অকৰ্তৃত্বশীল বিদেশী মুদ্ৰা ক্ৰয়-বিক্ৰয় প্লú - আৰবিআই - Reserve Bank of India
অকৰ্তৃত্বশীল বিদেশী মুদ্ৰা ক্ৰয়-বিক্ৰয় প্লেটফৰ্মৰ বিৰুদ্ধে আৰ বি আইৰ সকিয়নী
ফেব্ৰুৱাৰী ৩, ২০২২ অকৰ্তৃত্বশীল বিদেশী মুদ্ৰা ক্ৰয়-বিক্ৰয় প্লেটফৰ্মৰ বিৰুদ্ধে আৰ বি আইৰ সকিয়নী অকৰ্তৃত্বশীল ইলেকট্ৰনিক ট্ৰেডিং প্লেটফৰ্ম (ETP)বোৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম, চাৰ্ছ ইঞ্জিন, অভাৰ দ্য টপ (OTP) প্লেটফৰ্ম, গেমিং এপকে ধৰি বিভিন্ন মাধ্যমত ভাৰতীয় আৱাসীক বিদেশী মুদ্ৰা ক্ৰয়-বিক্ৰয়ৰ সুবিধা আগবঢ়াই বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াটো ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ দৃষ্টিগোচৰ হৈছে। এনেবোৰ ইটিপিএ নিয়োজিত কৰা এজেণ্টে সহজ বিশ্বাসী লোকসকলক ব্যক্তিগতভাৱে লগ ধৰি বিদেশী মুদ্ৰা বিনিময়/ বিনিয়োগ আঁচনিবোৰত টকা খটুৱাবলৈ কৈ সামঞ্জস্যহীন আৰু অতিমাত্ৰা প্ৰতিফল (ৰিটাৰ্ণ) পাব বুলি প্ৰলোভন দিয়াৰ বিষয়েও জ্ঞাপন পোৱা গৈছে। অধিুকন্তু, এনে অকৰ্তৃত্বশীল ইটিপি/পৰ্টেলবোৰৰ দ্বাৰা প্ৰৱঞ্চনা সংঘটিত হোৱা আৰু বহু আৱাসীয়ে এনে বেপাৰ/আঁচনিৰ যোগেদি নিজৰ টকা হেৰুওৱাৰ ঘটনাৰ বিষয়েও জ্ঞাত হৈছে। স্পষ্ট কৰি দিয়া হয় যে আৱাসী ব্যক্তিয়ে কেৱল কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ যোগেদিহে আৰু অনুমতিপ্ৰাপ্ত উদ্দেশ্যতহে বিদেশী মুদ্ৰা ব্যৱস্থাপনা আইন, ১৯৯৯ (FEMA) অনুযায়ী বিদেশী মুদ্ৰাৰ লেনদেন কৰিব পাৰে। অনুমতিপ্ৰাপ্ত বিদেশী মুদ্ৰা লেনদেন ইলেকট্ৰনিক পদ্ধতিৰে সম্পাদন কৰিব পৰা হয় যদিও, আৰ বি আইৰ দ্বাৰা নিৰ্দিষ্ট উদ্দেশ্যত কৰ্তৃত্বপ্ৰাপ্ত ইটিপিবোৰৰ যোগেদিহে অথবা আৰ বি আই-এ সমেয় সময়ে নিৰ্ধাৰণ কৰি দিয়া চৰ্ত সাপেক্ষে, স্বীকৃতিপ্ৰাপ্ত ষ্টক এক্সচেঞ্জবোৰ (নেশ্যনেল ষ্টক এক্সচেঞ্জ অব ইণ্ডিয়া লিমিটেড, বি এছ টি ই লিমিটেড আৰু মেট্ৰপলিটান ষ্টক এক্সচেঞ্জ অব ইণ্ডিয়া লিমিটেড)ৰ যোগেদিহে এনে লেনদেনবোৰ কৰিব লাগিব। এইটোও স্পষ্ট কৰি দিয়া হয় যে বিদেশী এক্সচেঞ্জবোৰ/বিদেশী কাউণ্টাৰ পাৰ্টিবোৰলৈ মাৰ্জিন হিচাপে ধন প্ৰেৰণ কৰাটো, FEMAৰ অন্তৰ্গত নিৱদ্ধ Liberalised Remittance Scheme (LRS) অনুযায়ী অনুমতি সাধ্য নহয়। Authorised Persons আৰু Authorised ETPবোৰৰ তালিকা এখন আৰ বি আই ৱেবছাইটত উপলব্ধ। বিদেশী মুদ্ৰা লেনদেন সম্পৰ্কীয় frequently asked questions (FAQs) এলানিও ৰাইজৰ সাধাৰণ নিৰ্দেশনাৰ বাবে ৱেবছাইটটোত দিয়া হৈছে। অকৰ্তৃত্বশীল ইটিপিযোগে বিদেশী মুদ্ৰা লেনদেন নকৰিবলৈ বা এনে অকৰ্তৃত্বশীল লেনদেনৰ বাবে টকা প্ৰেৰণ/জমা নিদিবলৈ আৰ বি আই-এ ৰাইজক সতৰ্ক কৰি দিয়ে। FEMAৰ অন্তৰ্গত অনুমতি প্ৰদত্ত উদ্দেশ্যবোৰৰ বাহিৰে অন্য উদ্দেশ্যত অথবা আৰ বি আইৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান নকৰা ইটিপিবোৰত বিদেশী মুদ্ৰা লেনদেন কৰা আৱাসী ব্যক্তিসকলে নিজেই নিজকে এফ ই এম এ(FEMA)ৰ অন্তৰ্গত দণ্ডাৰ্হ কৰিব। (যোগেশ দয়াল) প্ৰেছ বিজ্ঞপ্তি – ২০২১-২০২২/১৬৬০ |