RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78499501

আৰ বি আইয়ে লোকসেৱা সহকাৰী বেংক লিমিটেড পুণে, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশ সম্প্ৰসাৰিত কৰিছে

২০ নৱেম্বৰ, ২০১৬

আৰ বি আইয়ে লোকসেৱা সহকাৰী বেংক লিমিটেড পুণে, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশ সম্প্ৰসাৰিত কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, অধিসূচিত কৰে যে দিনাংক ১৯ মে, ২০১৪ৰ নিৰ্দেশ মৰ্মে লোকসেৱা সহকাৰী বেংক লিমিটেড, পুণে, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশযোগে বেংকটোৰ ২০ মে, ২০১৪ৰ ব্যৱসায় সামৰণিৰ পৰা ছমাহ অবধিৰ বাবে নিৰ্দেশনাধীন কৰা হৈছিল। এই নিৰ্দেশনাৰ বৈধতা, দিনাংক ১২ নৱেম্বৰ,২০১৪, দিনাংক ৬ মে,২০১৫, দিনাংক ৪ নৱেম্বৰ, ২০১৫ আৰু দিনাংক ১৩ মে,২০১৬ৰ আদেশ মৰ্মে, প্ৰতিবাৰত ৬ মাহকৈ, চাৰিবাৰ সম্প্ৰসাৰিত কৰা হৈছিল। ৰাইজৰ জ্ঞাতাৰ্থে ইয়াৰ দ্বাৰা অধিসূচিত কৰা যায় যে দিনাংক ১২ নৱেম্বৰ, ২০১৪, ৬ মে, ২০১৫, দিনাংক ৪ নৱেম্বৰ, ২০১৫ আৰু দিনাংক ১৩ মে,২০১৬ সমন্বিতে দিনাংক ১৯ মে, ২০১৪ৰ নিৰ্দেশটো দিনাংক ১১ নৱেম্বৰ, ২০১৬ৰ সংশোধিত আদেশমৰ্মে ২০ নৱেম্বৰ, ২০১৬ৰ পৰা ১৯ মে, ২০১৭ পৰ্যন্ত অধিকতৰ ছমাহ অবধিৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে, পৰ্যালোচনা সাপেক্ষে।

উল্লেখাধীন নিৰ্দেশটোৰ অন্যান্য চৰ্তাৱলী অপৰিৱৰ্তিত থাকিব। ১১ নৱেম্বৰ, ২০১৬ৰ এটা প্ৰতিলিপি ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উপৰোল্লেখিত সংশোধনীক স্বাভাৱিকতে ধৰি লব নালাগে যে উক্ত বেংকটোৰ বিত্তীয় অৱস্থা যথেষ্ট উন্নত হোৱা বুলি ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে।

অনিৰুদ্ধ ডি. যাদৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১২৫৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?