RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78471543

অবৈধ ভাৱে সংগ্ৰহ কৰা জমা ধন ৰোধ কৰিবলৈ “সচেত” নামৰ ৱেবচাইট ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ দ্বাৰা মুকলি:

৪ আগষ্ট, ২০১৬

অবৈধ ভাৱে সংগ্ৰহ কৰা জমা ধন ৰোধ কৰিবলৈ “সচেত” নামৰ ৱেবচাইট ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ দ্বাৰা মুকলি:

“তাৎক্ষণিকভাৱে অনুৱৰ্তী ব্যৱ্স্থা প্ৰাৰম্ভ কৰি তথা অপৰাধীক শাস্তি প্ৰদান কৰি গোচৰসমূহ নিষ্পত্তি কৰাটো অতি প্ৰয়োজনীয় যাতে ভৱিষ্যতে সংস্থাবোৰে অবৈধ কাৰ্য্যকলাপ কৰিব নোৱাৰে । মই আশা কৰো যে “সচেত” এই ক্ষেত্ৰত যিদৰে নিয়ন্ত্ৰকৰ সহায়ক হ’ব, ঠিক সেই দৰে জনসাধাৰণক প্ৰকৃত সংস্থা সমূহৰ বিষয়ে জনাই জনসাধাৰণৰ কষ্টোপাৰ্জিত জমাধন প্ৰকৃত সংস্থাত জমা থবলৈ সঠিক সময়ত অৱগত কৰি সহায় কৰিব পাৰিব”।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ডঃ ৰঘুৰাম ৰাজনে আজি ‘সচেত’ (Sachet) নামৰ ৱেবচাইটটো মুকলি কৰি কয় যে এই ৱেবচাইটৰ যোগেদি জনসাধাৰণে ধন জমা গ্ৰহণ কৰিব পৰা সংস্থাসমূহৰ বিষয়ে জানিব পাৰিব, অভিযোগ দাখিল কৰিব পাৰিব আৰু অসাধু সংস্থাসমূহৰ দ্বাৰা অবৈধ ধন সংগ্ৰহৰ বিষয়েও খা – খবৰ ৰাখিব পাৰিব । এই ৱেবচাইটে নিয়ন্ত্ৰক আৰু ৰাজ্য চৰকাৰৰ অভিকৰণসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিব আৰু এনেদৰে অসাধু সংস্থাসমূহৰ দ্বাৰা অবৈধ ধন সংগ্ৰহৰ ঘটনা ৰোধ কৰিবলৈ উপযোগী হ’ব । গৱৰ্ণৰ মহোদয়ে SLCC ক অধিক সৱল কৰি তুলিবলৈ ছেবিৰ(SEBI) অধ্যক্ষ শ্ৰী ইউ, কে সিন্হা আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব সকলে লোৱা প্ৰচেষ্টাৰো শলাগ লয় ।

এই ৱেবচাইটৰ ইউ আৰ এল – www.sachet.rbi.org.in

ৱেবচাইটৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰি ডেপুটি গৱৰ্ণৰ শ্ৰীএচ এচ মুন্দ্ৰাদেৱে কয় যে জনসাধাৰণে সাৰ্বজনিক জমা ৰাশি গ্ৰহণ কৰিব বিচৰা বিশেষ সংস্থাটো কোনো নিয়ন্ত্ৰণকাৰী সংস্থাৰ ওচৰত পঞ্জীকৃত হয় নে নহয় তথা সংস্থাটো ধন জমা গ্ৰহণ কৰিবৰ বাবে অনুমোদিত হয় নে নহ্য় আদি তথ্যসমূহ এই ৱেবচাইটত পাব । এই ৱেবচাইটত বিভিন্ন সংস্থাই পালন কৰিবলগীয়া সকলো বিত্তীয় নিয়ন্ত্ৰকৰ দ্বাৰা নিৰ্ধাৰিত বিনিয়ম সমূহো সন্নিবিষ্ট কৰিছে । তদুপৰি, যদিহে কোনো সংস্থাই বিধি উলংঘা কৰি জনসাধাৰণৰ পৰা ধন গ্ৰহণ কৰিছে আৰু /অথবা জমাকৰ্ত্তাক ধন পৰিশোধ কৰা নাই তেন্তে জনসাধাৰণে এই ৱেবচাইটত অভিযোগ দাখিল কৰিব পাৰিব আৰু তাৰ অনুসন্ধান কৰিব পাৰিব । তেওঁলোকে এই পৰ্টেলৰ (portal)যোগেদি এনেধৰণৰ যিকোনো সংস্থাৰ সূচনা লব পাৰিব ।

ৱেবচাইটোত এচ.এচ.চি.চি.ৰ লগত জড়িত গোটৰ বাবে এটা শাখা আছে, য’ত তেওঁলোকে বজাৰ পাৰদৰ্শিতাৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে আৰু সমগ্ৰ দেশত গ্ৰহণ কৰা কাৰ্যসূচী তথা সময়োচিত ভাৱে বিচাৰ্য বিষয় সমুহ অন্তৰ্ভূক্ত কৰিব পাৰে। শ্ৰীযুত মুন্দ্ৰা দেৱে আশা কৰিছে যে ৱেবচাইটটিয়ে “ শক্তিবৰ্ধক” হিচাবে কাম কৰিব আৰু এচ.এল.চি.চি.ৰ কাৰ্যকাৰিতা বহু দূৰলৈ আগবঢ়াই নিব পাৰিব; ইয়ে অনধিকৃতভাৱে (কৰ্তৃত্তহীনভাবে) ধনৰাশি অধিগ্ৰহণ কৰাৰ দৰে সমস্যা নিৰ্মূল কৰিব।

এই শুভাৰম্ভ কাৰ্যসূচীত ছেবিৰ পূৰ্ণকালীন সদস্য শ্ৰী এছ.ৰমন উপস্থিত আছিল । শ্ৰী এছ.ৰমনে ৱেবচাইট আৰম্ভণি কৰাৰ প্ৰয়াসক ভূয়্সী প্ৰশংসা কৰে আৰু জনাই যে ৰাজহুৱা ধন জমা লোৱা ভণ্ড সংস্থাবোৰৰ বিৰুদ্ধে ব্যৱ্স্থা ল’বলৈ এই ৱেবচাইট প্ৰতিৰোধাত্মক আৰু শিক্ষামূলক উপাদন যোগান ধৰাত গুৰু ত্বপূৰ্ণ ভূমিকা পালন কৰিব। অন্য নিয়্ন্ত্ৰক সংস্থা যেনে আই আৰ ডি এ (IRDA),ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আদিয়েও ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমেৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ভিডিঅ’ কনফাৰেঞ্চত অংশগ্ৰহণ কৰা ৰাজ্যসমূহৰ মুখ্য সচিবসকলেও এনে প্ৰয়াসক স্বাগতম জনায়আৰু ব্যক্ত কৰে যে অন্তৰএজেঞ্চী সমন্বয় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এনে প্ৰচেষ্টাই উপযোগী ভূমিকা পালন কৰিব । শুভাৰম্ভ কাৰ্যসূচীত ৱেবচাইটটোৰ মুখ্য বৈশিষ্ট্যবোৰ আলোকপাত কৰি এক লঘূ ভিডিঅ’ পূৰ্ৱাভাস প্ৰদৰ্শন কৰা হয় ।

পটভূমি

সকলো ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল সমূহতে ৰাজ্যস্তৰীয় সমন্বয় কমিটি আছে । এই সমন্বয় কমিটিবোৰ বিভিন্ন নিয়ন্ত্ৰক –যেনে ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় প্ৰতিভূতি ও বিনিময় বোৰ্ড (SEBI), জাতীয় গৃহ বেংক, ভাৰতীয় বীমা নিয়ন্ত্ৰক ও উন্নয়ণ কৰ্ত্তৃপক্ষ (IRDA), কোম্পানী সমূহৰ নিয়ামক আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ বিভাগ সমূহ, উদাহৰণ স্বৰুপে – গৃহ বিভাগ, বিত্ত বিভাগ, আইন বিভাগ তথা বিভিন্ন পুলিচ কৰ্ত্তৃপক্ষৰে গঠিত । অকৰ্ত্তৃত্বশীলভাবে ধনৰাশি জমা নোলোৱাৰ বাবে প্ৰতিখন ৰাজ্যতে এই সমন্বয় কমিটিবোৰ ইং ২০১৪ চনতে পূণৰ্গঠন কৰা হৈছে । ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ মূখ্য সচিব/প্ৰশাসকৰ সভাপতিত্বত ৰাজ্যৰ জ্যেষ্ঠ বিষয়া আৰু নিয়ন্ত্ৰকসমূহৰ মাজত সমন্বয় কমিটিৰ সভা প্ৰাযে অনুষ্ঠিত হয় । উক্ত এজেঞ্চীসমূহৰ উৰ্দ্ধতন বিষয়াসকলে অকৰ্ত্তৃত্বশীলভাবে ধনৰাশি জমা লোৱা সন্দৰ্ভত সমন্বয় কমিটিৰ সভাত মত বিনিময় কৰে আৰু উক্ত জমাগ্ৰহণকাৰী সকলৰ বিৰুদ্ধে সময়োচিত কাৰ্যব্যৱ্স্থা গ্ৰহণ কৰে ।

Alpana Killawala
Principal Adviser

Press Release: 2016-2017/312

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?