আৰ বি আয়ে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেং - আৰবিআই - Reserve Bank of India
আৰ বি আয়ে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১৩ এপ্ৰিল, ২০১৭ আৰ বি আয়ে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক দিনাংক ৭ এপ্ৰিল,২০১৬ নিৰ্দেশযোগে ১২ এপ্ৰিল,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা ছমাহ অবধিৰ বাবে নিৰ্দেশনাধীন কৰা হৈছিল। এই নিৰ্দেশনামাৰ বৈধতা দিনাংক ৬ অক্টোবৰ,২০১৬ নিৰ্দেশযোগে ১৩ অক্টোবৰ,২০১৬ৰ পৰা ১২ এপ্ৰিল,২০১৭লৈ ছহমীয়া অবধিৰ বাবে সম্প্ৰসাৰিত কৰা হৈছিল। ওপৰুক্ত নিৰ্দেশনাৰ বৈধতা দিনাংক ৬ এপ্ৰিল,২০১৭ নিৰ্দেশযোগে ১২ জুন,২০১৭ পৰ্যন্ত এক দুমহীয়া অবধিৰ বাবে অধিক সম্প্ৰসাৰিত কৰা হৈছে, পুনৰীক্ষণ সাপেক্ষে। প্ৰসঙ্গাধীন নিৰ্দেশনাটোৰ অন্যান্য চৰ্তাৱলী আৰু স্বৰ্তসমূহ অপৰিৱৰ্তিত থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওপৰোক্ত সম্প্ৰসাৰণক আপাতঃদৃষ্টিত বেংকটোৰ বিত্তীয় অৱস্থাৰ যথেষ্ট উন্নতিত ভাৰতীয় ৰিজাৰ্ভ বেংক সন্তুষ্ট হৈছে বুলি ধৰি ল’ব নালাগে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৭৭৬ |