আৰ বি আয়ে দ্য ৱৈশ্ব্ কো-অপাৰেটিভ কমাৰ্চেয়ল বেংক লিমিটেড, নতুন দিল্লীক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
৮ মাৰ্চ, ২০১৭ আৰ বি আয়ে দ্য ৱৈশ্ব্ কো-অপাৰেটিভ কমাৰ্চেয়ল বেংক লিমিটেড, নতুন দিল্লীক জাৰি কৰা নিৰ্দেশনা ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিত প্ৰযোজ্য মতে) ধাৰা ৩৫কৰ উপধাৰা(১) আৰু (২) অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে দিনাংক ২৮ আগষ্ট, ২০১৫ত দ্য ৱৈশ্ব্ কো-অপাৰেটিভ কমাৰ্চিয়েল বেংক লিমিটেডক জাৰি কৰা নিৰ্দেশনা, যিটো শেহৰবাৰ ০৮.০৩.২০১৭লৈ সম্প্ৰসাৰিত কৰা হৈছিল বেংকটোৰ ক্ষেত্ৰত অধিকতৰ ছমাহ অবধিৰ বাবে অৰ্থাত্ ০৮.০৯.২০১৭লৈকে পুনৰীক্ষণ সাপেক্ষে, প্ৰযোজ্য হৈ থাকিব। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৩৯০ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: