RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493220

আৰ বি আয়ে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

৬ জানুৱাৰী, ২০১৭

আৰ বি আয়ে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰক জাৰি কৰা নিৰ্দেশনা ৭ জানুৱাৰী, ২০১৭ৰ পৰা ৬ জুলাই, ২০১৭লৈকে, পৰ্যালোচনা সাপেক্ষে অধিকতৰ ছমাহৰ বাবে পৰ্যালোচনা সাপেক্ষে সম্প্ৰসাৰিত কৰিছে। বেংকটো, বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এছ চি এছ)ৰ ধাৰা ৩৫(ক)ৰ অধীনত ৭ জুলাই, ২০১৫ৰ পৰা নিৰ্দেশনাধীন হৈ আছিল। ওপৰোক্ত নিৰ্দেশনাটো বদলোৱা হৈছিল আৰু ইয়াৰ বৈধতা ৬ জানুৱাৰী, ২০১৭ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছিল। একে নিৰ্দেশনাকে দিনাংক ৩০ ডিচেম্বৰ, ২০১৬ নিৰ্দেশযোগে ৬ জুলাই, ২০১৭ লৈকে আৰু অধিক সম্প্ৰসাৰিত কৰা হৈছে। দিনাংক ৩০ ডিচেম্বৰ, ২০১৬ৰ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত আঁৰি দিয়া হৈছে।

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশটোৰ সলনিকৰণক আপাত দৃষ্টিত বেংকটোৰ বিত্তীয় অৱস্থাৰ উন্নতি বা অৱনতি হোৱা বুলি জানিব নালাগে। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰিজাৰ্ভ বেংকে নিৰ্দেশটো সলনি কৰাটো বিবেচনা কৰিব পাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৮০৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?