আৰ বি আইয়ে সন্মিত্ৰ সহকাৰী বেংক মৰয়াদিত, মুম্বাই, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১৪ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে সন্মিত্ৰ সহকাৰী বেংক মৰয়াদিত, মুম্বাই, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সন্মিত্ৰ সহকাৰী বেংক মৰয়াদিত, মুম্বাই, মহাৰাষ্ট্ৰক ১৪ জুন,২০১৬ দিনাংকৰ নিৰ্দেশযোগে ১৪ জুন, ২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা ৬ মাহ অবধিৰ বাবে নিৰ্দেশনাধীন কৰা হৈছিল। এই নিৰ্দেশনাৰ বৈধতা আমাৰ সংশোধিত নিৰ্দেশ দিনাংক ৭ ডিচেম্বৰ,২০১৬ অনুযায়ী পুনৰীক্ষণ সাপেক্ষে ১৫ ডিচেম্বৰ,২০১৬ৰ পৰা ১৪ জুন,২০১৭ লৈ অধিক ছমাহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। উল্লেখিত নিৰ্দেশনাৰ অন্যান্য চৰ্তাৱলী অপৰিৱৰ্তিত হৈ থাকিব। ওপৰোক্ত সালসলনি অধিসূচিত কৰি দিনাংক ৭ ডিচেম্বৰ,২০১৬ৰ নিৰ্দেশনাৰ এটা প্ৰতিলিপি ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰচাৰ কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওপৰোক্ত সংশোধনীয়ে এই কথা সূচাইছে বুলি ধৰি লব নালাগে যে বেংকটোৰ বিত্তীয় অৱস্থাত যথেষ্ট উন্নতি ঘটিছে বুলি ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে। (অজিত প্ৰসাদ) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫২৩ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: