RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492170

গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, চেকেন্দেৰাবাদক জাৰি কৰা নিৰ্দেশ আৰ বি আইয়ে ৪ এপ্ৰিল,২০১৭লৈ সম্প্ৰসাৰিত কৰিছে

৫ অক্টোবৰ, ২০১৬

গোকুল কো-অপাৰেটিভ আৰবান
বেংক লিমিটেড, চেকেন্দেৰাবাদক জাৰি কৰা নিৰ্দেশ আৰ বি আইয়ে ৪ এপ্ৰিল,২০১৭লৈ
সম্প্ৰসাৰিত কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰাজহুৱা স্বাৰ্থত অনুকুলতাৰে বিবেচনা কৰি গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, চেকেন্দেৰাবাদক জাৰি কৰা নিৰ্দেশৰ বৈধতা অধিক ছমাহৰ বাবে সম্প্ৰসাৰিত কৰাটো সমীচিন বুলি প্ৰতিতী লভিছে। সেইমতে ৰিজাৰ্ভ বেংকে ইয়াক বেংকিং বিনিয়ম আইন,১৯৪৯ৰ ধাৰা ৩৫কৰ উপধাৰা (১)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি (সমবায় সমিতিত প্ৰযোজ্য হেতুকে) নিৰ্দেশ জাৰি কৰে যে গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, চেকেন্দেৰাবাদক ৪ এপ্ৰিল,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা নিৰ্দেশনা, পৰ্যালোচনা সাপেক্ষে, ৪ এপ্ৰিল,২০১৭লৈকে আৰু ছমাহ সময়ৰ বাবে প্ৰযোজ্য হৈ থাকিব।

উল্লেখিত নিৰ্দেশৰ অধীনত আৰোপ কৰা অন্যান্য চৰ্তাৱলী অপৰিৱৰ্তিত থাকিব।

তাৰিখ ৩০ ছেপ্টেম্বৰ,২০১৬ৰ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/৮৬৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?