RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494424

আৰ বি আয়ে নাশ্বিক জিল্লা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাশ্বিক মহাৰাষ্ট্ৰক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

৯ মাৰ্চ, ২০১৭

আৰ বি আয়ে নাশ্বিক জিল্লা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাশ্বিক মহাৰাষ্ট্ৰক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

নাশ্বিক জিল্লা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাশ্বিক মহাৰাষ্ট্ৰ, দিনাংক ৮ ছেপ্টেম্বৰ, ২০১৫ৰ নিৰ্দেশনাযোগে ৯ ছেপ্টেম্বৰ, ২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰা নিৰ্দেশনাধীন হৈ আছিল। নিৰ্দেশনাটোৰ বৈধতা দিনাংক ৩ মাৰ্চ, ২০১৬ আৰু ২৫ আগষ্ট, ২০১৬ৰ নিৰ্দেশযোগে ছয় মহীয়া অবধিৰ বাবে দুবাৰ সম্প্ৰসাৰিত কৰা হৈছিল। ইয়াৰ উপৰিও বেংকটোক ২৬ ডিচেম্বৰ, ২০১৬ৰ নিৰ্দেশযোগে সাৱধি জমাসমূহৰ বিপৰীতে ঋণ ঘূৰাই লবলৈ আৰু কেইটামান চৰ্ত সাপেক্ষে মানস্বৰূপ কেশ্ব ক্ৰেডিট একাউণ্টবোৰ নবীকৰণ কৰিবলৈ অনুমতি দিয়া হৈছিল। ইয়াৰ দ্বাৰা ৰাইজক জ্ঞাপন কৰা হয় যে দিনাংক ২৫ আগষ্ট, ২০১৬ৰ সৈতে পঠিত দিনাংক ৩ মাৰ্চ,২০১৬, ২৫ আগষ্ট, ২০১৬ আৰু ২৬ ডিচেম্বৰ, ২০১৬ৰ নিৰ্দেশটোৰ পৰিচালন অবধি ১০ মাৰ্চ, ২০১৭ৰ পৰা ৯ ছেপ্টেম্বৰ, ২০১৭লৈ অধিকতৰ ছমাহ অবধিৰ বাবে আমাৰ দিনাংক ৭ মাৰ্চ, ২০১৭ৰ নিৰ্দেশযোগে সম্প্ৰসাৰিত কৰা হৈছে।

সংশ্লিষ্ট নিৰ্দেশটোৰ অন্যান্য চৰ্তাৱলী অপৰিৱৰ্তিত থাকিব।

এই সম্প্ৰসাৰণ অধিসূচীত কৰি জাৰি কৰা দিনা্ংক ৭ মাৰ্চ, ২০১৭ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়িবৰ কাৰণে বেংকটোৰ চৌহদত প্ৰদৰ্শিত হব।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ওপৰোক্ত সম্প্ৰসাৰণক আপাতদৃষ্টিত বেংকটোৰ বিত্তীয় অৱস্থাৰ বাস্তৱিক উন্নতি সাধনত ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে বুলি ধৰি লব নালাগে।

অনিৰুদ্ধ ডি যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪০১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?