RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78484402

আৰ বি আয়ে দ্য মহামেধা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, গাজিয়াবাদ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

২৭ জানুৱাৰী, ২০১৭

আৰ বি আয়ে দ্য মহামেধা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, গাজিয়াবাদ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, মহামেধা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, গাজিয়াবাদ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা ৩০ জানুৱাৰী, ২০১৭ৰ পৰা ২৯ জুলাই, ২০১৭লৈ অধিকতৰ ছমাহ অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে, পুনৰীক্ষণ সাপেক্ষে। বেংকটো ২৯ জুলাই, ২০১৬ৰ পৰা বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (এএচিএছ) ধাৰা ৩৫কৰ অধীনত জাৰি কৰা মতে নিৰ্দেশনাধীন হৈ আছে। দিনাংক ২৩ জানুৱাৰী, ২০১৭ৰ নিৰ্দেশযোগে তাক ২৯ জুলাই, ২০১৭ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে। দিনাংক ২৩ জানুৱাৰী, ২০১৭ৰ নিৰ্দেশনাৰ এটা প্ৰতিলিপি ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্দেশনাটোৰ এই সালসলনিক বেংকটোৰ বিত্তীয় অৱস্থাৰ উন্নতি বা অৱনতি বুলি আপাতঃদৃষ্টিত ধৰি লব নালাগে। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দেশনাটোৰ সালসলনি ঘটোৱাটো ৰিজাৰ্ভ বেংকে বিবেচনা কৰিব পাৰে।

অনিৰুদ্ধ ডি. যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০১৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!