আৰ বি আয়ে এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১৭ এপ্ৰিল, ২০১৭ আৰ বি আয়ে এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক ভাৰতীয় ৰিজাৰ্ভ বেংকে, এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক জাৰি কৰা নিৰ্দেশনা ১৬ এপ্ৰিল,২০১৭ৰ পৰা ১৫ অক্টোবৰ,২০১৭লৈ অধিক ছমহীয়া অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে, পুনৰকীক্ষণ সাপেক্ষে। বেংকিং বিনিয়ম আইন,১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত জাৰি কৰা দিনাংক ১০ এপ্ৰিল,২০১৫ নিৰ্দেশযোগে, ১৬ এপ্ৰিল,২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰাই বেংকটো নিৰ্দেশনাধীন হৈ আছিল। ওপৰোক্ত নিৰ্দেশটো সালসলনি কৰি ইয়াৰ বৈধতা ১৫ এপ্ৰিল,২০১৭লৈকে সম্প্ৰসাৰিত কৰা হৈছিল। দিনাংক ১০ এপ্ৰিল,২০১৭ নিৰ্দেশযোগে সেইটোকে ১৫ অক্টোবৰ,২০১৭ পৰ্যন্ত অধিকতৰ সম্প্ৰসাৰিত কৰা হৈছে। নিৰ্দেশটোৰ অন্যান্য চৰ্ত আৰু স্বৰ্তাৱলী অপৰিৱৰ্তিত থাকিব। দিনাংক ১০ এপ্ৰিল,২০১৭ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়িবৰ কাৰণে বেংকটোৰ চৌহদত প্ৰদৰ্শন কৰা হৈছে। ৰিজাৰ্ভ বেংকে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই নিৰ্দেশৰ সালসলনি বিবেচনা কৰিব পাৰে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৭৯৩ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: