RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78489501

আৰ বি আইয়ে আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড., বেংগালুৰুক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

৪ জানুৱাৰী,২০১৭

আৰ বি আইয়ে আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড., বেংগালুৰুক জাৰি কৰা
নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

ইয়াৰদ্বাৰা জনসাধাৰণৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ভাৰতীয় ৰিজাৰ্ভ বেংক এই বিষয়ত পতিয়ন গৈছে যে ৰাজহুৱা স্বাৰ্থত আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড, বেংগালুৰুক জাৰি কৰা নিৰ্দেশনা দিনাংক ১ এপ্ৰিল, ২০১৩ সমন্বিতে পৰৱৰ্ত্তী নিৰ্দেশনাসমূহৰ অন্তিমটো দিনাংক ২৯ জুন, ২০১৬ৰ কাৰ্যপৰিচালনাৰ সময় আৰু ছমাহৰ বাবে সম্প্ৰসাৰিত কৰাটো আৱশ্যক হৈছে।

তদনুযায়ী ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) ধাৰা ৩৫(ক)ৰ উপ-ধাৰা (১)ৰ অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে আমানাথ কো-অপাৰেটিভ সমবায় বেংক লিমিটেড, বেংগালুৰুক জাৰি কৰা দিনাংক ১ এপ্ৰিল, ২০১৩ৰ নিৰ্দেশনাটো, যিটো সময়ে সময়ে সালসলনি কৰি অহা হৈছে আৰু যাৰ প্ৰযোজ্যতা অন্তিমবাৰ ৪ জানুৱাৰী, ২০১৭লৈ সম্প্ৰসাৰিত কৰা হৈছিল, সেয়া ৫ জানুৱাৰী, ২০১৭ৰ পৰা ৪ জুলাই, ২০১৭লৈ পুনৰ ছমাহৰ বাবে পুনৰীক্ষণ সাপেক্ষে বেংকটোত প্ৰযোজ্য হব।

সংশ্লিষ্ট নিৰ্দেশনাটোৰ অন্যান্য চৰ্তাৱলী অপৰিৱৰ্তিত থাকিব।

আৰ বি আয়ে জাৰি কৰা উক্ত নিৰ্দেশনাসমূহৰ সন্দৰ্ভত আপাতত বেংকটোৰ বেংকিং অনুজ্ঞা আৰ বি আয়ে বাতিল কৰিছে বুলি বুজিব নালাগে। বেংকটোৱে ইয়াৰ বিত্তীয় স্থিতি উন্নতি নোহোৱা পৰ্যন্ত সীমাবদ্ধতাৰে বেংকিং ব্যৱসায় চলাই যাব। পৰিস্থিতি সাপেক্ষে ৰিজাৰ্ভ বেংকে এই নিৰ্দেশনাসমূহ সালসলনি কৰাটো বিবেচনা কৰিব পাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৭৭৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?