RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493467

শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা নান্দেদ, মহাৰাষ্ট্ৰক আৰ বি আইনে জাৰি কৰা নিৰ্দেশ ৩১ ডিচেম্বৰ,২০১৬লৈ সম্প্ৰসাৰণ

৩ অক্টোবৰ, ২০১৬

শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা নান্দেদ, মহাৰাষ্ট্ৰক আৰ বি আইনে জাৰি কৰা নিৰ্দেশ ৩১ ডিচেম্বৰ,২০১৬লৈ সম্প্ৰসাৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশ ৩০ ছেপ্টেম্বৰ,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা ৩১ ডিচেম্বৰ,২০১৬লৈকে অতিৰিক্ত ৩ মাহৰ বাবে সম্প্ৰসাৰিত কৰিছে পৰ্যালোচনা সাপেক্ষে। ১ জুলাই,২০১৫ৰ পৰা বেংকটো নিৰ্দেশাধীন হৈ আছিল। ইয়াৰ আগতে আৰু দুবাৰ ৯ মাহ সময়ৰবাবে নিৰ্দেশ সম্প্ৰসাৰিত কৰা হৈছিল।

এই নিৰ্দেশসমূহ বেংকিং বিনিয়ম আইন, ১৯৪৯ (এএচিএছ)ৰ ধাৰা ৩৫(ক)ৰ উপধাৰা(১)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ৰিজাৰ্ভ বেংকে আৰোপ কৰে। ৰাইজৰ আগ্ৰহীসকলে পঢ়াৰ উদ্দেশ্যে নিৰ্দেশসমূহৰ এক প্ৰতিলিপি বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি এই নিৰ্দেশক বেংকিং অনুজ্ঞা বাতিল বুলি ধৰি লব নালাগে। বেংকটোৰ বাধ্যবাধকতাখিনি মানি বিত্তীয় অৱস্থা উন্নত হোৱালৈকে বেংকিং ব্যৱসায় চলাই যাব পাৰিব। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে এই নিৰ্দেশসমূহ সালসলনি ঘটোৱাটো বিবেচনা কৰিব পাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/৮৪০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?