RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492336

আৰ বি আয়ে শ্ৰী ভাৰথী কো-অপাৰেটিভ বেংক লিমিটেড, হায়দৰাবাদক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

২ মাৰ্চ, ২০১৭

আৰ বি আয়ে শ্ৰী ভাৰথী কো-অপাৰেটিভ বেংক লিমিটেড, হায়দৰাবাদক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰী ভাৰথী কো-অপাৰেটিভ বেংক লিমিটেড, হায়দৰাবাদৰ বিত্তীয় অৱস্থাৰ পুনৰীক্ষণ কৰে আৰু দিনাংক ২৪ আগষ্ট, ২০১৬ৰ নিৰ্দেশনাযোগে পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ সম্প্ৰসাৰণ আৰু সালসলনি ঘটোৱাটো ৰাজহুৱা স্বাৰ্থত আৱশ্যক বুলি বিবেচনা কৰে। তদনুযায়ী ভাৰতীয় ৰিদাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ উপধাৰা (১)ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে শ্ৰী ভাৰথী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদক জাৰি কৰা নিৰ্দেশটো, যাৰ বৈধতা অবধি ২৮ ফেব্ৰুৱাৰী, ২০১৭লৈকে আছিল, এতিয়া ১ মাৰ্চ,২০১৭ৰ পৰা ৩১ আগষ্ট, ২০১৭লৈ ছমাহ অতিৰিক্ত অবধিৰ বাবে প্ৰযোজ্য হব, পুনৰীক্ষণ সাপেক্ষে। অধিকন্তু, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫৬ৰ সৈতে পঠিত ধাৰা ৩৫কৰ উপধাৰা (১) আৰু (২)ৰ অন্তৰ্গত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, ৰিজাৰ্ভ বেংকে ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে শ্ৰী ভাৰথী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদক ২৪ আগষ্ট,২০১৬ত জাৰি কৰা নিৰ্দেশটোৰ দফা১(১) তলৰ ধৰণে সালসলনি হওকঃ

“প্ৰতিটো সঞ্চয় বেংক একাউণ্ট বা কাৰেণ্ট একাউণ্ট বা ম্যাদী জমা একাউণ্ট অথবা অন্য যিকোনো জমা একাউণ্টৰ (যি নামেৰে নাৰাখক) পৰা জমাকাৰীক ৫০,০০০ (পঢ্চাশ হাজাৰ টকা)ৰ অধিক নোহোৱা ৰাশি উলিয়াবলৈ দিব পাৰে, এই চৰ্তত যে এনে জমাকাৰীৰ বেংকটোত কোনো দেয়তা থকা ক্ষেত্ৰত অৰ্থাত্ ঋণী বা জামিনদাৰ হিচাপে, বেংক জমাবোৰৰ বিপৰীতে ধাৰকে ধৰি, সেই ৰাশি প্ৰথমে সংশ্লিষ্ট ধাৰ একাউণ্টবোৰত সমাযোজন কৰি লব। জমাকাৰীক প্ৰদান কৰিবলগীয়া ৰাশিখিনি বেংকটোৱে এচক্ৰ একাউণ্ট এটাত আৰু/অথবা চিহ্নিত প্ৰতিভূতিত সুকীয়াকৈ ৰাখিব লাগিব যিখিনি, সংশোধিত নিৰ্দেশ মতে জমাকাৰীক প্ৰদান কৰিবলৈহে বেংকটোৱে ব্যৱহাৰ কৰিব।”

বেংকটোক এই মৰ্মে কৰিবলৈ অনুমতি দিয়া হলঃ

১. বৰ্তমানৰ মৰ্যদাৰ্হ আৰু সুৰক্ষিত চি চি একাউণ্টবোৰৰ সঞ্চালক সম্পৰ্কীয় ঋণ থাকিলে সেইবোৰ বাদে, নবীকৰণ কৰা।

২. বেংকটোক জমাৰ বিপৰীতে থকা ঋণ ঘূৰাই লবলৈ অনুমতি থাকিব, যদিহে ঋণীৰ সৈতে

খ. বেংকটোক জমাৰ বিপৰীতে থকা ঋণ ঘূৰাই লবলৈ অনুমতি থাকিব, যদিহে ঋণীৰ সৈতে সম্পাদিত চুক্তিখনত এই চৰ্তটো সংযোজিত থাকে যে তেওঁৰ নিৰ্দিষ্ট জমা একাউণ্টৰ (যি নামেৰে হওক) ৰাশি বেংকটোৱে জমাকাৰীৰ ঋণ একাউণ্টত উপযোজন/সমাযোজন কৰিব পাৰিব। এনে উপযোজন/সমাযোজন ঋণ একাউণ্টৰ বকেয়া ৰাশি পৰ্যন্ত কৰিব পাৰিব নিম্নোক্ত অতিৰিক্ত চৰ্ত সাপেক্ষেঃ

১. সমাযোজনাৰ তাৰিখত একাউণ্টৰ কে ৱাই চি পৰিপালন সন্মত হব লাগিব।

২. তৃতীয় পক্ষই ধাৰণ কৰা জমা কিন্তু গেৰাণ্টৰ/জামিনাদৰত সীমাবদ্ধ নোহোৱা একাউণ্টবোৰহে সমাযোজন কৰিব পাৰিব।

৩. সাধাৰণতে ঋণ ঘূৰাই লোৱাত অধিক বিলম্ব হলে ঋণ একাউণ্টটো এন পি এ হোৱৰ সম্ভাৱনা থকা ক্ষেত্ৰবোৰত জমাকাৰীক সমুচিত জাননী দি এই বিকল্প সাব্যস্ত কৰিব। মৰ্যাদাৰ্হ ঋণ (নিয়মিত পৰিচৰ্যা হোৱা) ঘূৰাই লোৱা আৰু ঋণ চুক্তি চৰ্তাৱলীৰ বিচ্যুতিৰ ক্ষেত্ৰত ঋণ ঘূৰাই লোৱাৰ বাবে জমাকাৰী – ঋণীৰ আগতীয়া অনুমতি আৱশ্যক হব।

৪. জমা বা ইয়াৰ ঘূৰাই লোৱাখিনি, আদালত বা বিধিগত প্ৰাধিকৰণ বা আইনৰ অন্তৰ্গত ক্ষমতাপ্ৰাপ্ত অন্য কোনো কৰ্তৃপক্ষৰ ক্ৰোক আদেশ/নিষেধাজ্ঞা, সমবায় সমিতি আইন আদিৰ অন্তৰ্গত আমানতৰ ধন জমা, অব্লিগেশ্যন অব ট্ৰাষ্ট, তৃতীয় পক্ষ পূৰ্বস্বত্ব আদিৰ অধীনস্থ হব নালাগিব।

দিনাংক ২৪ আগষ্ট, ২০১৬ৰ নিৰ্দেশযোগে জনোৱা অন্যান্য চৰ্তাৱলী একে ধৰণে অপৰিৱৰ্তিত থাকিব।

বিস্তাৰিত নিৰ্দেশনাবোৰ আগ্ৰহী ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৩৩৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?