱছাইটবোৰৰ বিষয়ে সকিয়াই দিছে

একাংশ অজ্ঞাত ব্যক্তিয়ে URL www.indiareserveban.org সহকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূৱা ৱেবছাইট এটা খোলাটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দৃষ্টিগোচৰ হৈছে। ভূৱা বেৱছাইটোৰ বিন্যাসটো মূল আৰবিআই ৱেবছাইটৰ সৈতে সাদৃশ্য থকা। ভূৱা ৱেবছাইটটোৰ হ’মপেজত ‘Bank verification with online account holders’ ৰ বাবে ব্যৱস্থা এটাও আছে যিটো নেকি, বেংকৰ গ্ৰাহকসলৰ ব্যক্তিগত আৰু গোপনীয় বেংকিং বিৱৰণবোৰ অসত্ অভিপ্ৰায়েৰে লাভ কৰিবলৈ সৃষ্টি কৰা যেন লাগে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ কেন্দ্ৰীয় বেংক হিচাপে, ই ব্যক্তিৰ বাবে কোনো একাউণ্ট নাৰাখে আৰু বেংক একাউণ্টৰ বিৱৰণ পাছৱৰ্ড আদি ব্যক্তিগত তথ্যবোৰ কদাপিও নিবিচাৰে। ৰিজাৰ্ভ বেংকে জনসাধাৰণক সকিয়াই দিয়ে যে এনে ৱেবছাইটত অনলাইন সঁহাৰি জনালে গুৰুত্বপূৰ্ণ ব্যক্তিগত তথ্যক ফাণ্ডত পেলাবগৈ পাৰে, যাৰ অপপ্ৰয়োগ কৰি তেওঁলোলকৰ বিত্তীয় আৰু অন্যান্য ক্ষতি ঘটাব পাৰে।

অধিকন্তু, www.rbi.org, www.rbi.in আদিৰ দৰে ৱেবছাইটৰ অৱস্থানৰ বিষয়ে ৰাইজক সাৱধান কৰি দিয়া হল। এই URL বোৰ দেখাত আৰ বি আই ৱেবছাইটৰ নিচিনা। পিছে, এইবোৰ ৱেৱছাইট, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আনুগত্য থকা নহয়। এনেবোৰ ৱেবছাইট এক্সেছ কৰা আৰু সেইবিলাকত যিকোনো তথ্য দিয়াৰ বেলিকা সতৰ্ক হবলৈ ৰাইজক দিহা দিয়া হ’ল।

জোছ জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৭-২০১৮/২১৬৬


সংশ্লিষ্ট প্ৰেছ বিজ্ঞপ্তি/অধিসূচনাসমূহ
১১ এপ্ৰিল, ২০১৫ ‘All Bank Balance Enquiry’ সম্পৰ্কত আৰবিআইৰ সকিয়নি
১ জানুৱাৰী, ২০১৫ Multi Level Marketing Activities ৰ বিৰুদ্ধে ৰাইজক আৰবিআইৰ সকিয়নি
২১ নৱেম্বৰ, ২০১৪ আৰবিআইৰ নামত ক্ৰেডিট কাৰ্ডঃ আৰবিআইৰ নামত প্ৰৱঞ্চনাৰ নবতম কৌশলৰ বিষয়ে পুনৰবাৰ আৰিবআইৰ সকিয়নি
২৬ মে, ২০১৪ আৰিবআইএ ইয়াৰ নামত ভূৱা ৱেবছাইটৰ বিষয়ে সকিয়াইছে
১৫ অক্টোৱৰ, ২০১২ আৰিবআইৰ নামত অহা phishing mail ত সঁহাৰি নিদিবলৈ ৰাইজক আৰবিআইৰ সতৰ্কীকৰণ
১৪ চেপ্তেম্বৰ, ২০১২ আপোনাৰ ইণ্টাৰনেট বেংকিং একাউণ্ট বিৱৰণ বিছৰা মেইলত সঁহাৰি নিদিব - আৰবিআইএ ৰাইজক সকিয়াই দিছে।
২১ মে, ২০১২ ফিশ্বিং মেইল সম্পৰ্কত আৰবিআইৰ সতৰ্কীকৰণ
৬ ফ্ৰেব্ৰুৱাৰী, ২০১২ কপটীয়া প্ৰস্তাৱৰ বিৰুদ্ধে ৰাইজক আৰবিআইৰ পুনৰ সকিয়নী
৫ এপ্ৰিল, ২০১১ আৰিবআইএ কদাপিও আপোনাৰ বেংক একাউণ্ট তথ্যপাতি নিবিছাৰে
১৫ ফেব্ৰুৱাৰী, ২০১১ বিদেশৰ পৰা বৃহত পৰিমাণৰ ধন পোৱাৰ কাৰণে কাকো টকা নিদিব - আৰিবআইৰ দিহা
২৮ মে, ২০১০ পূজি হস্তান্তৰৰ বাবে প্ৰস্তাৱ আগবঢ়োৱাৰ কপটীয়া বাৰ্তাৰ চিকাৰ নহবঃ আৰবিআইৰ দিহা
২৬ মে, ২০১০ লটাৰী, টকা প্ৰচলন আঁচনি, সহজ পূজি আদিৰ অন্যান্য কপটীয়া প্ৰস্তাৱত অংশগ্ৰহণৰ বাবে টকা প্ৰেৰণ
৩০ জুন, ২০০৯ কপটীয়া প্ৰস্তাৱ-লটাৰী জিকা, সহজ পূজি আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি সাৱধান হব
৭ ডিচেম্বৰ, ২০০৭ বিদেশৰ পৰা সহজ পূজি প্ৰেৰণৰ বিষয়ে আগবঢ়োৱা ভূৱা-প্ৰস্তাৱৰ বিৰুদ্ধে ৰাইজক আৰবিআইএ সতৰ্ক কৰি দিছে।

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?