আৰবিআইয়ে স্পষ্ট কৰে যে ছিআইএছএফয়ে আটক কৰা লোকজন আৰবিআইৰ কৰ্মচাৰী নহয় ।
২০ জানুৱাৰী, ২০১৮ আৰবিআইয়ে স্পষ্ট কৰে যে ছিআইএছএফয়ে আটক কৰা লোকজন আৰবিআইৰ কৰ্মচাৰী নহয় । একাংশ প্ৰচাৰ মাধ্যমত প্ৰকাশ যে দেৱাছৰ নোট ছপাশালৰ পৰা মুদ্ৰিত নোট চুৰি কৰোঁতে আৰবিআইৰ বিষয়া এজনক ছিআইএছএফইয়ে আটক কৰিছে। স্পষ্টীকৰণ দিয়া হৈছে যে বেংক নোট ছপাশাল (BNP), দেৱাছ ছিকিউৰিটি প্ৰিন্টিং এন্ড মিন্টিং কোৰ্পোৰেছন লি:ৰ এটা অংশ যি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীন্স্থ নহয়্। আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোনো বিষয়া বেংক নোট ছপাশাল (BNP), দেৱাছত আসীন নহয়। এই বাতৰিৰ কোনো সত্যতা নাই। আৰবিআইয়ে খেদ প্ৰকাশ কৰে যে এই বাতৰি প্ৰকাশ কৰাৰ আগতে ইয়াৰ সত্যতা নিৰুপিত হোৱা নাছিল । জোচ জে কট্টুৰ প্ৰেছ বিজ্ঞপ্তি : ২০১৭-২০১৮/১৯৯১ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: