নকল ই-মেইলৰ বিষয়ে আৰ বি আইৰ সতৰ্কীকৰণ - আৰবিআই - Reserve Bank of India
নকল ই-মেইলৰ বিষয়ে আৰ বি আইৰ সতৰ্কীকৰণ
৪ জুলাই, ২০১৮ নকল ই-মেইলৰ বিষয়ে আৰ বি আইৰ সতৰ্কীকৰণ ভাৰতীয় ৰিজাৰ্ভ বেংকে, আৰ বি আইৰ নামটো ব্যৱহাৰ কৰি অসাধু চক্ৰই চলাই থকা কাৰ্যকলাপ আৰু সৰ্বসাধাৰণ ৰাইজক প্ৰৱঞ্চনা কৰাৰ বিষয়ে সময়ে সময়ে সতৰ্ক কৰি আহিছে। এনে শক্তিবোৰে আৰ বি আইৰ জাল লেটাৰ হেড ব্যৱহাৰ কৰে, আৰ বি আইৰ কৰ্মচাৰী বুলি ভুৱা পৰিচয় দি ই-মেইল পঠিয়ায় আৰু জনসাধাৰণক মিছাকৈ ধন দিয়াৰ/ লটাৰী জিকাৰ/অন্য দেশৰ পৰা বিদেশী মুদ্ৰাত সস্তাতে পুঁজি স্থানান্তৰৰ প্ৰলোভন দিয়ে। লক্ষ্য কৰি লোৱা লোকক কাৰেন্সি প্ৰচেছিং ফিজ, বিদেশী মুদ্ৰা সলনি কৰাৰ মাচুল, আগতীয়া প্ৰদান আদি দিবলৈ কোৱা হয়। এনে নকল ই-মেইলৰ বিষয়ে জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আৰ বি আয়ে ৰাজহুৱা সজাগতা অভিযানৰ যোগেদি ৰাইজলৈ ই-মেইলযোগে, বিজ্ঞাপন প্ৰচাৰ আৰু সজাগতা চলচ্চিত্ৰ প্ৰচাৰৰ দৰে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰ বি আয়ে নিম্নোক্তখিনি পুনৰবাৰ দোহাৰে-
এনে ব্যক্তি/ সত্ত্বাৰ পৰা পোৱা কোনো যোগাযোগৰ সঁহাৰি নিদিবলৈ আৰু আৰ বি আইৰ নামত অহা প্ৰৱঞ্চনামূলক ই-মেইলত ভোল নাযাবলৈ জনসাধাৰণক আহ্বান জনোৱা হল। জোছ. জে. কাট্টুৰ প্ৰেছ বিজ্ঞপ্তি – ২০১৮-১৯/৩৪
|