আৰ বি আয়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ - আৰবিআই - Reserve Bank of India
আৰ বি আয়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনাৰ বৈধতা সম্প্ৰসাৰিত কৰিছে
১০ মাৰ্চ, ২০১৭ আৰ বি আয়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনাৰ বৈধতা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিঃ, লক্ষ্ণৌ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনাৰ ম্যাদ ১২ মাৰ্চ, ২০১৭ৰ পৰা ১১ ছেপ্টেম্বৰ, ২০১৭লৈ ছমাহ অধিকতৰ অবধিৰ বাবে পুনৰীক্ষণ সাপেক্ষে সম্প্ৰসাৰিত কৰিছে। এই বেংকটো, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিত প্ৰযোজ্য) ধাৰা ৩৫ক-ৰ উপধাৰা (১)ৰ অন্তৰ্গত দিনাংক ৪ জুন,২০১৪ত জাৰি কৰা নিৰ্দেশযোগে ১২ জুন, ২০১৪ৰ পৰা নিৰ্দশনাধীন হৈ আছে। আৰ বি আই নিৰ্দেশাৱলী দিনাংক ৩০ জুলাই, ২০১৪, ৮ ডিচেম্বৰ, ২০১৪, ২ জুন, ২০১৪, ৭ ছেপ্টেম্বৰ, ২০১৫, ১৯ অক্টোবৰ, ২০১৫, ৭ ডিচেম্বৰ, ২০১৫, ৪ মাৰ্চ, ২০১৬, ২ ছেপ্টেম্বৰ, ২০১৬ আৰু ২৫ নৱেম্বৰ, ২০১৬যোগে ওপৰোক্ত নিৰ্দেশটো সালসলনি/ইয়াৰ বৈধতা সম্প্ৰসাৰিত কৰা হয়। নিৰ্দেশটোৰ বৈধতা, যিটো অন্তিমবাৰ ১১ মাৰ্চ, ২০১৭ৰ পৰা ১১ ছেপ্টেম্বৰ, ২০১৭লৈ ছমাহ অতিৰিক্ত অবধিৰ বাবে, দিনাংক ৯ মাৰ্চ, ২০১৭ৰ সলনিকৃত নিৰ্দেশনাযোগে, পুনৰীক্ষণ সাপেক্ষে সম্প্ৰসাৰিত কৰা হৈছে। এই নিৰ্দেশনাৰো সালসলনি ঘটোৱা হৈছে আৰু বেংকটোক একে ঋণীৰ জমাবোৰৰ বিপৰীতে সমাযোজন কৰিবলৈ কেইটামান চৰ্ত সাপেক্ষে অনুমতি দিয়া হৈছে। দিনাংক ৯ মাৰ্চ, ২০১৭ৰ নিৰ্দেশনাটোৰ এটা প্ৰতিলপি ৰাইজে পঢ়িব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শন কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্দেশনাটোৰ এই সালসলনিক বেংকটোৰ বিত্তীয় অৱস্থাৰ উন্নতি বা অৱনতি বুলি ধৰি লব নালাগে। ৰিজাৰ্ভ বেংকে পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্দেশটোৰ সালসলনি ঘটোৱাটো বিবেচনা কৰিব পাৰে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪২৮ |