RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78474522

আৰ বি আিয়ে দ্য চি কে পি কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

৩১ জানুৱাৰী, ২০১৭

আৰ বি আিয়ে দ্য চি কে পি কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

দ্য চি কে পি কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ, ২ মে’, ২০১৪ৰ ব্যৱসায় সামৰণিৰ পৰা, দিনাংক ৩০ এপ্ৰিল, ২০১৪ নিৰ্দেশযোগে নিৰ্দেশনাধীন হৈ আছিল। পৰৱৰ্ত্তী নিৰ্দেশসমূহযোগে নিৰ্দেশনাটোৰ বৈধতা সময়ে সময়ে সম্প্ৰসাৰিত কৰি অহা হৈছিল আৰু শেহৰটো আছিল ২৮ জুলাই, ২০১৬ আছিল আৰু পুনৰীক্ষণ সাপেক্ষে ইয়াৰ বৈধতা ৩১ জানুৱাৰী, ২০১৭লৈকে আছিল।

ইয়াৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ১ ফেব্ৰুৱাৰী, ২০১৭ৰ পৰা ৩১ জুলাই, ২০১৭লৈ অধিকতৰ ছমাহ অবধিৰ বাবে ওপৰোক্ত নিৰ্দেশনাৰ বৈধতা পুনৰীক্ষণ সাপেক্ষে, সম্প্ৰসাৰিত কৰা হৈছে আৰু লগতে দিনাংক ৩০ এপ্ৰিল, ২০১৪ৰ নিৰ্দেশটোৰ নিম্নোক্ত ধৰণে আংশিক সালসলনি কৰা হৈছে-

ক. বেংকটোক জমাৰ বিপৰীতে ঋণ ঘূৰাই লোৱাৰ অনুমতি দিয়া হৈছে, যদিহে ঋণীৰ সৈতে কৰা চুক্তিখনত এই চৰ্ত সন্নিৱিষ্ট থাকে যে তেওঁৰ নিৰ্দিষ্ট জমা একাউণ্ট ক্ষেত্ৰত বেংকটোৰ দ্বাৰা বাজেয়াপ্ত/সমাযোজন লোৱাৰ অনুমতি প্ৰদান কৰা থাকে; এনে বায়েজাপ্ত/সমাযোজন, নিম্নোক্ত অতিৰিক্ত চত্ৰ সাপেক্ষে, ঋণ একাউণ্টত বকেয়া ৰাশিলৈকে অনুমতি থাকিবঃ

১. সমাযোজন লোৱাৰ তাৰিখত একাউণ্টবোৰ কেৱাইচি সন্মত হব লাগিব।

২. অন্তৰ্ভুক্ত কিন্তু গেৰাণ্টৰ/জামিনদাৰত সীমাবদ্ধ নোহোৱা তৃতীয় পক্ষৰ দ্বাৰা ধাৰণ কৰা জমাবোৰ সমাযোজন লোৱাৰ অনুমতি নাই।

৩. সাধাৰণতে ঋণ ঘূৰাই লোৱাত অধিক বিলম্বনৰ ফলত এনপিএ হ’বগৈ পৰা ঘটনাবোৰত জমাকাৰীক বিহিত জাননী/তেওঁৰ অনুমতি লৈহে এই বিকল্প সাব্যস্ত কৰিব। মানস্বৰূপ ঋণবোৰ (নিয়মীয়া পৰিচৰ্যা হৈ থকা) ঘূৰাই লোৱাৰ বাবে আৰু ঋণ চুক্তিৰ চৰ্তাৱলীৰ কোনো লিখিত অনুমতি আৱশ্যক হ’ব।

৪. জমা বা ইয়াৰ ঘূৰাই লোৱা ৰাশি আইনৰ আদালত বা বিধিবদ্ধ কৰ্তৃপক্ষৰ ক্ৰোক আদেশ/বাৰণ আদেশৰ দৰে কোনো নিষেধাজ্ঞাৰ অধীন নোহোৱা, ৰাজ্যিক সমবায় সমিতি আইন আদিৰ উপবন্ধৰ অন্তৰ্গত আমানতৰ ধন, বিশ্বাসৰ দায়বদ্ধতা, তৃতীয় পক্ষৰ বন্ধকী হ’ব নালাগিব।

খ. নিয়মীয়া আৰু নিৰাপদ চি চি একাউণ্টবোৰক (যিবিলাক শৃংখলাবদ্ধ আৰু যিবিলাকত নিয়মীয়াকৈ সুদ দি থকা হৈছে) মানস্বৰূপে অগ্ৰিম হিচাপে গণ্য কৰিবলৈ বেংক অনুমতিপ্ৰাপ্ত। অৱশ্যে, প্ৰত্যাহাৰৰ উদ্দেশ্যত চিচি একাউণ্টৰ নবীকৰণ কৰাৰ অনুমতি নাই।

ওপৰোক্ত সম্প্ৰসাৰণ আৰু সালসলনি জ্ঞাপন কৰা দিনাংক ২৭ জানুৱাৰী, ২০১৭ৰ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

ওপৰত উল্লেখিত ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰা সম্প্ৰসাৰণ আৰু/বা সালসলনিক, বেংকটোৰ বিত্তীয় পৰিস্থিতিত যথেষ্ট উন্নতিত ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে বুলি আপাতঃদৃষ্টিত ধৰি ল’ব নালাগে।

অনিৰূদ্ধ ডি যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০৪০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?