আৰ বি আয়ে ৰুপী কো-অপাৰেটিভ বেংক লিমিটেড, পুণেক & - আৰবিআই - Reserve Bank of India
আৰ বি আয়ে ৰুপী কো-অপাৰেটিভ বেংক লিমিটেড, পুণেক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
২০ ফেব্ৰুৱাৰী, ২০১৭ আৰ বি আয়ে ৰুপী কো-অপাৰেটিভ বেংক লিমিটেড, পুণেক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে দিনাংক ২৬ ফেব্ৰুৱাৰী, ২০১৭যোগে ৰুপী কো-অপাৰেটিভ বেংক লিমিটেড, পুণে, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনাটো ২২ ফেব্ৰুৱাৰী, ২০১৭ৰ পৰা ২১ আগষ্ট, ২০১৭লৈ অধিকতৰ ছমাহ অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে, পুনৰীক্ষণ সাপেক্ষে। নিৰ্দেশনাটো মূলতে ২২ ফেব্ৰুৱাৰীৰ ২০১৩ৰ পৰা ২১ আগষ্ট, ২০১৩লৈ আৰোপ কৰা হৈছিল আৰু প্ৰতিবাৰত ছমাহকৈ অবধিৰ বাবে ছবাৰ আৰু প্ৰতিবাৰত তিনিমহীয়া অবধিৰ বাবে দুবাৰ সম্প্ৰসাৰিত কৰা হৈছিল। শেহৰটো সম্প্ৰসাৰণ ২২ আগষ্ট, ২০১৬ৰ পৰা ২১ ফেব্ৰুৱাৰী, ২০১৭লৈ ছমাহ অবধিৰ বাবে জাৰি কৰা হৈছিল। বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ উপধাৰা(১), আইনখনৰ ৫৬ ধাৰাৰ সৈতে পঠিতৰ অধীনত ৰিজাৰ্ভ বেংকক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই নিৰ্দেশনা আৰোপ কৰা হয়। নিৰ্দেশনাটোৰ এটা প্ৰতিলিপি আগ্ৰহী ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে। ৰিজাৰ্ভ বেংকৰ দ্বাৰা এই নিৰ্দেশনা জাৰিক ৰিজাৰ্ভ বেংকৰ দ্বাৰা বেংকিং অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি আপাতঃদৃষ্টিত ধৰি ল’ব নালাগে। বেংকটোৱে ইয়াৰ বিত্তীয় অৱস্থাৰ উন্নতি হোৱালৈকে সীমাবদ্ধতাৰে বেংকিং ব্যৱসায় চলাই থাকিব। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই নিৰ্দেশবোৰৰ সালসলনি ঘটোৱাটো বিবেচনা কৰিব পাৰে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২২৪৫ |