আৰ বি আইয়ে দ্য সুৰী ফ্ৰেণ্ডছ ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেড, সুৰী, পশ্চিমবংগক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১০ জানুৱাৰী, ২০১৭ আৰ বি আইয়ে দ্য সুৰী ফ্ৰেণ্ডছ ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেড, সুৰী, পশ্চিমবংগক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে দ্য সুৰী ফ্ৰেণ্ডছ ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেড, সুৰী, পশ্চিম বংগক জাৰি কৰা নিৰ্দেশনা নিম্নোক্ত আংশিক সালসলনিৰে আৰু অধিক ছমাহ অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে- ১. জমাকৰ্তাক ৫০,০০০ টকাৰ অধিক নোহোৱা ৰাশি উঠাবলৈ দিব পাৰে, যদিহে কোনো এনে জমাকৰ্তাৰ জমাসমূহৰ বিপৰীতে ঋণকে ধৰি, ধাৰে লওঁতা বা জামিনদাৰ আদিকে ধৰি বেংকটোত কোনো দেয়তা নাথাকে, তেনে ক্ষেত্ৰত সংশ্লিষ্ট ঋণ একাউণ্টত প্ৰথমে মিটাই লৈ দিব পাৰে। ২. বেংকটোক নিৰ্দিষ্ট জমাৰ বিপৰীতে ঋণ দিবলৈ অনুমতি দিয়া হৈছে, যদি ঋণ চুক্তিত এই চৰ্তাৱলী থাকে যে ঋণীৰ নিৰ্দিষ্ট জমা একাউণ্টৰ ৰাশিৰ পৰা তেওঁৰ ঋণ একাউণ্টৰ দেয়তাখিনি বাজেয়াপ্ত/মিটাই লবলৈ অনুমতি দিয়া থাকে, এনে বাজেয়াপ্ত/মিট ঋণ একাউণ্টৰ বকেয়া ৰাশিৰ সমপৰিমাণৰ হব, কেইটামান অতিৰিক্ত চৰ্ত সাপেক্ষে। ৩. বেংকটোক সঞ্চালক সম্বন্ধিত ঋণ বাদে বৰ্তমানে থকা নিময়ীমা আৰু সুৰক্ষিত চিচি একাউণ্ট নবীকৰণ কৰিবলৈ অনুমতি দিয়া হৈছে, বৰ্তমান চৰ্তাৱলী অনুযায়ী। তদনুযায়ী, বেংকিং বিনিয়ম আইন, ১৯৪৯ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযো্জ্য মতে)ৰ ধাৰা ৩৫কৰ উপধাৰা (১) আৰু (২)ৰ অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে দ্য সুৰী ফ্ৰেণ্ডছ ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেড, সুৰী, পশ্চিমবংগক জাৰি কৰা দিনাংক ২৮ মাৰ্চ, ২০১৪ৰ নিৰ্দেশনা মতে, যাক সময়ে সময়ে সলনি কৰি অহা হৈছে, অন্তিমটো নিৰ্দেশ দিনাংক ২৯ জুন, ২০১৬, ওপৰত উল্লেখিত দফা ১ অনুযায়ী কৰা বদলি সাপেক্ষে ৭ জানুৱাৰী, ২০১৭ৰ পৰা ৬ জুলাই,. ২০১৭ পৰ্যন্ত অধিকতৰ ছমাহ অবধিৰ বাবে পুনৰীক্ষণ সাপেক্ষে প্ৰয়োগ হৈ থাকিব। উল্লেখিত নিৰ্দেশনাৰ অন্যান্য চৰ্তাৱলী আৰু ব্যৱস্থাসমূহ অপৰিৱৰ্তিত থাকিব। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৮৩৯ |